প্ৰাথমিক চিকিৎসা
অনুশীলনী-
১। কটা-ছিঙা হৈ তেজ ওলালে কি কৰিবা?
উত্তৰঃ কটা-ছিঙা হৈ তেজ ওলালে-
ক) তেজ ওলোৱা বন্ধ কৰিবলৈ কটা ঠাইডোখৰ টিপা মাৰি ধৰিব লাগে।
খ) তেজ ওলালে প্রথমে কটা ঠাইডোখৰ চাফা পানীৰে ধুই দিব লাগে।
গ) চাফা-কাপোৰ বা বেণ্ডেজেৰে ঘাঁ ডোখৰ পাতলকৈ বান্ধি দিব লাগে যাতে ঘাঁ ডোখৰত ধূলি-মাকতি নপৰে।
ঘ) নাৰ্জি ফুলৰ আগ, বিষল্য কৰণীৰ পাত বা দুৱৰি বনৰ আগ চাফাকৈ ধুই লৈ, পিহি ঘাঁ ডোখৰত লগাই দিব লাগে।
ঙ) আন ডাঙৰ মানুহ বা ডাক্তৰক খবৰ দিব লাগে।
২। হাত-ভৰি মোচোকা খালে কি কৰা উচিত?
উত্তৰঃ হাত-ভৰি মোচোকা খালে –
ক) মোচোকা খোৱা ঠাইত লগে লগে পৰিষ্কাৰ ঠাণ্ডা পানী ঢালিব লাগে।
খ) বিষ কমোৱা মলম ঘঁহিব লাগে।
গ) কেচা হালধি খুন্দি লগাই থব লাগে।
ঘ) বেছিকৈ উখহিলে বা বিষালে ডাঙৰ মানুহক বা ডাক্তৰক খবৰ দিব লাগে।
৩। জুয়ে পুৰিলে কেনে ধৰণৰ প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰিব লাগে?
উত্তৰঃ জুয়ে পুৰিলে-
ক) জুয়ে পোৰা ঠাইডোখৰ ৰঙা হয় আৰু জোলা বান্ধে। জুয়ে পোৰা ঠাই মোহাৰি দিব নালাগে।
খ) জোলা বান্ধিলে ভাঙিব নালাগে।
গ) আলু ঠেতালি পোৰা ঠাইত লগাব লাগে।
ঘ) ঘৰত যদি জুয়ে পোৰা মলম থাকে লগাই দিব লাগে।
ঙ) পোৰা ঠাইখিনিত চেঁচা পানী ঢালিব লাগে, বৰফ লগাই দিব লাগে।
চ) জুয়ে পোৰা মানুহক যথেষ্ট পৰিমাণে পানী আৰু গাখীৰ খাবলৈ দিব লাগে।
ছ) বেছিকৈ পুৰিলে ডাক্তৰৰ সহায় ল’ব লাগে।
৪। পোক-পতংগই কামুৰিলে কি কৰিবা?
উত্তৰঃ পোক-পতংগই কামুৰিলে-
ক) বিন্ধা বা কামোৰা ঠাইত শুং লাগি থাকিলে এৰুৱাই দিব লাগে।
খ) চুণ পানী বা ডেটল ঘঁহি দিব লাগে বা দোৰোন গছৰ পাতৰ ৰস লগাব লাগে।
গ) এইখিনি কৰাৰ পিছতো যদি বিষ নকমে বা উখহিয়ে থাকে তেন্তে ডাক্তৰৰ ওচৰলৈ যাব লাগে।
৫। প্রাথমিক চিকিৎসা বাকচত কি কি বস্তু সংগ্ৰহ কৰি ৰাখিব লাগে?
উত্তৰঃ প্রাথমিক চিকিৎসা বাকচৰ ভিতৰত ৰাখিবলগীয়া বস্তুবোৰ হ’ল- বিশুদ্ধ কপাহ, বেণ্ডেজ কাপোৰ, সৰু কেঁচী এখন, বীজাণুনাশক মলম, চাফা কাপোৰ, ডেটল, বার্ণাল ইত্যাদি।