আকাশৰ কথা

প্ৰশ্নাৱলী-

১। দিনৰ আকাশ আৰু ৰাতিৰ আকাশৰ পাৰ্থক্যবোৰ লিখা।

উত্তৰঃ সূৰ্যটোৱে দিনৰ আকাশখন পোহৰাই ৰাখে। ডাৱৰ কম থাকিলে আকাশখন নীলা দেখা যায়। ৰাতিৰ আকাশত বহুতো উজ্জ্বল বস্তু তিৰবিৰাই থকা দেখিবলৈ পোৱা যায়। এনে উজ্জ্বল বস্তুবোৰক জ্যোতিষ্ক বোলে। জ্যোতিষ্ক কিছুমানৰ নিজা তাপ আৰু পোহৰ আছে। 

২। জ্যোতিষ্ক কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ ৰাতিৰ আকাশত দেখা পোৱা উজ্জ্বল বস্তুবোৰকে জ্যোতিষ্ক বোলে। জ্যোতিষ্ক তিনি প্ৰকাৰৰ- নক্ষত্ৰ, গ্ৰহ আৰু উপগ্ৰহ ।

৩। গ্ৰহ আৰু নক্ষত্ৰৰ পাৰ্থক্য লিখা।

উত্তৰঃ গ্ৰহৰ নিজা তাপ আৰু পোহৰ নাই, আনহাতে নক্ষত্ৰৰ নিজা তাপ আৰু পোহৰ আছে।

8।  সৌৰজগত কাক বোলে?

উত্তৰঃ সূর্য, গ্ৰহ আৰু উপগ্ৰহবোৰৰ সমষ্টিক একেলগে সৌৰজগত বোলা হয়।

৫। চান্দ্রমাহ কাক বোলে?

উত্তৰঃ চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে এপাক ঘূৰিবলৈ প্ৰায় ত্ৰিছ দিন সময় লাগে। ইয়াক এক চন্দ্র মাহ বোলে।

৬। উত্তৰ দিয়া:

ক) খালী চকুৰে দেখা গ্রহকেইটাৰ নাম লিখা।

উত্তৰঃ  খালী চকুৰে দেখা গ্রহকেইটাৰ নাম হ’ল- বুধ, শুক্ৰ, মংগল, বৃহস্পতি আৰু শনি ।

খ) ভোটা তৰা বুলিলে কি বুজা?

উত্তৰঃ সন্ধিয়া পশ্চিম আকাশত এটি উজ্জ্বল জ্যোতিষ্ক দেখা যায়। এইটো শুক্র গ্রহ। ইয়াক ভোেটা বা পুৱতি তৰা বুলিও কয়।

গ) পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰটোৰ নাম লিখা।

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰটো হৈছে প্ৰক্সিমা চেণ্ট’ৰি ।

ঘ) সূৰ্যৰ পৰা আমি কি কি পাওঁ?

উত্তৰঃ  সূৰ্যৰ পৰা তাপ আৰু পোহৰ পাওঁ।

ঙ) চন্দ্ৰত কিয় জীৱ জীয়াই থাকিব নোৱাৰে?

উত্তৰঃ  চন্দ্রত বায়ু, পানী নাই; তাত জীৱ-জন্তু জীয়াই থকা অসম্ভৱ।

Scroll to Top