অণুজীৱ : মিত্ৰ আৰু শত্ৰু

১) খালী ঠাই পূৰ কৰা ।

ক) অনুজীৱ বোৰ _____________ সহায়ত দেখা পোৱা যায় ।

উত্তৰ: অণুবীক্ষণ যন্ত্ৰৰ ।

খ) নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ ______________ গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে ।

উত্তৰ: নাইট্ৰ’জেন ।

গ) ______________ ৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয় ।

উত্তৰ: ইষ্ট ।

ঘ) ______________ ৰ দ্বাৰা কলেৰা হয় ।

উত্তৰ: বেক্টেৰিয়া

২) শুদ্ধ উত্তৰত (✓   )  চিন দিয়া ।

ক) চেনি/ সুৰা/ হাইড্ৰ‘ক্লৰিক এচিড/ অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয় ।

উত্তৰ: সুৰা প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয় ।

খ) ছডিয়াম বাই কাৰ্বনেট/ ষ্ট্ৰেপ‘মাইছিন/ সুৰা/ ইষ্ট এবিধ এণ্টিবায়‘টিক ।

উত্তৰ: ষ্ট্ৰেপ’মাইছিন এবিধ এণ্টিবায়’টিক ।

গ) মাইকী এন‘ফিলিছ মহ/ পইতাচোৰা/ মাখি/ পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট‘জ‘ৱাৰ বাহক ।

উত্তৰ: মাইকী এন’ফিলিছ মহ মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট’জ’ৱাৰ বাহক ।

ঘ) পৰুৱা/ মাখি/ মকৰা/ সংক্ৰামক ৰোগৰ বাহক ।

উত্তৰ: মাখি ৰোগৰ বাহক ।

ঙ) তাপ/ গুড়ি কৰা/ ইষ্ট কোষৰ বৃদ্ধি/ ময়দা মৰাৰ বাবে পাউৰুটি বা ইডলিৰ লডা ওফন্দি উঠে ।

উত্তৰ: ইষ্ট কোষৰ বৃদ্ধিৰ বাবে পাউৰুটি বা ইডলিৰ লডা ওফন্দি উঠে ।

চ) শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক নাইট্ৰজেন যৌগীকৰণ/ সাঁচ/ কিন্বন/ সংক্ৰামক বোলা হয় ।

উত্তৰ: শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক কিন্বন বোলা হয় ।

৩) ‘ A ‘ অংশত থকা অনুজীৱ বোৰক ‘B’ অংশৰ ক্ৰিয়াৰ লগত মিলোৱা।

 A 

B

i) বেক্টেৰিয়া

i) নাইট্ৰজেন যৌগিকৰণ ।

ii) ৰাইজ’বিয়াম

ii) দৈ প্ৰস্তুত কৰাত ।

iii) লেক্টবেছিলাছ

iii) পাউৰুটিৰ প্ৰস্তুত কৰণত ।

iv) ইষ্ট

iv) মেলেৰিয়া ৰোগ সৃষ্টিত ।

v) প্ৰট’জ’ৱা

v) কলেৰা ৰোগ সৃষ্টিত ।

vi) ভাইৰাছ

vi) এণ্টিবডি প্ৰস্তুত কৰাত ।

উত্তৰ: 

A

B

i) বেক্টেৰিয়া

কলেৰা ৰোগ সৃষ্টিত ।

ii) ৰাইজ’বিয়াম

নাইট্ৰজেন যৌগিকৰণ ।

iii) লেক্টবেছিলাছ

দৈ প্ৰস্তুত কৰাত ।

iv) ইষ্ট

পাউৰুটিৰ প্ৰস্তুত কৰণত ।

v) প্ৰট’জ’ৱা

মেলেৰিয়া ৰোগ সৃষ্টিত ।

vi) ভাইৰাছ

এইডছ ৰোগ সৃষ্টিত ।

৪) অনুজীৱ বোৰ খালী চকুৰে দেখা পোৱা যায়নে ? সিহঁতক কেনেকৈ দেখা পাব পাৰি ?

উত্তৰ: অনুজীৱ বোৰ খালী চকুৰে দেখা পোৱা নাযায় । ইহঁতক অণুবীক্ষণ যন্ত্ৰ নাইবা আতচী কাঁচৰ  সহায়ত দেখা পাব পাৰি ।

৫) অণুজীৱৰ ডাঙৰ ভাগবোৰ কি কি ?

উত্তৰ: অণুজীৱৰ ডাঙৰ ভাগবোৰ হল – বেক্টেৰিয়া, ভেঁকুৰ, প্ৰট’জ’ৱা শেলাই ।

৬) মাটিত বায়ুমণ্ডলীয় নাইট্ৰ‘জেন যৌগীকৰন কৰিব পৰা অনুজীৱ সমূহৰ নাম কোৱা ।

উত্তৰ: মাটিত বায়ুমণ্ডলীয় নাইট্ৰ’জেন যৌগীকৰন কৰিব পৰা অনুজীৱ সমূহৰ নাম হল – বেক্টেৰিয়া ( ৰাইজ’বিয়াম ) আৰু নীল সেউজ শেলাই ।

৭) আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে ৫ শাৰী লিখা ।

উত্তৰ: (i) দৈ, ৰুটি আৰু পিঠা প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয় ।

(ii) অণুজীৱই এন্টিবায়টিকৰ দৰে ঔষধ তৈয়াৰ কৰাত সহায় কৰে |

(iii) সুৰা আৰু ভিনেগাৰ উৎপাদনত ব্যৱহাৰ কৰা হয় |

(iv) খাদ্য সামগ্ৰীৰ সংৰক্ষক হিচাপেও ব্যৱহাৰ কৰা হয়।

(v) অণুজীৱৰ দ্বাৰা বিভিন্ন ৰোগৰ প্ৰতিষেধক প্ৰস্তুত কৰা হয়।

৮) অণুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা ।

৯) এণ্টিবায়‘টিক কি ? এণ্টিবায়‘টিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে ?

Scroll to Top