মোৰ দেশ

পাঠৰ মূলভাৱ (Chapter Summary)

‘মোৰ দেশ’ কবিতাটি কবি হীৰেন ভট্টাচাৰ্যৰ এক অনুপম স্বদেশপ্ৰেমমূলক কবিতা। কবিতাটিত কবিয়ে নিজ জন্মভূমিৰ প্ৰতি থকা গভীৰ প্ৰেম, দায়বদ্ধতা আৰু শ্ৰদ্ধা প্ৰকাশ কৰিছে। পৃথিৱীৰ বহু দেশ-বিদেশ ভ্ৰমণ কৰিলেও কবিয়ে নিজ দেশৰ বুকুতহে বিচাৰি পাইছে জীৱনৰ নতুন অৰ্থ, যৌৱনৰ প্ৰাচুৰ্য আৰু প্ৰকৃত আনন্দ।

কবিয়ে দেশৰ কৃষক (হালোৱা), শ্ৰমিক (বনুৱা) আৰু দেশৰক্ষক (ৰণুৱা)-সকলৰ মাজত নিজকে বিলীন কৰি দেশৰ প্ৰগতি আৰু একতাৰ সপোন দেখিছে। সমাজৰ সকলো বিভেদ, অনৈক্য আৰু সংঘাত আঁতৰাই ঐক্য, সংহতি আৰু শান্তিৰ বাবার্তা বিয়পোৱাই হৈছে কবিৰ জীৱনৰ মূল উদ্দেশ্য। দেশৰ সুখ-শান্তি আৰু সমৃদ্ধিৰ বাবে কবিয়ে নিজৰ সকলো উছৰ্গা কৰিবলৈ সাজু।

ভাব-বিষয়ক প্ৰশ্নোত্তৰ

১। (ক) হীৰেন ভট্টাচাৰ্যৰ ক’ত জন্ম হৈছিল?
উত্তৰ: হীৰেন ভট্টাচাৰ্যৰ যোৰহাটত জন্ম হৈছিল।

(খ) হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা।
উত্তৰ: হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকত/আলোচনী হ’ল— ‘চিত্ৰবন’ আৰু ‘মনন’।

(গ) দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে?
উত্তৰ: দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ লুকাই আনিছে।

২। প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে?
উত্তৰ: প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে।

৩। শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই কবিয়ে কি দিছে?
উত্তৰ: শান্তিৰ চৰাইযুৰিক কবিয়ে আঁজলি ভৰাই ভঁৰালৰ এমুঠি ধান আৰু পৰাণৰ একোটি গান দিছে।

২। ব্যাখ্যা কৰা

(ক) “অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ।”

  • প্ৰসংগ: উদ্ধৃত কবিতাফাঁকি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য ৰচিত ‘মোৰ দেশ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

  • সংগতি: সমাজৰ বিভিন্ন জাতি-জনগোষ্ঠী আৰু ধৰ্মীয় বৈচিত্ৰ্যৰ মাজত ঐক্য আৰু সম্প্ৰীতি স্থাপন কৰাৰ সংকল্প প্ৰকাশ কৰিবলৈ গৈ কবিয়ে এই কথা ব্যক্ত কৰিছে।

  • ব্যাখ্যা: আমাৰ দেশখন নানা জাতি, ধৰ্ম, ভাষা আৰু সংস্কৃতিৰ মিলনভূমি। কেতিয়াবা স্বাৰ্থপৰ চিন্তাৰ বাবে সমাজত অনৈক্য আৰু সংঘাতৰ সৃষ্টি হয়। কিন্তু কবিয়ে এই সকলো পাৰ্থক্য আৰু বিৰোধ পাহৰি মানুহৰ মাজত মিলাপ্ৰীতি আৰু একতা গঢ়ি তুলিব খোজে। তেওঁ অনৈক্যৰ মাজত ঐক্য আৰু বিৰোধৰ মাজত শান্তি-সংহতিৰ সাঁকো হৈ সদায় দেশৰ সেৱাত ব্ৰতী থাকিবলৈ দৃঢ়প্ৰতিজ্ঞ।

(খ) “মোৰ জীৱনৰ আঁহে আঁহে, মোৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলরোল।”

  • প্ৰসংগ: উক্ত পংক্তিফাঁকি হীৰেন ভট্টাচাৰ্যৰ ‘মোৰ দেশ’ কবিতাটিৰ অন্তৰ্গত।

  • সংগতি: নিজৰ দেশৰ এক সমৃদ্ধিশালী আৰু শস্য-শ্যামলা ভৱিষ্যত গঢ়াৰ সপোন কবিৰ সমগ্ৰ সত্তাত কেনেদৰে বিয়পি আছে, তাৰে বৰ্ণনা কৰিবলৈ কবিয়ে এই কথা কৈছে।

  • ব্যাখ্যা: কবিয়ে নিজ জন্মভূমিক অন্তৰেৰে ভাল পায়। কবিৰ প্ৰতিটো কাম আৰু চিন্তাই দেশৰ বুকুত এক সোণালী ভৱিষ্যতৰ সপোন ৰচনা কৰে। সেই সপোনৰ ধ্বনিয়ে কবিৰ জীৱন আৰু যৌৱনৰ প্ৰতিটো অণু-পৰমাণুক সজীৱ আৰু কৰ্মমুখৰ কৰি ৰাখিছে। অৰ্থাৎ, দেশৰ কল্যাণ আৰু উন্নতিৰ চিন্তাই কবিৰ সমগ্ৰ জীৱন জুৰি উদ্দীপনা যোগাইছে।

৩। দীঘল প্ৰশ্নোত্তৰ

প্ৰশ্ন: কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বররূপ কেনেদৰে প্ৰকাশ পাইছে, বুজাই লিখা।

উত্তৰ:
‘মোৰ দেশ’ কবিতাটিত কবি হীৰেন ভট্টাচাৰ্যৰ গভীৰ আৰু নিভাঁজ স্বদেশপ্ৰেম প্ৰকাশ পাইছে:

  1. স্বদেশৰ প্ৰতি আকৰ্ষণ: কবিয়ে দেশ-বিদেশ ভ্ৰমণ কৰিলেও শেষত নিজ দেশৰ বুকুলৈ উভতি আহে, কাৰণ দেশৰ সান্নিধ্যইহে তেওঁক প্ৰকৃত আনন্দ আৰু জীৱনৰ অৰ্থ দিয়ে।

  2. শ্ৰমজীৱী মানুহৰ প্ৰতি সহমৰ্মিতা: কবিয়ে নিজকে দেশৰ কৃষক (হালোৱা), শ্ৰমিক (বনুৱা) আৰু দেশৰক্ষক (ৰণুৱা)-সকলৰ এজন বুলি গণ্য কৰে।

  3. ঐক্য আৰু সম্প্ৰীতিৰ আহ্বান: তেওঁ সমাজৰ পৰা বিভেদ আৰু শত্ৰুতা নাশ কৰি বিশ্বাসৰ মাজেৰে সকলোৰে মন জয় কৰিব বিচাৰে।

  4. ত্যাগৰ ভাৱনা: শান্তি আৰু সমৃদ্ধিৰ বাবে কবিয়ে নিজৰ ভঁৰালৰ শস্য আৰু প্ৰাণৰ গীত উৎসৰ্গা কৰি শান্তিৰ প্ৰতীক হৈ থকাৰ প্ৰতিশ্ৰুতি দিছে।

৪। ভাষা-বিষয়ক (Grammar)

সমাৰ্থক শব্দ

শব্দ

সমাৰ্থক শব্দ

দেশ

ৰাষ্ট্ৰ, জন্মভূমি, ৰাজ্য

কাম

কৰ্ম, কাৰ্য

কলৰোল

কলৰৱ, কোলাহল

সাগৰ

সমুদ্ৰ, সিন্ধু, জলধি

সপোন

স্বপ্ন

বন্ধু

মিত্ৰ, সখা, সংগী

শেষ

অন্ত, অৱসান, সমাপ্তি

সম্ভাৰ

সামগ্ৰী, উপচাৰ, বস্তু

শইচ

শস্য, খেতি

বুকু

বক্ষ, হৃদয়

তৰংগ

ঢৌ, লহৰ

কল্লোল

ডাঙৰ ঢৌ, কোলাহল, কলৰৱ

বিপৰীতার্থক শব্দ

শব্দ

বিপৰীত শব্দ

সপোন

দিঠক

দেশ

বিদেশ

জীৱন

মৰণ

পাহাৰ

ভৈয়াম

ঐক্য

অনৈক্য

সংহতি

বিৰোধ / বিভেদ

শয়ন

জাগৰণ

বিশ্বাস

অবিশ্বাস

শত্ৰু

মিত্ৰ

Scroll to Top