প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক

ভাব-বিষয়ক প্ৰশ্নোত্তৰ

১। চমু উত্তৰ দিয়া:

(ক) কবিয়ে কাক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে?
উত্তৰ: কবিয়ে আকাশক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে।

(খ) কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিছিল?
উত্তৰ: প্ৰচণ্ড ধুমুহাই কবিৰ প্ৰাপ্য কি তাক সুধি প্ৰশ্ন কৰিছিল।

(গ) কবিক বিশাল দৃষ্টি কোনে দিলে? 
উত্তৰ: মহাকাশে কবিক বিশাল দৃষ্টি দিলে।

(ঘ) ‘মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ’—ইয়াত ‘বিদ্যুৎ’ শব্দই কি বুজাইছে?
উত্তৰ: ইয়াত ‘বিদ্যুৎ’ শব্দই জীৱনীশক্তি, প্ৰাণৰ নতুন স্পন্দন বা নৱচেতনাৰ উন্মেষক বুজাইছে।

(ঙ) প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল?
উত্তৰ: প্ৰচণ্ড ধুমুহাই কবিক সুধিছিল— “তোমাৰ প্ৰাপ্য কি কোৱা?”

২। বজ্ৰই কবিক কি কি দিলে?

উত্তৰ: বজ্ৰই কবিক শক্তিশালী উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি দিলে।

৩। কবিয়ে ‘সঁচা উদাৰতা’ কথাষাৰেৰে কি বুজাব খুজিছে?

উত্তৰ: কবিয়ে ‘সঁচা উদাৰতা’ কথাষাৰেৰে বুজাব খুজিছে যে সংকীৰ্ণ মনোভাৱ পৰিহাৰ কৰি নিজৰ সৰ্বস্ব মুক্তহস্তে আনৰ কল্যাণৰ বাবে বিলাই দিয়াই হ’ল প্ৰকৃত উদাৰতা। যিমানে আনক বিলাই দিয়া যায়, সিমানেই মানুহ মহান হ’ব পাৰে।

৪। কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা।

উত্তৰ: কবিয়ে বজ্ৰৰ পৰা লাভ কৰা উদাত্ত কণ্ঠ আৰু ধুমুহাৰ পৰা পোৱা অপৰিসীম প্ৰচণ্ড শক্তিৰে মানৱতাৰ জয়গান গাই দিগন্ত কঁপাবলৈ মন মেলিছে।

৫। কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে?

উত্তৰ: কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি অন্যায় আৰু নিষ্ঠুৰতাৰে ভৰা দানৱৰ সমাজত মানৱতাৰ (মানৱৰ) গীত গাবলৈ সাজু হৈছে।

৬। আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা।

উত্তৰ: কবিয়ে মহাকাশৰ পৰা বিশাল দৃষ্টি আৰু উদাৰতা, ধুমুহাৰ পৰা সংগ্ৰামী প্ৰচণ্ড শক্তি আৰু বজ্ৰৰ পৰা উদাত্ত কণ্ঠ তথা সাহসৰ যুক্তি লাভ কৰিছে। প্ৰকৃতিৰ এই শক্তিসমূহৰ সহায় লৈ কবিয়ে সমাজৰ অন্ধকাৰ, সংকীৰ্ণতা আৰু শোষণ-নিষ্পেষণ দূৰ কৰি মৃত্যুমুখী বা নিৰাশাত ভোগা ‘মুমূৰ্ষু মানৱক’ জীৱনৰ নতুন প্ৰাণশক্তি দান কৰিব বিচাৰিছে। সমাজত মানৱতাবোধ প্ৰতিষ্ঠা কৰাৰ এই মহৎ শক্তি প্ৰদান কৰাৰ বাবেই কবিয়ে আকাশ, ধুমুহা আৰু বজ্ৰক কৃতজ্ঞতাৰে শতবাৰ প্ৰণিপাত (সেৱা) জনাইছে।

ব্যাখ্যা কৰা

(ক)

“বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক’লে,তোমাৰ কাম্য কি কোৱা?মই ক’লোঁ, বজ্র তোমাৰ
শক্তিশালী উদাত্ত কণ্ঠটি দিয়া।”

 

  • প্ৰসংগ: উক্ত কবিতাংশ আমাৰ পাঠ্যপুথিৰ ড° ভূপেন হাজৰিকাদেৱ বিৰচিত ‘প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক’ নামৰ গীতি-কবিতাটিৰ পৰা তুলি অনা হৈছে।

  • সংগতি: বজ্ৰই নিজৰ হৃদয় উদঙাই কবিক তেওঁৰ কামনা কি সুধোঁতে কবিয়ে কি উত্তৰ দিলে, সেই প্ৰসংগত এই কথা কোৱা হৈছে।

  • ব্যাখ্যা: সমাজত চলি থকা অন্যায়, শোষণ আৰু অবিচাৰৰ বিৰুদ্ধে মাত মাতিবলৈ এজন সংগ্ৰামী ব্যক্তিৰ গুৰু-গম্ভীৰ আৰু শক্তিশালী কণ্ঠের প্ৰয়োজন। সেয়েহে যেতিয়া বজ্ৰই কবিক তেওঁৰ কি বাঞ্ছনীয় তাক সুধিলে, তেতিয়া কবিয়ে কোনো ব্যক্তিগত ভোগ-বিলাস নিবিচাৰি বজ্ৰৰ শক্তিশালী আৰু উদাত্ত কণ্ঠটি বিচাৰিলে, যাতে সেই কণ্ঠৰে তেওঁ নিষ্পেষিত জনসাধাৰণক জাগ্ৰত কৰি মানৱতাৰ জয়গান গাব পাৰে।

(খ)

“সেয়েহে আকাশ তুমি দিব যদি খুজিছাইসংকীর্ণতা এৰি দিয়া
অৱদান-ৰূপে তোমাৰ পূৰ্ণ বিশালতাদিয়া যদি আজিয়েই দিয়া।”

 

  • প্ৰসংগ: উক্ত পংক্তিকেইটি ড° ভূপেন হাজৰিকাদেৱৰ দ্বাৰা ৰচিত ‘প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক’ নামৰ কবিতাটিৰ অন্তৰ্গত।

  • সংগতি: আকাশৰ পৰা কবিয়ে কিদৰে পূৰ্ণ উদাৰতা আৰু বিশাল দৃষ্টিভংগী কামনা কৰিছে, সেয়া প্ৰকাশ কৰিবলৈ গৈ এই কথা কোৱা হৈছে।

  • ব্যাখ্যা: আকাশৰ প্ৰকৃতিয়েই হৈছে সীমাহীন বিশালতা। আকাশে পুৱা কৈছিল যে যিমানে বিলাই দিব পাৰি, সিমানেই মহান হ’ব পাৰি। কবিয়ে কয় যে মানুহৰ মাজত থকা সংকীৰ্ণ জাতি-ধৰ্মৰ ভেদাভেদ দূৰ কৰিবলৈ বিশাল মনৰ প্ৰয়োজন। সেয়েহে কবিয়ে আকাশক কৈছে যে যদি আকাশে কবিক কিবা দিবই খুজিছে, তেন্তে সংকীৰ্ণতা পৰিহাৰ কৰি আকাশৰ যি পূৰ্ণ বিশালতা আৰু মুক্ত সত্তা, সেয়া আজিয়েই মুক্তহস্তে উপহাৰ হিচাপে দিয়ক।

(গ)

“মহাকাশে দিলে মোক বিশাল দৃষ্টি
আৰু ধুমুহাই প্রচণ্ড শক্তিবজ্রই দিলে মোক উদাত্ত কণ্ঠ
আৰু দিলে সাহসৰ যুক্তি।”

 

  • প্ৰসংগ: উক্ত কবিতাংশ আমাৰ পাঠ্যপুথিৰ ‘প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

  • সংগতি: প্ৰকৃতিৰ বিভিন্ন উপাদানে কবিক মানৱ সেৱাৰ বাবে কি কি গুণেৰে সমৃদ্ধ কৰিলে, সেই কথা প্ৰকাশ কৰিবলৈ এই পংক্তিকেইটি ব্যৱহাৰ কৰা হৈছে।

  • ব্যাখ্যা: কবিয়ে সমাজ সংস্কাৰ আৰু মানৱতাৰ হকে সংগ্ৰাম কৰিবলৈ প্ৰকৃতিৰ পৰাই প্ৰেৰণা আৰু শক্তি আহৰণ কৰিছে। মহাকাশে কবিক সংকীৰ্ণতাহীন বহল দৃষ্টিভংগী দিলে, ধুমুহাই দিলে বাধা-বিঘিনি ওফৰাই পেলাব পৰা অপৰিসীম শক্তি, আৰু বজ্ৰই দিলে অন্যায়ৰ বিৰুদ্ধে গৰজি উঠিব পৰা গম্ভীৰ উদাত্ত কণ্ঠ তথা সত্যৰ পক্ষত থিয় দিয়াৰ সাহসৰ যুক্তি। এই সকলো গুণ সাৰোগত কৰি কবিয়ে মানৱ সমাজৰ উত্তৰণ ঘটাবলৈ সাজু হৈছে।

(ঘ)

“মুমূর্ষু মানৱক জীৱনৰ বিদ্যুৎকিঞ্চিতো যদি দিব পাৰোঁ
আকাশ, ধুমুহা আৰু বজ্রকতাৰ বাবে প্রণিপাত কৰোঁ।”

 

  • প্ৰসংগ: উক্ত পংক্তিচাৰি ড° ভূপেন হাজৰিকাদেৱে ৰচনা কৰা ‘প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক’ নামৰ গীতি-কবিতাটিৰ পৰা লোৱা হৈছে।

  • সংগতি: প্ৰকৃতিৰ পৰা লাভ কৰা শক্তিৰে মানৱ কল্যাণ সাধন কৰাৰ সংকল্প আৰু প্ৰকৃতিৰ প্ৰতি কবিৰ কৃতজ্ঞতা ইয়াত প্ৰকাশ পাইছে।

  • ব্যাখ্যা: সমাজত থকা নিৰাশ, শোষিত আৰু মৃতপ্ৰায় (‘মুমূৰ্ষু’) মানুহবোৰৰ মাজত যদি কবিয়ে নিজৰ গীত আৰু সুৰেৰে অলপমানো প্ৰাণৰ স্পন্দন বা নতুন জীৱনীশক্তি (‘জীৱনৰ বিদ্যুৎ’) সঞ্চাৰ কৰিব পাৰে, তেন্তে তেওঁৰ শিল্পী জীৱন সাৰ্থক হ’ব। এই মহৎ উদ্দেশ্য পূৰণৰ বাবে প্ৰয়োজনীয় শক্তি, সাহস আৰু বিশালতা আকাশ, ধুমুহা আৰু বজ্ৰই কবিক দান কৰিছে। সেয়েহে কবি এই তিনি প্ৰাকৃতিক শক্তিৰ ওচৰত চিৰকৃতজ্ঞ আৰু তেওঁলোকক ভক্তিভাৱেৰে শতবাৰ প্ৰণাম জনাইছে।

ভাষা-বিষয়ক প্ৰশ্নোত্তৰ

৫। তলত দিয়া শব্দবোৰৰ সমাৰ্থক শব্দ লিখা:

শব্দ

সমাৰ্থক শব্দ

ধুমুহা

বা-মাৰলী / প্ৰবল বতাহ

বুকু

হৃদয় / বক্ষ / হিয়া

কাম্য

আকাংক্ষিত / বাঞ্ছনীয় / প্ৰাৰ্থনীয়

সংকীৰ্ণতা

অনুদাৰতা / ঠেক মনোভাৱ

বিশাল

বৃহৎ / প্ৰকাণ্ড / ডাঙৰ

দানব

অসুৰ / দৈত্য / ৰাক্ষস

প্ৰণিপাত

প্ৰণাম / সেৱা / নমস্কৰ

সিক্ত

তিতা / আৰ্দ্ৰ / ভিজা

৬। তলত দিয়া শব্দকেইটাত কি কাৰণে মূৰ্ধন্য ‘ণ’ হৈছে লিখা (ণত্ববিধিৰ নিয়ম):

  • কণ্ঠ: ট-বৰ্গীয় বৰ্ণ ‘ঠ’-ৰ লগত যুক্ত হোৱা বাবে মূৰ্ধন্য ‘ণ’ হৈছে।

  • পূৰ্ণ: ‘ৰ’ (ৰেফ্)-ৰ পিছত থকা বাবে মূৰ্ধন্য ‘ণ’ হৈছে।

  • প্ৰচণ্ড: ট-বৰ্গীয় বৰ্ণ ‘ড’-ৰ লগত যুক্ত হোৱা বাবে মূৰ্ধন্য ‘ণ’ হৈছে।

  • সংকীৰ্ণতা: ‘ৰ’ (ৰেফ্)-ৰ পিছত থকা বাবে মূৰ্ধন্য ‘ণ’ হৈছে।

  • প্ৰণিপাত: ‘প্ৰ’ উপসৰ্গৰ পিছত ‘ন’ থকা বাবে মূৰ্ধন্য ‘ণ’ হৈছে।

৭। তলত দিয়া শব্দকেইটাত কি কাৰণে মূৰ্ধন্য ‘ষ’ হৈছে লিখা (ষত্ববিধিৰ নিয়ম):

  • মুমূৰ্ষু: ‘ৰ’ (ৰেফ্)-ৰ পিছত থকা বাবে মূৰ্ধন্য ‘ষ’ হৈছে।

  • দৃষ্টি: ‘ঋ’ স্বৰবৰ্ণৰ পিছত থকাৰ বাবে (আৰু ট-বৰ্গীয় ‘ট’-ৰ লগত যুক্ত হোৱাৰ বাবে) মূৰ্ধন্য ‘ষ’ হৈছে।

৮। সন্ধি ভাঙা:

শব্দ

সন্ধি বিচ্ছেদ

দিগন্ত

দিক্ + অন্ত

সৰ্বাকাশ

সৰ্ব + আকাশ

সংকীৰ্ণ

সম্ + কীৰ্ণ

Scroll to Top