অৰ্থনীতিৰ মৌলিক বিষয়সমূহ

অতি চমু উত্তৰৰ প্ৰশ্ন-

(১) অৰ্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে?

উত্তৰঃ অৰ্থনীতি শব্দটো গ্ৰীক ভাষাৰ শব্দৰ পৰা অনা হৈছে।

(২) অৰ্থনীতি শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে?

উত্তৰঃ অৰ্থনীতি শব্দটো গ্ৰীক শব্দ ‘ Oikonomia ‘ ৰ পৰা লোৱা হৈছে।

(৩) অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন?

উত্তৰঃ অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ হ’ল一 এডাম স্মিথ।

(৪) অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল?

উত্তৰঃ অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো এডাম স্মিথে আগবঢ়াইছিল।

(৫) অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল?

উত্তৰঃ অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো আলফ্ৰেড মাৰ্ছেলে আগবঢ়াইছিল।

(৬) অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল?

উত্তৰঃ অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো লায়’নেল ৰবিন্সে আগবঢ়াইছিল।

(৭) এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?

উত্তৰঃ এডাম স্মিথে ১৭৭৬ চনত প্ৰকাশিত গ্ৰন্থ An Enquiry into the Nature and Causes of the Wealth of Nations অত অৰ্থবিজ্ঞানৰ সংজ্ঞাটো আগবঢ়াইছিল।

(৮) আলফ্ৰেড মাৰ্ছেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?

উত্তৰঃ আলফ্ৰেড মাৰ্ছেলে ১৮৯০ চনত Principles of Economics গ্ৰন্থত অৰ্থবিজ্ঞানৰ সংজ্ঞাটো আগবঢ়াইছিল।

(৯) লায়‘নেল ৰবিন্সে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?

উত্তৰঃ অৰ্থনীতিত লায়’নেল ৰবিন্সে ১৯৩২ চনত তেখেতৰ “An Essay on the nature and singificance of Economic science ” গ্ৰন্থত তেখেতৰ অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল।

(১০) এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল ?

উত্তৰঃ সমাজ বিজ্ঞানী কাৰ্লাইল আৰু ৰাস্কিনে এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কৈছিল।

(১১) দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছি?

উত্তৰঃ দক্ষতাৰ ওপৰত গুৰুত্ব দি ছেমুৱেল আৰু নৰ্দহাছে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল।

(১২) কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয়?

উত্তৰঃ কোনো বস্তুৱে মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বুলি কোৱা হয়।

(১৩) উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয়?

উত্তৰঃ উৎপাদনৰ উৎপাদিত আহিলাক মূলধন বুলি কোৱা হয়।

(১৪)‘Micro’ আৰু ‘Macro’ শব্দ দুটা কোন দুটা শব্দৰ পৰা লোৱা হৈছে?

উত্তৰঃ ‘Micro’ আৰু ‘Macro’ শব্দ দুটা গ্ৰীক শব্দ Mikros আৰু Makros ৰ পৰা লোৱা হৈছে।

চমু উত্তৰৰ প্ৰশ্ন-

(১) এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।

উত্তৰঃ এডাম স্মিথৰ মতে, অৰ্থনীতি হ’ল সম্পদ অধ্যয়ন কৰা বিজ্ঞান, সেয়ে তেওঁ একে ‘Economics is the Science of Wealth’ বুলি ব্যাখ্যা কৰিছিল।

(২) মাৰ্ছেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।

উত্তৰঃ মাৰ্ছেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল – মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নেই হৈছে অৰ্থনীতি। ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ সেই অংশটো অধ্যয়ণ কৰে , যিটো অংশ পাৰ্থিৱ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰত সৈতে ঘনিষ্ঠভাৱে জড়িত।

(৩) ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।

উত্তৰঃ লায়’নেল ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল – যি বিজ্ঞানে মানুহৰ আচৰণৰ মানুহৰ অপৰিসীম আশা (লক্ষ্য) আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ (উপায়) মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি।

(৪) ছেমুৱেলছন আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।

উত্তৰঃ ছেমুৱেলছন আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল – দুপ্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদ ৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হ’ল অৰ্থনীতিৰ মূল বিষয়।

(৫) ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা কি কি?

উত্তৰঃ ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা তিনিটা হৈছে –

(ক) মানুহৰ অভাৱ অসীম।

(খ) অভাৱ পুৰণৰ উপায় বা আহিলাসমূহ সীমিত।

(গ) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য।

(৬) ব্যষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে?

উত্তৰঃ অৰ্থবিজ্ঞানৰ যিটো পদ্ধতিত ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ গাইগোটিয়াকৈ আলোচনা কৰা হয় সেই পদ্ধতিকে ব্যষ্টিবাদী অৰ্থবিজ্ঞান বোলে।

(৭) সমষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে?

উত্তৰঃ অৰ্থবিজ্ঞানৰ যিটো পদ্ধতিত এখন দেশৰ অৰ্থনৈতিক সামগ্ৰীক আচৰণ অৰ্থাৎ সকলোবোৰ ভোক্তা , উপভোক্তা আদিৰ ক্ষেত্ৰত বিস্তৃতভাৱে আলোচনা কৰে সেই পদ্ধতিকে সমষ্টিবাদী অৰ্থবিজ্ঞান বোলে।

(৮) আৰ্থিক বস্তু আৰু অনাআৰ্থিক বস্তুৰ পাৰ্থক্য লিখা।

উত্তৰঃ আৰ্থিক বস্তু সীমিত, ইয়াৰ দাম থাকে।

যেনে- খাদ্য, বস্ত্ৰ।

অনাআর্থিক বস্তু সীমাহীন, ইয়াৰ দাম নাই।

যেনে- সূৰ্যৰ তাপ, বতাহ, বৰষুণ।

(৯) ৰাষ্ট্ৰীয় আয় কাক বোলে?

উত্তৰঃ এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মূদ্ৰা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয় বোলে ।

(১০) জনমূৰি আয়ৰ সূত্ৰটো লিখা।

উত্তৰঃ এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাকে দেশখনৰ জনমুৰি আয় বুলি কোৱা হয়।

জনমূৰী আয় = ৰাষ্ট্ৰীয় আয় / দেশৰ মুঠ জনসংখ্যা।

দীঘল উত্তৰৰ প্ৰশ্ন-

(১) অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উদাহৰণ সহ ব্যাখ্যা কৰা।

উত্তৰঃ কেইবাটাও কাৰণত অর্থনীতি অধ্যয়নৰ প্ৰয়োজনীয়তা আছে। সুস্থ গণতন্ত্ৰত নাগৰিকৰ সচেতনতা অপৰিহাৰ্য। কৰদাতা নাগৰিক এগৰাকীয়ে নিশ্চয় জানিব খুজিব চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে, সংগৃহীত ৰাজহ কিদৰে ব্যয় কৰে, ব্যয় কৰোঁতে কি নীতি মানি চলে, সংগৃহীত ৰাজহৰ উচিত ব্যৱহাৰ হৈছে নে নাই ইত্যাদি। সমাজ সংগঠক বা সংস্কাৰক এগৰাকীয়ে ব্যাপক আৰু গভীৰ দৰিদ্ৰতাৰ কাৰণসমূহ ফঁহিয়াই চাব বিচাৰিব। তেনে কৰোঁতে তেখেতে বুজি পাব যে সমস্যাটোৰ বহুতো কাৰণ অৰ্থনৈতিক। সচেতন গ্রাহক হিচাপে আমি জানিব খুজিম যে বজাৰত অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ কাৰণসমূহ কি? বিশ্বায়ন বা গোলকীকৰণ কি? ইয়াৰ সুফল আৰু কুফলবোৰ কি কি? অর্থনৈতিক বিকাশ কি? পৰিৱেশীয় অর্থনীতি কি? এনেবোৰ বহুতো গুৰুত্বপূৰ্ণ বিষয় অর্থনীতিত অধ্যয়ন কৰা হয়।

(২)অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্ৰহণযোগ্য আৰু কিয়? ব্যাখ্যা কৰা।

উত্তৰঃ  লায়’নেল ৰবিন্সে ১৯৩২ চনত তেখেতৰ প্ৰকাশিত গ্ৰন্থ “An Essay on the nature and singificance of Economic science” ত অৰ্থবিজ্ঞানৰ সংজ্ঞাটো আগবঢ়াইছিল। তেওঁৰ সংজ্ঞাটো হ’ল “যি বিজ্ঞানে মানুহৰ আচৰণৰ মানুহৰ অপৰিসীম আশা (লক্ষ্য) আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ (উপায়) মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি।“ এই সংজ্ঞাটোত তিনিটা মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছে –

(ক) মানুহৰ অভাৱ অসীম।

(খ) অভাৱ পুৰণৰ উপায় বা আহিলাসমূহ সীমিত।

(গ) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য।

এই তিনিটা মৌলিক ধাৰণাৰ পৰা অৰ্থনৈতিক সমস্যা তথা পছন্দৰ সমস্যাৰ সৃষ্টি হয়। বিকল্পভাবে ব্যৱহাৰোপযোগী সীমিত সম্পদৰ সহায়ত অসীম অভাৱৰ কোনটো অভাৱ পুৰণত অধিক গুৰুত্ব দিব সেয়ে লৈ যিসমূহ সমস্যাৰ সৃষ্টি হয় তাকে অর্থনৈতিক সমস্যা বা পছন্দৰ (বাছনি) সমস্যা বোলা হয়। ৰবিন্সৰ সংজ্ঞাক দুষ্প্রাপ্ৰতা (নাটনি)ৰ সংজ্ঞা বুলিও কোৱা হয়।

(৩) অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা ।

উত্তৰঃ অৰ্থবিজ্ঞানৰ পৰিসৰ সমূহ হ’ল-

(১) ভোগকার্য: আমাৰ অভাৱ দূৰ কৰাৰ কার্যকলাপেই হৈছে ভোগ। ভোগকাৰ্যৰ লগত জড়িত বিধিসমূহ, ভোক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়ন অর্থনীতিৰ পৰিসৰৰ অন্তৰ্ভুক্ত।
(২) উৎপাদন: উপযোগী সামগ্রী অথবা সেৱাৰ সৃষ্টিয়েই হৈছে উৎপাদন। উৎপাদনৰ চাৰিটা উপাদান— ভূমি, শ্রম, মূলধন আৰু সংগঠনৰ উপৰি উৎপাদনৰ বিধি, উৎপাদকৰ ভাৰসাম্য, আর্থিক ব্যৱস্থা ইত্যাদি সম্পর্কে অর্থবিজ্ঞানত আলোচনা কৰা হয়।

(৩) বিতৰণ: সামগ্রীৰ উৎপাদন কার্য সম্পাদন কৰাৰ পাছত ইয়াক উপভোক্তাৰ মাজত বিতৰণ কৰিলেহে ভোগকার্য সম্ভৱ হৈ উঠিব। বিতৰণ প্রক্রিয় যাতে সঠিক হয় তাৰ বাবে যিবোৰ নীতি বা তত্ত্ব অনুসৰণ কৰাৰ প্রয়োজন সেই সকলোবোৰ তত্ত্ব ‘বিতৰণ’ বিষয়ৰ মাজত আলোচনা কৰা হয়।

(৪) বিনিময়: কোনো ব্যক্তি বা অঞ্চল বা দেশে লাগতিয়াল প্রতিবিধ সামগ্রী নিজে উৎপাদন কৰি ল’ব নোৱাৰে। এনে ক্ষেত্ৰত ব্যক্তি, অঞ্চল আৰু দেশৰ মাজত বিনিময়ৰ আৱশ্যক হয়। সেয়েহে, আভ্যন্তৰীণ বাণিজ্য আৰু আন্তর্জাতিক বাণিজ্য ৰ জৰিয়তে দেশীয় আৰু আন্তর্জাতিক বিনিময় হয়। অর্থনীতিত এই দুয়ো প্ৰকাৰৰ বিনিময়ৰ বিষয়ে আলোচনা কৰা হয়।

(৫) মুদ্রা: দ্ৰব্যৰ প্ৰত্যক্ষ বিনিময় প্ৰথাৰ অসুবিধাসমূহ আঁতৰাই বিনিময় ব্যৱস্থাক সৰলতা প্ৰদান কৰাৰ বাবেই মুদ্রাৰ সৃষ্টি হৈছিল। মুদ্ৰাৰ ভূমিকা, মুদ্ৰাৰ কাৰ্যাৱলী আৰু প্ৰকাৰ ইত্যাদিৰ বিষয়ে কৰা আলোচনা অৰ্থনীতিৰ পৰিসৰৰ এক উল্লেখযোগ্য অংশ।

(৬) আয় : জনমূৰি আয়, ৰাষ্ট্ৰীয় বা জাতীয় আয়, ইয়াৰ বৃদ্ধি তথা বিতৰণ, অর্থনৈতিক কল্যাণৰ লগত ইয়াৰ সম্পর্ক আলোচনা কৰাটো অর্থনীতিৰ পৰিসৰৰ অন্তর্গত।
(৭) ৰাজস্ব বা ৰাজহুৱা বিত্ত বিজ্ঞান : চৰকাৰী আয়, চৰকাৰী ব্যয় আৰু চৰকাৰী ঋণৰ আলোচনাই হৈছে ৰাজহুৱা বিত্তবিজ্ঞান।

(৮) কল্যাণকামী অর্থনীতি : কেৱল ভোগকার্য, উৎপাদন তথা বিতৰণেই অর্থনীতিৰ মূল বিষয়বস্তু হ’ব নোৱাৰে। এনেবোৰ কাৰ্যৰ লগত ব্যক্তি তথা সমাজৰ কল্যাণৰ দিশটো মন কৰিব লাগিব। অর্থনীতিবিদ এ চি পিগু (A.C. Pigou), ভিলফ্রেড’ পেৰেট’ (Vilfredo Pereto), হিক্স (Hicks), অমর্ত্য সেন (Amartya Sen) আদিয়ে কল্যাণকামী অর্থনীতিক জনপ্ৰিয় কৰি তুলিছে।

(৯) পৰিৱেশীয় অর্থনীতি : এহাতে অর্থনৈতিক উন্নতি ক্ষিপ্ৰতৰ কৰাৰ অৰ্থে ঔদ্যোগিকৰণৰ ওপৰত অধিক মনোনিৱেশ আৰু আনহাতে পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য বিনষ্টই পৃথিৱীৰ সমাজবিজ্ঞানীসকলক অধিক চিন্তান্বিত কৰি তুলিছে। এনে ক্ষেত্ৰত পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য কিদৰে ৰক্ষা কৰিব পাৰি সেই উদ্দেশ্যে পাৰিপাৰ্শ্বিকতাৰ অধ্যয়ন অর্থনীতি বিষয়ত অন্তর্ভুক্ত কৰা হৈছে। এই সংযোজনে অর্থনীতি বিষয়ত এক নতুন মাত্ৰা প্ৰদান কৰিছে।

(১০) দক্ষতা: সীমিত সম্পদৰাজিক দক্ষতাপূর্ণ ব্যৱহাৰৰ যোগেদি সমাজ গঠন কৰাটো অর্থনীতিৰ মূল বিষয়। এই সীমিত সম্পদৰাজি দক্ষতাপূর্ণ ব্যৱহাৰৰ যোগেদি উৎপাদন প্ৰক্ৰিয়াৰ ধাৰা ত্বৰান্বিত কৰিব পাৰিলেহে মানৱ সমাজৰ কল্যাণ হ’ব।

Scroll to Top