নিয়ৰ
২। উত্তৰ দিয়া।
(ক) মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে?
উত্তৰঃ মুকুতা মণিটি বুলি কবিয়ে নিয়ৰ টোপালক বুজাইছে।
(খ) নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে?
উত্তৰঃ নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুটা মণিৰ লগত তুলনা কৰিছে।
(গ) নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে?
উত্তৰঃ নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত সাঁচি থোৱাৰ কথা কৈছে।
(ঘ) ফুলনিত কি ছিগি ৰৈ গ’ল?
উত্তৰঃ ফুলনিত নিশা নাচা নাচনীৰ ডিঙিৰ মণি ছিগি ৰৈ গ’ল।
(ঙ) কবিয়ে কি সৰি থকাৰ কথা কৈছে?
উত্তৰঃ কবিয়ে নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকাৰ কথা কৈছে।
Updated on -09/06/2025