খাদ্য সম্পদৰ উৎকৰ্ষ সাধন

প্ৰশ্নাৱলী আৰু সমাধান (In-Text Questions)

■ পৃষ্ঠা নং ২০৪ ৰ প্ৰশ্নাৱলী 

প্ৰশ্ন ১: শস্য, মাহ, ফলমূল আৰু শাক-পাচলিৰ পৰা আমি কি আহৰণ কৰো?

উত্তৰ:

  • খাদ্যশস্য (ধান, ঘেঁহু, গোমধান, বজ্ৰা আদি): শৰীৰৰ শক্তিৰ প্ৰধান উৎস কাৰ্বহাইড্ৰেট যোগান ধৰে।

  • মাহজাতীয় শস্য (বুট, মটৰ, মাটিমাহ, মচুৰ, অৰহৰ আদি): শৰীৰ গঠনকাৰী প্ৰ’টিন যোগান ধৰে।

  • তৈলবীজ (সৰিয়হ, চীনাবাদাম, চয়াবীন, তিল, বেলিফুল আদি): প্ৰয়োজনীয় চৰ্বী বা স্নেহপদাৰ্থ (Fats) যোগান ধৰে।

  • ফলমূল, শাক-পাচলি আৰু মচলা: প্ৰচুৰ পৰিমাণে ভিটামিন (খাদ্যপ্ৰাণ), খনিজ লৱণ আৰু জৈৱিক আঁহ যোগান ধৰে।

■ পৃষ্ঠা নং ২০৫ ৰ প্ৰশ্নাৱলী

প্ৰশ্ন ১: শস্য উৎপাদনত জৈৱিক আৰু অজৈৱিক কাৰকবোৰে কেনেদৰে প্ৰভাৱ পেলায়?

উত্তৰ:

  • জৈৱিক কাৰক (Biotic factors): বেমাৰৰ বীজাণু (বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ), অনিষ্টকাৰী কীট-পতংগ, এন্দুৰ আৰু অপতৃণে শস্য খাই নষ্ট কৰে, পাত আৰু কাণ্ড ধ্বংস কৰে আৰু উৎপাদন বহুগুণে হ্ৰাস কৰে।

  • অজৈৱিক কাৰক (Abiotic factors): খৰাং, বানপানী বা পানীৰ আধিক্য, মাটিৰ অতিমাত্ৰা লৱণাক্ততা, হিমপ্ৰপাত, অত্যধিক ঠাণ্ডা বা গৰমে শস্যৰ অংকুৰণ, বৃদ্ধি আৰু পূৰঠ হোৱাত বাধা জন্মাই শস্যৰ মান নষ্ট কৰে।

প্ৰশ্ন ২: শস্যৰ উৎকৰ্ষ সাধনত কোনবিলাক শস্য সম্বন্ধীয় আকাংক্ষিত বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ বিবেচনা কৰা হয়?

উত্তৰ:

  1. পশুধনৰ ঘাঁহজাতীয় শস্যৰ ক্ষেত্ৰত: ওখ হোৱা আৰু জোপোহা (অধিক ডাল-পাতযুক্ত) হোৱা চৰিত্ৰ নিৰ্বাচন কৰা হয় যাতে অধিক খাদ্য উৎপাদন হয়।

  2. ধানজাতীয় শস্যৰ ক্ষেত্ৰত: চাপৰ বা বাওনা হোৱা চৰিত্ৰ বাছনি কৰা হয় যাতে সিহঁতে কম পৰিমাণে পুষ্টি গ্ৰহণ কৰে আৰু বতাহ-ধুমুহাত সহজে বাগৰি নপৰে।

■ পৃষ্ঠা নং ২০৬ ৰ প্ৰশ্নাৱলী

প্ৰশ্ন ১: মুখ্য অনুপোষকবিলাক কি কি আৰু এইবিলাকক কিয় মুখ্য অনুপোষক বুলি কোৱা হয়?

উত্তৰ: মুখ্য অনুপোষক ৬ বিধ হ’ল: নাইট্ৰ’জেন (N), ফছফৰাছ (P), পটাছিয়াম (K), কেলছিয়াম (Ca), মেগনেছিয়াম (Mg), আৰু ছালফাৰ (S)

উদ্ভিদৰ বৃদ্ধি, বিকাশ আৰু পুষ্টিৰ বাবে এই ৬ বিধ পোষক দ্ৰব্য মাটিৰ পৰা অধিক মাত্ৰাত প্ৰয়োজন হয় বাবে এইবোৰক মুখ্য অনুপোষক (Macronutrients) বোলে।

প্ৰশ্ন ২: উদ্ভিদে অনুপোষক দ্ৰব্যবিলাক ক’ৰ পৰা কেনেকৈ আহৰণ কৰে?

উত্তৰ: উদ্ভিদে মুঠ ১৬ বিধ প্ৰয়োজনীয় অনুপোষক দ্ৰব্য আহৰণ কৰে:

  • বায়ুৰ পৰা: কাৰ্বন (C) আৰু অক্সিজেন (O) বায়ুমণ্ডলৰ পৰা পত্ৰৰন্ধ্ৰৰ জৰিয়তে।

  • পানীৰ পৰা: হাইড্ৰ’জেন (H) আৰু অক্সিজেন (O) শিপাৰ দ্বাৰা শোষণ কৰে।

  • মাটিৰ পৰা: বাকী ১৩ বিধ অনুপোষক (৬ বিধ মুখ্য আৰু ৭ বিধ ক্ষুদ্ৰমাত্ৰিক) শিপাৰ মূলৰোমৰ দ্বাৰা পানীত দ্ৰৱীভূত খনিজ লৱণ হিচাপে আহৰণ কৰে।

■ পৃষ্ঠা নং ২০৭ ৰ প্ৰশ্নাৱলী

প্ৰশ্ন ১: মাটিৰ উৰ্বৰতা ৰক্ষা কৰাত জৈৱসাৰ আৰু কৃটিম সাৰৰ প্ৰয়োগৰ ভূমিকাৰ মাজত তুলনা কৰা।

উত্তৰ:

বৈশিষ্ট্য

জৈৱ সাৰ (Manure)

কৃটিম সাৰ (Fertilizers)

 

উৎস

জীৱ-জন্তুৰ মল-মূত্ৰ আৰু উদ্ভিদৰ পচনৰ পৰা প্ৰাকৃতিকভাৱে প্ৰস্তুত।

কাৰখানাত ৰাসায়নিকভাৱে প্ৰস্তুত অজৈৱিক যৌগ।

মাটিৰ গঠন

প্ৰচুৰ হিউমাছ যোগ কৰি মাটিৰ পানী ধাৰণ ক্ষমতা আৰু গঠন উন্নত কৰে।

মাটিত হিউমাছ যোগ নকৰে; বেছিকৈ দিলে মাটিৰ গঠন নষ্ট হয়।

কাৰ্যকাৰিতা

লাহে লাহে কাম কৰে কিন্তু মাটিৰ উৰ্বৰতা দীৰ্ঘম্যাদীভাৱে ৰক্ষা কৰে।

তৎক্ষণাত পুষ্টি যোগান ধৰে কিন্তু দীৰ্ঘকালীন উৰ্বৰতা হ্ৰাস কৰে।

পৰিৱেশ প্ৰভাৱ

পৰিৱেশৰ কোনো ক্ষতি নকৰে।

পানী আৰু মাটি প্ৰদূষিত কৰিব পাৰে।

■ পৃষ্ঠা নং ২০৮ ৰ প্ৰশ্নাৱলী

প্ৰশ্ন ১: তলৰ কোনবিলাক অৱস্থাৰ পৰা অধিক লাভবান হ’ব পাৰি?

(a) খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চন নকৰা বা কৃটিম সাৰ প্ৰয়োগ কৰা।

(b) খেতিয়কে সাধাৰণ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চন কৰা আৰু কৃটিম সাৰ প্ৰয়োগ কৰা।

(c) খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা কৰা, কৃটিম সাৰৰ প্ৰয়োগ কৰা আৰু শস্য সুৰক্ষাৰ ব্যৱস্থাপনা গ্ৰহণ কৰা।

উত্তৰ: (c) অৱস্থাৰ পৰা আটাইতকৈ অধিক লাভবান হ’ব পাৰি।

কাৰণ: কেৱল উন্নত বীজ ব্যৱহাৰ কৰিলেই নহ’ব, শস্যৰ সৰ্বোচ্চ উৎপাদন পাবলৈ সময়মতে পানী (জলসিঞ্চন), সঠিক পুষ্টি (সাৰ) আৰু অপতৃণ-কীট-পতংগৰ আক্ৰমণৰ পৰা শস্যক সুৰক্ষা দিয়াৰ সৰ্বাংগীন ব্যৱস্থাপনা গ্ৰহণ কৰাটো অপৰিহাৰ্য।

■ পৃষ্ঠা নং ২০৯ ৰ প্ৰশ্নাৱলী

প্ৰশ্ন ১: শস্য সুৰক্ষাত কিয় প্ৰতিৰোধ ব্যৱস্থা আৰু জৈৱিক নিয়ন্ত্ৰণক অগ্ৰাধিকাৰ দিয়া হয়?

উত্তৰ: ৰাসায়নিক কীটনাশকে শস্য, মাটি আৰু পানী বিষাক্ত কৰি পৰিৱেশ প্ৰদূষণ কৰে আৰু মানুহৰ স্বাস্থ্যৰ ক্ষতি কৰে। কিন্তু প্ৰতিৰোধমূলক ব্যৱস্থা (যেনে— শস্যাৱৰ্তন, সময়মতে বীজ সিঁচা, কীট প্ৰতিৰোধী জাত ব্যৱহাৰ) আৰু জৈৱিক নিয়ন্ত্ৰণে (যেনে— নিম আৰু হালধিৰ ব্যৱহাৰ, প্ৰাকৃতিক শত্ৰু কীটৰ ব্যৱহাৰ) কোনো বিষাক্ত ৰাসায়নিক অৱশিষ্ট নেপেলায়, খৰচ কমায় আৰু পৰিৱেশৰ ভাৰসাম্য সুৰক্ষিত ৰাখে।

প্ৰশ্ন ২: কোনবিলাক কাৰকৰ বাবে ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতি সাধন হয়?

উত্তৰ:

  • জৈৱিক কাৰক: পোক-পতংগ, এন্দুৰ-নিগনি, ভেঁকুৰ, চাঁহী (Mites), আৰু বেক্টেৰিয়া।

  • অজৈৱিক কাৰক: ভঁৰালৰ অনুপযুক্ত বা অতিৰিক্ত আৰ্দ্ৰতা (জলীয় বাষ্প) আৰু অস্বাভাৱিক উষ্ণতা।

■ পৃষ্ঠা নং ২১০ ৰ প্ৰশ্নাৱলী

প্ৰশ্ন ১: গো প্ৰজাতি উন্নত কৰিবৰ কাৰণে কোনটো পদ্ধতি সাধাৰণতে ব্যৱহাৰ কৰা হয় আৰু কিয় কৰা হয়?

উত্তৰ: সংকৰণ বা সংগম-প্ৰজনন (Cross-breeding) পদ্ধতি ব্যৱহাৰ কৰা হয়।

কাৰণ: থলুৱা ৰোগ প্ৰতিৰোধী প্ৰজাতিৰ (যেনে— ৰেড চিন্ধি, সাহিৱাল) সৈতে দীৰ্ঘম্যাদী দুগ্ধ উৎপাদনক্ষম বিদেশী প্ৰজাতিৰ (যেনে— জাৰ্চি, ব্ৰাউন চুইচ) সংকৰণ ঘটাই দুয়োটা জাতৰ আকাংক্ষিত উৎকৃষ্ট গুণবিশিষ্ট (অধিক গাখীৰ দিয়া আৰু ৰোগ প্ৰতিৰোধী) নতুন উন্নত সঁচ সৃষ্টি কৰা হয়।

■ পৃষ্ঠা নং ২১১ ৰ প্ৰশ্নাৱলী

প্ৰশ্ন ১: “ভাৰতীয় হাঁহ-কুকুৰাই হ’ল কম আঁহযুক্ত (মানুহৰ অনুপযোগী) খাদ্যৰ পৰা অতি পুষ্টিকৰ প্ৰাণী প্ৰ’টিনলৈ ৰূপান্তৰ কৰিব পৰা প্ৰাণী” — উক্তিটোৰ তাৎপৰ্য আলোচনা কৰা।

উত্তৰ: মানুহে খাব নোৱাৰা বিভিন্ন কৃষি উপজাত দ্ৰব্য, যেনে— ধানৰ তঁহ, গমৰ ভুহি, শাক-পাচলিৰ অপ্ৰয়োজনীয় অংশ আৰু অপতৃণৰ বীজ আদি হাঁহ-কুকুৰাক খাদ্য হিচাপে দিয়া হয়। হাঁহ-কুকুৰাই এই কম মানৰ আঁহযুক্ত আৱৰ্জনা খাই তাৰ পৰা মানুহৰ বাবে অতি উৎকৃষ্ট আৰু পুষ্টিকৰ প্ৰাণীজ প্ৰ’টিন— কণী আৰু মাংস উৎপাদন কৰে।

প্ৰশ্ন ২: দুগ্ধপাম আৰু হাঁহ-কুকুৰা পাম পৰিচালনাৰ বাবে কি কি অনুশীলন সাধাৰণতে হাতত লোৱা হয়?

উত্তৰ:

  1. পৰিষ্কাৰ, শুকান আৰু উপযুক্ত বায়ু চলাচল থকা বাসস্থান/পামঘৰ নিৰ্মাণ।

  2. প্ৰয়োজনীয় প্ৰ’টিন, চৰ্বী, ভিটামিন আৰু খনিজ লৱণযুক্ত সুষম খাদ্য আৰু বিশুদ্ধ খোৱাপানী যোগান।

  3. পামৰ নিয়মীয়া স্বচ্ছতা ৰক্ষা আৰু বীজাণুনাশক দ্ৰব্য ছটিওৱা।

  4. সংক্ৰামক ৰোগ প্ৰতিৰোধৰ বাবে নিয়মীয়া টীকাকৰণ (Vaccination) আৰু স্বাস্থ্য পৰীক্ষা।

প্ৰশ্ন ৩: ব্ৰইলাৰ আৰু লেয়াৰসমূহৰ মাজত পাৰ্থক্য কি আৰু সিহঁতৰ পৰিচালনাৰ মাজত পাৰ্থক্য কেনে ধৰণৰ?

উত্তৰ:

  • লেয়াৰ (Layer): কণী উৎপাদনৰ বাবে পালন কৰা কুকুৰা। ইহঁতক কণী পৰাৰ বাবে কেলছিয়াম আৰু ভিটামিনযুক্ত সুষম খাদ্যৰ প্ৰয়োজন হয়।

  • ব্ৰইলাৰ (Broiler): মাংস উৎপাদনৰ বাবে পালন কৰা কুকুৰা (৬-৮ সপ্তাহত বিক্ৰী হয়)। ইহঁতৰ বৃদ্ধি দ্ৰুত হ’বলৈ খাদ্যত প্ৰচুৰ প্ৰ’টিন, চৰ্বী আৰু ভিটামিন A ও K যোগান ধৰা হয়।

■ পৃষ্ঠা নং ২১৩ ৰ প্ৰশ্নাৱলী

প্ৰশ্ন ১: কি ধৰণে মাছ ধৰা হয়?

উত্তৰ: দুটা মূল ধৰণে:

  1. প্ৰাকৃতিক আহৰণ (Capture Fishing): নদী, হ্ৰদ বা সাগৰৰ প্ৰাকৃতিক জলাশয়ৰ পৰা নাও, মাছ ধৰা জাল (Fishing Nets), ছোনাৰ আৰু উপগ্ৰহীয় তথ্য ব্যৱহাৰ কৰি মাছ ধৰা।

  2. মীন পালন (Culture Fishery / Aquaculture): বিজ্ঞানসন্মতভাৱে পুখুৰী বা ঘেৰা জলাশয়ত মাছৰ পোনা মেলি পুষ্টি যোগান ধৰি পালন কৰি মাছ আহৰণ কৰা।

প্ৰশ্ন ২: মিশ্ৰিত মীন পালনৰ সুবিধাসমূহ কি কি?

উত্তৰ: একেটা পুখুৰীতে বেলেগ বেলেগ খাদ্য স্তৰৰ ৫-৬ বিধ স্থানীয় আৰু বিদেশী কাৰ্প প্ৰজাতি একেলগে পালন কৰা হয় (যেনে— বাহু মাছ উপৰিভাগত, ৰৌ মাছ মধ্যভাগত, মিৰিকা আৰু কমন কাৰ্প তলিত, আৰু গ্ৰাছ কাৰ্পে ঘাঁহ খায়)।

সুবিধা: পুখুৰীৰ সকলো স্তৰৰ প্ৰাকৃতিক খাদ্যৰ পূৰ্ণ সদব্যৱহাৰ হয়, খাদ্যৰ বাবে কোনো প্ৰতিযোগিতা নহয়, আৰু পুখুৰীটোৰ পৰা সৰ্বোচ্চ উৎপাদন পোৱা যায়।

প্ৰশ্ন ৩: মৌ উৎপাদনৰ কাৰণে বিভিন্ন মৌ প্ৰজাতিবোৰৰ কেনেধৰণৰ বৈশিষ্ট্য থকা প্ৰয়োজন?

উত্তৰ:

  1. অধিক পৰিমাণে মৌ সংগ্ৰহ আৰু উৎপাদন ক্ষমতা থাকিব লাগিব।

  2. মৌচাকত বহুদিনলৈ তিষ্ঠি থকাৰ প্ৰৱণতা থাকিব লাগিব (চাক এৰি গুচি যোৱাৰ অভ্যাস কম হ’ব লাগিব)।

  3. ডংশন কম কৰাৰ (শান্ত প্ৰকৃতিৰ) হ’ব লাগিব।

  4. দ্ৰুত প্ৰজনন আৰু বংশবৃদ্ধি ক্ষমতা থাকিব লাগিব।

প্ৰশ্ন ৪: পেষ্টুৰেজ (Pasturage) কি আৰু মৌ উৎপাদনৰ লগত ইয়াৰ কি সম্পৰ্ক?

উত্তৰ: মৌমাখিয়ে ফুলৰ মৌ-ৰস (Nectar) আৰু পৰাগ ৰেণু (Pollen) সংগ্ৰহ কৰিবলৈ বিচৰণ কৰা চাৰিওফালৰ গছ-গছনি, ফুলনি আৰু শস্যক্ষেত্ৰৰ ফুলসমূহক একেলগে পেষ্টুৰেজ বা চৰণীয়া অঞ্চল বোলে।

সম্পৰ্ক: পেষ্টুৰেজত ফুলৰ প্ৰাচুৰ্য আৰু প্ৰকাৰৰ ওপৰত মৌ উৎপাদনৰ পৰিমাণ আৰু মৌজোলৰ স্বাদ, সুগন্ধি আৰু গুণগত মান সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে।

২. অনুশীলনীৰ সমাধানসমূহ (Exercise Solutions 1 to 9)

প্ৰশ্ন ১: শস্যৰ অধিক উৎপাদন কৰিব পৰা যিকোনো এটা পদ্ধতিৰ বিষয়ে বৰ্ণনা দিয়া।

উত্তৰ: শস্যৰ সঁচৰ উৎকৰ্ষ সাধন (Crop Variety Improvement / Hybridization):

জিনীয়ভাৱে ভিন্ন দুটা উৎকৃষ্ট জাতৰ উদ্ভিদৰ মাজত ক্ৰছ-ব্ৰীডিং বা বৰ্ণসংকৰণ ঘটাই অধিক উৎপাদনক্ষম, ৰোগ প্ৰতিৰোধী, খৰাং আৰু বান সহনশীল নতুন উন্নত সঁচ উদ্ভাৱন কৰা হয়। উদাহৰণস্বৰূপে— অধিক উৎপাদনক্ষম আৰু ৰোগ প্ৰতিৰোধী ধান আৰু ঘেঁহুৰ সংকৰ প্ৰজাতিয়ে সেউজ বিপ্লৱৰ সূচনা কৰিছিল।

প্ৰশ্ন ২: পথাৰত কিয় জৈৱ সাৰ আৰু কৃটিম সাৰ প্ৰয়োগ কৰা হয়?

উত্তৰ: শস্যই বাৰে বাৰে মাটিৰ পৰা পুষ্টি শোষণ কৰাৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস পায়। শস্যৰ বৃদ্ধি আৰু অধিক উৎপাদনৰ বাবে প্ৰয়োজনীয় ১৬ বিধ অনুপোষক (বিশেষকৈ নাইট্ৰ’জেন, ফছফৰাছ আৰু পটাছিয়াম) যোগান ধৰিবলৈ, মাটিৰ গঠন উন্নত কৰিবলৈ আৰু পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰিবলৈ পথাৰত জৈৱ সাৰ আৰু কৃটিম সাৰ প্ৰয়োগ কৰা হয়।

প্ৰশ্ন ৩: অন্তৰাৱৰ্তী কৃষি পদ্ধতি আৰু শস্যাৱৰ্তনৰ সুবিধাসমূহ কি কি?

উত্তৰ:

  • অন্তৰাৱৰ্তী কৃষিৰ সুবিধা: মাটিত প্ৰয়োগ কৰা সকলো পুষ্টিৰ সৰ্বোচ্চ ব্যৱহাৰ হয়; এটা শস্যৰ বেমাৰ বা কীট-পতংগ সমগ্ৰ পথাৰখনলৈ বিয়পিব নোৱাৰে; একেডৰা মাটিতে দুটা শস্যৰ পৰা নিশ্চিত উৎপাদন পোৱা যায়।

  • শস্যাৱৰ্তনৰ সুবিধা: মাটিৰ উৰ্বৰতা অটুট থাকে (বিশেষকৈ মাহজাতীয় শস্য কৰিলে নাইট্ৰ’জেন বৃদ্ধি পায়); কীট-পতংগ আৰু অপতৃণৰ জীৱনচক্ৰ বিঘ্নিত হৈ ইহঁতৰ উপদ্ৰৱ কমে; একেডৰা মাটিতে বছৰত ২-৩ টা বিভিন্ন শস্য চপাব পাৰি।

প্ৰশ্ন ৪: জিনীয় সালসলনি কৌশল কি? ই কৃষি পদ্ধতিত কিয় উপযোগী?

উত্তৰ: উদ্ভিদৰ জিনীয় গঠনত কৃত্ৰিমভাৱে আন কোনো উৎসৰ পৰা কোনো এক বিশেষ আকাংক্ষিত চৰিত্ৰৰ জিন (Gene) সন্নিৱিষ্ট কৰি শস্যৰ বংশগত গুণ সলনি কৰা জৈৱ-প্ৰযুক্তিবিদ্যাৰ প্ৰক্ৰিয়াকে জিনীয় সালসলনি কৌশল (Genetic Modification) বোলে।

উপযোগিতা: ইয়াৰ দ্বাৰা কীট-পতংগ প্ৰতিৰোধী (যেনে— Bt কপাহ), খৰাং আৰু লৱণ সহনশীল, অধিক পুষ্টিকৰ আৰু অতি উচ্চ উৎপাদনক্ষম জিনীয়ভাৱে ৰূপান্তৰিত শস্য (GM Crops) প্ৰস্তুত কৰিব পাৰি।

প্ৰশ্ন ৫: ভঁৰালত মজুত কৰি ৰখা শস্যৰ কেনেদৰে ক্ষতি সাধন হয়?

উত্তৰ: ভঁৰালত শস্যৰ ক্ষতি দুই প্ৰকাৰে হয়:

  1. জৈৱিক কাৰক: পোক-পতংগ, এন্দুৰ, ভেঁকুৰ আৰু বেক্টেৰিয়াই শস্য খাই নষ্ট কৰে, ভিতৰৰ অংশ ফোঁপোলা কৰে আৰু অপৰিষ্কাৰ মল-মূত্ৰ ত্যাগ কৰি বীজাণু বিয়পায়।

  2. অজৈৱিক কাৰক: ভঁৰালৰ অতিৰিক্ত আৰ্দ্ৰতা আৰু উষ্ণতাৰ বাবে শস্যত ভেঁকুৰ গজে, বীজৰ ওজন কমে, অংকুৰণ ক্ষমতা নষ্ট হয়, বৰণ সলনি হয় আৰু বজাৰ মূল্য হেৰুৱায়।

প্ৰশ্ন ৬: পশুপালনৰ (Animal husbandry) দ্বাৰা কৃষকসমূহে কেনেকৈ লাভান্বিত হয়?

উত্তৰ: পশুপালনৰ দ্বাৰা কৃষকসকলে তলত দিয়া ধৰণে লাভান্বিত হয়:

  1. গাখীৰ, কণী, মাংস, নোম (ঊণ) আৰু মৌ আদি পুষ্টিকৰ খাদ্য আৰু মূল্যৱান সামগ্ৰী বিক্ৰী কৰি কৃষকসকলে বছৰজুৰি অতিৰিক্ত উপাৰ্জন লাভ কৰে।

  2. বলধ আৰু ঘোঁৰাৰ দ্বাৰা কৃষিপথাৰত হাল বোৱা, শস্য মৰণা মৰা, পানী সিঁচা আৰু গধুৰ বস্তু পৰিবহণ কৰিব পাৰি।

  3. জীৱ-জন্তুৰ মল-মূত্ৰ আৰু গোবৰৰ পৰা উৎকৃষ্ট জৈৱিক সাৰ আৰু জৈৱ গেছ (Biogas) উৎপাদন কৰি পথাৰ আৰু ঘৰুৱা ইন্ধনৰ খৰচ ৰাহি হয়।

প্ৰশ্ন ৭: গো-পালনৰ দ্বাৰা কি কি লাভালাভ হয়?

উত্তৰ: গো-পালনৰ প্ৰধান লাভালাভসমূহ হ’ল:

  1. দুগ্ধ উৎপাদন: খীৰতী গাইৰ পৰা পুষ্টিকৰ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী (মাখন, ঘিঁউ, দৈ, পনীৰ) পোৱা যায়।

  2. কৃষি কাৰ্য আৰু ভাৰবাহী কাম: বলধ গৰুক পথাৰত হাল বোৱা, মৰণা মৰা আৰু গাড়ী টনাত ব্যৱহাৰ কৰা হয়।

  3. জৈৱিক সাৰ আৰু ইন্ধন: গৰুৰ গোবৰেৰে মাটিৰ উৰ্বৰতা বঢ়োৱা পচন সাৰ আৰু পৰিৱেশ-অনুকূল গোবৰ গেছ প্ৰস্তুত কৰা হয়।

প্ৰশ্ন ৮: উৎপাদন বৃদ্ধি কৰিবৰ বাবে ‘প’ল্ট্ৰি পাম’, মীনপাম আৰু মৌ-মাখি পালনত কি ব্যৱস্থা লোৱা হয়?

উত্তৰ:

  1. প’ল্ট্ৰি পাম (Poultry Farm): উন্নত বৰ্ণসংকৰ জাতৰ (যেনে— আশিল × লেগহৰ্ণ) ব্যৱহাৰ, সুষম পুষ্টিকৰ খাদ্য যোগান, উষ্ণতা নিয়ন্ত্ৰণ আৰু নিয়মীয়া ছিটাকৰণ।

  2. মীনপাম (Fish Culture): একে পুখুৰীতে বিভিন্ন স্তৰৰ খাদ্য খোৱা ৫-৬ বিধ মাছ একেলগে পালন কৰা (মিশ্ৰিত মীন পালন), আৰু হৰম’ন ইনজেকচনৰ দ্বাৰা উন্নত মানৰ বিশুদ্ধ মাছৰ পোনা উৎপাদন।

  3. মৌ পালন (Bee-keeping): অধিক মৌ সংগ্ৰহকাৰী আৰু শান্ত প্ৰকৃতিৰ উন্নত ইটালিয়ান প্ৰজাতিৰ (এপিচ মেলিফেৰা) ব্যৱহাৰ, প্ৰচুৰ ফুল থকা চৰণীয়া অঞ্চল (Pasturage) নিৰ্বাচন আৰু বিজ্ঞানসন্মত মৌ-বাকচৰ ব্যৱস্থাপনা।

প্ৰশ্ন ৯: আহৰণ মীনক্ষেত্ৰ, ‘মেৰিকালচাৰ’, ‘একুৱাকালচাৰ’ আদিৰ মাজত কেনেকৈ পাৰ্থক্য বাছি উলিয়াবা?

উত্তৰ:

  • আহৰণ মীনক্ষেত্ৰ (Capture Fishing): সাগৰ, নদী, হ্ৰদ আদি প্ৰাকৃতিক জলাশয়ৰ পৰা পালন নকৰাকৈ পোনপটীয়াকৈ জাল বা নাও ব্যৱহাৰ কৰি মাছ ধৰা প্ৰক্ৰিয়া।

  • মেৰিকালচাৰ (Mariculture): উপকূলীয় আৰু মুক্ত সাগৰৰ নিমখীয়া পানীত অৰ্থনৈতিক গুৰুত্ব থকা সামুদ্ৰিক মাছ (যেনে— ভেক্টি, পমফ্ৰেট, টুনা) আৰু খোলধাৰী প্ৰাণী (মিছামাছ, অইষ্টাৰ, মুক্তা) বিজ্ঞানসন্মতভাৱে পালন কৰা ব্যৱস্থা।

  • একুৱাকালচাৰ (Aquaculture): নিৰ্মল পানী (নদী, পুখুৰী, হ্ৰদ) আৰু ঈষৎ লুণীয়া পানীৰ লগতে সকলো ধৰণৰ জলজ পৰিৱেশত মাছ, মিছামাছ, কেকোঁৰা আৰু অন্যান্য জলজ উদ্ভিদ-প্ৰাণী পালন আৰু উৎপাদন কৰা সামগ্ৰিক মীন পালন ব্যৱস্থা।

Scroll to Top