যান বাহনৰ কথা

প্ৰশ্নাৱলী-

১। যাতায়াত বুলিলে কি বুজা?

উত্তৰঃ মানুহে এখন ঠাইৰ পৰা আন ঠাইলৈ অহা-যোৱা কৰাকে যাতায়াত কৰা বুলি কোৱা হ’য়।

২। মেৰু অঞ্চলত কেনেদৰে যাতায়াত ব্যৱস্থা চলে?

উত্তৰঃ মেৰু অঞ্চলত মানুহে কাঠৰ শ্লেজ গাড়ী সাজি লয়। এখন গাড়ীত এজন বা দুজন মানুহ বহিব পাৰে। সেই অঞ্চলৰ হৰিণা নাইবা কুকুৰ চাৰি-পাঁচটাক ৰছীৰে সাঙুৰি টানিবলৈ লগাই দিয়ে।

৩। যান-বাহন চলাচল কৰা তিনি ধৰণৰ পথ কি কি? প্রতিটো পথত চলা যান-বাহনৰ উদাহৰণ দিয়া।

উত্তৰঃ যান-বাহন চলাচল কৰা তিনি ধৰণৰ পথ হ’ল স্থলপথ, জলপথ আৰু আকাশীপথ।

স্থলপথ- স্কুটাৰ, মটৰ চাইকেল, ৰে’ল গাড়ী, ৰিক্সা আদি।

জলপথ- নাও , জাহাজ ।

আকাশীপথ- উৰাজাহাজ, হেলিকপ্টাৰ ।

৪। উৰা জাহাজ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ উইলবাৰ ৰাইট আৰু অৰভিল ৰাইট নামৰ দুই ভাই-ককায়ে উৰাজাহাজ আৱিষ্কাৰ কৰিছিল।

৫। খালী ঠাই পূৰ কৰা-

(ক) ____________বস্তু এটা সহজে বাগৰি যায়।

উত্তৰঃ ঘূৰণীয়া বস্তু এটা সহজে বাগৰি যায়।

(খ) মেৰু অঞ্চলত এতিয়াও মানুহে কাঠৰ ___________ সাজি লয়।

উত্তৰঃ মেৰু অঞ্চলত এতিয়াও মানুহে কাঠৰ শ্লেজ সাজি লয়।

(গ) ৰেলগাড়ীবোৰৰ কিছুমান ___________চলিত।

উত্তৰঃ ৰেলগাড়ীবোৰৰ কিছুমান বিদুৎ চলিত।

Scroll to Top