বতৰ

প্ৰশ্নাৱলী-

১ । কোনো এখন ঠাইৰ বতৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ কোনো এখন ঠাইৰ বতৰ নিৰ্ভৰ কৰে সেই ঠাইৰ অৱস্থান, বৰষুণ, ডাৱৰ, জলীয় ভাপ, বায়ুৰ চাপ, সূৰ্যৰ তাপ আদিৰ ওপৰত।

২। খৰাং বতৰ কাক বোলে?

উত্তৰঃ বহুদিন ধৰি একেৰাহে বৰষুণ নহ’লে খাল বিল আদিৰ পানী শুকাই যায়। খেতিপথাৰ শুকাই যায়। ইয়াৰ ফলত ঘাঁহ বন আদি মৰি শুকাই যায়। ইয়াক খৰাং বতৰ বোলে।

৩। ধুমুহা বতাহ কাক বোলে?

উত্তৰঃ বায়ুৰ চলাচলৰ বাবেও কেতিয়াবা আহুকালৰ সৃষ্টি হয়। কেতিয়াবা বৰ জোৰেৰে বতাহ ব’বলৈ ধৰে।  এনে বতাহক ধুমুহা বতাহ বোলে।

8। বানপানী হ’লে আমাৰ কেনে অসুবিধা হয় বুজাই লিখা?

উত্তৰঃ বানপানী হ’লে মানুহৰ দুখ কুলাই পাচিয়ে নধৰা হয়। মানুহৰ ঘৰ-দুৱাৰ, খেতি-বাতি নষ্ট হয়। বেমাৰ-আজাৰ বেছি হয়। গৰু-ম’হ আদি জীৱ-জন্তু বিলাকৰো বৰ কষ্ট হয়।

৫। বতৰৰ আগজাননী মানে কি বুজা?

উত্তৰঃ ৰেডিঅ’, দূৰদৰ্শন আদিৰ জৰিয়তে বতৰৰ বিষয়ে আগতীয়াকৈ জানিব পাৰোঁ। এনেজাননীক বতৰৰ আগজাননী  বোলা হয়।

৬। ধুমুহা বতাহে কি কি ধৰণে অনিষ্ট কৰে?

উত্তৰঃ ধুমুহা বতাহৰ ফলত ঘৰ-দুৱাৰ, গছ-গছনি ভাঙি-ছিঙি চুৰমাৰ হয় আৰু বহুতো মানুহ, জীৱ-জন্তুৰ ক্ষতি হ’য়।

৭। গৰম কালি আৰু ঠাণ্ডাৰ দিনত আমি কেনেধৰণৰ কাপোৰ পিন্ধো।

উত্তৰঃ গৰম কালত আমি বগা পাতল ৰঙৰ কাপোৰ পিন্ধোঁ আৰু ঠাণ্ডাৰ দিনত ছুৱেটাৰ, গৰম চোলা আদি পিন্ধোঁ।

৮। বতৰ কাক বোলে?

উত্তৰঃ কেতিয়াবা আকৌ বিজুলী, ঢেৰেকণি, ধুমুহাৰে সৈতে বৰষুণ আহে। বায়ুমণ্ডলৰ এই বিভিন্ন অৱস্থাকে বতৰ বুলি কোৱা হ’য়।

৯। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলিৱো-

‘ক’ অংশ

‘খ’ অংশ

১। বতৰ

২। ধুমুহাৰ ফলত

৩। জাৰকালি

8। খৰাং হ’লে

৫। শৰৎ কালত

১। ঘাঁহ-বন আদি শুকাই যায়

২। আকাশত ডাৱৰ কম থাকে

৩।গছ-গছনি ভাঙি চুৰমাৰ হয়

৪। কুঁৱলীয়ে আকাশ ঢাকি ৰাখে ।

৫। বায়ুমণ্ডলৰ এক অৱস্থা

উত্তৰঃ

‘ক’ অংশ

‘খ’ অংশ

১। বতৰ

২। ধুমুহাৰ ফলত

৩। জাৰকালি

8। খৰাং হ’লে

৫। শৰৎ কালত

৫। বায়ুমণ্ডলৰ এক অৱস্থা

৩।গছ-গছনি ভাঙি চুৰমাৰ হয়

৪। কুঁৱলীয়ে আকাশ ঢাকি ঢাকি ৰাখে ।

১। ঘাঁহ-বন আদি শুকাই যায়

২। আকাশত ডাৱৰ কম থাকে

Scroll to Top