গছ- গছনিৰ কথা
১। উদ্ভিদ ঘাইকৈ কেইবিধ আৰু কি কি?
উত্তৰঃ উদ্ভিদ প্রধানকৈ চাৰিবিধ- বৃক্ষ, গুল্ম, লতা আৰু তৃণ।
২। গছৰ প্ৰধান অংশ কেইটা আৰু কি কি?
উত্তৰঃ গছৰ প্ৰধান অংশ ৪ টা – গা-গছ, ডাল-পাত, ফুল-ফল আৰু শিপা
৩। উদ্ভিদে কি কি কাম কৰে?
উত্তৰঃ উদ্ভিদৰ শিপাই মাটিৰ পৰা পানী আৰু সাৰ শুহি লয়। পানীত ওপঙা উদ্ভিদে পানীৰ পৰা সাৰ আৰু পানী শুহি লয়।
৪। উদ্ভিদে মানুহৰ কেনেদৰে উপকাৰ কৰে?
৫। শুদ্ধ উত্তৰত চিন দিয়া-
ক) লাইশাক এবিধ বৃক্ষ/গুল্ম।
উত্তৰঃ লাইশাক এবিধ গুল্ম।
খ) শেলাইৰ শিপা নাই/আছে।
উত্তৰঃ শেলাইৰ শিপা নাই।
গ) ভেটফুল মাটিত/পানীত ওপজে।
উত্তৰঃ ভেটফুল মাটিত পানীত ওপজে।
ঘ) গছৰ গা-গছৰ বৰণ সেউজীয়া/হালধীয়া ।
উত্তৰঃ গছৰ গা-গছৰ বৰণ সেউজীয়া।
ঙ) পাতৰ বৰণ কলা/সেউজীয়া।
উত্তৰঃ পাতৰ বৰণ সেউজীয়া।
চ) আম গছৰ গা-গছত আহাৰ জমা হৈ নাথাকে/থাকে।
উত্তৰঃ আম গছৰ গা-গছত আহাৰ জমা হৈ থাকে।
ছ) ধান গছৰ গুটিত আহাৰ জমা হৈ থাকে/নাথাকে।
উত্তৰঃ ধান গছৰ গুটিত আহাৰ জমা হৈ থাকে।
জ) বেঙেনা এবিধ বৃক্ষ/গুল্ম।
উত্তৰঃ বেঙেনা এবিধ গুল্ম।
৬। পাঁচবিধ লতা জাতীয় উদ্ভিদৰ নাম লিখা।
উত্তৰঃ পাঁচবিধ লতা জাতীয় উদ্ভিদৰ নাম হ’ল- জাতি লাও, পাণ, কোমোৰা, উৰহী, ভেদাই লতা ।
৭। দহবিধ বৃক্ষ জাতীয় উদ্ভিদৰ নাম লিখা।
উত্তৰঃ দহবিধ বৃক্ষ জাতীয় উদ্ভিদৰ নাম হ’ল-
আম, কঁঠাল, জাম, লিচু, কদম, শিলিখা, গামাৰী, বট গছ, নিম, শিমলু ।
৮। পানীত ওপজা চাৰিবিধ গছৰ নাম লিখা ।
উত্তৰঃ পানীত ওপজা চাৰিবিধ গছৰ নাম হ’ল- পদুম, ভেঁটফুল, পুনী আৰু মেটেকা ।
৯। উদ্ভিদে কি কি কাম কৰে?
১০। উদ্ভিদে মানুহৰ কি কি উপকাৰ কৰে?