নিয়ৰ

২। উত্তৰ দিয়া-

(ক) মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে?

উত্তৰঃ মুকুতা মণিটি বুলি কবিয়ে নিয়ৰ টোপালক বুজাইছে।

(খ) নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে?

উত্তৰঃ নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুটা মণিৰ লগত তুলনা কৰিছে।

(গ) নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে?

উত্তৰঃ নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত সাঁচি থোৱাৰ কথা কৈছে।

(ঘ) ফুলনিত কি ছিগি ৰৈ গ’ল?

উত্তৰঃ ফুলনিত নিশা নাচা নাচনীৰ ডিঙিৰ মণি ছিগি ৰৈ গ’ল।

(ঙ) কবিয়ে কি সৰি থকাৰ কথা কৈছে?

উত্তৰঃ কবিয়ে নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকাৰ কথা কৈছে।

৩। কবিতাটোৰ মূলভাব চমুকৈ লিখা।

উত্তৰঃ প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত ‘নিয়ৰ’ এটা ৰোমান্তিক কবিতা। কবিতাটিত কবিয়ে প্ৰকৃতিৰ উপাদান ‘নিয়ৰ’ বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰহন সানি সুন্দৰভাৱে উপস্থাপন কৰিছে। প্ৰকৃতিৰ ৰূপ বৈচিত্র্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ। প্ৰতিটো পুৱাই আমাক অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ’ল ‘নিয়ৰ’। মুকুতা সদৃশ নিয়ৰ কণাবোৰে ঘাঁহ-বনৰ ওপৰত কাহিলি পুৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাব অহাটোৱেই স্বাভাৱিক। ফটিক পানীৰে ধোৱা এই নিয়ৰৰ কণাবোৰ যেন নিশাৰ আকাশৰ পৰা সৰি পৰা তৰাৰ এক অনবদ্য ৰূপ। কবিৰ কল্পনাত নিয়ৰ নৃত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একোটি মণি অথবা পুৱাৰ পোহৰত সেমেকি উঠা একোটোপাল চকুপানী।

৪। শব্দ-সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা।

উত্তৰঃ ফটিক – স্বচ্ছ, নিৰ্মল, পৰিষ্কাৰ।

শোভে – শুৱনি কৰি তোলা।

হেঙুলি – হেঙুল বৰণীয়া।

নিজম – নি:শব্দ , নীৰৱ, নিস্তব্ধ।

নিচুক – কান্দোন এৰি শান্ত হোৱা

৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।

”নিজম আকাশৰ নিচুক কথাটি

হিয়াত থৈছে সাঁচি,

কোন কাহানিৰ সপোন দেখিছে

কোনে হাঁহিছিল নাচি।”

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত ‘নিয়ৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
ৰাতিপুৱা ৰ’দৰ পোহৰ পৰি জিলিকি উঠা নিয়ৰৰ টোপালটোক কল্পনা ৰহণ সানি কবিয়ে নিশাৰ আকাশৰ পৰা সৰি পৰা তৰাৰ লগত তুলনা কৰিছে। নিস্তব্ধ আকাশত কোনোবাই যেন হাঁহি হাঁহি নাচিছিল আৰু এই নাচোনত ছিগি পৰা মুকুতা মণিটিয়ে যেন নিয়ৰ।

৬। পাঠৰ পৰা অন্ত্য মিল থকা শব্দবোৰ লিখা।

উদাহৰণ 一 ধোৱা ⟶ যোৱা

উত্তৰঃ সাঁচি 一 নাচি

মণি 一 কণি

ভাহি 一 পাহি

Updated on -09/06/2025

Scroll to Top