তাপ আৰু উষ্ণতা
উত্তৰ লিখা-
১। তাপ কাক বোলে?
উত্তৰঃ যি শক্তিয়ে আমাৰ শৰীৰক গৰম ঠাণ্ডাৰ অনুভৱ কৰায়, সেই শক্তিকে তাপ শক্তি বোলে।
২। তাপ আমি ক’ৰ ক’ৰ পৰা পাওঁ?
উত্তৰঃ তাপ আমি সূৰ্য, জুই আদিৰ পৰা পাওঁ।
৩। কি কি কামত তাপৰ ব্যৱহাৰ হয়?
উত্তৰঃ পানী গৰম কৰা, কাপোৰ-কানি শুকোৱা, ইস্ত্ৰি কৰা ইত্যাদি কামত তাপৰ ব্যৱহাৰ হ’য়।
৪। উষ্ণতা জোখা যন্ত্রটোৰ নাম কি?
উত্তৰঃ উষ্ণতা জোখা যন্ত্রটোৰ নাম থাৰ্মমিটাৰ।
৫। তাপ সহজে পাৰ হ’ব পৰা তিনিবিধ পদাৰ্থৰ নাম লিখা।
উত্তৰঃ তাপ সহজে পাৰ হ’ব পৰা তিনিবিধ পদাৰ্থৰ নাম হ’ল- লো, তাম আৰু সোণ।
৬। তাপ আৰু উষ্ণতা একেনে? যদি নহয় ইহঁতৰ পাৰ্থক্য কি?
উত্তৰঃ তাপ আৰু উষ্ণতা একে নহয় । তাপ হ’ল এবিধ শক্তি আনহাতে উষ্ণতা হ’ল তাপৰ মাত্ৰাৰ জোখ।
৭। শৰীৰ থামমিটাৰৰ সহায়ত উষ্ণতা কিমানৰ পৰা কিমান ডিগ্রী ছেলছিয়াছলৈ জুখিব পাৰি?
উত্তৰঃ শৰীৰ থামমিটাৰৰ সহায়ত উষ্ণতা ৩৫০ ছেলছিয়াছৰ পৰা ৩৫০ ছেলছিয়াছলৈ জুখিব পাৰি।
৮। খালী ঠাই পূৰ কৰা :
ক) সুস্থ মানুহৰ শৰীৰৰ উষ্ণতা- ডিগ্ৰী ছেলছিয়াছ।
উত্তৰঃ সুস্থ মানুহৰ শৰীৰৰ উষ্ণতা ৩৭০ ডিগ্ৰী ছেলছিয়াছ।
খ) জ্বৰ উঠা মানুহৰ শৰীৰৰ বেছি হয়।
উত্তৰঃ জ্বৰ উঠা মানুহৰ শৰীৰৰ উষ্ণতা বেছি হয়।
গ) থার্ম’মিটাৰৰ উজ্জ্বল অংশত থকা পদাৰ্থটোৰ নাম —।
উত্তৰঃ থার্ম’মিটাৰৰ উজ্জ্বল অংশত থকা পদাৰ্থটোৰ নাম পাৰা।
ঘ)সূৰ্যটো অনন্ত-ভঁৰাল।
উত্তৰঃ সূৰ্যটো অনন্ত শক্তিৰ ভঁৰাল।