গড়গাঁও
৪। উত্তৰ দিয়া-
(ক) গড়গাঁও কবিতাটি কোনে ৰচনা কৰিছে?
উত্তৰঃ গড়গাঁও কবিতাটি বিনন্দচন্দ্ৰ বৰুৱাই ৰচনা কৰিছিল।
(খ) গড়গাঁও কবিতাটিৰ ৰচকজনক কি কবি বুলি জনা যায়?
উত্তৰঃ গড়গাঁও কবিতাটিৰ ৰচকজনক ধ্বনি কবি বুলি জনা যায়।
(গ) মাৰ-নাও বুলিলে কি বুজা?
উত্তৰঃ মাৰ নাও বুলিলে এখনৰ দাতিঁত আন এখন বান্ধি লোৱা যোৰ নাও।
(ঘ) কবিতাটিত বৰ্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কামৰ উল্লেখ কৰা।
উত্তৰঃ ধোদে ৰাজ আলি বান্ধি, কাৰেঙৰ দেৱাল গাঠে আৰু বৰনাও মাৰে।
(ঙ) গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কবিয়ে কিয় কৈছে?
উত্তৰঃ গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কৈছে কাৰণ সেইখন ওলট পালট্ দেশ তাত বিভিন্ন ঘটনা ঘটে।
৫। চমু উত্তৰ দিয়া।
(ক) ‘দিখৌৰ সোঁতত যোৱা, ভটীয়নী বল পোৱা, উভতিব খোজে মাৰ-নাও’।
– মাৰ-নাও উভতিব খোজাৰ কাৰণ কি?
উত্তৰঃ গড়গাঁৱৰ সৌন্দৰ্য চাবৰ কাৰণে অধিক জোৰেৰে গৈ থকা মাৰ নাওবোৰ উভতি আহিব খোজে।
(খ) ‘ওলট-পালট্ দেশ, কথাৰে নহয় শেষ, কটাৰীৰো ডাবে তাৰ কাটে’ বুলি কবিয়ে কি বুজাব খুজিছে?
উত্তৰঃ আহোম ৰজাৰ দেশখনৰ কীর্তি-কাহিনী কৈ শেষ কৰিব নোৱাৰা ধৰণৰ আছিল। কটাৰীৰ ডাৱে কটাটো যেনে সম্ভৱ তেনে ইয়াৰ সকলো মানুহৰ কাৰণেই সকলো কাম কৰাটো সম্ভৱ আছিল।