খাদ্য সম্পদৰ উৎকৰ্ষ সাধন
প্ৰশ্নাৱলীঃ
শস্য, মাহ, ফলমূল আৰু শাক-পাচলিৰ পৰা আমি কি আহৰণ কৰো?
উত্তৰঃ খাদ্যশস্য যেনে— ঘেঁহু, ধান, গোমধান, বজ্ৰা আৰু যৱধান আদিয়ে কাৰ্বহাইড্ৰেটৰ যোগেদি আমাক প্ৰয়োজনীয় শক্তিৰ যোগান ধৰে। মাহ জাতীয় শস্য যেনে— বুট, মটৰ, মাটিমাহ, মণ্ড, অৰহৰ, মচুৰ আদিয়ে আমাক প্ৰ’টিনৰ যোগান ধৰে আৰু তৈল বীজ যেনে— চয়াবীন, বাদাম, তিল, এৰাগুটি, সৰিয়হ, তিচি আৰু বেলিফুল আদিয়ে আমাক প্ৰয়োজনীয় চৰ্বীৰ যোগান ধৰে। শাক পাচলি, মচলা আৰু ফল-মূলৰ পৰা খাদ্যপ্ৰাণ আৰু খনিজ লৱণ পাঁও।
প্ৰশ্নাৱলীঃ
1. শস্য উৎপাদনত জৈৱিক আৰু অজৈৱিক কাৰকবোৰে কেনেদৰে প্ৰভাৱ পেলায়?
উত্তৰঃ কিছুমান জৈৱিক কাৰক যেনে-বীজাণু, কীট- পতংগ আৰু কৃমি আৰু আন কিছুমান অজৈৱিক কাৰক যেনে-খৰাং, বানপানী, উষ্ণতা আদিৰ প্ৰভাৱৰ ফলত শস্যৰ উৎপাদন হ্রাস হয়।
2.শস্যৰ উৎকৰ্ষ সাধনত কোনবিলাক শস্য সম্বন্ধীয় আকাংক্ষিত বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ বিবেচনা কৰা হয়?
উত্তৰঃ পশুধনৰ খাদ্যৰ বাবে প্রয়োজনীয় শস্যবিলাক ওখ হোৱাৰ উপৰিও জোপোহা হ’ব লাগে। ধান জাতীয় শস্যৰ ক্ষেত্ৰত চাপৰ হ’ব লাগে; ইয়াৰ ফলত এইবিলাক শস্যৰ কম পৰিমাণৰ পুষ্টিৰ প্ৰয়োজন হয়। সেইদৰেই শস্য সম্বন্ধীয় আকাংক্ষিত চৰিত্ৰৰ উৎকৰ্ষ সাধন কৰি পৰিৱৰ্তন ঘটাই ল’লে অধিক উৎপাদনত সহায়ক হয়।
প্ৰশ্নাৱলীঃ
1.মুখ্য অনুপোষকবিলাক কি কি আৰু এইবিলাকক কিয় মুখ্য অনুপোষক বুলি কোৱা হয়?
উত্তৰঃ মুখ্য অনুপোষকবিলাক হ’ল 一নাইট্ৰ’জেন, ফচফৰাচ, পটেছিয়াম, কেলছিয়াম, মেগনেছিয়াম আৰু ছালফাৰ। উদ্ভিদক প্ৰায় 16 বিধ অনুপোষকৰ প্ৰয়োজন। ইয়াৰে 13 বিধ উদ্ভিদৰ বাবে প্ৰয়োজনীয় অনুপোষক মাটিৰ পৰা আহৰণ কৰে। আনহাতে, 13 বিধ অনুপোষকৰ ভিতৰত 6 বিধ অতি বেছি পৰিমাণে প্ৰয়োজন হয় আৰু সেইবাবে এই কেইবিধক মুখ্য অনুপোষক বোলে।
2. উদ্ভিদে অনুপোষক দ্ৰব্যবিলাক ক’ৰপৰা কেনেকৈ আহৰণ কৰে?
উত্তৰঃ উদ্ভিদে অনুপোষকবিলাক বায়ু, পানী আৰু মাটিৰ পৰা আহৰণ কৰে। উদ্ভিদৰ বাবে প্ৰায় 16 বিধ অনুপোষকৰ প্ৰয়োজন। বায়ুৱে কার্বন আৰু অক্সিজেন যোগান ধৰে, পানীয়ে হাইড্রজেন আৰু উদ্ভিদৰ বাবে প্ৰয়োজনীয় আন 13 বিধ অনুপোষক মাটিৰপৰা আহৰণ কৰে।
প্ৰশ্নাৱলীঃ
1.মাটিৰ উৰ্বৰতা ৰক্ষা কৰাত জৈৱসাৰ আৰু কৃত্রিম সাৰৰ প্ৰয়োগৰ ভূমিকাৰ মাজত তুলনা কৰা।
উত্তৰঃ জৈৱিক সাৰ জীৱজন্তুৰ মলমুত্ৰ আৰু উদ্ভিদৰ পেলনীয়া অংশৰ পৰা তৈয়াৰ কৰা হয়। জৈৱিক সাৰে মাটিত অনুপোষক দ্ৰব্য আৰু জৈৱ পদাৰ্থৰ পৰিমাণ বৃদ্ধিত সহায় কৰি মাটিক সাৰুৱা বা উৰ্বৰ কৰি তোলে। জৈৱিক সাৰত থকা জৈৱ পদার্থবিলাকে মাটিৰ গঠন আৰু গুণগত মানৰ উৎকৰ্ষ সাধন কৰে।
আনহাতে কৃত্ৰিম সাৰ হ’ল ব্যৱসায়িক ভিত্তিক প্ৰস্তুত কৰা উদ্ভিদৰ অনুপোষক। কৃত্রিম সাৰে নাইট্ৰ’জেন, ফচফৰাচ আৰু পটাছিয়ামৰ যোগান ধৰে। এইবিলাক ব্যৱহাৰ কৰিলে উদ্ভিদৰ গা-গছ (পাত, ঠাল-ঠেঙুলি আৰু ফুল-ফল) ভালদৰে বিকাশ, বৃদ্ধি হৈ শ্রীবৃদ্ধি হোৱাতো নিশ্চয়তা থাকে। আধুনিক কৃষিপাম পদ্ধতিত অধিক উৎপাদনৰ অন্তৰালত কৃত্রিম সাৰ হ’ল এক অনন্য কাৰক।
প্ৰশ্নাৱলীঃ
তলৰ কোনবিলাক অৱস্থাৰ পৰা অধিক লাভবান হ’ব পাৰি?
(a) খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা অৱলম্বন নকৰা বা কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা।
(b) খেতিয়কে সাধাৰণ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা কৰা আৰু কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা।
(c) খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা কৰা, কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা আৰু শস্য সুৰক্ষাৰ ব্যৱস্থাপনা গ্ৰহণ কৰা।
উত্তৰঃ (c) খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্তা কৰা, কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা আৰু শস্য সুৰক্ষাৰ ব্যৱস্থাপনা গ্ৰহণ কৰা।
প্ৰশ্নাৱলীঃ
1.শস্য সুৰক্ষাত কিয় প্ৰতিৰোধ ব্যৱস্থা আৰু জৈৱিক নিয়ন্ত্ৰণক অগ্ৰাধিকাৰ দিয়া হয়?
উত্তৰঃ শস্য সুৰক্ষাত প্ৰতিৰোধ ব্যৱস্থা আৰু জৈৱিক নিয়ন্ত্ৰণক অগ্ৰাধিকাৰ দিয়া হয়। কাৰণ বিভিন্ন জৈৱিক আৰু অজৈৱিক কাৰকৰ প্ৰভাৱত উৎপাদিত শস্যৰ বিভিন্ন ধৰণে ক্ষতিসাধন হ’ব পাৰে।
2. কোনবিলাক কাৰকৰ বাবে ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতি সাধন হয়?
উত্তৰঃ ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতি সাধন কৰা জৈৱিক কাৰবিলাক হ’ল-পোক, এন্দুৰ, ভেঁকুৰ, চাহী, বেক্টেৰিয়া আদি আৰু অজৈৱিক কাৰকবোৰ হ’ল ভঁৰালৰ অনুপযুক্ত উষ্ণতা আৰু জলীয় ভাপ।
Updated on- 21/12/2025