বল আৰু কাৰ্য

প্ৰশ্নাৱলী-

১। বল মানে কি?

উত্তৰঃ যাৰ প্ৰয়োগৰ দ্বাৰা ঠেলা, টনা, লঠিয়াই দিয়া, দলিয়াই দিয়া, বেটেৰে বল মাৰি পঠিওৱা আদি কামবোৰ কৰা হয় তাকে বল বুলি কোৱা হয়।

২। মানুহে কিহৰ সহায়ত বল প্রয়োগ কৰে।

উত্তৰঃ মানুহে মাংসপেশীৰ সহায়ত বল প্রয়োগ কৰে।

৩। আমি দৈনন্দিন কামত ব্যৱহাৰ কৰা পাঁচবিধ সঁজুলিৰ নাম লিখা।

উত্তৰঃ আমি দৈনন্দিন কামত ব্যৱহাৰ কৰা পাঁচবিধ সঁজুলিৰ নাম হ’ল- দা, কটাৰী, কুঠাৰ, নাঙল, কোৰ আৰু হাতুৃৰী।

81 মাধ্যাকর্ষণ বল কি? এই বল কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ পৃথিৱীয়ে নিজৰ গালৈ টনা বলক মাধ্যাকর্ষণিক বল বোলে। এই বল চাৰ আইজাক নিউটনে আৱিষ্কাৰ কৰিছিল।

৫। চুম্বকীয় বল কি?

উত্তৰঃ  লো জাতীয় পদার্থক চুম্বকে আকৰ্ষণ কৰে। এনে আকর্ষণ বা টানক চুম্বকীয় বল বোলে।

৬। পকি দেৱাল এখন তুমি জোৰেৰে ঠেলি দিলে কাৰ্য কৰা হ’বনে?

উত্তৰঃ পকা দেৱাল এখন জোৰেৰে ঠেলি দিলে কোনো কাৰ্য কৰা নহ’ব, কাৰণ দেৱালখনৰ কোনো সৰণ নহয়।

৭। প্রাকৃতিক বল কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ  প্রাকৃতিক বল তিনি প্ৰকাৰৰ – মাধ্যাকর্ষণ বল, চুম্বকীয় বল আৰু বৈদ্যুতিক বল।

৮। যন্ত্র কাক বোলে? উদাহৰণ দি লিখা।

উত্তৰঃ  যি আহিলাৰ সহায়ত কম বল প্ৰয়োগ কৰি অধিক কাম কৰিব পাৰি তাকে যন্ত্র বোলে । যেনে- ৰেলগাড়ী, মটৰ গাড়ী. এৰ’প্লেন আদি যন্ত্ৰৰে চলোৱা হয়।

৯। শুদ্ধ নে অশুদ্ধ লিখাঃ

ক) খৰি ফলা, দৌৰা আদি কামত শাৰীৰিক বল প্রয়োগ কৰা নহয়।

উত্তৰঃ অশুদ্ধ ।

খ) মাধ্যাকর্ষণ বলৰ বাবে বস্তুৰ ওজন পোৱা যায়।

উত্তৰঃ শুদ্ধ ।

গ) মটৰ গাড়ী, ৰে’ল গাড়ী আদি শাৰীৰিক বলৰ সহায়ত চলোৱা হয়।

উত্তৰঃ অশুদ্ধ ।

ঘ) বিজুলী বলেৰে কোনো কাম কৰিব নোৱাৰি।

উত্তৰঃ অশুদ্ধ ।

ঙ) চন্দ্ৰ, সূর্য আদিৰো আকর্ষণ বল আছে।

উত্তৰঃ শুদ্ধ ।

Scroll to Top