অণু আৰু পৰমাণু
প্ৰশ্নাৱলী-
1. পাৰমাণৱিক ভৰ এককৰ সংজ্ঞা দিয়া।
উত্তৰঃ C- 12 ৰ এটা পৰামাণুৰ ভৰৰ ঠিক 1/12 অংশৰ সমান ভৰেই এক পাৰমাণৱিক ভৰ একক।
2. খালী চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কিয়?
উত্তৰঃ পৰমাণুবোৰ অতি সৰু, আমি কল্পনা কৰিব পৰা বা তুলনা কৰিব পৰা যিকোনো বস্তুতকৈ ইহঁত সৰু। গতিকে খালী চকুৰে পৰমাণু দেখা সম্ভৱ নহয়।
3. সংকেত লিখা-
(i) ছ’ডিয়াম অক্সাইড
উত্তৰঃ Na2O
(ii) এলুমিনিয়াম ক্ল’ৰাইড
উত্তৰঃ AlCl3
(iii) ছ’ডিয়াম ছালফাইড
উত্তৰঃ Na2S
(iv) মেগনেছিয়াম হাইড্ৰ’ক্সাইড
উত্তৰঃ MgOH
4. তলৰ সংকেতবোৰে বুজোৱা যৌগবোৰৰ নাম লিখাঃ
(i) Al2(S04)3
উত্তৰঃ এলুমিনিয়াম ছালফেট।
(ii) CaCl2
উত্তৰঃ কেলছিয়াম ক্লৰাইড।
(iii) K2SO4
উত্তৰঃ পটাছিয়াম ছালফেট।
(iv) KNO3
উত্তৰঃ পটাছিয়াম নাইট্রেট।
(v) CaC03
উত্তৰঃ কেলছিয়াম কার্বনেট।
5. ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি বুজোৱা হৈছে?
উত্তৰঃ ৰাসায়নিক সংকেত হৈছে কোনো যৌগ বা পদাৰ্থৰ ৰাসায়নিক গঠন প্ৰকাশ কৰাৰ বাবে ব্যৱহৃত এক সংকেত পদ্ধতি ।
4. (i) H₂S অণু আৰু
(ii) PO₄⁻³ আয়নত
কেইটাকৈ পৰমাণু আছে?
উত্তৰঃ (i) H₂S অণুত দুটা হাইড্ৰজেন (H) পৰমাণু আৰু এটা ছালফাৰ (S) পৰমাণু আছে।
2. ZnO, Na₂O আৰু K₂CO₃ৰ সংকেত গোট ভৰ গণনা কৰা। প্রদত্ত পাৰমাণৱিক ভৰবোৰ হ’ল Zn = 64u, Na = 23u, K = 39u,C=12u আৰু 0 = 16u
উত্তৰঃ ZnOৰ সংকেত গোট ভৰ = 65u+ 16u
= 81u
Na₂0 ৰ সংকেত গোট ভৰ = 2 × 23u + 16u
= 46u + 16u
= 62u
K₂CO₃ ৰ সংকেত গোট ভৰ = 2 x 39u + 12u + 3x 16u
= 78u+12u+ 48u
= 138u
প্ৰশ্নাৱলী-
1. এক ম’ল কাৰ্বন পৰমাণুৰ ভৰ 12 গ্ৰাম হ’ল 1টা কাৰ্বন পৰমাণুৰ ভৰ (গ্ৰামত) কিমান হ’ব?
উত্তৰঃ 1 ম’ল কাৰ্বন পৰমাণু ভৰ = 6.023× 10²³টা পৰমাণু
6.023×10²³টা কার্বন পৰমাণুৰ ভৰ = 12 গ্রাম
∴ 1 টা কার্বন পৰমাণুৰ ভৰ = 12/6.023×10²³গ্রাম
= 1.99×10⁻²³ গ্রাম
2. 100 গ্ৰাম ছ’ডিয়াম বা 100 গ্ৰাম আইৰণৰ কোনটোত পৰমাণুৰ সংখ্যা বেছি থাকিব। (দিয়া আছে, Naৰ পাৰমাণৱিক ভৰ = 23u, Fe = 56u)

অনুশীলনী-
1. অক্সিজেন আৰু ৰ’ৰণেৰে গঠিত যৌগৰ নমুনা এটাৰ 0.24gm বিশ্লেষণ কৰাত 0.096 gm বৰণ আৰু 0.144 gm অক্সিজেন পোৱা গৈছিল। ভৰ হিচাপত যৌগটোৰ শতকৰা সংযুতি গণনা কৰা।

2. 3.0gm কার্বন 8.00gm অক্সিজেনৰে সৈতে দহন কৰাত 11.00gm কার্বন ডাই অক্সাইড উৎপন্ন হ’ল। 3.00gm কার্বন 50.00 gm অক্সিজেন দহন কৰিলে গঠন হোৱা কাৰ্বন ডাই অক্সাইডৰ ভৰ কিমান হ’ব? ৰাসায়নিক সংযোগত কোনটো বিধি তোমাৰ উত্তৰৰ ক্ষেত্ৰত প্রযোজ্য হ’ব?
উত্তৰঃ 3.0 gm কাৰ্বন 8.00gm অক্সিজেনৰ সৈতে দহন কৰাত 11.00 gm কার্বন ডাই অক্সাইড উৎপন্ন হ’ল ।
C + O₂ → CO
স্থিৰানুপাত বিধি অনুসৰি কাৰ্বন ডাই অক্সাইডত সদায় কাৰ্বন আৰু অক্সিজেনৰ ভৰৰ অনুপাত 3 : 8। গতিকে 3.00gm কার্বন 50.00gm অক্সিজেনত দহন কৰিলেও গঠন হোৱা কার্বন ডাই অক্সাইডৰ ভৰ 11.00gm হ’ব।
ইয়াত ৰাসায়নিক সংযোগৰ স্থিবানুপাত বিধি প্রযোজ্য হয়।
3.বহুপাৰমাণৱিক আয়নবোৰ কি ? উদাহৰণ দিয়া।
উত্তৰঃ যিবোৰ আয়নত এটাতকৈ অধিক পৰমাণু থাকে আৰু স্বতন্ত্ৰ এককৰ দৰে আচৰণ কৰে, সেইবোৰক বহুপাৰমাণৱিক আয়ন বোলে।
উদাহৰণ — SO₃²⁻, NH₄⁺ ‘ইত্যাদি।
4.তলত দিয়াবোৰৰ ৰাসায়নিক সংকেত লিখা।
(a) মেগনেছিয়াম ক্লৰাইড।
(b) কেলছিয়াম অক্সাইড।
(c) কপাৰ নাইট্রেট।
(d) এলুমিনিয়াম ক্লাইড।
(e) কেলছিয়াম কার্বনেট।
উত্তৰঃ (a) MgCl₂, (b) CaO, (c) Cu (NO₃)₂ (d) AgCl₃, (e) CaCO₃
5. তলৰ যৌগবোৰত থকা মৌলবোৰৰ নাম দিয়া-
(a) পোৰা চূণ(Quick Lime)
উত্তৰঃ পোৰা চূণ (CaO) : কেলছিয়াম, অক্সিজেন
(b) হাইড্ৰজেন ব্র’মাইড
উত্তৰঃ হাইড্ৰজেন ব্র’মাইড (HBr) : হাইড্রজেন, ব্রমিন
(c) বেকিং পাউডাৰ
উত্তৰঃ বেকিং পাউডাৰ (NaH CO₃): ছডিয়াম, হাইড্রজেন, কার্বন,অক্সিজেন
(d) পটেছিয়াম ছালফেট
উত্তৰঃ পটেছিয়াম ছালফেট (K₂SO₄ ) : পটেছিয়াম, ছালফাৰ,অক্সিজেন
6. তলৰ পদাৰ্থবোৰৰ ম’লাৰ ভৰ গণনা কৰা।
(a) ইথাইন C₂H₂
(b) ছালফাৰ অণু, S₈
(c) ফছফৰাছ অণু, P₄ (ফছফৰাছৰ পাৰমাণবিক ভৰ = 31 )
(d) হাইড্রক্লৰিক এছিড, Hcl
(e) নাইট্রিক এছিড, HNO₃





7. ভৰ কিমান
(a) 1 ম’ল নাইট্ৰ’জেন পৰমাণুৰ?
(b) 4 ম’ল এলুমিনিয়াম পৰমাণু (এলুমিনিয়ামৰ পাৰমাণবিক ভৰ= 27) ৰ?
(c) 10 ম’ল ছডিয়াম ছালফাইট (Na₂SO₃) ৰ?
উত্তৰঃ (a) 1 ম’ল নাইট্ৰ’জেন পৰমাণু ভৰ = 14 gm
(b) 1 ম’ল এলুমিনিয়াম পৰমাণু ভৰ = 27 gm
∴ 4 ম’ল এলুমিনিয়াম পৰমাণু ভৰ = 27 × 4gm
= 108gm
(c)1 ম’ল ছডিয়াম ছালফাইটৰ পৰমাণু ভৰ = (2×23 + 32 + 3×16)gm
= (46+ 32+48)gm
= 126gm
∴ 10 ম’ল ছডিয়াম ছালফাইটৰ পৰমাণু ভৰ = 126 ×10gm
= 1260gm
8. ম’ললৈ পৰিবৰ্তন কৰা-
(a) 12gm অক্সিজেন গেছ।
(b) 20gm পানী।
(c) 22 gm কার্বন-ডাই-অক্সাইড।


9. ভৰ কিমান?
(a) 0.2 ম’ল অক্সিজেন পৰমাণুৰ?
(b) 0.5 ম’ল পানী অণুৰ?
উত্তৰঃ 1 ম’ল অক্সিজেন পৰমাণুৰ ভৰ = 16 গ্রাম
∴ 0.2 ম’ল অক্সিজেন পৰমাণুৰ ভৰ = 0.2×16 গ্রাম
= 3.2 গ্রাম
(b) 1 ম’ল পানী (H₂O) অনুৰ ভৰ = 18 গ্রাম
∴ 0.5 ম’ল পানী (H₂O) অনুৰ ভৰ = 0.5×18 গ্রাম
= 9 গ্রাম
10. 16 gm গোটা ছালফাৰত থকা ছালফাৰ অণু (S₈)ৰ সংখ্যা গণনা কৰা।
উত্তৰঃ

11. 0.051gm এলুমিনিয়াম অক্সাইডত থকা এলুমিনিয়াম আয়নৰ সংখ্যা গণনা কৰা ।
উত্তৰঃ
