বকুলৰ আনন্দ
পাঠভিত্তিক প্ৰশ্নোত্তৰ আৰু ক্ৰিয়া-কলাপ (Textbook Activities & Solutions)
১। শুদ্ধ উত্তৰটো বাছি উলিওৱা:
টিভিত কাৰ বিষয়ে বাতৰি প্ৰচাৰ হৈছিল?
উত্তৰ: (খ) বকুলৰ দেউতাকৰ
পাঠটোৰ মতে তলৰ কোনটো উক্তি অধিক গ্রহণযোগ্য?
উত্তৰ: (ঘ) বিজ্ঞানসন্মতভাৱে মুগা পালন কৰি স্বাৱলম্বী হ’ব পাৰি।
২। শব্দৰ লগত অৰ্থ মিলোৱা:
তাঁত-শাল — কাপোৰ বোৱা পৰম্পৰাগত যন্ত্ৰ
স্বাৱলম্বন — নিজে নিজক সহায় কৰা কাৰ্য
শাল — যন্ত্ৰ-পাতিৰে কাম কৰা ঠাই
দূৰদৰ্শী — কোনো কাৰ্যৰ আগলৈ কি ফল হ’ব তাক জানোতা
চোমনি — চোম গছেৰে ভৰা ঠাই
৩। অতি চমুকৈ উত্তৰ দিয়া:
ক) অমল চেতিয়াক কি অনুষ্ঠানত বঁটা প্ৰদান কৰিব বুলি বাতৰি পঢ়োতাগৰাকীয়ে কৈছিল?
উত্তৰ: গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া আগন্তুক স্বাধীনতা দিৱসৰ কেনদ্ৰীয় অনুষ্ঠানত অমল চেতিয়াক এই বঁটা প্ৰদান কৰা হ’ব।খ) বানে সৃষ্টি কৰা চাপৰিটোত অমল চেতিয়াই গাঁওবাসীক কি ৰুবলৈ পৰামৰ্শ দিছিল?
উত্তৰ: বানে সৃষ্টি কৰা পলসুৱা চাপৰিটোত অমল চেতিয়াই গাঁওবাসীক চোম গছৰ পুলি ৰোপণ কৰিবলৈ পৰামৰ্শ দিছিল।গ) বিজ্ঞানসন্মতভাৱে মুগা পালনৰ পৰামৰ্শ বিচাৰি বকুলৰ দেউতাক ক’লৈ গৈছিল?
উত্তৰ: জিলা ৰেচম শিল্পৰ কাৰ্যালয়লৈ গৈছিল।ঘ) বয়ন শিল্পৰ প্ৰশিক্ষক দুগৰাকী কোন ঠাইৰ আছিল?
উত্তৰ: বস্ত্ৰনগৰী শুৱালকুছিৰ আছিল।ঙ) বস্ত্ৰ উদ্যোগৰ অনলাইন বিজ্ঞাপনৰ কামবোৰ কোনে কৰিছিল?
উত্তৰ: বকুলৰ বৰদেউতাকৰ ছোৱালী, বিশেষভাৱে সক্ষম যুৱতী ৰূপালীয়ে কৰিছিল।
৪। চমুকৈ উত্তৰ দিয়া:
ক) ৰাজ্য চৰকাৰে অমল চেতিয়ালৈ ‘ৰাজ্যিক ক্ষুদ্র উদ্যোগী বঁটা’ কিয় আগবঢ়াইছিল?
উত্তৰ: মুগা আৰু বয়ন শিল্পৰ জৰিয়তে নৱপ্ৰজন্মক স্বাৱলম্বনৰ পথ দেখুওৱা, স্থানীয় লোকক সংস্থাপন দিয়া আৰু গ্ৰাম্য অৰ্থনীতি টনকীয়াল কৰাৰ বাবে।খ) বকুলৰ দেউতাকে স্থানীয় বেংকৰপৰা হ্ৰস্বম্যাদী ঋণ কিয় গ্ৰহণ কৰিছিল?
উত্তৰ: উন্নত মানৰ কেইবাখনো আধুনিক তাঁত-শাল কিনি ঘৰতেই এটা ক্ষুদ্ৰ বস্ত্ৰ উদ্যোগ আৰম্ভ কৰিবৰ বাবে।গ) বকুলৰ দেউতাকে নিজাকৈ মুগা-সূতা উৎপাদন কৰাৰ সিদ্ধান্ত কিয় লৈছিল?
উত্তৰ: বাহিৰৰ বেপাৰীয়ে উচিত মূল্য নিদিয়াৰ ফলত হোৱা আৰ্থিক লোকচানৰ পৰা গাঁওবাসীক ৰক্ষা কৰি উচিত লাভ দিবলৈ।ঘ) অমল চেতিয়াই বোৱা-কটাৰ প্ৰশিক্ষণ শিবিৰটো কিয় আয়োজন কৰিছিল?
উত্তৰ: গাঁৱৰ পুৰুষ-মহিলাসকলক কাপোৰৰ গুণগত মান আৰু নতুন চানেকি তোলাৰ আধুনিক কৌশল শিকাবলৈ।ঙ) বকুলহঁতৰ ঘৰত কিয় এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছিল?
উত্তৰ: অমল চেতিয়াই ৰাজ্য চৰকাৰৰ বঁটা লাভ কৰাৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছত অভিনন্দন জনাবলৈ অহা লোক আৰু সংবাদকৰ্মীৰ আগমনৰ বাবে।
৫। আলোচনা কৰি কোৱা আৰু লিখা:
ক) অমল চেতিয়াৰ ক্ষুদ্র উদ্যোগটোৱে শিক্ষিত যুৱক-যুৱতীবোৰৰ সংস্থাপনত কেনে ভূমিকা লৈছিল?
উত্তৰ: তেওঁ নিবনুৱা যুৱক-যুৱতীক তাঁতশালত কাপোৰ বোৱা কামত নিয়োগ কৰিছিল আৰু বিভিন্ন চহৰৰ বিপণীবোৰত কৰ্মচাৰী হিচাপে সংস্থাপন দিছিল। অনলাইন কামৰ বাবে ৰূপালীক স্বাৱলম্বী কৰিছিল।খ) ‘বকুলৰ আনন্দ’ৰ পৰিৱৰ্তে আন এটা উপযুক্ত নাম:
নিৰ্বাচিত নাম: ‘স্বাৱলম্বিতাৰ বাটেৰে’। যুক্তি: এই নামটোৱে গাঁওবাসীৰ স্বনিৰ্ভৰশীল হোৱাৰ যাত্ৰাটোক সঠিকভাৱে প্ৰতিফলিত কৰে।
৬। বৰ্ণৰ স্থান পৰিৱৰ্তন কৰি নতুন শব্দ গঠন:
সফলতা → ফল, লতা, সফল, সত, তল
চোমনি → চোম, মনি, চমন, নীচ
নৱপ্ৰজন্ম → জন্ম, জন, নৱ, প্ৰজন্ম, প্ৰজা
প্ৰশিক্ষণ → ক্ষণ, শিৰ, শ্ৰম, প্ৰশ্ন
বিজ্ঞানসন্মত → জ্ঞান, মত, মান, বিজ্ঞান, সন্ত
৭। সম্বন্ধবাচক যুৰীয়া শব্দ:
ককা — আইতা
আই — বোপাই
দাদা — বৌ
পো — বোৱাৰী
মহা — মাহী
মামা — মামী
১০। জতুৱা ঠাঁচ প্ৰয়োগ কৰি বাক্য ৰচনা:
তৰা-নৰা ছিঙি: আকাশত বিজুলী মৰা দেখি ল’ৰাটোৱে তৰা-নৰা ছিঙি ঘৰমুৱা হ’ল।
খাই পাত ফলা: উপকাৰীৰ অপকাৰ কৰা খাই পাত ফলা মানুহক কোনেও ভাল নাপায়।
আলাসৰ লাৰু: দেউতাকৰ বাবে একমাত্ৰ জীয়েকজনী আলাসৰ লাৰু।
উঠি পৰি লাগ: খেলত জিকিবলৈ সিহঁতৰ দলটো অনুশীলনীৰ বাবে উঠি পৰি লাগিছে।
পানীত হাঁহ নচৰা: গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা গাঁওবাসীৰ পানীত হাঁহ নচৰা অৱস্থা হ’ল।
১২। জ্ঞান-সম্প্ৰসাৰণ (সঞ্চয় আৰু পৰিশ্ৰম):
ক) সঞ্চয়ৰদ্বাৰা কেনেকৈ আৰ্থিকভাৱে সুৰক্ষিত হ’ব পাৰি?
উত্তৰ: দুৰ্যোগ বা বিপদৰ সময়ত আৰ্থিক সুৰক্ষা পোৱা যায় আৰু ই পৰিয়ালক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাত সহায় কৰে।খ) ক্ষুদ্র সঞ্চয়ে আমাক কেনেদৰে সহায় কৰে?
উত্তৰ: ল’ৰা-ছোৱালীৰ শিক্ষা আৰু জৰুৰী চিকিৎসাৰ সময়ত তাৎক্ষণিক আৰ্থিক সকাহ দিয়ে।গ) মৌমাখিয়ে কেনেকৈ পৰিশ্ৰমী হ’বলৈ শিকায়?
উত্তৰ: মৌমাখিৰ নিৰলস কৰ্মনিষ্ঠাই আমাক অলসতা ত্যাগ কৰি জীৱনত পৰিশ্ৰমী হ’বলৈ অনুপ্ৰাণিত কৰে।ঘ) পৰুৱাৰপৰা আমি কি শিক্ষা ল’ব পাৰোঁ?
উত্তৰ: ভৱিষ্যতৰ সংকটৰ কথা ভাবি আগতীয়াকৈ সঞ্চয় কৰাৰ আৰু সতৰ্ক হৈ থকাৰ শিক্ষা ল’ব পাৰোঁ।
১৩। চমু টোকা (Short Notes):
নাবার্ড (NABARD): ১৯৮২ চনত স্থাপিত ভাৰতৰ কৃষি আৰু গ্ৰামীণ অৰ্থনীতিৰ সৰ্বাংগীণ বিকাশৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা শীৰ্ষ বেংক।
নেডফি (NEDFi): ১৯৯৫ চনত স্থাপিত এক বিত্তীয় প্ৰতিষ্ঠান যিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগ আৰু আন্তঃগাঁথনিৰ উত্তৰণৰ বাবে ঋণ আৰু অনুদান আগবঢ়ায়।
ৰেচম শিল্প (Sericulture): অসমৰ অতি প্ৰাচীন কুটিৰ শিল্প। ইয়াৰ পৰা উৎপাদিত সোণালী মুগা সূতাৰ বিশ্বজুৰি সমাদৰ আছে।
শুৱালকুছি (Sualkuchi): ইয়াক “অসমৰ মানচেষ্টাৰ” বুলি জনা যায়। ই পাট আৰু মুগা বস্ত্ৰ নিৰ্মাণৰ বিশ্ববিখ্যাত কেন্দ্ৰ।