মানৰ অসম আক্ৰমণ

অতি চমু/ চমু প্ৰশ্নৰ উত্তৰ-

১) ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মান সকলে কোনখন দেশ জয় কৰিছিল?

উত্তৰঃ ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মান সকলে আৰাকান দেশ জয় কৰিছিল।

২) মান আৰু ব্ৰিটিছৰ মাজত কেতিয়াৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল?

উত্তৰঃ মান আৰু ব্ৰিটিছৰ মাজত আৰাকান ৰাজ্য জয় কৰা পাছৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল।

৩) মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম কি আছিল?

উত্তৰঃ মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম গোবিন্দ সিংহ আছিল।

৪) কোন যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল?

উত্তৰঃ ঘিলাধাৰীৰ যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল।

৫) বৈশালী হুকুং কি?

উত্তৰঃ  বৈশালী হুকুং হৈছে বদনৰ নেতৃত্বত অহা মানৰ সামৰিক অভিযানৰ বিষয়ে লিখা এটা টোকা।

৬) বৈশালী মুং-ডুন- চুন-খাম কি?

উত্তৰঃ  বৈশালী মুং-ডুন- চুন-খাম হৈছে বদনৰ নেতৃত্বত অহা মানৰ সামৰিক অভিযানৰ বিষয়ে লিখা এটা টোকা।

৭) বদনচন্দ্ৰৰ সৈতে মান সৈন্য আহোতে অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰঃ বদনচন্দ্ৰৰ সৈতে মান সৈন্য আহোতে অসমৰ প্ৰধানমন্ত্ৰী আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই।

৮) বদনচন্দ্ৰই কিমান মান সৈন্য লগত আনিছিল?

উত্তৰঃ বদনচন্দ্ৰই ৮০০০ মান সৈন্য লগত আনিছিল।

৯) বদনচন্দ্ৰই অসমত সোমায়েই কিমান অতিৰিক্ত সৈন্য গোটাইছিল?

উত্তৰঃ বদনচন্দ্ৰই অসমত সোমায়েই ৮০০০ অতিৰিক্ত সৈন্য গোটাইছিল।

১০) বদনচন্দ্ৰক চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধান মন্ত্ৰী পাতিছিল?

উত্তৰঃ বদনচন্দ্ৰক চন্দ্ৰকান্ত সিংহই মন্ত্ৰী বৰফুকন উপাধিৰে প্ৰধান মন্ত্ৰী পাতিছিল।

১১) মানৰ আক্ৰমণ কোন কোন চনত হৈছিল?

উত্তৰঃ মানৰ আক্ৰমণ ১৮১৭, ১৮১৯, ১৮২১ চনত হৈছিল।

১২) কোন চনত বদনচন্দ্ৰক হত্যা কৰা হৈছিল?

উত্তৰঃ ১৮১৮ চনত বদনচন্দ্ৰক হত্যা কৰা হৈছিল।

শুদ্ধ উত্তৰটো বাছি উলিওৱা-

১) ১৮১৬/১৮১৭/১৮১৯ চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল।

উত্তৰঃ ১৮১৭চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল।

২) জগন্নাথ ঢেকিয়াল ফুকন / বদনচন্দ্ৰ বৰফুকন / চন্দ্ৰকান্ত বুঢ়াগোহাঁই ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আাছিল।

উত্তৰঃ জগন্নাথ ঢেকিয়াল ফুকন ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আাছিল।

৩) বদনচন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৬/১৮১৭/১৮১৮ চনৰ আগষ্ট মাহত।

উত্তৰঃ বদনচন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৮ চনৰ আগষ্ট মাহত।

৪) ৰাজমাও নুমলী চন্দ্ৰকান্ত সিংহ / পূৰ্ণানন্দ বুঢ়াগোহাঁই/ ব্ৰজনাথ গোহাঁইৰ মাতৃ আাছিল।

উত্তৰঃ ৰাজমাও নুমলী চন্দ্ৰকান্ত সিংহৰ মাতৃ আাছিল।

৫) ইয়াণ্ডাবু সন্ধি ১৮১৪/১৮২৬/১৮২৮ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল।

উত্তৰঃ ইয়াণ্ডাবু সন্ধি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল।

ৰচনা ধৰ্মী প্ৰশ্নঃ

১) মণিপুৰ আৰু আৰাকানত মানৰ ৰাজ্য বিস্তাৰ সম্পৰ্কে চমুকৈ উল্লেখ কৰা।

উত্তৰঃ ১৭৮৪ চনত মান ৰজা বডৌপায়াই আৰাকান আক্ৰমণ কৰি নিজৰ দখললৈ আনে। ইয়াৰ ফলস্বৰূপে মান সাম্ৰাজ্যৰ সীমা ব্ৰিটিছ শাসিত ভাৰতৰ কাষ চাপে, যিয়ে পৰৱৰ্তী সময়ত ইংলো-মান যুদ্ধৰ পৰিৱেশ সৃষ্টি কৰে।

১৮১৩ চনত মানসকলে মণিপুৰ আক্ৰমণ কৰি হিমাচল সিংঘক সিংহাসনচ্যুত কৰে আৰু মাৰ্জিত সিংঘক ৰজা পাতে। কিন্তু মাৰ্জিত সিংঘই মানৰ বিৰুদ্ধে বিদ্ৰোহ কৰাত ১৮১৯ চনত মানসকলে পুনৰ মণিপুৰ আক্ৰমণ কৰি ইয়াক পোনপটীয়াকৈ নিজৰ শাসনলৈ আনে।

এই বিজয়ে মানসকলক অসম তথা উত্তৰ-পূব ভাৰতত আক্ৰমণ চলাবলৈ উৎসাহিত কৰিছিল।

২) পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাই কেনেকৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ জন্ম দিছিল আলোচনা কৰা।

উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিল আহোম ৰাজত্বৰ শেষৰ ফালৰ এজন অতি শক্তিশালী আৰু প্ৰভাৱশালী মন্ত্ৰী। তেওঁৰ স্বেচ্ছাচাৰী শাসন আৰু ক্ষমতাৰ কেদ্ৰীয়কৰণে আহোম ৰাজদৰবাৰত এক গভীৰ ৰাজনৈতিক সংকট আৰু ষড়যন্ত্ৰৰ সৃষ্টি কৰিছিল।

পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে প্ৰশাসনৰ সকলো দিশতে নিজৰ কৰ্তৃত্ব স্থাপন কৰিছিল। তেওঁ ৰজাক নামমাত্ৰ কৰি ৰাখি নিজেই প্ৰকৃত শাসক (de facto ruler) হৈ পৰিছিল, যিয়ে চন্দ্ৰকান্ত সিংহৰ দৰে ৰজাক অসন্তুষ্ট কৰি তুলিছিল।

প্ৰশাসন সুচাৰুৰূপে চলোৱাৰ দোহাই দি তেওঁ গুৰুত্বপূৰ্ণ পদবীবোৰত নিজৰ আত্মীয়-স্বজনক নিযুক্তি দিছিল। ইয়াৰ ফলত আহোম ডা-ডাঙৰীয়াসকলৰ মাজত তীব্ৰ ঈৰ্ষা আৰু ক্ষোভৰ সৃষ্টি হৈছিল।

তেওঁৰ একনায়কত্ববাদী চৰিত্ৰৰ বাবে বহুতো উচ্চপদস্থ বিষয়াৰ সৈতে তেওঁৰ বিৰোধ ঘটিছিল। বিশেষকৈ গুৱাহাটীৰ বৰফুকন বদন চন্দ্ৰৰ সৈতে তেওঁৰ সংঘাত চৰম পৰ্যায়ত উপনীত হৈছিল।

পূৰ্ণানন্দৰ বৰ্ধিত ক্ষমতা খৰ্ব কৰিবলৈ সত্ৰাম আৰু তেওঁৰ সহযোগীসকলে বুঢ়াগোহাঁইক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। যদিও এই ষড়যন্ত্ৰ বিফল হৈছিল, ই ৰাজদৰবাৰৰ আভ্যন্তৰীণ কন্দল উদঙাই দিছিল।

বদন চন্দ্ৰৰ বিদ্ৰোহ: বুঢ়াগোহাঁইয়ে বদন চন্দ্ৰক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়াত তেওঁ পলাই গৈ ব্ৰিটিছ আৰু পাছলৈ মান ৰজাৰ সহায় বিচাৰে। এই ব্যক্তিগত শত্ৰুতাই পৰৱৰ্তী সময়ত মানৰ অসম আক্ৰমণৰ পথ প্ৰশস্ত কৰিছিল।

সামৰণিত ক’ব পাৰি যে, পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাই ডা-ডাঙৰীয়াসকলক একত্ৰিত হোৱাৰ পৰিৱৰ্তে বিভাজিত কৰিছিল আৰু এই ৰাজনৈতিক ষড়যন্ত্ৰবোৰেই আহোম সাম্ৰাজ্যৰ পতনৰ অন্যতম কাৰণ হৈ পৰিছিল।

৩। পূর্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত বাজনৈতিক ষড়যন্ত্ৰৰ শেষ পৰিণতি কি আছিল?

৪। বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে কিয় অসম আক্রমণ কৰিছিল?

৫। বদনচন্দ্র বৰফুকনৰ নেতৃত্বত অসমত মানৰ বাজনৈতিক হস্তক্ষেপ সম্পর্কে চমুকৈ আলোচনা কৰা।

৬। মানৰ অসম আক্রমণৰ কাৰণসমূহ আলোচনা কৰা।

৭। মানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ ফঁহিয়াই দেখুওৱা।

৮। কোনটো বিদ্রোহক ‘পানীমুৱা বিদ্রোহ’ বুলি কোৱা হয়।

৯। ১৮১৭ চনৰ অসমত মানসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল উল্লেখ কৰা।

১০) প্ৰথম ইংগ-বৰ্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল? এই যুদ্ধ খন ক’ত সংঘটিত হৈছিল?

১১। য়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফলসমূহ উল্লেখ কৰা।

১২। ইয়াণ্ডাবু সন্ধিৰ গুৰুত্ব সম্পর্কে লিখা।

Scroll to Top