চোৰধৰা

ভাৱ-বিষয়কঃ

১। অতি চমুকৈ উত্তৰ লিখা-

(ক) কানাই বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰঃ কানাই বুলি শিশু কৃষ্ণৰ কথা কোৱা হৈছে।

খ) লবণু-চোৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল?

উত্তৰঃ লবণু-চোৰ কৃষ্ণই গোপীৰ মুখত লৱণু সানি দিছিল।

গ) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তস্তু কি?

উত্তৰঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ হৈছে-নামঘোষা।

ঘ) ‘ওহি বান্দীসৱক থানে আৱৰ নাহি।’

-আৱৰ নাহি’ বুলি কোনে, কাক কৈছিল?

উত্তৰঃ আৱৰ নাহি বুলি যশোদাই কৃষ্ণক কৈছিল।

২) ক) ‘হে মাই যশোদে, তোহোঁ তাপ তেজহ।’

-যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কিয় ক’ব লগা হৈছিল?

উত্তৰঃ যশোদাই কৃষ্ণক নেদেখি মন মাৰি আছিল আৰু সেইবাবে গোপীয়ে কৈছিল যে মই তোমাৰ কৃষ্ণক দেখি আহিছে৷ গতিকে তুমি মনৰ তাপ এৰা।

খ) শ্রীকৃষ্ণই গোপীৰ মুখত কিয় লৱণু সানি দিছিল?

উত্তৰঃ শ্ৰীকৃষ্ণই গোপীৰ হাতত ধৰা পৰি চতুৰালি কৰিবলৈ নিজে বাচি গোপীক চোৰ সজাবলৈ নিজৰ হাতত লাগি থকা লৱণুখিনি গোপীৰ মুখত সানি দিছিল।

৩। ‘ইহা শুনি চিন্তা-শোক তেজিৱে পৰম হৰষিত ভেল।’

– কোনে, কাৰ আৰু কি কথা শুনি হৰষিত হৈছিল?

উত্তৰঃ যশোদাই গোপীৰ মুখত কৃষ্ণৰ বাতৰি শুনি হৰষিত হৈছিল। ৰাতিপুৱাতে ওলাই যোৱা শিশু কৃষ্ণ আবেলি পৰলৈকে ঘৰলৈ উভতি নহা দেখি মাতৃ যশোদা ব্যাকুল হৈ পৰিছে। যশোদাই অ’ত-ত’ত খা-খবৰ কৰিও বিচাৰি নোপোৱাত মন পুত্ৰ চিন্তাত কাতৰ হৈ পৰিছিল। এইদৰে বিচাৰি ফুৰোতে এগৰাকী গোপীয়ে গোৱালীপাৰাত শিশু কৃষ্ণক দেখি অহা বুলি ক’লে আৰু গোপীসকলৰ লগত আনন্দেৰে ‘নাচি আছে বুলি মাতৃ যশোদাক কোৱাত মাতৃ মন হৰষিত হৈছিল।

৪। মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্রকাশ কৰিছিল?

উত্তৰঃ মাক যশোদাই কানাইক লগ পাই পৰম শান্তি আৰু আনন্দ পালে। কৃষ্ণক মিছাতে লৱণু চোৰ বুলি অপবাদ দিয়াত মাক যশোদাই গোপীৰ মুখত ছাই পৰক বুলি গালি পাৰি আৰু কৃষ্ণক নিজ বস্ত্ৰৰ আঁচলেৰে গাৰ ধূলি জাৰি দি সাৱটি ধৰি কোলাত লৈ বদন চুম্বন কৰিলে। এনেদৰে মাক যশোদাই কৃষ্ণৰ প্রতি মাত চেনেহ প্রকাশ কৰিছিল।

ভাষা- বিষয়ক

৫। তলৰ পুৰণি শব্দবোৰৰ আধুনিক ৰূপ লিখাঃ

তেজহ – ত্যাগ কৰা

তোহাৰি – তোমাৰ

হামু – মই

থিক – আছে

মাখিয়ে- সানি

উনিকৰ- এওঁৰ

ফিৰত- ঘূৰি ফুৰা

গাৰি – গালি

৬। বিপৰীত শব্দ

চোৰ – সাধু

উত্তৰ – প্রশ্ন

কাতৰ – অকাতৰ

পুণ্য – পাপ

শোক – আনন্দ

হর্ষ – বিষাদ

শীতল – উষ্ণ

Scroll to Top