ভাৰতবৰ্ষৰ ভূগোল
১। ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থানৰ বিষয়ে লিখা।
উত্তৰঃ এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ। এই মহাদেশৰ দক্ষিণাংশত ভাৰতবৰ্ষ অৱস্থিত। ইয়াৰ উত্তৰে সু-উচ্চ হিমালয় পর্বতমালা আৰু চীন দেশ, দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্রীলংকা, পূবে বঙ্গোপসাগৰ আৰু ম্যানমাৰ আৰু পশ্চিমে আৰৱ সাগৰ আৰু পাকিস্তান। ভাবতৰ ভূ-খণ্ড উত্তৰা-দক্ষিণাকৈ কাশ্মীৰৰ পৰা কুমাৰিকালৈকে আৰু পূবা-পশ্চিমাকৈ অৰুণাচল প্ৰদেশৰ পূৱ প্ৰান্তৰ পৰা সৌৰাষ্ট্ৰলৈকে বিস্তৃত। এই দেশ ৮০৪২৮″ উত্তৰৰ পৰা ৩৭০১৭′৫৩′′ উত্তৰ অক্ষরেখা আৰু ৬৮০৭′৩৩′′পূবৰ পৰা ৯৭০২৪′৪৭′′ পূব দ্রাঘিমাৰেখাৰ মাজত অৱস্থিত। মন কৰিবলগীয়া যে, ২৩০৩০′ উত্তৰ অক্ষৰেখা বা কৰ্কটক্রান্তি ৰেখা ভাৰতৰ সোঁমাজেদি গৈছে। এই ৰেখাই দেশখনক উত্তৰ আৰু দক্ষিণ দুটা সমান ভাগত বিভক্ত কৰিছে।
২। ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈর্ঘ্য কিমান?
উত্তৰঃ ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈর্ঘ্য ৬,১০০ কিলোমিটাৰ।
৩। ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান?
উত্তৰঃ ভাৰতৰ মুঠ স্থলসীমাৰ দেৰ্ঘ্য ১৫,২০০ কিলোমিটাৰ।
৪। ভাৰতৰ ভূখণ্ড সম্পর্কে এটি চমুটোকা লিখা।
উত্তৰঃ উত্তৰা-দক্ষিণাকৈ ভাৰতবৰ্ষৰ ভূ-খণ্ড প্রায় ৩,২১৪ কিলোমিটাৰ আৰু পূবা-পশ্চিমাকৈ প্রায় ২,৯৩৩ কিলোমিটাৰ বিস্তৃত। পূবে বঙ্গোপসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰৰ সৈতে ভাৰতীয় ভূ-ভাগে প্রায় ৬,১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে। এই উপকূল অঞ্চলতে ভালেমান বন্দৰ গঢ়ি উঠিছে। সুদীর্ঘ উপকূল ৰেখাৰ নিচিনাকৈ ভাৰতৰ ভূ-খণ্ডই ইয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতে স্থল-ভাগেৰেও সীমাৰেখাৰ সৃষ্টি কৰিছে। পশ্চিমে পাকিস্তান, উত্তৰে চীন, নেপাল আৰু ভূটান, পূবে চীন, দক্ষিণ-পূবত ম্যানমাৰ আৰু বাংলাদেশৰ লগত ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হৈছে ১৫,২০০ কিলোমিটাৰ।
৫। উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ চাৰিটা মূল পার্থক্য লিখা।
উত্তৰঃ উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ চাৰিটা মূল পাৰ্থক্য হ’ল-
(ক) উত্তৰ ভাৰতৰ নদীবোৰ বৰফেৰে আবৃত ওখ পৰ্বতৰ পৰা ওলাই অহাৰ বাবে এই নদীবোৰত গোটেই বছৰজুৰি পানীৰ সোঁত থাকে । কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰ তুলনামূলকভাৱে চাপৰ পৰ্বত অথবা মালভূমিৰ পৰা বৈ অহাৰ কাৰণে এইবিলাক নদী খৰালি কালত প্ৰায়েই শুকাই যায়।
(খ) উত্তৰ ভাৰতৰ নদীবিলাকৰ উচ্চগতি, মধ্যগতি আৰু নিম্নগতি – এই তিনিটা গতি স্পষ্টকৈ দেখা যায়, কিন্তু দক্ষিণ ভাৰতৰ নদী বিলাকত এই তিনিটা গতি স্পষ্ট দেখা নাযায়।
(গ) উত্তৰ ভাৰতৰ নদী-অৱবাহিকাসমূহ পলসুৱা আৰু সাৰুৱা হোৱাৰ বাবে ঘন বসতিপূৰ্ণ, কিন্তু দক্ষিণ ভাৰতৰ নদী অৱবাহিকাসমূহ সিমান সাৰুৱা নহয়। সেয়ে তাত জনবসতি সেৰেঙা হোৱা দেখা যায়।
(ঘ) উত্তৰ ভাৰতৰ নদীবোৰৰ উপত্যকা বহল আৰু বহু দূৰ সমতলৰ মাজেদি বৈ যোৱাৰ কাৰণে ইহঁতৰ গতি ধীৰ আৰু সেয়ে নাব্য । কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ উপত্যকা কিছু ঠেক আৰু সাধাৰণতে খৰস্ৰোতা । সেয়েহে এই নদীবোৰ নাব্য নহয়।
৬। ভাৰতৰ ভূ-প্রাকৃতিক ভাগকেইটা কি কি?
উত্তৰঃ ভাৰতৰ ভূ – প্ৰাকৃতিক ভাগকেইটা হ’ল –
(ক) উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল
(খ) উত্তৰ ভাৰতৰ সামভূমি অঞ্চল
(গ) দাক্ষিণাত্য মালভূমি অঞ্চল আৰু
(ঘ) উপকূল অঞ্চল।
৭। উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হল – হিমালয় পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত । হিমালয় আৰু ইয়াৰ ঠাল – ঠেঙুলিবোৰ সামৰি একেলগে হিমালয় পৰ্বতমালা বুলি কোৱা হয় । এই পৰ্বতমালা ভাৰতৰ লগতে নেপাল , ভূটান আৰু চীন দেশলৈকে বিস্তৃত হৈ আছে ।ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলটো ভাৰতৰ উত্তৰ সীমাৰ লগত সংলগ্ন হৈ আছে । ই কাশ্মীৰৰ নঙ্গ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব সীমা পৰ্যন্ত পূৱা – পশ্চিমাকৈ বিস্তৃত হৈ আছে । এই অঞ্চল প্ৰায় ২,৫০০ কিলোমিটাৰ দীঘল আৰু প্ৰায় ২৪০ কিলোমিটাৰ পৰা ৫০০ কিলোমিটাৰ পৰ্যন্ত বহল। এই পাৰ্বত্য অঞ্চলটোৰ মাটিকালি প্ৰায় ৫,০০,০০০ বৰ্গ কিলোমিটাৰ আৰু এই অঞ্চলৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা ৮,০০০ মিটাৰৰো অধিক।
৮) উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ উত্তৰৰ হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলেই হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। এই সমভূমি অঞ্চলটো পূবে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমালৈকে প্রায় ২,৪০০ কিলোমিটাৰ বিস্তৃত। ইয়াক প্ৰধানকৈ সিন্ধু-গঙ্গা-ব্রহ্মপুত্র সমভূমি বুলি জনা যায়। এই সমভূমিৰ প্ৰস্থ ঠাই ভেদে বেলেগ বেলেগ হোৱা দেখা যায়। সিন্ধু-গঙ্গা সমভূমি অঞ্চলৰ প্ৰস্থ ২৪০ কিলোমিটাৰৰ পৰা ৩২০ কিলোমিটাৰ পৰ্যন্ত যদিও ব্ৰহ্মপুত্ৰ সমভূমিৰ প্ৰস্থ গড়ে মাত্র ৮০ কিলোমিটাৰ। উত্তৰ ভাৰতৰ এই সমভূমি অঞ্চলটোৱে মুঠতে প্রায় ৭,০০,০০০ বর্গ কিলোমিটাৰ আগুৰি আছে।
৯) দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা।
১০। উপকূল অঞ্চলৰ বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ উপকূল অঞ্চলৰ বৈশিষ্ট সমূহ তলত উল্লেখ কৰা হল-
(ক) দাক্ষিণাত্য মালভূমি অঞ্চলৰ পূব আৰু পশ্চিম সীমাত বঙ্গোপসাগৰ আৰু আৰৱ সাগৰৰ পাৰে পাৰে ভাৰতৰ উপকূল অঞ্চল অৱস্থিত।
(খ) ভাৰতৰ উপকূল অঞ্চলটো গংগা নদীৰ মোহনাৰ পৰা কুমাৰিকালৈকে বিস্তৃত ।
(গ) উপকূল অঞ্চলটো প্ৰায় ১,১০০ কিলোমিটাৰ দীঘল আৰু গড়ে ১২০ কিলোমিটাৰ বহল আৰু সাগপৃষ্ঠৰ পৰা উচ্চতা ৩০ -৫০মিটাৰ ভিতৰত।
(ঘ) ভাৰতৰ উপকূলীয় সমতল অঞ্চল দীঘল আৰু ঠেক।
(ঙ) ভাৰতৰ উপকূল অঞ্চলটো পূব আৰু পশ্চিম উপকূল হিচাপে দুটা ভাগত ভগাব পাৰি। ইয়াৰ পূব উপকূল অঞ্চলটো এফালে বঙ্গোপসাগৰ আৰু আন ফালে পূৰ্বঘাট পৰ্বতশ্ৰেণীৰ মাজত অৱস্থিত আৰু পশ্চিম উপকূল অঞ্চলটো আৰৱ সাগৰ আৰু পশ্চিমঘাট পৰ্বতৰ মাজত অৱস্থিত।
১১। ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ ভাৰতবৰ্ষ এখন বিশাল দেশ। দেশখনৰ অঞ্চলভেদে জলবায়ুৰ প্ৰধান উপাদান, যেনে – উত্তাপ, বায়ুৰ চাপ, বতাহ আৰু আৰ্দ্ৰতাৰ তাৰতম্য ঘটে। সেইবাবে এই দেশত নানা প্ৰকাৰৰ জলবায়ু অনুভূত হয়। প্ৰধানকৈ দেশখনৰ বিশালতা, বিষুবৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰতেই ইয়াৰ জলবায়ুৰ ভিন্নতা নিৰ্ভৰ কৰে। অক্ষাংশভেদে ঠাইসমূহৰ উত্তাপৰ তাৰতম্য ঘটাৰ বাবেই জলবায়ু বেলেগ বেলেগ হয়। ভাৰতৰ ভূ- খণ্ড পৰ্বত-পাহাৰ, মালভূমি, মৰুভূমি, সমভূমি আদি ভূ- প্ৰকৃতিৰে গঠিত। এনে ভূ- প্রকৃতিয়েই ঠাইবিলাকৰ মাজত উচ্চতাৰ পাৰ্থক্য আনি দিছে। একে অক্ষাংশত অৱস্থিত হ’লেও উচ্চতাৰ পাৰ্থক্যৰ বাবে ঠাইসমূহত উত্তাপ, বায়ুৰ চাপ, বৰষুণ আৰু আৰ্দ্ৰতাৰ পৰিমাণ কম বেছি হয়। ফলত জলবায়ুও বেলেগ বেলেগ হয়।
১২। ভাৰতৰ মৌচুমী বতাহৰ প্ৰভাৱ সম্পর্কে এটি টোকা লিখা।
উত্তৰঃ ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট । দেশখনত বছৰৰ ভিন ভিন ঋতুত বিশেষকৈ গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে । গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ-পূব মৌচুমী বতাহ প্ৰবাহিত হয় ।দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰবাহিত হৈ ভাৰতত সোমায় । এই বতাহ দক্ষিণ-পশ্চিম দিশৰ পৰা অহাৰ বাবে ইয়াক দক্ষিণ -পশ্চিম মৌচুমী বতাহ বোলে । আৰৱ সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয় ভাপ কঢ়িয়াই অনা এই বতাহে প্ৰথমে পশ্চিম ঘাট পৰ্বতত বাধা পায়।তেতিয়া ই ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ দিয়ে।এইদৰে পশ্চিম উপকূল অঞ্চলৰ কংকন আৰু মালাৱাৰ উপকূলত বছৰি ৩০০ চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয় । এই বায়ুৰ এটা অংশ পশ্চিমঘাট পৰ্বত পাৰ হৈ বঙ্গোপসাগৰৰ ফালে আগবাঢ়ে। বঙ্গোপসাগৰৰ ওপৰেদি আহোঁতে পুনৰ অধিক জলীয় ভাপ আহৰণ কৰি ই অসম তথা উত্তৰ – পূৰ্বাঞ্চলত প্ৰৱেশ কৰে । এই বতাহে মেঘালয় মালভূমিত বাধ্যপ্ৰাপ্ত হৈ প্ৰচুৰ বৰষুণ দিয়ে । এনেকৈয়ে মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি প্ৰায় ১,২৫০ চেণ্টিমিতাৰ পৰ্যন্ত বৰষুণ হয় । এই দক্ষিণ – পশ্চিম মৌচুমীৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষুণ হয়।
আনহাতে উত্তৰ – পূব মৌচুমী বতাহ শীতকালত কালত বলে । এই বতাহ মধ্য এছিয়াৰ পৰা উত্তৰ – পূব দিশেৰে ভাৰতলৈ প্ৰভাৱিত হয় বাবে ইয়াক উত্তৰ – পূব মৌচুমী বতাহ বোলে। উত্তৰ হিমালয় পৰ্বতে এই চেঁচা বতাহ অহাত বাধা দিয়াৰ ফলত ভাৰতত প্ৰচণ্ড শীত অনুভৱ নহয়।ইয়াৰে এটা অংশ অৱশ্যে হিমালয় অঞ্চল পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে । স্থলভাগৰ পৰা অহা বাবে এই বতাহ শুকান সেয়েহে ইয়াৰ ফলত বৰষুণ নহয় । কিন্তু , এই বতাহ বঙ্গোপসাগৰৰ ওপৰেদি অগ্ৰসৰ হওঁতে ই কিছু জলীয়ভাপ আহৰণ কৰে । জলীয়ভাপ যুক্ত এই বতাহ আহি যেতিয়া পূৰ্বঘাট পৰ্বতত ঠেকা খায় তেতিয়া ভাৰতৰ পূব উপকূলত বিশেষকৈ কৰমণ্ডল উপকূলত বৰষুণ হয়।
Updated on 18/10/2025