মূল অৰ্থনৈতিৰ সমস্য়াসমূহ

অতি চমু / চমু উত্তৰৰ প্ৰশ্ন-

১। সংজ্ঞা লিখা- 

(ক) দৰিদ্ৰতা

উত্তৰঃ  দৰিদ্ৰতাঃ দৰিদ্ৰতা এনে এক অৱস্থা য’ত এজন ব্যক্তি জীৱনৰ মৌলিক প্ৰয়োজন যেনে খাদ্য, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাৰ পৰা বঞ্চিত হয়।

(খ) নিবনুৱা

উত্তৰঃ যিসকল লোকে কাম কৰাৰ কোনো সুযোগ নাপায় তেওঁলোকক নিবনুৱা বুলি কোৱা হয়।

(গ) জনসংখ্যাৰ ঘনত্ব

উত্তৰঃ জনসংখ্যাৰ ঘনত্ব: কোনো এখন ঠাইৰ প্ৰতি বৰ্গ কিলোমিটাৰত বাস কৰা লোকৰ সংখ্যাক জনসংখ্যাৰ ঘনত্ব বোলা হয়।

(ঘ) লিংগ অনুপাত

উত্তৰঃ  প্রতি এহেজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যাক লিংগ অনুপাত বুলি কোৱা হয়।

(ঙ) চৰম দৰিদ্ৰতা

উত্তৰঃ  যেতিয়া এজন ব্যক্তিয়ে তেওঁৰ উপার্জনেৰে পৰিয়ালৰ মৌলিক প্রয়োজনসমূহ যেনেঃ খাদ্য, বস্ত্র, বাসস্থান সম্বন্ধীয় সুবিধাসমূহ পূৰণ কৰাত ব্যর্থ হয়, তেনে দৰিদ্ৰতাক চৰম দৰিদ্ৰতা বোলে।

(চ) আপেক্ষিক দৰিদ্ৰতা

উত্তৰঃ  আপেক্ষিক দৰিদ্ৰতা: সমাজত সাধাৰণ জীৱন-যাত্ৰাৰ মান বজাই ৰাখিবলৈ ন্যূনতম আয় উপাৰ্জন কৰিব নোৱাৰিলে আপেক্ষিক দৰিদ্ৰতা বোলা হয়।

(ছ) বহনক্ষম উন্নয়ন

উত্তৰঃ বৰ্তমান আৰু ভৱিষ্যতৰ সুৰক্ষাৰ অনুকূল হোৱা বিবেচনাসম্পন্ন উন্নয়ন ব্যৱস্থাক বহনক্ষম উন্নয়ন বোলা হয়।

(জ) সেউজ অর্থনীতি

উত্তৰঃ পৰিবেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতি তন্ত্ৰৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰে, তেনে অর্থনীতিকে সেউজ অর্থনীতি বোলে।

২। দৰিদ্ৰতাৰ সীমাৰেখা কি ? গাঁও অঞ্চল আৰু চহৰ অঞ্চলৰ দৰিদ্ৰতাৰ সীমাৰেখা কি ?

উত্তৰঃ দৰিদ্ৰতাৰ সীমাৰেখাই বিতৰণ ৰেখাৰ এনে এক নিম্নতম সীমা নিৰ্দ্ধাৰণ কৰি দিয়ে যি এখন দেশৰ জনসাধাৰণক দৰিদ্ৰ আৰু অদৰিদ্ৰ এই দুটা ভাগত ভাগ কৰে। গাঁও অঞ্চলত দৈনিক জনমূৰি ন্যূনতম ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত দৈনিক জনমূৰি ন্যূনতম ২১০০ কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয়।

৩। ২০১১ চনৰ লােকপিয়লমতে ভাৰতবর্ষ আৰু অসমৰ জনসংখ্যা কিমান ?

উত্তৰঃ ২০১১ চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ জনসংখ্যা হৈছে ১২১ কোটি আৰু অসমৰ ৩ কোটি ১২ লাখ।

৪। বিশ্বৰ মাটিকালিৰ কিমান শতাংশ ভাৰতত আছে ?

উত্তৰঃ বিশ্বৰ মাটিকালিৰ ২.৪ শতাংশ ভাৰতত আছে।

৫। ভাৰতৰ সর্বাধিক লিংগ অনুপাত থকা ৰাজ্য কোনখন আৰু কিমান ?

উত্তৰঃ ভাৰতৰ সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্য খন  হল কেৰেলা ইয়াত প্ৰতি এক হাজাৰ জন পুৰুষ বিপৰীতে মহিলা সংখ্যা ১০৮৪।

৬ । অসমৰ জনসংখ্যা ঘনত্ব কিমান ?

উত্তৰঃ অসমৰ জনসংখ্যা ঘনত্ব হ’ল ৩৯৭ জন।

৭। ছদ্মবেশী নিবনুৱা কাক কয় ?

উত্তৰঃ লোকসকল ঋতুজ নিবনুৱা। ছদ্মবেশী বা প্রছন্ন নিবনুৱা সকল দেখাত বনুৱা হয়। কিন্তু তেওঁলোকৰ মুঠ উৎপাদনত অলপো ভূমিকা নাথাকে। উদাহৰণস্বৰূপে এটা কাম যদি দুজন মানুহে কৰিব পাৰে, তাত যদি পাঁচজন লোকক নিযুক্ত কৰা হয় তেন্তে ওপৰঞ্চি তিনিজন লোকক ছদ্মবেশী নিবনুৱা বুলি কোৱা হয়।

৮। মুদ্রাস্ফীতি কি ?

উত্তৰঃ সাধাৰণতে সামগ্ৰীৰ দাম বৃদ্ধি হোৱা অৱস্থাক মুদ্ৰাস্ফীতি বুলি কোৱা হয়। কিন্তু অৰ্থনীতিত মুদ্ৰাস্ফীতি বুলি ক’লে একে লেথাৰিয়ে সাধাৰণ মূল্যস্তৰ বৃদ্ধি পোৱা অৱস্থাক বুজোৱা হয়। মুদ্ৰাস্ফীতি হ’লে বস্তুৰ মূল্য বৃদ্ধি পায় কিন্তু মূদ্ৰাৰ মূল্য কমি যায়।

৯। মুদ্রাস্ফীতিৰ কাৰণবােৰ কি কি ?

উত্তৰঃ মুদ্ৰাস্ফীতিৰ মূল কাৰণ দুটা হ’ল- এটা হ’ল চাহিদাজনিত আৰু আনটো হ’ল ব্যয়জনিত। 

 

১০। দমিত মুদ্রাস্ফীতি কাক বােলে ?

উত্তৰঃ চৰকাৰে বিভিন্ন প্ৰত্যক্ষ ব্যৱস্থাৰ যোগেদি যেনে ৰাজহুৱা বিতৰণ ব্যৱস্থা, চৰকাৰী ভাৱে দৰ নিৰ্ধাৰণ আদিৰ যোগেদি দৰ নিয়ন্ত্ৰণ কৰে। এনে নিয়ন্ত্ৰণ ব্যৱস্থাই দৰ স্তৰ মুক্ত মুদ্ৰাস্ফীতিৰ দৰ স্তৰতকৈ কমত ৰাখে আৰু দৰ স্তৰ বৃদ্ধিৰ পৰিমাণ হ্ৰাস পায়। এনে মুদ্ৰাস্ফীতিক দমিত মুদ্ৰাস্ফীতি বোলে।

১১ । অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা কিমান থাকে ?

উত্তৰঃ অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা হ’ল一 ১০ জনতকৈ কম।

১২। কর্মী জনসংখ্যা = মুঠ কৰ্মী সংখ্যা × ১০০ সম্পূর্ণ কৰা।

উত্তৰঃ কর্মী জনসংখ্যা = ( মুঠ কৰ্মী সংখ্যা ÷ মুঠ জনসংখ্যা) × ১০০

১৩। বহনক্ষম উন্নয়নৰ সংজ্ঞাটো কোনখন আয়োগে কেতিয়া আগবঢ়াইছিল?

উত্তৰঃ বহনক্ষম উন্নয়ন সংজ্ঞাটো Brundtland আয়োগে ১৯৮৭ চনত আগবঢ়াইছিল।

১৪। পৰিৱেশ চিন্তাবিদসকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূলমন্ত্ৰ কি হোৱাটো বিচাৰে?

উত্তৰঃ পৰিৱেশ চিন্তাবিদ সকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূল মন্ত্ৰটো চিন্তা বিশ্বব্যাপি হওক, কাৰ্যপন্থা স্থানীয় হোৱাটো বিচাৰে।

দীঘল উত্তৰৰ প্ৰশ্ন-

১। ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি সমস্যাৰ মূল কাৰণবােৰ আলােচনা কৰা ।

উত্তৰঃ ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ সমূহৰ হল –

(ক) উচ্চ জন্ম হাৰ– ভাৰতত বর্তমান জন্মৰ হাৰ মৃত্যুৰ হাৰতকৈ বহু বেছি। ইয়ে জনসংখ্যা বৃদ্ধিত অৰিহনা যোগায়।

(খ) নিৰক্ষৰতা– নিৰক্ষৰ লোক সকলে পৰিয়াল সীমিত নকৰা ফলত জনসংখ্যা বৃদ্ধি পায়।

(গ) দৰিদ্ৰতা– দৰিদ্ৰ লোকে অধিক সন্তান নিজৰ পৰিয়ালৰ বাবে সহায়ৰ হাত বুলি ভাবে। এনে মানসিকতাৰ ফলতো জনসংখ্যা বৃদ্ধি পাইছে।

(ঘ) কম বয়সতে বিয়া হোৱা – কম বয়সতে বিয়া হোৱা ছোৱালীজনী অধিক সন্তান জন্ম দিয়ে। ইয়ে জনসংখ্যা বৃদ্ধিত ইন্ধন যোগায়।

(ঙ) জনসংখ্যা শিক্ষাৰ অভাৱ– সমাজত সৰহসংখ্যক লোকৰ মাজত জনসংখ্যা শিক্ষাৰ অভাৱৰ ফলতো জনসংখ্যা বৃদ্ধি পাইছে।

২। দৰিদ্ৰতা কাক কয় ? দৰিদ্ৰতাৰ সীমাৰেখাই কিদৰে দৰিদ্ৰতা নিৰূপন কৰে ব্যাখ্যা কৰা ।

উত্তৰঃ দৰিদ্ৰতাই এনে এক অৱস্থাক বুজায় য’ত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজন সমূহ যেনে খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণত ব্যৰ্থ হয়। দৰিদ্ৰতাৰ সীমাৰেখাই বিতৰণ ৰেখাৰ এনে এক নিম্নতম সীমা নিৰ্দ্ধাৰণ কৰি দিয়ে যি এখন দেশৰ জনসাধাৰণক দৰিদ্ৰ আৰু অদৰিদ্ৰ এই দুটা ভাগত ভাগ কৰে। ভাৰতৰ পৰিকল্পনা আয়োগে কেলৰি ভিত্তিক আগবঢ়োৱা সংজ্ঞাৰ মতে গাঁও অঞ্চলত দৈনিক জনমূৰি নূন্যতম ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত দৈনিক জনমূৰি নূন্যতম ২১০০ কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয়।

৩। মুদ্রাস্ফীতি কাক বােলে ? মুদ্রাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহ আলােচনা কৰা ।

উত্তৰঃ সাধাৰণতে সামগ্ৰীৰ দাম বৃদ্ধি হোৱা অৱস্থাক মুদ্ৰাস্ফীতি  বুলি কোৱা হয়।অৰ্থনীতিত মুদ্ৰাস্ফীতি বুলি ক’লে একে লেথাৰিয়ে সাধাৰণ মূল্য স্তৰ বৃদ্ধি পোৱা অৱস্থাক বুজোৱা হয়। মুদ্ৰাস্ফীতি হ’লে বস্তুৰ মূল্য বৃদ্ধি পায় কিন্তু মূদ্ৰাৰ মূল্য কমি যায়।

মুদ্রাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহ হল-

১) মৌদ্ৰিক নীতিঃ চৰকাৰে গ্ৰহণ কৰা মৌদ্ৰিক নীতিৰ ভিতৰত বেংকৰ হাৰ নীতিটো উল্লেখযোগ্য। বেংকৰ হাৰ হ’ল সেই হাৰ যিটো হাৰত কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকক ঋণ প্ৰদান কৰে। মুদ্ৰাস্ফীতিৰ সময়ত বেংকৰ হাৰ বৃদ্ধি কৰা হয়, যাৰ ফলত বাণিজ্যিক বেংকে বজাৰ হাৰ বৃদ্ধি কৰে। ইয়াৰ ফলত ঋণ গ্ৰহণকাৰীয়ে ঋণ ল’বলৈ নিৰুৎসাহিত হয় আৰু বজাৰত ঋণ হ্ৰাস হৈ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰিত হয়।

২) ৰাজকোষীয় নীতিঃ এই নীতিক ‘আয় আৰু ব্যয়’ নীতি বুলিও কোৱা হয়। চৰকাৰী ব্যয় কৰ্তন কৰি দেশত সামগ্ৰিক চাহিদা হ্ৰাস কৰিব পাৰি আৰু মুদ্ৰাস্ফীতিক নিয়ন্ত্ৰিত কৰিব পাৰি। তদুপৰি বিভিন্ন প্ৰকাৰৰ কৰ আৰোপ কৰি জনসাধাৰণৰ হাতত থকা অতিৰিক্ত মুদ্ৰা চৰকাৰৰ হাতলৈ আনিব পাৰি। ইয়াৰ ফলত সামগ্ৰিক চাহিদা হ্ৰাস পাব আৰু মুদ্ৰাস্ফীতি নিয়ন্ত্ৰিত হ’ব। ইয়াৰ উপৰিও চৰকাৰে জনসাধাৰণৰ পৰা ঋণ গ্ৰহণ কৰিও মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব পাৰে।

৩) উৎপাদন বৃদ্ধি নীতিঃ দেশৰ চৰকাৰে অব্যৱহৃত সম্পদৰাজি সঠিক ভাৱে ব্যৱহাৰ কৰি উৎপাদন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব পাৰিলে দেশত উৎপাদন বৃদ্ধি হ’ব আৰু সামগ্ৰীৰ বৰ্দ্ধিত চাহিদাৰ হাৰত যোগান বৃদ্ধি হৈ দৰ স্তৰ নিয়ন্ত্ৰিত হ’ব।

৪। নিবনুৱা সমস্যা কাক বােলে ? ইয়াৰ প্ৰকাৰ কি কি ? এই সমস্যাৰ মূল কাৰণসমূহ উল্লেখ কৰা।

উত্তৰঃ যি সকল লোকে কাম কৰাৰ ইচ্ছা আৰু ক্ষমতা থকা সত্বেও কর্মসংস্থাপনৰ সুবিধা নাপায় তেওঁ লোকক নিবনুৱা বোলে।

নিবনুৱা সাধাৰণতে দুই প্ৰকাৰৰঃ গ্ৰাম্য নিবনুৱা আৰু চহৰীয়া নিবনুৱা।

(১) দ্ৰুত জনসংখ্যা বৃদ্ধিঃ  দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে নিবনুৱা সমস্যা সৃষ্টিত বৰঙণি যোগাইছে। বৰ্দ্ধিত জনসংখ্যা অনুপাতে নিয়োগৰ সা-সুবিধা পৰ্যাপ্ত নোহোৱাত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ লৈছে।

(২) নিয়োগ বিহীন উন্নয়নঃ দেশখনত ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ হাৰ আৰু নিয়োগ বৃদ্ধি হাৰৰ ব্যৱধান বৃদ্ধি পাইছে। এনে অৱস্থাক নিয়োগবিহীন উন্নয়ন বুলি কোৱা হয়। ফলশ্ৰুতিত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে।

(৩) স্থবিৰ কৃষি উন্নয়নঃ ভাৰতবৰ্ষৰ দৰে এখন কৃষি প্ৰধান দেশত কৃষি ব্যৱস্থাৰ যি উন্নয়ন হ’ব লাগিছিল সেয়া হৈ উঠা নাই। ফলস্বৰূপে কৃষিজীৱী লোকৰ মাজত নিয়োগৰ সুবিধাৰ অভাৱ সৃষ্টি হৈছে।

(৪) ঔদ্যোগীকৰণৰ মন্থৰ গতিঃ দেশখনত উদ্যোগিক উন্নয়ন যি হাৰত হ’ব লাগিছিল সেয়া হৈ নুঠাত উদ্যোগিক নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে।

(৫) ত্রুটিপূর্ণ শিক্ষা ব্যৱস্থাঃ প্ৰচলিত শিক্ষা ব্যৱস্থাই জনসাধাৰণক নিয়োগৰ উপযোগী কৰি তুলিব নোৱাৰাত শিক্ষিত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। বৃত্তিমুখী বা কাৰিকৰী শিক্ষাৰ অভাৱে জনসাধাৰণক স্বাৱলম্বী কৰি তুলিব পৰা নাই।

৫) চমুটোকা লিখা-

ক) ঋতুজ নিবনুৱা

উত্তৰঃ ঋতুজ নিবনুৱা সকল বছৰৰ এটা সময়ৰ বাবেহে নিবনুৱা, বাকী সময়ত তেওঁলোক বনুৱা হয়। উদাহৰণস্বৰূপে কৃষিকার্য্যত জড়িত লোকসকল ঋতুজ নিবনুৱা।

খ) চাহিদা জনিত আৰু ব্যয় জনিত মুদ্ৰাস্ফীতি

উত্তৰঃ  চাহিদাজনিত মুদ্রাস্ফীতি হ’ল জনসাধাৰণৰ যেতিয়া দ্ৰব্য বা সেৱাৰ প্ৰতি চাহিদা অধিক বৃদ্ধি পায় আৰু সেই অনুপাতে দ্ৰব্য আৰু সেৱাৰ যোগান বৃদ্ধি নাপায়। এনে অৱস্থাত মানুহৰ হাতত অধিক মুদ্রা বা ক্রয় ক্ষমতা থাকে, আৰু ইয়াৰে বজাৰত থকা কম পৰিমাণৰ দ্ৰব্য বা সেৱাৰ প্ৰতি চাহিদা বাঢ়ে। ফলস্বৰূপে দ্ৰব্য আৰু সেৱা বিলাকৰ মূল্য বৃদ্ধি পায়। এনে অৱস্থাত মুদ্রাস্ফীতিৰ সৃষ্টি হয়।

দ্ৰব্য আৰু সেৱাৰ উৎপাদন ব্যয় বৃদ্ধি ৰ ফলত যি মুদ্ৰাস্ফীতিৰ সৃষ্টি হয় তাক ব্যয় জনিত মুদ্ৰাস্ফীতি বোলে।

গ) বহনক্ষম উন্নয়ন

উত্তৰঃ যি অৰ্থনৈতিক উন্নয়নৰ দ্বাৰা বৰ্তমান প্ৰজন্মৰ অভাৱসমূহ দূৰ হ’ব পাৰে অথচ তাৰ লগে লগে ভৱিষ্যৎ প্ৰজন্মৰ অভাৱসমূহৰ দূৰীকৰণৰ ক্ষমতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহয় সেই অর্থনৈতিক উন্নয়নেই হ’ল অবিৰত বা বহনক্ষম অর্থনৈতিক উন্নয়ন।’

ঘ) সেউজ অৰ্থনীতি

উত্তৰঃ যি অৰ্থনীতিৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতি তন্ত্ৰৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰা, তেনে অর্থনীতিকে সেউজ অর্থনীতি বোলা হয়। পৰিৱেশ সচেতন ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহৰ বাবে এতিয়া মূলমন্ত্ৰ হৈছে : চিন্তা বিশ্বব্যাপী হওক, কার্যপন্থা স্থানীয় হওক ।

ঙ) মুক্ত আৰু দমিত মুদ্ৰাস্ফীতি

উত্তৰঃ যেতিয়া দৰ স্তৰৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাথাকে আৰু দৰ অবাধে বৃদ্ধি হয় তেনে অৱস্থাক মুক্ত মুদ্রাস্ফীতি বুলি কোৱা হয়। অন্যহাতেদি চৰকাৰে বিভিন্ন প্ৰত্যক্ষ ব্যৱস্থাৰ যোগেদি যেনে ৰাজহুৱা বিতৰণ ব্যৱস্থা, চৰকাৰী ভাবে দৰ নিৰ্ধাৰণ আদিৰ যোগেদি দৰ নিয়ন্ত্ৰণ কৰে।, এনে নিয়ন্ত্ৰণ ব্যৱস্থাই দৰ স্তৰ মুক্ত মুদ্রাস্ফীতিৰ দৰ স্তৰতকৈ কমত ৰাখে আৰু দৰ স্তৰ বৃদ্ধিৰ পৰিমাণ হ্রাস হয়। এনে মুদ্রাস্ফীতিক দমিত মুদ্রাস্ফীতি বুলি কোৱা হয়।

Scroll to Top