প্ৰাকৃতিক সম্পদ

প্ৰশ্নাৱলী- 1

1. আমাৰ পৃথিৱীৰ বায়ুমণ্ডল আৰু শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলৰ মাজত পাৰ্থক্য কেনে ধৰণৰ?

উত্তৰঃ পৃথিৱীৰ বায়ুমণ্ডলত থকা কার্বন-ডাই-অক্সাইডৰ পৰিমাণ 0.01% আনহাতে শুক্র আৰু মংগল গ্রহত কার্বন-ডাই-অক্সাইডৰ শতকৰা পৰিমাণ 95-97 ভাগ। আমাৰ পৃথিৱীত বায়ুমণ্ডলত থকা উপাদান, সমূহৰ বাবেই জীৱবর্তী থকাটো সম্ভৱ হৈছে। আনহাতে শুক্র আৰু মংগল গ্রহত বর্তমানো জীৱৰ উমান পোৱা নাযায়।

2. বায়ুমণ্ডলে এখন কম্বলৰ দৰে কেনেকৈ কাম কৰে?

উত্তৰঃ বায়ু হৈছে তাপৰ কুপৰিবাহী আৰু সেয়ে দিনৰ ভাগত পৃথিৱীৰ গড় উষ্ণতা স্থিৰ কৰি ৰাখে ।দিনৰ ভাগত আচম্বিতে উষ্ণতা বৃদ্ধি হোৱাটো ই প্ৰতিৰোধ কৰে আৰু ৰাতিৰ ভাগত মহাকাশলৈ তাপৰ নিৰ্গমন প্ৰক্ৰিয়া লেহেমীয়া কৰে। এনেদৰে, বায়ুমণ্ডলে পৃথিৱীক এখন কম্বলৰ দৰে আৱৰি ৰাখে ।

3. বতাহে কি সৃষ্টি কৰে?

উত্তৰঃ আমাৰ বায়ুমণ্ডলত দিনৰ ভাগত সূৰ্যৰ তাপত বায়ু গৰম হৈ জলীয় বাষ্প সৃষ্টি হয়। ইয়োৰোপৰি দিনৰ ভাগত জলভাগ গৰম হৈ ইয়াৰ পৰা জলীয় বাষ্প সৃষ্টি হয়। জলভাগ আৰু স্থলভাগৰ পৰা তাপ বিকিৰণ হোৱাৰ ফলত বায়ুমণ্ডলৰ নিম্নস্তৰ গৰম হ’বলৈ ধৰে। ফলত বায়ুত তাপ পৰিচালনাৰ সৃষ্টি হয়। উষ্ণতা বৃদ্ধি হলে সেই ঠাইৰ বায়ু পাতল হৈ পৰে আৰু কম চাপৰ সৃষ্টি হয়। আকৌ, কম উষ্ণতাৰ অঞ্চলত বায়ুৰ চাপৰ পৰিমাণ বেছি হোৱা বাবে বায়ু কম চাপৰ অঞ্চললৈ গতি কৰে। ফলত বতাহৰ সৃষ্টি হয়।

4. ডাৱৰ কেনেকৈ সৃষ্টি হয়?

উত্তৰঃ যেতিয়া দিনৰ ভাগত সূৰ্য্যৰ তাপত জলভাগ গৰম হয় তেতিয়া বেছিভাগ পানী বাষ্পীভূত হৈ বায়ুমণ্ডললৈ যায়। কিছু পৰিমাণে পানী জীৱৰ বিভিন্ন বিপাকীয় ক্ৰিয়াৰ ফলত বায়ুমণ্ডললৈ বাষ্প আকাৰে আহে। ফলত বায়ু গৰম হৈ পৰে। এই গৰম বায়ুৱে জলীয় বাষ্প ধৰি ৰাখে। গৰম বায়ু প্ৰসাৰণ হৈ লাহে লাহে ঠাণ্ডা হ’বলৈ ধৰে। ফলত পানীৰ কণিকা গোট মাৰি সৰু সৰু টোপালৰ আকাৰে ওলমি থাকে। ঘনীভৱনৰ ফলত বায়ুমণ্ডলত থকা ধূলি কণিকাবোৰেও বাষ্প আকাৰে পানী কণিকাবোৰ টোপাল আকাৰে ওলমি থাকে। ইয়াকে ডাৱৰ বোলে।

5. বায়ু প্রদূষণ সৃষ্টি কৰা যিকোনো তিনিটা কাৰ্যকলাপৰ তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ  1. ঘৰত আৰু কাৰখানাত কাঠ আৰু কয়লাৰ দহন।

2. নিৰ্বনানীকৰণ, যিয়ে বায়ুৰ CO2 ৰ শোষণ হ্রাস কৰে।

3. যান-বাহনৰ পৰা কাৰ্বন মন’ক্সাইড (CO₂) ৰ নির্গমন ।

প্ৰশ্নাৱলী- 2

1. জীৱসমূহক পানীৰ কিয় প্রয়োজন হয়?

2. নগৰ, মহানগৰ, গাঁও অঞ্চলৰ নিৰ্মল পানীৰ উৎস কি? তুমি ক’ত বাস কৰা?

3. কি কি কাৰ্যকলাপৰ বাবে পানী প্ৰদূষণ হ’ব পাৰে?

প্ৰশ্নাৱলী- 3

1. মাটি কেনেকৈ গঠন হয়?

২. মাটিৰ ক্ষয়ীভৱন (soil erosion) কি?

3. মাটি ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিবলৈ কি কি ব্যৱস্থা হাতত ল’বা?

প্ৰশ্নাৱলী-4

1. কি কি অৱস্থাত জলচক্ৰত পানী পোৱা যায়?

2. জৈৱিক কাৰণত প্রয়োজনীয় অক্সিজেন আৰু নাইট্ৰ’জেনযুক্ত দুটা যৌগৰ নাম লিখা।

3. বায়ুত CO₂ ৰ পৰিমাণ বৃদ্ধি কৰা মানুহৰ দ্বাৰা সংঘটিত তিনিটা কাৰ্যকলাপ উল্লেখ কৰা।

4. সেউজগৃহ প্ৰভাৱ কি?

5. বায়ুমণ্ডলত কি কি দুটা অৱস্থাত অক্সিজেন পোৱা যায়?

অনুশীলনী

1. জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্ৰয়োজন কি?

2. পানী জীৱৰ কাৰণে কিয় প্রয়োজনীয়?

3. কেনেকৈ জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে? পানীত বাস কৰা জীৱসমূহ মাটিৰ পৰা সম্পূৰ্ণভাৱে আত্মনিৰ্ভৰশীলনে?

4. তোমালোকে নিশ্চয় দূৰদৰ্শন আৰু বাতৰি কাকতত বতৰৰ আগলি বতৰাৰ প্ৰতিবেদন

দেখিছা। বতৰৰ আগলি বতৰা কেনেকৈ পাওঁ বুলি ধাৰণা কৰা?

5. মানুহৰ বিভিন্ন কাৰ্যকলাপৰ দ্বাৰা বায়ু, পানী আৰু মাটিভাগত প্ৰদূষণ সৃষ্টি হয়। তোমালোকে ভাবা নেকি যে কোনো নির্দিষ্ট অঞ্চলত এই কাৰ্যকলাপৰ চিনাক্ত কৰিব পাৰিলে প্ৰদূষণৰ মাত্রা কমিব বুলি?

6. বনাঞ্চল সমূহে বায়ু, মাটি আৰু পানীৰ গুণাগুণৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায় এটা টোকা লিখা।

Updated on- 18/10/2025

Scroll to Top