প্ৰাণীৰ কথা
প্ৰশ্নাৱলী-
১। পানীত থকা পাঁচটা প্ৰাণীৰ নাম লিখা।
উত্তৰঃ পানীত থকা পাঁচটা প্ৰাণীৰ নাম হ’ল- মাছ, কাছ, ঘঁৰিয়াল, শিহু আৰু ডলফিন ।
২। গাতত থকা পাঁচটা প্ৰাণীৰ নাম লিখা।
উত্তৰঃ গাতত থকা পাঁচটা প্ৰাণীৰ নাম হ’ল- পৰুৱা, কেঁচু, এন্দুৰ, সাপ আৰু শিয়াল ।
৩।পাঁচটা বনৰীয়া জন্তুৰ নাম লিখা।
উত্তৰঃ পাঁচটা বনৰীয়া জন্তুৰ নাম হ’ল- গঁড়, হাতী, বাঘ, ভালুক আৰু সিংহ ।
৪। সকলো প্রাণীকে বাসস্থান কিয় লাগে?
উত্তৰঃ ৰ’দ, বৰষুণ, বতাহ আৰু শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সকলো প্রাণীকে বাসস্থান লাগে তদুপৰি পোৱালিক ডাঙৰ দীঘল কৰিবলৈও সকলো প্রাণীকে বাসস্থান লাগে।
৫। কোনবোৰ জীৱ প্ৰাণী?
উত্তৰঃ গৰু, ছাগলী, হাতী, বাঘ, ভালুক, কুকুৰ, মেকুৰী, চৰাই, পখিলা, মাছ, সাপ, ভেকুলী আদি নানা ধৰণৰ জীৱবোৰক প্ৰাণী বোলে।
৬।প্রাণীয়ে কৰ পৰা আহাৰ পায়?
উত্তৰঃ প্ৰাণীয়ে আহাৰ উদ্ভিদ,আন প্ৰাণীৰ মাংস আদি উৎসৰ পৰা পায়।
৭। প্রাণীয়ে উশাহ কিয় লয়?
উত্তৰঃ বায়ু নহ’লে কোনো প্রাণীয়ে জীয়াই থাকিব নোৱাৰে। উশাহত প্রাণীয়ে বায়ুত থকা অক্সিজেন ভাগ গ্রহণ কৰে। অক্সিজেনে আহাৰত নিহিত হৈ থকা শক্তি মুকলি কৰি দিয়ে।
৮। প্রাণীয়ে নিশাহত কি গেছ এৰি দিয়ে?
উত্তৰঃ কাৰ্বন ডাই অক্সাইড ।
১৯। পাঁচটা মাংসভোজী প্রাণীৰ নাম লিখা।
উত্তৰঃ বাঘ, ভালুক, সিংহ, শিয়াল আৰু চিলনী ।
১০। কোনবোৰ তৃণভোজী প্রাণী?
উত্তৰঃ গৰু, ম’হ, ছাগলী, হৰিণা আদি তৃণভোজী প্রাণী ।
১১। প্রাণীয়ে শক্তি ক’ৰ পৰা পায়?
উত্তৰঃ প্রাণীয়ে শক্তি আহাৰৰপৰা পায়।
১২। শুদ্ধ উত্তৰ বাছি উলিওৱা:
ক) কুলি চৰায়ে নিজে বাহ সাজে/ নাসাজে।
উত্তৰঃ কুলি চৰায়ে নিজে বাহ নাসাজে।
খ) শিয়াল গছৰ ডালত / গাঁতত থাকে।
উত্তৰঃ শিয়াল গছৰ ডালত গাঁতত থাকে।
গ) ঘনচিৰিকাই ঘৰৰ মূধচত/ গছত বাহ সাজে।
উত্তৰঃ ঘনচিৰিকাই ঘৰৰ মূধচত সাজে।
ঘ) ভেকুলী জলচৰ/ উভচৰ প্ৰাণী।
উত্তৰঃ ভেকুলী উভচৰ প্ৰাণী।
ঙ) মৌ মাখিয়ে মাটিৰে/ লালটিৰে বাহ সাজে।
উত্তৰঃ মৌ মাখিয়ে মাটিৰে লালটিৰে বাহ সাজে।
চ) গাখীৰ এবিধ পুষ্টিকৰ/ অনিষ্টকাৰী খাদ্য।
উত্তৰঃ গাখীৰ এবিধ পুষ্টিকৰ খাদ্য।
ছ) মানুহ তৃণভোজী/সৰ্বভোজী।
উত্তৰঃ মানুহ সৰ্বভোজী।
জ) প্রাণীয়ে উশাহত অক্সিজেন/ কার্বন- ডাই-অক্সাইড গ্রহণ কৰে।
উত্তৰঃ প্রাণীয়ে উশাহত অক্সিজেন গ্রহণ কৰে।
১৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-
‘ক’ অংশ | ‘খ’ অংশ |
১। মানুহ ২। মাটি, পানী উভয়তে থাকে ৩। খাদ্যত থকা শক্তি মুকলি কৰি দিয়ে ৪। খাদ্যত জমা হৈ থাকে ৫। অক্সিজেনে | ১। প্রাণীয়ে নিশাহত এৰি দিয়ে ২। খাদ্যত থকা শক্তি মুকলি কৰি দিয়ে ৩। উভচৰ ৪। সৰ্বভক্ষী ৫। শক্তি |
উত্তৰঃ
‘ক’ অংশ | ‘খ’ অংশ |
১। মানুহ ২। মাটি, পানী উভয়তে থাকে ৩। খাদ্যত জমা হৈ থাকে ৪। খাদ্যত জমা হৈ থাকে ৫। অক্সিজেনে | ৪। সৰ্বভক্ষী ৩। উভচৰ ৫। শক্তি ১। প্রাণীয়ে নিশাহত এৰি দিয়ে ২। খাদ্যত থকা শক্তি মুকলি কৰি দিয়ে |