অৰুণিমা সিনহা

ভাৱ-বিষয়ক

১। চমুকৈ উত্তৰ লিখাঃ

(ক) অৰুণিমা সিন্হাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল?
উত্তৰ: অৰুণিমা সিন্হাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল (তেওঁ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ আছিল)।

(খ) অৰুণিমা সিন্হাৰ ঘৰ ক’ত?
উত্তৰ: অৰুণিমা সিন্হাৰ ঘৰ উত্তৰ প্ৰদেশত। 

(গ) হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল?
উত্তৰ: হিমালয়ৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট জয় কৰাৰ (আৰোহণ কৰাৰ) সপোনে তীব্ৰ ৰূপ লৈছিল।

(ঘ) চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?
উত্তৰ: চিকিৎসালয়ৰ পৰা ওলাই অৰুণিমাই ভাৰতৰ প্ৰথম মহিলা এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালক লগ ধৰিছিল, যাতে তেওঁৰ পৰা পৰ্বতাৰোহণৰ সঠিক দিহা-পৰামৰ্শ আৰু প্ৰশিক্ষণ লাভ কৰিব পাৰে।

(ঙ) মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল?
উত্তৰ: অৰুণিমাই ২০১৩ চনৰ ২১ মে’ত নিশা প্ৰায় ৮ বজাত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল। তেওঁ তাত প্ৰায় ডেৰ ঘণ্টাকাল (১ ঘণ্টা ৩০ মিনিট) আছিল।

২। অৰুণিমা সিন্হাই ৰে’লযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ’বলগীয়া হৈছিল? এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল?

উত্তৰ: ২০১১ চনত লক্ষ্মৌৰ পৰা দিল্লী অভিমুখী চলন্ত ৰে’লত অৰুণিমা সিন্হাই এক দল ডকাইতৰ আক্ৰমণৰ মুখামুখি হয়। ডকাইতৰ দলে ডিঙিৰ সোণৰ চেইনডাল কাঢ়ি ল’বলৈ খোজাত অৰুণিমাই প্ৰতিবাদ কৰে। ফলত খঙত ডকাইতবোৰে তেওঁক চলন্ত ৰে’লৰ পৰা বাহিৰলৈ দলিয়াই দিয়ে আৰু বিপৰীত ফালৰ পৰা অহা আন এখন ৰে’লৰ খুন্দাত তেওঁ ৰে’লপথৰ কাষত গুৰুতৰভাৱে আহত হৈ পৰি ৰয়।
এই দুৰ্ঘটনাত অৰুণিমাই তেওঁৰ এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হয় আৰু আনখন ভৰিতো লোৰ ৰড সুমুৱাই কৃত্রিম ভৰিৰ সহায়ত চলা-ফিৰা কৰিবলীয় হয়।

৩। অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰি পালে কেনেদৰে সহায় কৰিছিল?

উত্তৰ: অৰুণিমাই চিকিৎসালয়ৰ পৰা ওলাই বাচেন্দ্ৰি পালৰ ওচৰলৈ যাওঁতে, বাচেন্দ্ৰি পালে তেওঁৰ মনৰ অদম্য সাহস আৰু আত্মবিশ্বাস দেখি গভীৰভাৱে উৎসাহিত কৰে। তেওঁ উত্তৰকাশীত ‘টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচন’ৰ অনুশীলন কেম্পত নিজৰ পোনপটীয়া তত্ত্বাৱধানত অৰুণিমাক পৰ্বতাৰোহণৰ যাৱতীয় কৌশল আৰু কঠিন প্ৰশিক্ষণ দিয়ে আৰু মানসিকভাৱে লক্ষ্যত উপনীত হ’বলৈ প্ৰতিটো খোজতে পথ-প্ৰদৰ্শন আগবঢ়ায়।

৪। এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল?

উত্তৰ: অৰুণিমাই প্ৰায় এবছৰ কাল একাণপতীয়াকৈ অহৰহ অনুশীলন কৰিছিল। এখন কৃত্ৰিম ভৰি আৰু আনখন লোৰ ৰড থকা ভৰিৰে খোজ কঢ়াটো অত্যন্ত যন্ত্ৰণাদায়ক আছিল। স্বাভাৱিক মানুহে দুমিনিটতে শিকা খোজটো শিকিবলৈ অৰুণিমাক তিনি ঘণ্টাও লাগিছিল। ভৰিৰ পৰা তেজ ওলাই লুতুৰি-পুতুৰি হোৱা সত্ত্বেও তেওঁ আশা এৰি দিয়া নাছিল। শ্বেৰপাই প্ৰাণ বচাবলৈ উভতি যাবলৈ কোৱা সত্ত্বেও কোনো বাধাৰ ওচৰত সেও নামানি তেওঁ কঠোৰ অনুশীলন চলাই গৈছিল।

৫। অৰুণিমা সিন্হাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে?

উত্তৰ: লাডাখৰ মাউণ্ট চামছেৰ কাংৰিৰ উচ্চতা আছিল ২১,৭৯৮ ফুট। অৰুণিমাই ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰাৰ পাছত বতৰ অত্যন্ত প্ৰতিকূল আৰু বিপজ্জনক হৈ পৰে। এনে প্ৰতিকূল বতৰত আগবঢ়া অসম্ভৱ হোৱাত শিখৰলৈ মাত্ৰ ৬৯০ ফুট বাকী থাকোঁতেই তেওঁলোকে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হৈছিল।

৬। অৰুণিমা সিন্হাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া।

উত্তৰ: কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰি অৰুণিমাই এভাৰেষ্ট অভিযান আৰম্ভ কৰে। চাৰি নং কেম্প পাওঁতে তেওঁৰ ভৰিৰ পৰা তেজ ওলাইছিল আৰু অক্সিজেনো প্ৰায় শেষ হৈ আহিছিল। বাটত বহুতো মৃতদেহ পৰি থকা দেখিও তেওঁ ভয় খোৱা নাছিল। শ্বেৰপাই উভতি যাবলৈ কোৱা সত্ত্বেও তেওঁ পিছহুহকি নাহিল। অৱশেষত বাৱন দিনৰ কষ্টকৰ যাত্ৰাৰ অন্তত ২০১৩ চনৰ ২১ মে’ৰ নিশা প্ৰায় ৮ বজাত ৮,৮৪৮ মিটাৰ ওখ মাউণ্ট এভাৰেষ্টৰ শৃংগত উপস্থিত হৈ ভাৰতৰ জাতীয় পতাকা উৰুৱাই বিশ্বৰ প্ৰথমগৰাকী বিশেষভাৱে সক্ষম মহিলা এভাৰেষ্ট বিজয়ীৰূপে ইতিহাস ৰচনা কৰে।

৭। ‘একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।’ — কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত বুজাই লিখা।

উত্তৰ: অৰুণিমা সিন্হাই জীৱনৰ চৰম দুৰ্ভাগ্য অৰ্থাৎ ভৰি হেৰুওৱাৰ শাৰীৰিক প্ৰতিবন্ধকতাক এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে লৈ বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট জয় কৰি দেখুৱালে। তেওঁৰ এই অসাধ্য সাধনে প্ৰমাণ কৰিলে যে অদম্য মনোবল আৰু একাগ্ৰতা থাকিলে মানুহে সকলো বাধা অতিক্ৰম কৰিব পাৰে। তেওঁৰ এই সফলতাই হতাশাত ভোগা লাখ লাখ বিশেষভাৱে সক্ষম আৰু সাধাৰণ মানুহক জীৱনৰ সংগ্ৰামত জয়ী হ’বলৈ প্ৰেৰণা আৰু নতুন আশাৰ পোহৰ দেখুৱাইছে।

৮। ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল?

উত্তৰ: প্ৰখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিঙে মাৰাত্মক কৰ্কট (Cancer) ৰোগত আক্ৰান্ত হৈয়ো নিজৰ প্ৰচণ্ড মানসিক শক্তি আৰু আত্মবিশ্বাসৰ বলত সেই বেমাৰক পৰাস্ত কৰি পুনৰ ক্ৰিকেট পথাৰলৈ উভতি আহিছিল। যুৱৰাজ সিঙৰ এই আৰোগ্য আৰু সংগ্ৰামী জীৱনে অৰুণিমাক বুজাই দিছিল যে মনৰ বল থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে। ইয়ে অৰুণিমাৰ মনোবল বহুগুণে বৃদ্ধি কৰিছিল।

৯। চমুটোকা লিখাঃ

  • বাচেন্দ্ৰি পাল: ১৯৮৪ চনত মাউণ্ট এভাৰেষ্ট জয় কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী। তেওঁ টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনৰ জৰিয়তে অৰুণিমা সিন্হাকে ধৰি বহুতো পৰ্বতাৰোহীক প্ৰশিক্ষণ দি গঢ়ি তুলিছে।

  • টেনজিং নৰগে: এভাৰেষ্ট জয় কৰা বিশ্বৰ প্ৰথম দুজন পৰ্বতাৰোহীৰ এজন। ১৯৫৩ চনৰ ২৯ মে’ত তেওঁ এডমাণ্ড হিলাৰীৰ সৈতে প্ৰথমবাৰৰ বাবে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল।

  • ষ্টিফেন হকিং: বিশ্ববিখ্যাত ব্ৰিটিছ তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু গণিতজ্ঞ। প্ৰায় সমগ্ৰ শৰীৰ পক্ষঘাতগ্ৰস্ত হোৱা সত্ত্বেও তেওঁ ‘ব্লেক হ’ল’ আৰু মহাজাগতিক তত্ত্ব সম্পৰ্কে যুগান্তকাৰী গৱেষণা কৰি বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বিজ্ঞানী হিচাপে প্ৰতিষ্ঠা লাভ কৰে।

ভাষা-বিষয়ক

১। সন্ধি ভাঙাঃ

  • সংশয়: সম্ + শয়

  • পৰ্বতাৰোহণ: পৰ্বত + আৰোহণ

  • উৎসাহ: উৎ + সাহ

  • হিমালয়: হিম + আলয়

  • প্ৰত্যাহ্বান: প্ৰতি + আহ্বান

  • বিপদাপন্ন: বিপদ + আপন্ন

২। উপসৰ্গ ভাঙি দেখুওৱা:

  • অনুৰাগ: অনু (উপসৰ্গ) + ৰাগ

  • অনুভৱ: অনু (উপসৰ্গ) + ভৱ

  • অভিনয়: অভি (উপসৰ্গ) + নয়

  • প্ৰতিফল: প্ৰতি (উপসৰ্গ) + ফল

Scroll to Top