জীৱৰ মৌলিক একক

প্ৰশ্নাৱলী-

1. কোষ কোনে আৰু কেনেকৈ আবিষ্কাৰ কৰিছিল?

উত্তৰঃ কোষৰ আবিষ্কাৰ ৰবাৰ্ট হুকে 1665 চনত কৰিছিল। তেওঁ নিজৰ তৈয়াৰী মাইক্ৰোস্কোপ ব্যৱহাৰ কৰি কর্কৰ পাতল খণ্ড অধ্যয়ন কৰিছিল। এই অধ্যয়ন কৰোঁতে তেওঁ সৰু-সৰু কোঠালী সদৃশ গঠন দেখিছিল আৰু সেইবোৰক “কোষ” বুলি নামাকৰণ কৰিছিল।

2. কোষত কিয় গঠনৰ আৰু কাৰ্য্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়?

উত্তৰঃ কোষ জীৱৰ গঠনৰ আৰু জীৱন কাৰ্য্যৰ মৌলিক একক,অৰ্থাৎ এটা জীৱৰ গঠন আৰু কাৰ্য্য কোষৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে কোষক গঠনৰ আৰু কাৰ্য্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়।

3. CO2 আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনেদৰে চলাচল কৰে আলোচনা কৰা।

উত্তৰঃ CO₂ আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা চলাচল কৰে।

কোষৰ বাহিৰৰ পৰিবেশত CO₂ ৰ গাঢ়তা কোষটোৰ ভিতৰৰ CO₂ ৰ গাঢ়তাতকৈ কম। যেতিয়াই কোষ এটাৰ ভিতৰৰ আৰু বাহিৰৰ CO₂ৰ গাঢ়তাতকৈ কম। যেতিয়া কোষ এটাৰ ভিতৰৰ আৰু বাহিৰৰ CO₂ৰ গাঢ়তাৰ তাৰতম্য ঘটে তেতিয়াই কোষটোৰ ভিতৰৰ CO₂ উচ্চ গাঢ়তা অঞ্চলৰ পৰা কোষৰ বাহিৰৰ নিম্ন গাঢ়তা অঞ্চললৈ ব্যাপন প্ৰক্ৰিয়াৰে ওলাই আহে। পানীৰ ক্ষেত্ৰত অৰ্ধভেদ্য আবৰণৰ মাজেদি পানীৰ অণুৰ একেদৰে সংঘটিত হোৱা সঞ্চলন বা চলাচলক আসৃতি বোলে। কোষাবৰণৰ মাজেদি পানীৰ চলাচল হোৱাটো পানীত দ্রবীভূত হৈ থকা পদাৰ্থৰ পৰিমাণে প্রভাম্বিত কৰে। অৰ্থাৎ আসৃতি হ’ল এখন অর্ধভেদ্য আবৰণৰ মাজেদি উচ্চ গাঢ়তা অঞ্চলৰ পৰা নিম্ন গাঢ়তা অঞ্চললৈ প্রবাহিত হোৱা পানীৰ গতি।

4. কোষাবৰণখনক কিয় অৰ্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয়?

উত্তৰঃ কোষাবৰণখনক অৰ্ধভেদ্য আৱৰণ বুলি বুলি কোৱা হয় কাৰণ ই কোষৰ ভিতৰলৈ আৰু বাহিৰলৈ পদাৰ্থৰ গতি নিয়ন্ত্ৰণ কৰে, অৰ্থাৎ, কোষাবৰণখনে কিছুমান দ্রব্যক সৰকি যোৱাত বাধা দিয়ে আৰু কিছুমানক সৰকি যোৱাত সহায় কৰে।

5. প্ৰকোষকেন্দ্ৰীয় কোষ আৰু সংকোষকেন্দ্ৰীয় কোষৰ মাজত ব্যাখ্যামূলক পাৰ্থক্য দাঙি ধৰি তলৰ তালিকাখন পূৰ্ণ কৰা।

6. তুমি অধ্যয়ন কৰি অহা কোষ অংগাণুবিলাকৰ ভিতৰত এনে দুটা কোষ অংগাণুৰ নাম উল্লেখ কৰা যি দুটাত আণুবংশিক পদাৰ্থ (Genetie material) থাকে।

উত্তৰঃ মাইট্ৰ’কন্দ্ৰিয়া আৰু প্লাষ্টিড।

7. যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সংগঠনৰ ক্ষতি হয় তেতিয়া কি হ’ব?

উত্তৰঃ যদি ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সংগঠনৰ ক্ষতি হয়, কোষৰ বিভিন্ন কাম যেনে শ্বাস-প্ৰশ্বাস আৰু নিঃসৰণ আদি সম্পন্ন কৰাৰ ক্ষমতাত ব্যাঘাত জন্মিব। ইয়াৰ ফলত জীৱনৰ সকলো কাম বন্ধ হ’ব পাৰে আৰু ইয়াৰ মৃত্যু হ’ব পাৰে।

8. লাইছ’জ’মক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়?

উত্তৰঃ যদি কোনো এটা কোষ মৰি যায় তেতিয়া লাইছ’জমে সিহঁতৰ ভিতৰত থকা পৰিপাকীয় উৎসেচকবিলাক নিঃসৰণ কৰি নিজে থকা কোষটো ধ্বংস কৰি দিয়ে। সেয়েহে লাইছ’জ’মক কোষৰ আত্মঘাটি মোনা বুলি কোৱা হয়।

9. কোষৰ অভ্যন্তৰৰ ক’ত প্ৰ’টিন সংশ্লেষণ সংঘটিত হয়?

উত্তৰঃ ৰাইব’জ মত প্রটিন সংশ্লেষণ সংগটিত হয়।

অনুশীলনীঃ

1. উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰা আৰু কি কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক উল্লেখ কৰা।

2. কি কি ক্ষেত্ৰত প্ৰকোষকেন্দ্ৰীয় কোষবিলাক সংকোষকেন্দ্ৰীয় কোষতকৈ পৃথক উল্লেখ কৰা।

3. কোষৰ কোষাৱৰণখন ফাটি গ’লে কি হ’ব?

4. কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব?

5. কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয়?

6. কোষাৱৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰ’টিনবিলাক ক’ত সংশোধিত হয়?

7. এমিবাই কি দৰে আহাৰ গ্ৰহণ কৰে?

8. আসৃতি কি?

9. আসৃতিৰ বাবে তলৰ পৰীক্ষাটো কৰি চোৱা। বাকলি গুচোৱা আলুগুটি চাৰিফাল লোৱা আৰু প্ৰত্যেক টুকুৰাৰ মাজৰ অংশটো এৰুৱাই একোটা পিয়লাৰ নিচিনা কৰি লোৱা। ইয়াৰে এটুকুৰা সিজাই লোৱা আলুৰ পৰা লবা (ক, খ, গ, ঘ নামাংকিত কৰি লবা)

(ক) ‘ক’ পিয়লাটো খালী কৰি ৰাখিবা।

(খ) খ’ পিয়লাটোত এচামুচ (শৰ্কৰা বা চেনী দি দিয়া)

(গ) ‘গ’ পিয়ালটোত এচামুচ শৰ্কৰা বা নিমখ দি দিয়া।

(ঘ) ‘ঘ’ পিয়লাটো যিটো সিজোৱা আলুৰ পৰা তৈয়াৰ কৰিছিলা সেইটোতও চেনী এচামুচ দি দিয়া।

আটাইকেইটা প্রায় দুই ঘণ্টামান ৰাখি পিছত নিৰীক্ষণ কৰি তলৰ প্রশ্নকেইটাৰ উত্তৰ দিয়া।

(i) ‘খ’ আৰু ‘গ’ পিয়লাটোৰ খালী হৈ থকা অংশটো কিয় পানীৰে ভৰি পৰিল।

(ii) ‘এই’ পৰীক্ষটোৰ বাবে ‘ক’পিয়লাটো কিয় প্রয়োজন?

(iii) ‘ক’ আৰু ‘ঘ’ পিয়লাটোৰ খালী হৈ থকা অংশটো কিয় পানীৰে ভৰি নপৰিল কাৰণ দৰ্শাই বর্ণনা দিয়া।

Scroll to Top