ইণ্টানেটৰ তিতা- মিঠা

ভাৱ-বিষয়ক

১। চমুকৈ উত্তৰ লিখা:

(ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?
উত্তৰ: কুঁৱলীয়ে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হোৱাৰ বাবে আৰু তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয়, সেই উদ্দেশ্যে দেউতাকে তাইক কম্পিউটাৰ উপহাৰ দিছিল।

(খ) ইণ্টাৰনেট কি? 
উত্তৰ: ‘Interconnection of Networks’-ৰ সংক্ষিপ্ত ৰূপেই হ’ল ইণ্টাৰনেট (বা চমুকৈ Net)। ই হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এক বিশ্বব্যাপী আন্তঃসংযোগ ব্যৱস্থা বা নেটৱৰ্কৰে এক বৃহৎ নেটৱৰ্ক।

(গ) কুঁৱলীয়ে প্ৰথমে কালৈ ই-মেইল কৰিছিল?
উত্তৰ: কুঁৱলীয়ে প্ৰথমে মস্কোলৈ পঢ়িবলৈ যোৱা তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ই-মেইল কৰিছিল।

(ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে ক’লৈ যোৱাৰ সিদ্ধান্ত লৈছিল?
উত্তৰ: পূজাৰ বন্ধত কুঁৱলীহঁতে সপৰিয়ালে দক্ষিণ ভাৰতলৈ ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল।

(ঙ) ভাইৰাচ কি?
উত্তৰ: ভাইৰাচ (Virus – Vital Information Resources Under Seize) হৈছে কম্পিউটাৰত অনিষ্ট সাধন কৰাৰ ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক অপকাৰী কম্পিউটাৰ প্ৰগ্ৰেম।

২। WWW বা ৱেব কি?

উত্তৰ: WWW (World Wide Web) বা চমুকৈ ‘ৱেব’ হৈছে সমগ্ৰ পৃথিৱীজুৰি লাখ লাখ কম্পিউটাৰত সংৰক্ষিত হৈ থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য-পাতিৰ এক সামূহিক ভাণ্ডাৰ। ১৯৮৯ চনত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত বিশ্ববিখ্যাত গৱেষণাকেন্দ্ৰ ‘ছাৰ্ন’ (CERN)-ত ইয়াৰ ধাৰণাৰ সৃষ্টি হৈছিল। ইয়াত তথ্যসমূহ পাঠ (Text), গ্ৰাফিক্স, অডিঅ’ আৰু ভিডিঅ’ৰ মাধ্যমত সজাই থোৱা থাকে আৰু অতি সহজে ইয়াক ব্যৱহাৰ কৰিব পাৰি।

৩। কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে?

উত্তৰ: কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে তাইৰ বান্ধৱী শ্বেৰণে বন্ধৰ দিনত মাক-দেউতাকৰ সৈতে ছেইন্ট পিটাৰ্ছবাৰ্গলৈ ফুৰিবলৈ যোৱাৰ ৰঙীন ফটোসহ দেশ ভ্ৰমণৰ প্ৰত্যক্ষ অভিজ্ঞতা আৰু নিজস্ব দৃষ্টিভংগীৰ বিষয়ে জানিব পাৰিলে। তদুপৰি শ্বেৰণৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন দেশত থকা অন্যান্য বন্ধু-বান্ধৱীৰ সৈতেও ই-মেইল আদান-প্ৰদান কৰি তেওঁলোকৰ দেশৰ নানা ৰোমাঞ্চকৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ’ল।

৪। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?

উত্তৰ: ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে তলত দিয়া নতুন অভিজ্ঞতাসমূহ আহৰণ কৰিলে:

  1. ৱেবচাইট, ৱেবপেজ, ব্ৰাউজাৰ আদিৰ কাৰ্যপ্ৰণালী শিকিলে আৰু বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে জ্ঞান আহৰণ কৰিলে।

  2. ই-মেইল আৰু ভিডিঅ’ কলিঙৰ জৰিয়তে দেশ-বিদেশৰ বন্ধুৰ সৈতে মুখামুখিকৈ কথা পতাৰ সোৱাদ পালে।

  3. পূজাৰ বন্ধত দক্ষিণ ভাৰত ভ্ৰমণৰ বাবে ঘৰতে বহি অনলাইন যোগে ৰেলৰ টিকট বুকিং, পছন্দৰ হোটেল নিৰ্বাচন আৰু ই-বেংকিঙৰ জৰিয়তে অগ্ৰিম ভাড়া পৰিশোধ কৰিলে।

  4. ই-কমাৰ্চৰ জৰিয়তে ঘৰতে বহি ভ্ৰমণৰ লাগতিয়াল সাজ-পোছাক আৰু সামগ্ৰী ক্ৰয় কৰিলে।

  5. কম্পিউটাৰ ভাইৰাচ আৰু এণ্টিভাইৰাচ ছফ্টৱেৰ সম্পৰ্কে ব্যৱহাৰিক জ্ঞান অৰ্জন কৰিলে।

৫। ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?

উত্তৰ: কম্পিউটাৰ ভাইৰাচে মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰেম বা ফাইলৰ লগত সংযুক্ত কৰি লয়। তাৰ পিছত ই কম্পিউটাৰৰ ফাইল, গুৰুত্বপূৰ্ণ তথ্য আৰু অপাৰেটিং ছিষ্টেম বিকল কৰি দিয়ে, যাৰ ফলত কম্পিউটাৰটো সঠিকভাৱে কাৰ্যক্ষম নোহোৱা হৈ পৰে।

৬। “ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।” — কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।

উত্তৰ:
* বক্তা: কথাষাৰৰ বক্তা হ’ল কুঁৱলীৰ জ্যেষ্ঠা গৱেষক বাইদেউ শ্বাবানা।
* ইণ্টাৰনেটৰ সুবিধা (মিঠা দিশ):

  1. নিমিষতে বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো বিষয়ৰ তথ্য আৰু শৈক্ষিক জ্ঞান আহৰণ কৰিব পাৰি।

  2. ই-মেইল আৰু ভিডিঅ’ কলিঙৰ দ্বাৰা মুহূৰ্তৰ ভিতৰতে দূৰ-দূৰণিৰ মানুহৰ লগত যোগাযোগ সম্ভৱ হয়।

  3. ই-কমাৰ্চ আৰু ই-বেংকিঙৰ জৰিয়তে ঘৰতে বহি কেনা-বেচা, টিকট বুকিং আৰু অৰ্থৰ লেনদেন কৰি সময় আৰু শ্ৰম ৰাহি কৰিব পাৰি।

* ইণ্টাৰনেটৰ অসুবিধা (তিতা দিশ):

  1. অত্যধিক আসক্তিয়ে ছাত্ৰ-ছাত্ৰীক পঢ়া-শুনা, খেলা-ধূলা আৰু কিতাপৰ জগতৰ পৰা আঁতৰাই পেলায়।

  2. মানুহক পৰিয়াল আৰু সমাজৰ পৰা বিচ্ছিন্ন কৰি আত্মকেন্দ্ৰিক, এলেহুৱা আৰু শাৰীৰিক-মানসিকভাৱে অসুস্থ কৰি তোলে।

  3. ছ’চিয়েল মিডিয়াৰ জৰিয়তে ভুৱা আৰু উৰা-বাতৰি বিয়পি সমাজত বিশৃংখলতাৰ সৃষ্টি কৰিব পাৰে।

৭। ‘ইণ্টাৰনেটৰ তিতা-মিঠা’ গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা।

উত্তৰ: ‘ইণ্টাৰনেটৰ তিতা-মিঠা’ পাঠটিত লেখিকাই আধুনিক বিজ্ঞানৰ অপূৰ্ব দান ইণ্টাৰনেটৰ দুয়োটা পিঠি— উপকাৰিতা (মিঠা) আৰু অপকাৰিতা (তিতা) অতি সুন্দৰভাৱে দাঙি ধৰিছে। কাহিনীৰ মুখ্য চৰিত্ৰ কুঁৱলীয়ে ইণ্টাৰনেটৰ জৰিয়তে জ্ঞান আহৰণ, যোগাযোগ আৰু ঘৰতে বহি টিকট বুকিং আদিৰ দরেক’মিঠা’ সুবিধা লাভ কৰিছিল। কিন্তু পিছলৈ অত্যধিক আসক্তিৰ বাবে সামাজিক যোগাযোগ পাহৰি, পঢ়া-শুনাত মনোযোগ হেৰুৱাই আৰু শাৰীৰিক অসুস্থতাত ভুগি তাই ইয়াৰ ‘তিতা’ ফল ভোগ কৰিবলগীয়া হ’ল। অৱশেষত তাই আত্মসংশোধন কৰি ইণ্টাৰনেটৰ সঠিক প্ৰয়োগৰ শিক্ষা ল’লে। গল্পটোৰ বিষয়বস্তুৰ লগত এই দুয়োটা দিশ জড়িত থকা বাবে ‘ইণ্টাৰনেটৰ তিতা-মিঠা’ নামকৰণটো সম্পূৰ্ণ সাৰ্থক হৈছে।

৮। ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা।

উত্তৰ: ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত তলত দিয়া কু-প্ৰভাৱসমূহ পেলাব পাৰে:

  1. পঢ়া-শুনাত ক্ষতি: দিন-ৰাতি মোবাইলত গেম খেলা আৰু ছ’চিয়েল মিডিয়াত মগ্ন থকাৰ ফলত পঢ়া-শুনাত মনোযোগ কমি যায় আৰু পৰীক্ষাত ফলাফল বেয়া হয় (যেনে পাঠত উল্লিখিত পলৰ ক্ষেত্ৰত ঘটিছিল)।

  2. সামাজিক আৰু পাৰিবাৰিক বিচ্ছিন্নতা: ছাত্ৰ-ছাত্ৰীসকল পৰিয়ালৰ লোক, আলহী-অতিথি আৰু বয়োজ্যেষ্ঠসকলৰ প্ৰতি উদাসীন হৈ পৰে আৰু সামাজিক সৌজন্যবোধ পাহৰি পেলায়।

  3. স্বাস্থ্যহানি: অনবৰতে স্ক্ৰীণলৈ চাই থকাৰ ফলত মূৰৰ বিষ, চকুৰ সমস্যা আৰু এলাহ ভাৱ বৃদ্ধি পায়; লগতে খেল-ধেমালিৰ পৰা আঁতৰি শাৰীৰিকভাৱে দুৰ্বল হৈ পৰে।

  4. অবাস্তৱ জগতত বিচৰণ: বাস্তৱ জগতখন পাহৰি কাল্পনিক ভাৰ্চুৱেল জগতত বাস কৰিবলৈ লয় আৰু কিতাপ পঢ়াৰ সু-অভ্যাস হেৰুৱাই পেলায়।

ভাষা-বিষয়ক

৯। বাক্য ৰচনা কৰা:

  • চিনাকি-অচিনাকি: দুৰ্ঘটনাৰ স্থানত বহুতো চিনাকি-অচিনাকি মানুহে সহায়ৰ বাবে হাত আগবঢ়ালে।

  • অলীক-সপোন: কোনো পৰিশ্ৰম নকৰি ধনী হোৱাৰ অলীক-সপোন দেখিলে জীৱনত উন্নতি কৰিব নোৱাৰি।

  • নাকে-মুখে: দেৰি হোৱা বাবে ল’ৰাজনে নাকে-মুখে দুটামান ভাত গুজি স্কুললৈ লৰ দিলে।

  • পৰীক্ষা-নিৰীক্ষা: বিজ্ঞানীসকলে পৰীক্ষাগাৰত অহৰহ নতুন আৱিষ্কাৰৰ বাবে পৰীক্ষা-নিৰীক্ষা চলাই আছে।

১১। অভিধান চাই অৰ্থ লিখা:

  • ক্ষতি: লোকচান, অপকাৰ, অনিষ্ট।

  • বিজুতি: বিসংগতি, যন্ত্ৰ বা কাৰ্যৰ খুঁত/বিজুতি।

  • গুণা-গঁথা: চিন্তা-ভাৱনা, আলোচনা, বিবেচনা।

  • উদাস: নিৰাসক্ত, নিস্পৃহ, অন্যমনস্ক।

  • পুঞ্জীভূত: জমা হৈ থকা, সঞ্চিত, একত্ৰিত।

Scroll to Top