অৰ্থনীতিৰ মৌলিক বিষয়সমূহ
১. অতি চমু উত্তৰৰ প্ৰশ্ন
প্ৰশ্ন ১: অৰ্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে?
উত্তৰ: গ্ৰীক ভাষাৰ শব্দৰ পৰা অনা হৈছে।
প্ৰশ্ন ২: অৰ্থনীতি শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে?
উত্তৰ: গ্ৰীক শব্দ ‘Oikonomia’ (অইকনমিয়া) ৰ পৰা লোৱা হৈছে (য’ত ‘Oikos’ মানে পৰিয়াল আৰু ‘nomos’ মানে নিয়ম)।
প্ৰশ্ন ৩: অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন?
উত্তৰ: এডাম স্মিথ (Adam Smith)।
প্ৰশ্ন ৪: অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰ: এডাম স্মিথে।
প্ৰশ্ন ৫: অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰ: আলফ্ৰেড মাৰ্ছেলে (Alfred Marshall)।
প্ৰশ্ন ৬: অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰ: লায়’নেল ৰবিন্সে (Lionel Robbins)।
প্ৰশ্ন ৭: এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?
উত্তৰ: ১৭৭৬ চনত প্ৰকাশিত ‘An Enquiry into the Nature and Causes of the Wealth of Nations’ নামৰ বিখ্যাত গ্ৰন্থত।
প্ৰশ্ন ৮: আলফ্ৰেড মাৰ্ছেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?
উত্তৰ: ১৮৯০ চনত প্ৰকাশিত ‘Principles of Economics’ নামৰ গ্ৰন্থত।
প্ৰশ্ন ৯: লায়’নেল ৰবিন্সে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?
উত্তৰ: ১৯৩২ চনত প্ৰকাশিত ‘An Essay on the Nature and Significance of Economic Science’ নামৰ গ্ৰন্থত।
প্ৰশ্ন ১০: এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল?
উত্তৰ: সমাজবিজ্ঞানী কাৰ্লাইল (Carlyle) আৰু ৰাস্কিনে (Ruskin)।
প্ৰশ্ন ১১: দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছে?
উত্তৰ: পল ছেমুৱেলছন (Paul Samuelson) আৰু উইলিয়াম নৰ্দহাছে (William Nordhaus)।
প্ৰশ্ন ১২: কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয়?
উত্তৰ: উপযোগিতা (Utility)।
প্ৰশ্ন ১৩: উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয়?
উত্তৰ: মূলধন (Capital) বা মূলধন জাতীয় বস্তু।
প্ৰশ্ন ১৪: ‘Micro’ আৰু ‘Macro’ শব্দ দুটা কোন দুটা শব্দৰ পৰা লোৱা হৈছে?
উত্তৰ: গ্ৰীক শব্দ ‘Mikros’ (অৰ্থাৎ সৰু বা সূক্ষ্ম) আৰু ‘Makros’ (অৰ্থাৎ ডাঙৰ বা স্থূল) শব্দ দুটাৰ পৰা লোৱা হৈছে।
২. চমু উত্তৰৰ প্ৰশ্ন
প্ৰশ্ন ১: এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰ: অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ এডাম স্মিথৰ মতে— “অৰ্থবিজ্ঞান হৈছে সম্পদৰ বিজ্ঞান” (Economics is the Science of Wealth)। তেওঁৰ মতে অৰ্থনীতিয়ে ৰাষ্ট্ৰৰ সম্পদৰ প্ৰকৃতি, উৎপাদন আৰু বৃদ্ধিৰ কাৰণসমূহ অধ্যয়ন কৰে।
প্ৰশ্ন ২: মাৰ্ছেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰ: আলফ্ৰেড মাৰ্ছেলৰ মতে— “মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নেই হৈছে অৰ্থনীতি। ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে, যিটো অংশ পাৰ্থিৱ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাবে জড়িত।”
প্ৰশ্ন ৩: ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰ: লায়’নেল ৰবিন্সৰ মতে— “যি বিজ্ঞানে মানুহৰ আচৰণক অপৰিসীম অভাৱ (লক্ষ্য) আৰু বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ (উপায়) মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে, সিয়েই অৰ্থনীতি।”
প্ৰশ্ন ৪: ছেমুৱেলছন আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰ: ছেমুৱেলছন আৰু নৰ্দহাছৰ মতে— “দুষ্প্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হ’ল অৰ্থনীতিৰ মূল বিষয়।”
প্ৰশ্ন ৫: ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা কি কি?
উত্তৰ: ৰবিন্সৰ সংজ্ঞাটোত তিনিটা মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছে:
মানুহৰ অভাৱ অপৰিসীম বা অসীম (Human wants are unlimited): এটা অভাৱ পূৰণ হ’লেই আন এটা নতুন অভাৱৰ সৃষ্টি হয়।
অভাৱ পূৰণৰ উপায় বা সম্পদসমূহ সীমিত (Resources are limited/scarce): অসীম অভাৱৰ তুলনাত উৎপাদনৰ সম্পদ বা আহিলা সদায় সীমিত।
সীমিত সম্পদৰ বিকল্প ব্যৱহাৰযোগ্যতা (Scarce resources have alternative uses): সীমিত সম্পদবোৰ বিভিন্ন বিকল্প কামত ব্যৱহাৰ কৰিব পাৰি, যাৰ পৰা ‘পছন্দৰ সমস্যা’ৰ (Problem of choice) সৃষ্টি হয়।
প্ৰশ্ন ৭: ব্যষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে?
উত্তৰ: অৰ্থবিজ্ঞানৰ যি শাখাত কোনো এখন দেশৰ অৰ্থনীতিৰ ক্ষুদ্ৰ বা গাইগুটীয়া অৰ্থনৈতিক গোটসমূহৰ (যেনে— এজন নিৰ্দিষ্ট ভোক্তাৰ আচৰণ, এজন উৎপাদক, এটা নিৰ্দিষ্ট প্ৰতিষ্ঠান, কোনো এটা বস্তুৰ দৰ নিৰ্ধাৰণ ইত্যাদি) কাৰ্যাৱলী সুকীয়াকৈ অধ্যয়ন কৰা হয়, তাকে ব্যষ্টিবাদী বা সূক্ষ্ম অৰ্থবিজ্ঞান (Microeconomics) বোলে।
প্ৰশ্ন ৮: সমষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে?
উত্তৰ: অৰ্থবিজ্ঞানৰ যি শাখাত কোনো এখন দেশৰ সমগ্ৰ অৰ্থনীতিৰ সামগ্ৰিক আৰু বৃহৎ পৰিসৰৰ কাৰ্যাৱলীসমূহ (যেনে— জাতীয় আয়, মুঠ নিয়োগ, সাধাৰণ মূল্যস্তৰ আৰু মুদ্ৰাস্ফীতি, জাতীয় সঞ্চয় আৰু বিনিয়োগ ইত্যাদি) সামূহিকভাৱে অধ্যয়ন কৰা হয়, তাকে সমষ্টিবাদী বা স্থূল অৰ্থবিজ্ঞান (Macroeconomics) বোলে।
প্ৰশ্ন ৯: আৰ্থিক বস্তু আৰু অনাআৰ্থিক (মুক্ত) বস্তুৰ পাৰ্থক্য লিখা।
উত্তৰ:
বৈশিষ্ট্য | মুক্ত বা অনাআৰ্থিক বস্তু (Free Goods) | আৰ্থিক বস্তু (Economic Goods)
|
|---|---|---|
উৎস ও যোগান | প্ৰকৃতিৰ মুক্ত দান; চাহিদাৰ তুলনাত যোগান অপৰিসীম বা প্ৰচুৰ। | মানৱ শ্ৰমৰ দ্বাৰা উৎপাদিত; চাহিদাৰ তুলনাত যোগান সীমিত বা দুষ্প্ৰাপ্য। |
মূল্য বা দৰ | কোনো বিনিময় মূল্য বা দৰ নাথাকে (বিনামূলীয়া)। | ইয়াৰ এক নিৰ্দিষ্ট বিনিময় মূল্য বা দৰ (দাম) থাকে। |
উদাহৰণ | সূৰ্যৰ পোহৰ, বতাহ, নদীৰ পানী ইত্যাদি। | খাদ্য, সাজ-পোছাক, কিতাপ, বিজুলী, গাড়ী ইত্যাদি। |
প্ৰশ্ন ১০: ৰাষ্ট্ৰীয় আয় কাক বোলে?
উত্তৰ: কোনো এখন দেশত এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত (সাধাৰণতে এবছৰত) উৎপাদিত হোৱা সকলো চূড়ান্ত দ্ৰব্য আৰু সেৱা-সামগ্ৰীৰ মুঠ মুদ্ৰা মূল্যকে (বজাৰ মূল্যক) দেশখনৰ ৰাষ্ট্ৰীয় আয় (National Income) বোলে।
প্ৰশ্ন ১১: জনমুৰি আয়ৰ সূত্ৰটো লিখা।
উত্তৰ: এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে জনমূৰি আয় পোৱা যায়।
জনমূৰি আয় = দেশৰ মুঠ ৰাষ্ট্ৰীয় আয় / দেশৰ মুঠ জনসংখ্যা
৩. দীঘল উত্তৰৰ প্ৰশ্ন
প্ৰশ্ন ১: অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উদাহৰণ সহ ব্যাখ্যা কৰা।
উত্তৰ: দৈনন্দিন জীৱনত আৰু সমাজ পৰিচালনাত অৰ্থবিজ্ঞান অধ্যয়ন অতি প্ৰয়োজনীয়। ইয়াৰ মূল কাৰণসমূহ হ’ল:
সচেতন নাগৰিক হিচাপে: এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে চৰকাৰে কিদৰে ৰাজহ (কৰ) সংগ্ৰহ কৰে, সেই ধন জনকল্যাণমূলক কামত কেনেকৈ খৰচ কৰে আৰু বাজেটৰ নীতিসমূহ কি সেয়া বুজিবলৈ অৰ্থবিজ্ঞানৰ জ্ঞান অপৰিহাৰ্য।
সচেতন উপভোক্তা হিচাপে: এজন ব্যক্তিয়ে নিজৰ সীমিত উপাৰ্জনেৰে বজাৰৰ পৰা সৰ্বোচ্চ সন্তুষ্টি আৰু উপযোগিতা কেনেকৈ লাভ কৰিব পাৰে আৰু বজাৰত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ কাৰণ কি সেয়া অৰ্থবিজ্ঞানে শিকায়।
সামাজিক আৰু অৰ্থনৈতিক সমস্যা সমাধানত: সমাজৰ জ্বলন্ত সমস্যাসমূহ— যেনে দৰিদ্ৰতা, নিবনুৱা সমস্যা, মুদ্ৰাস্ফীতি, আৰু আয়ৰ বৈষম্যৰ কাৰণসমূহ ফঁহিয়াই চাই তাৰ সঠিক সমাধানৰ পথ বিচাৰিবলৈ সমাজ সংস্কাৰক আৰু চৰকাৰক অৰ্থনীতিয়ে সহায় কৰে।
গোলকীকৰণ আৰু পৰিৱেশীয় সচেতনতা: বিশ্বায়ন, আন্তৰ্জাতিক বাণিজ্য, মুক্ত বজাৰৰ লাভালাভ আৰু প্ৰাকৃতিক সম্পদৰ অপচয় ৰোধ কৰি বহনক্ষম অৰ্থনৈতিক বিকাশ সাধন কৰাত অৰ্থনীতিৰ অধ্যয়নে গুৰুত্বপূৰ্ণ ভূমিকা লয়।
প্ৰশ্ন ২: অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্ৰহণযোগ্য আৰু কিয়? ব্যাখ্যা কৰা।
উত্তৰ: অৰ্থবিজ্ঞানৰ বিভিন্ন সংজ্ঞাসমূহৰ ভিতৰত ১৯৩২ চনত অৰ্থনীতিবিদ লায়’নেল ৰবিন্সে আগবঢ়োৱা দুষ্প্ৰাপ্যতা ভিত্তিক সংজ্ঞাটো (Scarcity Definition) আটাইতকৈ বেছি গ্ৰহণযোগ্য আৰু বিজ্ঞানসন্মত বুলি বিবেচিত হৈছে।
গ্ৰহণযোগ্য হোৱাৰ কাৰণসমূহ:
সাৰ্বজনীন আৰু বাস্তৱধৰ্মী: ৰবিন্সৰ সংজ্ঞাই মানৱ সমাজৰ চিৰন্তন বাস্তৱ সমস্যা— “অসীম অভাৱ” আৰু “সীমিত সম্পদৰ বিকল্প ব্যৱহাৰ”ক সঠিকভাৱে দাঙি ধৰিছে। এই সমস্যা বিশ্বৰ সকলো ধনী-দুখীয়া দেশ আৰু ব্যক্তিৰ ক্ষেত্ৰতে সমানে প্ৰযোজ্য।
পছন্দৰ সমস্যাৰ স্পষ্ট ব্যাখ্যা: সীমিত সম্পদৰাজিৰে কোনটো অভাৱক প্ৰথমে অগ্ৰাধিকাৰ দিয়া হ’ব, তাৰ বাবে সৃষ্টি হোৱা ‘পছন্দৰ সমস্যা’ (Problem of Choice) আৰু বাছনিকৰণ প্ৰক্ৰিয়াক ই সুন্দৰভাৱে বিশ্লেষণ কৰে।
ব্যাপক পৰিসৰ: মাৰ্ছেলৰ সংজ্ঞাত কেৱল পাৰ্থিৱ বা বস্তুগত কল্যাণকহে সামৰি লোৱা হৈছিল (যেনে— শিক্ষক, চিকিৎসকৰ সেৱা বাদ পৰিছিল)। কিন্তু ৰবিন্সৰ সংজ্ঞাই বস্তুগত আৰু অভৌতিক সকলো অৰ্থনৈতিক কাৰ্যকলাপকে সামৰি লৈ অৰ্থবিজ্ঞানক এক পূৰ্ণাংগ মানৱ আচৰণৰ বিজ্ঞান হিচাপে প্ৰতিষ্ঠা কৰিলে।
প্ৰশ্ন ৩: অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা।
উত্তৰ: অৰ্থবিজ্ঞানৰ পৰিসৰ অত্যন্ত ব্যাপক আৰু সমাজৰ সকলো আৰ্থিক কাৰ্যকলাপ ইয়াৰ অন্তৰ্ভুক্ত। অৰ্থবিজ্ঞানৰ পৰিসৰে প্ৰধানকৈ তলৰ বিষয়সমূহ সামৰি লয়:
ভোগকাৰ্য (Consumption): মানুহৰ অভাৱ পূৰণৰ বাবে সামগ্ৰী আৰু সেৱাৰ ব্যৱহাৰ, উপযোগিতা আৰু ভোক্তাৰ আচৰণ সম্বন্ধীয় বিধিসমূহ।
উৎপাদন (Production): মানুহৰ অভাৱ পূৰণৰ উপযোগী সামগ্ৰী সৃষ্টি কৰা। ইয়াৰ চাৰিটা উপাদান— ভূমি, শ্ৰম, মূলধন আৰু সংগঠনৰ ভূমিকা আৰু কাৰ্যক্ষমতা।
বিতৰণ (Distribution): উৎপাদিত মুঠ জাতীয় আয় সমাজৰ উপাদানসমূহৰ মাজত খাজনা, মজুৰি, সুদ আৰু লাভ হিচাপে ভাগ কৰাৰ নীতিসমূহ।
বিনিময় (Exchange): ব্যক্তি, অঞ্চল আৰু ৰাষ্ট্ৰসমূহৰ মাজত দ্ৰব্য আৰু সেৱাৰ ক্ৰয়-বিক্ৰয়, আভ্যন্তৰীণ আৰু আন্তৰ্জাতিক বাণিজ্য।
মুদ্ৰা আৰু বেংকিং (Money and Banking): বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰাৰ কাৰ্যাৱলী, বেংক ব্যৱস্থা আৰু ঋণ পৰিচালনা।
ৰাজহুৱা বিত্তবিজ্ঞান (Public Finance): চৰকাৰৰ ৰাজহ সংগ্ৰহ, চৰকাৰী ব্যয়, ঋণ আৰু বাজেট পৰিচালনাৰ নীতি।
কল্যাণকামী আৰু পৰিৱেশীয় অৰ্থনীতি: মানৱ জাতিৰ সামগ্ৰিক কল্যাণ সাধন, প্ৰাকৃতিক সম্পদৰ বহনক্ষম ব্যৱহাৰ আৰু গোলকীয় পৰিৱেশ সংৰক্ষণৰ অৰ্থনীতি।