আমাৰ মৌলিক কৰ্তব্য
১। চমু উত্তৰ লিখা—
(ক) নাগৰিকৰ কৰ্তব্য বুলিলে কি বুজা?
উত্তৰঃ ভাৰতৰ নাগৰিকসকলৰ ব্যক্তিত্বৰ বিকাশ আৰু সাধাৰণ জীৱন-যাপনৰ বাবে সংবিধানে কিছুমান সা-সুবিধা বা অধিকাৰ প্ৰদান কৰিছে। এই সা-সুবিধা বা অধিকাৰসমূহ উপভোগ কৰাৰ লগে লগে নাগৰিকসকলৰ ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্ব আহি পৰে। নাগৰিকসকলৰ এই দায়িত্বকেই কৰ্তব্য বুলি কোৱা হয়।
(খ) ২০০২ চনত নাগৰিকৰ বাবে সংযোজন কৰা কৰ্তব্যটো কি?
উত্তৰঃ ২০০২ চনৰ ৮৬ তম সংশোধনী আইন অনুসৰি নতুনকৈ সংযোজিত কৰ্তব্যটো হ,ল “ছয়ৰ পৰা চৈধ্য বছৰ বয়সৰ প্ৰত্যেক শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগিব।“এইটো হ’ল পিতৃ-মাতৃ বা অভিভাৱকৰ মৌলিক কৰ্তব্য।
(গ) জাতীয় পতাকাক আমি কিয় সন্মান জনাব লাগে?
উত্তৰঃ জাতীয় পতাকাখন দেশৰ সন্মানৰ ধ্বজা। জাতীয় পতাকাক সন্মান জনোৱাটো আমাৰ মৌলিক কর্তব্য। সেয়েহে জাতীয় পতাকাক আমি সন্মান জনাব লাগে।
(ঘ) বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে তোমাৰ কৰ্তব্য কি?
উত্তৰঃ আমি বিদ্যালয়ৰ ছাত্র ছাত্রীবোৰে সময় মতে বিদ্যালয়লৈ আহি, বিদ্যালয়ৰ নিয়ম মতে এটাৰ পাছত এটাকৈ শৃংখলাবদ্ধ ভাবে কর্তব্যবোৰ পালন কৰি যাব লাগে।
২। সংবিধানত উল্লেখিত যিকোনো পাঁচটা কৰ্তব্যৰ বিষয়ে লিখা।
উত্তৰঃ সংবিধানত উল্লেখিত যিকোনো পাঁচটা কৰ্তব্যসমূহ হ’ল–
১) সংবিধান মানি চলা, ৰাষ্ট্ৰীয় পতাকা, ৰাষ্ট্ৰীয় প্রতীকৰ প্ৰতি শ্ৰদ্ধা জনোৱা ।
২) স্বাধীনতা আন্দোলনত ভাৰতবাসীক অনুপ্রাণিত কৰা মহান আদর্শসমূহক সম্মান জনোৱা আৰু অনুসৰণ কৰা।
৩) ভাৰতৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা ।
৪) মাতৃভূমিক ৰক্ষা কৰা আৰু প্ৰয়োজন হ’লে দেশৰ প্রতি সেৱা আগবঢ়োৱা।
৫) জনসাধাৰণৰ মাজত ভ্রাতৃত্ববোধ গঢ়ি তোলা, নাৰীৰ মৰ্যাদা হানিকাৰক আচৰণৰপৰা বিৰত থকা।
৩। এন চি চি আৰু স্কাউট গাইডৰ দ্বাৰা কি কি গুণ বিকশিত হ’ব পাৰে লিখা।
উত্তৰঃ এন চি চি আৰু স্কাউট গাইডৰ কৰ্মৰ দ্বাৰা দেশপ্ৰেমৰ ভাব জাগ্রত হোৱাৰ লগতে শৃংখলাবদ্ধ, ধৈর্য আৰু সহানুভূতিৰ দৰে মহান গুণবিলাক বিকশিত হোৱাত সহায় কৰে।
৪। প্রাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কি কৰা উচিত?
উত্তৰঃ আমি সদায় প্রাকৃতিক পৰিৱেশ সুৰক্ষা, যেনে-গছ-বন ৰোপণ কৰা, অবাবত গছ গছনি কটা বন্ধ কৰা, হ্রদ, নদ-নদী, বনাঞ্চলবোৰৰ ৰক্ষণাবেক্ষণ দিয়া আৰু সেইবোৰ সুৰক্ষাৰ বাবে আনকো তেনে কাম কৰাৰ বাবে উৎসাহিত কৰিব লাগে। ইয়াৰোপৰি প্ৰকৃতিৰ অভিন্ন অংগস্বৰূপ সকলো জীৱিত প্রাণীয়ে যাতে সঠিকভাৱে জীয়াই থাকি পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিব লাগে। আমাৰ কৰ্মই যাতে আন জীৱ-জন্তুৰ খাদ্য আৰু বাসস্থানৰ ওপৰত বিৰূপ প্ৰভাৱ নেপেলায় তাৰ বাবেও আমি সচেতন হ’ব লাগে।
৫। খালী ঠাই পূৰ কৰা—
(ক) আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত __________ ছেকেণ্ডৰ ভিতৰত গাই শেষ কৰিব লাগে।
উত্তৰ: আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত ৫২ ছেকেশুৰ ভিতৰত গাই শেষ কৰিব লাগে।
(খ) ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোতে আমি __________ গাব লাগে।
উত্তৰ: ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোতে আমি ৰাষ্ট্ৰীয় সংগীত গাব লাগে।
(গ) ৬-১৪ বছৰৰ সকলো শিশুক __________ লাভৰ সুবিধা দিব লাগে।
উত্তৰ: ৬-১৪ বছৰৰ সকলো শিশুক প্ৰাথমিক শিক্ষা লাভৰ সুবিধা দিব লাগে।
(ঘ) ভাৰতীয় সংবিধানত মুঠ __________ কৰ্তব্যৰ কথা উল্লেখ আছে।
উত্তৰ: ভাৰতীয় সংবিধানত মুঠ ১১টা কৰ্তব্যৰ কথা উল্লেখ আছে।
৬। শুদ্ধটো বাছি উলিওৱা—
(ক) ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সম্মান জনাব নালাগে/লাগে।
উত্তৰঃ লাগে
(খ) নলা-নর্দমাত প্লাষ্টিকৰ বেগ, জাঁবৰ-জোথৰ পেলাব লাগে/ নালাগে।
উত্তৰঃ নালাগে
(গ) বানপানী ৰোধৰ বাবে গছপুলি ৰুব লাগে/নালাগে।
উত্তৰঃ লাগে
(ঘ) শান্তি স্থাপনৰ বাবে হিংসাত্মক কাৰ্য পৰিহাৰ কৰিব নালাগে/লাগে।
উত্তৰঃ লাগে
(ঙ) দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে/নালাগে।
উত্তৰঃ লাগে
৭। জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পৰা দুটা বিশেষ কাৰ্যৰ বিষয়ে বৰ্ণনা কৰা।
উত্তৰঃ (ক) মানৱ জাতিৰ উন্নতিৰ মাপকাঠি হৈছে শিক্ষা। এই শিক্ষাই আমাৰ কুসংস্কাৰ আৰু অন্ধবিশ্বাসসমূহ দূৰীকৰণ কৰি সমাজত এক বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ বুনিয়াদ গঢ়ি তুলিব পাৰে।
(খ) আমাৰ সমাজত আজিৰ এই বিজ্ঞানৰ যুগতো অন্ধবিশ্বাসৰ বলি হৈ বহুতো লোকে প্রাণ হেৰুৱাইছে। আমি সমাজত এই অন্ধবিশ্বাস আঁতৰাই বৈজ্ঞানিক দৃষ্টিভঙ্গী সকলোৰে মাজত গঢ়ি তুলিবলৈ যত্ন কৰিব লাগিব।