আমি অসুস্থ হওঁ কিয়?

১. পাঠভিত্তিক প্ৰশ্নাৱলী আৰু সমাধান (In-Text Questions)

■ পৃষ্ঠা নং ১৭৮ ৰ প্ৰশ্নাৱলী

প্ৰশ্ন ১: সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰ: সুস্বাস্থ্যৰ বাবে দুটা প্ৰধান ব্যৱস্থা হ’ল:

  1. পৰ্যাপ্ত আৰু সুষম পুষ্টিকৰ আহাৰ গ্ৰহণ: শৰীৰৰ বৃদ্ধি, বিকাশ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে সুষম খাদ্য অতি প্ৰয়োজনীয়।

  2. পৰিষ্কাৰ-পৰিচ্ছন্ন পাৰিপাৰ্শ্বিক পৰিৱেশ: খোৱাপানী বিশুদ্ধ হোৱা আৰু চাৰিওফালৰ নলা-নৰ্দমা, আবৰ্জনা নিষ্কাষণৰ সুব্যৱস্থা থকা।

প্ৰশ্ন ২: ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰ:

  1. ৰোগ সৃষ্টিকাৰী বীজাণু আৰু সংক্ৰমণৰ উৎসৰ পৰা আঁতৰি থকা (ব্যক্তিগত আৰু সামাজিক স্বচ্ছতা ৰক্ষা কৰা)।

  2. উপযুক্ত সময়ত প্ৰতিৰোধমূলক ছিটাকৰণ (Vaccination) লোৱা।

প্ৰশ্ন ৩: ওপৰৰ দুয়োটা প্ৰশ্নৰ উত্তৰ একেধৰণৰ নে বেলেগ? কিয়?

উত্তৰ: উত্তৰ দুটা প্ৰায় বেলেগ।

কাৰণ: ‘সুস্বাস্থ্য’ মানে কেৱল ৰোগ নোহোৱাটোকে নুবুজায়, বৰঞ্চ এজন ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু সামাজিকভাৱে সুস্থ-সবল হৈ নিজৰ পূৰ্ণ কাৰ্যক্ষমতা প্ৰদৰ্শন কৰাটোক বুজায় (য’ত সামাজিক সমতা আৰু মানসিক প্ৰশান্তিও অন্তৰ্ভুক্ত)। আনহাতে ‘ৰোগমুক্ত হোৱা’ মানে কেৱল নিৰ্দিষ্ট কোনো দৈহিক বিসংগতি বা বীজাণুজনিত অসুস্থতাৰ পৰা আঁতৰি থকাটোক বুজায়।

■ পৃষ্ঠা নং ১৮০ ৰ প্ৰশ্নাৱলী

প্ৰশ্ন ১: যদি তুমি অসুস্থ হৈছা আৰু যাৰ বাবে ডাক্তৰৰ ওচৰত চিকিৎসা কৰিব লাগে বুলি ভাবিছা তাৰ তিনিটা কাৰণ উল্লেখ কৰা। যদি ইয়াৰ কাৰণ মাত্ৰ এটা তেতিয়া ডাক্তৰৰ ওচৰলৈ যাবানে? কিয় যাবা বা নাযাবা?

উত্তৰ:

তিনিটা কাৰণ হ’ল: (১) ক্ৰমাগত তীব্ৰ জ্বৰ, (২) অবিৰত কাহ আৰু উশাহ-নিশাহত কষ্ট, (৩) তীব্ৰ পেটৰ বিষ বা সঘনাই বমি-শৌচ হোৱা।

যদি মাত্ৰ এটা কাৰণো থাকে (যেনে— কেৱল তীব্ৰ জ্বৰ বা অবিৰত মূৰৰ বিষ), তথাপিও ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। কাৰণ সেই এটা লক্ষণেই কোনো গুৰুতৰ বা জটিল ৰোগৰ (যেনে— মেলেৰিয়া, টাইফয়েড বা মেনিঞ্জাইটিছ) আগজাননী হ’ব পাৰে, যাৰ সঠিক কাৰণ ডাক্তৰৰ পৰীক্ষাৰ দ্বাৰাহে গম পোৱা যায়।

প্ৰশ্ন ২: তলৰ কোনটো ৰোগৰ কাৰণে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে? যদি পৰে কিয়? (জন্দিচ, ওকণি, শালমইনা)

উত্তৰ: জন্দিচ (Jaundice) ৰোগত ভোগিলে স্বাস্থ্যত গুৰুতৰ আৰু দীৰ্ঘম্যাদী প্ৰভাৱ পৰিব।

কাৰণ: জন্দিচ এবিধ যকৃৎ (Liver) সম্বন্ধীয় ৰোগ। যকৃতে খাদ্য পাচন, শক্তি সঞ্চয় আৰু দেহৰ ক্ষতিকাৰক পদাৰ্থ নিষ্কাষণত মুখ্য ভূমিকা লয়। যকৃৎ আক্ৰান্ত হ’লে সমগ্ৰ শৰীৰৰ বিপাকীয় কাৰ্য ব্যাহত হয়, প্ৰচণ্ড দুৰ্বলতা আহে আৰু আৰোগ্য হ’বলৈ দীৰ্ঘ সময়ৰ প্ৰয়োজন হয়। আনহাতে ওকণি বা শালমইনা স্থানীয় সাময়িক সমস্যা, যিয়ে সমগ্ৰ স্বাস্থ্যৰ ওপৰত বিশেষ প্ৰভাৱ নেপেলায়।

■ পৃষ্ঠা নং ১৮৭ ৰ প্ৰশ্নাৱলী

প্ৰশ্ন ১: আমি অসুস্থ হ’লে কিয় সোৱাদহীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে পৰামৰ্শ দিয়া হয়?

উত্তৰ: অসুস্থ অৱস্থাত আমাৰ পাচনতন্ত্ৰ দুৰ্বল হৈ পৰে। অতি তেল-মচলাযুক্ত খাদ্য সহজে হজম নহয়। সোৱাদহীন আৰু পাতল খাদ্য সহজে হজম হয় আৰু পুষ্টিকৰ উপাদানে শৰীৰৰ ক্ষতিগ্ৰস্ত কলা মেৰামতি কৰাৰ লগতে ৰোগ প্ৰতিৰোধ তন্ত্ৰক (Immune System) শক্তিশালী কৰি দ্ৰুত আৰোগ্য লাভত সহায় কৰে।

প্ৰশ্ন ২: কি কি প্ৰক্ৰিয়াৰ দ্বাৰা সংক্ৰামক ৰোগসমূহ সঞ্চাৰিত হয়?

উত্তৰ: সংক্ৰামক ৰোগসমূহ তলৰ প্ৰক্ৰিয়াৰে সঞ্চাৰিত হয়:

  1. বায়ুৰ দ্বাৰা (Air-borne): কাহ, হাঁচি আদিৰ জৰিয়তে (যেনে— চৰ্দি, নিউম’নিয়া, যক্ষ্মা)।

  2. পানী আৰু খাদ্যৰ দ্বাৰা (Water & Food-borne): দূষিত পানী বা খাদ্য গ্ৰহণৰ দ্বাৰা (যেনে— কলেৰা, টাইফয়েড, জন্দিচ)।

  3. ভৌতিক স্পৰ্শ আৰু যৌন সংস্পৰ্শৰ দ্বাৰা (Contact / Sexual): যেনে— চৰ্মৰোগ, চিফিলিছ, এইডছ (AIDS)।

  4. ৰোগৰ বাহক প্ৰাণীৰ দ্বাৰা (Vectors): মহ, মাখি, বলীয়া কুকুৰ আদিৰ দ্বাৰা (যেনে— মেলেৰিয়া, ডেংগু, জলাতংক)।

প্ৰশ্ন ৩: তোমালোকৰ স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহ’বৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিছা?

উত্তৰ:

  1. খোৱাপানীৰ উৎস পৰিষ্কাৰ ৰখা আৰু বিশুদ্ধ ফিল্টাৰ পানীৰ ব্যৱস্থা কৰা।

  2. শ্ৰেণীকোঠাত উপযুক্ত বায়ু চলাচল (Ventilation) নিশ্চিত কৰা আৰু কোনো ছাত্ৰ-ছাত্ৰী সংক্ৰামক ৰোগত ভুগিলে কেইদিনমান ঘৰত জিৰণি ল’বলৈ দিয়া।

  3. বিদ্যালয়ৰ শৌচাগাৰ আৰু চৌহদ নিয়মীয়াকৈ বীজাণুমুক্ত কৰি পৰিষ্কাৰ ৰখা।

  4. আহাৰ গ্ৰহণৰ পূৰ্বে চাবোনেৰে হাত ধোৱাৰ অভ্যাস গঢ়ি তোলা।

প্ৰশ্ন ৪: অসংক্ৰাম্যকৰণ কি?

উত্তৰ: নিৰ্দিষ্ট কোনো ৰোগৰ নিষ্ক্ৰিয় বা দুৰ্বল বীজাণু (টিকা বা ছিটা) শৰীৰত প্ৰৱেশ কৰাই দেহৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰক (অসংক্ৰাম্য তন্ত্ৰ) কৃত্ৰিমভাৱে উদ্দীপিত কৰি সেই ৰোগৰ বিৰুদ্ধে স্থায়ী প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলা প্ৰক্ৰিয়াকে অসংক্ৰাম্যকৰণ বা ছিটাকৰণ (Immunization / Vaccination) বোলে।

প্ৰশ্ন ৫: তোমালোকৰ অঞ্চলৰ স্বাস্থ্যকেন্দ্ৰত অসংক্ৰাম্যকৰণৰ কি কি ব্যৱস্থা আছে? তোমালোকৰ অঞ্চলত কি কি ৰোগৰ প্ৰভুত্ব বেছি?

উত্তৰ:

  • স্বাস্থ্যকেন্দ্ৰত শিশু আৰু গৰ্ভৱতী মহিলাসকলৰ বাবে BCG, পলিঅ’ (Polio), DPT (ডিপথেৰিয়া, হোপিং কাহ, টিটেনাছ), হেপাটাইটিছ-বি, সৰু আই (Measles) আদিৰ বিনামূলীয়া ছিটা প্ৰদানৰ নিয়মীয়া কাৰ্যসূচী থাকে।

  • আমাৰ অঞ্চলত সাধাৰণতে ঋতুভিত্তিক পানী লগা জ্বৰ, ডেংগু, মেলেৰিয়া, ডায়েৰিয়া আৰু টাইফয়েড আদি ৰোগৰ প্ৰাদুৰ্ভাৱ বেছিকৈ দেখা যায়।

২. অনুশীলনীৰ সমাধানসমূহ (Exercise Solutions 1 to 6)

প্ৰশ্ন ১: যোৱা এবছৰ ধৰি কিমানবাৰ তুমি অসুস্থ হৈছা? সেই বেমাৰবোৰ কি কি আছিল?

উত্তৰ: যোৱা এবছৰত মই ২ বাৰ অসুস্থ হৈছিলোঁ— এবাৰ পানী লগা জ্বৰ আৰু এবাৰ পেটৰ বিষ/ডায়েৰিয়া।

(a) বেমাৰত অসুস্থ হওঁতে ইয়াৰ পৰা পৰিহাৰ পাবলৈ তোমাৰ অভ্যাসৰ কি কি পৰিবৰ্তন হৈছিল?

উত্তৰ: সদায় উতলোৱা বিশুদ্ধ পানী খোৱাৰ অভ্যাস কৰিলোঁ, বাহিৰৰ খোলা আৰু অস্বাস্থ্যকৰ খাদ্য পৰিহাৰ কৰিলোঁ, আৰু আহাৰ খোৱাৰ আগত চাবোনেৰে হাত ধোৱাত গুৰুত্ব দিলোঁ।

(b) বেমাৰৰ পৰিহাৰৰ কাৰণে তোমাৰ পাৰিপাৰ্শ্বিকতাৰ কি সলনি হোৱাটো বিচাৰা?

উত্তৰ: ঘৰৰ কাষৰ নলা-নৰ্দমাবোৰ সদায় পৰিষ্কাৰ হৈ থকাটো আৰু আৱৰ্জনা যাতে ক’তো জমা হৈ মহ-মাখিৰ বংশবৃদ্ধি নহয়, তাৰ নিয়মীয়া পৌৰনিগম ব্যৱস্থা বিচাৰোঁ।

প্ৰশ্ন ২: এজন চিকিৎসক/নাৰ্ছ/স্বাস্থ্যকৰ্মীয়ে আন মানুহৰ তুলনাত অসুস্থ মানুহৰ লগত বেছিকৈ মিলামিছা কৰি থাকে। নিজকে তেওঁ কেনেকৈ ৰোগৰ পৰা পৰিহাৰ পাইছে?

উত্তৰ: চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে তলত দিয়া সুৰক্ষামূলক ব্যৱস্থাসমূহ গ্ৰহণ কৰে:

  1. ৰোগী পৰীক্ষাৰ সময়ত মাস্ক, গ্ল’ভছ আৰু প্ৰয়োজন সাপেক্ষে বিশেষ সুৰক্ষামূলক পোছাক (PPE) পৰিধান কৰে।

  2. প্ৰতিজন ৰোগী স্পৰ্শ কৰাৰ পিছত নিয়মীয়াকৈ চাবোন বা এলক’হলযুক্ত চেনিটাইজাৰেৰে হাত বীজাণুমুক্ত কৰে।

  3. সংক্ৰামক ৰোগসমূহৰ প্ৰতিৰোধমূলক সকলো ছিটা (টিকা) তেওঁলোকে আগতীয়াকৈ লৈ থাকে।

  4. ব্যৱহৃত চিকিৎসা সঁজুলিসমূহ (যেনে— বেজী, কেঁচী ইত্যাদি) সম্পূৰ্ণ বীজাণুমুক্ত (Sterilize) কৰি ব্যৱহাৰ কৰে।

প্ৰশ্ন ৩: তোমাৰ অঞ্চলত সঘনাই হোৱা ৰোগসমূহৰ ওপৰত জৰীপ চলোৱা। ৰোগসমূহ নিবাৰণৰ কাৰণে কৰ্তৃপক্ষলৈ তিনিটা পৰামৰ্শ আগবঢ়োৱা।

উত্তৰ: আমাৰ অঞ্চলত সাধাৰণতে মেলেৰিয়া, ডেংগু, ডায়েৰিয়া আৰু টাইফয়েডৰ প্ৰাদুৰ্ভাৱ বেছি দেখা যায়। এই ৰোগসমূহ নিবাৰণৰ বাবে কৰ্তৃপক্ষলৈ তিনিটা পৰামৰ্শ হ’ল:

  1. সমগ্ৰ অঞ্চলত নিয়মীয়াকৈ নলা-নৰ্দমা পৰিষ্কাৰ কৰা আৰু মহ প্ৰতিৰোধী ধোঁৱা (Fogging) ও ঔষধ ছটিওৱা।

  2. সকলো নাগৰিকৰ বাবে পাইপযোগে বিশুদ্ধ খোৱাপানী যোগান নিশ্চিত কৰা আৰু নিয়মীয়াকৈ পানীৰ টেংকী বীজাণুমুক্ত কৰা।

  3. কঠিন আৰু তৰল আৱৰ্জনা নিয়মীয়াকৈ সংগ্ৰহ কৰি বৈজ্ঞানিক পদ্ধতিৰে নিষ্কাষণ কৰা।

প্ৰশ্ন ৪: এটা শিশুৱে তাৰ পৰিচৰ্যাক অসুস্থতাৰ বিষয়ে একো ক’ব নোৱাৰে। এনে ক্ষেত্ৰত তুমি কি সহায় কৰিবা যে— (a) শিশুটো অসুস্থ হৈছে? (b) কি কাৰণে অসুস্থ হৈছে?

উত্তৰ:

(a) শিশুটো অসুস্থ হৈছে কেনেকৈ বুজিব:

১. শিশুটোৱে অবিৰতভাৱে কান্দি থকা আৰু নিস্তেজ হৈ পৰা লক্ষ্য কৰি।

২. শৰীৰৰ উষ্ণতা বৃদ্ধি পোৱা (জ্বৰ)।

৩. খাদ্য খাবলৈ নিবিচৰা আৰু বাৰে বাৰে বমি বা পাতল শৌচ কৰা লক্ষ্য কৰি।

(b) কি কাৰণে অসুস্থ হৈছে কেনেকৈ জানিব:

১. লক্ষণসমূহ পৰীক্ষা কৰি— ক্ৰমাগত কাহত শ্বাসকষ্ট হ’লে নিউম’নিয়া/চৰ্দি, পেট ফুলা আৰু পাতল শৌচ হ’লে পেটৰ সংক্ৰমণ বুলি অনুমান কৰিব পাৰি।

২. কোনো নিৰ্দিষ্ট অংগত (যেনে কাণ বা পেটত) হাত দিলে বেছিকৈ কান্দিলে তাত বিষ হোৱা বুজা যায়।

৩. সঠিক কাৰণ আৰু চিকিৎসাৰ বাবে চিকিৎসকৰ ওচৰলৈ নি লেবৰেটৰী পৰীক্ষা কৰোৱা হয়।

প্ৰশ্ন ৫: তলৰ কোনটো কাৰণত এজন ব্যক্তি বেছিকৈ বেমাৰত পৰিব—

(a) যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈছে।

(b) যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈ মাজু আই (Chicken Pox) ত ভোগা ৰোগীক পৰিচৰ্যা কৰে।

(c) মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পাছত চাৰিদিনৰ বাবে লঘোনে থকা অৱস্থাত মাজু আইত আক্ৰান্ত ৰোগীক পৰিচৰ্যা কৰে।

উত্তৰ: (c) কাৰণত ব্যক্তিজন আটাইতকৈ বেছিকৈ বেমাৰত পৰিব।

কাৰণ: মেলেৰিয়াৰ পৰা আৰোগ্য হোৱাৰ পিছতো ব্যক্তিজনৰ শৰীৰ যথেষ্ট দুৰ্বল হৈ থাকে। তাৰ ওপৰি ৪ দিন লঘোনে থকা বাবে পুষ্টিহীনতাৰ ফলত তেওঁৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰ (Immune System) চূড়ান্তভাৱে দুৰ্বল হৈ পৰিব। এনে অৱস্থাত মাজু আইৰ অতি সংক্ৰামক ভাইৰাছৰ সংস্পৰ্শলৈ আহিলে তেওঁ সহজে সেই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা সৰ্বাধিক।

প্ৰশ্ন ৬: তলৰ কোনটো কাৰণত তুমি বেমাৰত পৰিব পাৰা— (a) যেতিয়া তুমি পৰীক্ষাৰ কাৰণে বেছিকৈ অধ্যয়ন কৰা, (b) যেতিয়া তুমি বাছ আৰু ৰেলেৰে দুদিন একেৰাহে যাত্ৰা কৰা, (c) যেতিয়া তোমাৰ সহপাঠী বন্ধু সৰু আই ৰোগত আক্ৰান্ত হয়। কিয়?

উত্তৰ: (c) যেতিয়া সহপাঠী বন্ধু সৰু আই (Measles) ৰোগত আক্ৰান্ত হয়।

কাৰণ: সৰু আই এবিধ অতি সংক্ৰামক ভাইৰাছজনিত বায়ুবাহিত ৰোগ। আক্ৰান্ত বন্ধুজনে কাহ বা হাঁচি মাৰিলে বতাহৰ ড্ৰপলেটৰ জৰিয়তে এই ভাইৰাছ সহজে সুস্থ সহপাঠীৰ শৰীৰত প্ৰৱেশ কৰি সংক্ৰমণ ঘটায়। আনহাতে বেছিকৈ পঢ়িলে বা যাত্ৰা কৰিলে শাৰীৰিক আৰু মানসিক ভাগৰ লাগিব পাৰে, কিন্তু সংক্ৰামক বীজাণুৰ অনুপস্থিতিত কোনো সংক্ৰামক ৰোগ নহয়।

Scroll to Top