হনুমন্তৰ লংকা দৰ্শন
১। চমুকৈ উত্তৰ দিয়া।
১। ক) মাধৱ কন্দলী কোন আছিল?
উত্তৰঃ মাধব কন্দলী আছিল শংকৰ পূর্ব যুগৰ কবিসকলৰ ভিতৰত এগৰাকী শ্রেষ্ঠ কবি।
খ) মাধব কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল?
উত্তৰঃ মাধব কন্দলীয়ে বাল্মীকি ৰচিত সংস্কৃত ৰামায়ণ মহাকাব্যখন অসমীয়ালৈ অনুবাদ কৰিছিল।
গ) মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়?
উত্তৰঃ মাধৱ কন্দলীৰ ৰামায়ণত আদিকাণ্ড আৰু উত্তৰাকাণ্ডৰ বাহিৰে মাজৰ পাঁচটা কাণ্ড পোৱা যায়।
ঘ) মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল?
উত্তৰঃ মাধৱ কন্দলীক শংকৰদেৱে অপ্রমাদী কবি বুলি অভিহিত কৰিছিল।
ঙ) মাধৱ কন্দলীৰ ৰামায়ণত বর্তমানে সন্নিবিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে?
উত্তৰঃ মাধৱ কন্দলীৰ ৰামায়ণত বর্তমানে সন্নিবিষ্ট উত্তৰাকাণ্ড শংকৰদেৱে ৰচনা কৰে।
চ) হনুমন্তৰ লঙ্কাদর্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে?
উত্তৰঃ হনুমন্তৰ লঙ্কাদর্শন কাব্যাংশ ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা লোৱা হৈছে।
২। মাধৱ কন্দলীৰ বাহিৰে শংকৰ পূৰ্ব যুগৰ কবিকেইজনৰ নাম উল্লেখ কৰা।
উত্তৰঃ মাধৱ কন্দলীৰ বাহিৰে শংকৰ পূৰ্ব যুগৰ কবি কেইজনৰ নাম হৈছে- হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, ৰুদ্র কালিন্দী আৰু কবিৰত্ন সৰস্বতী।
৩। মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? তেওঁ ক’ৰ ৰজা আছিল?
উত্তৰঃ মাধৱ কন্দলীয়ে ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। তেওঁ বৰাহী ৰাজ্যৰ ৰজা আছিল।
৪। তলত দিয়াবোৰৰ টোকা লিখা-
হনুমন্ত, সুগ্ৰীৱ, নীল,অম্ৰাৱতী , কাশ্যপ নন্দন, বিশ্বকর্মা।
উত্তৰঃ হনুমন্ত- হনুমন্ত অযোধ্যাৰ ৰজা ৰামচন্দ্ৰৰ পৰম ভক্ত আছিল। হনুমন্ত বানৰ বীৰ আছিল। তেওঁ বায়ু দেৱতা আৰু অঞ্জনাৰ পুত্ৰ আছিল। তেওঁ মহা বলবন্ত আৰু বুদ্ধিমত্ত আছিল।
সুগ্ৰীৱ:সুগ্ৰীৱ বানৰ ৰজা বালিৰ ভায়েক। এওঁ ৰামচন্দ্ৰই সহায় কৰিছিল। বালিৰ লগত হোৱা অন্যায় যুদ্ধত ৰামচন্দ্ৰই সুগ্ৰীৱক সহায় কৰিছিল আৰু বালিক বধ কৰি সুগ্ৰীৱক ৰজা পাতিছিল।
নীল: নীল আছিল বান্দৰ সেনাৰ এজন সেনাপতি। সীতা অন্বেষণৰ বাবে তেওঁ হনুমন্তৰ লগত লংকালৈ গৈছিল আৰু সাগৰত সেঁতু বান্ধোতে ৰামচন্দ্ৰক সহায় কৰিছিল।
অম্ৰাৱতী: অম্ৰাৱতী স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ৰাজধানী আছিল। ইয়াক দেৱপুৰী বুলিও কোৱা হয়। এই নগৰখন দেৱতাসকলৰ খনিকৰ বিশ্বকৰ্মাই নির্মাণ কৰিছিল। ইয়াৰ সৌন্দর্য অতি বিতোপন আছিল।
কাশ্যপ নন্দন: সূর্যদেৱৰ আন এটা নাম আছিল কাশ্যপ নন্দন। ৰামায়ণ আৰু কোনো কোনো পুৰাণ শাস্ত্ৰ মতে সূর্যদেৱতা কাশ্যপ ঋষি আৰু অদিতিৰ পুত্ৰ আছিল।
বিশ্বকৰ্মা: বিশ্বকৰ্মা দেৱতাসকলৰ খনিকৰ হিচাপে খ্যাত । ত্ৰিলোকৰ শ্ৰেষ্ঠ শিল্পী বিশ্বকৰ্মা । এওঁ দেৱতাসকলৰ অলংকাৰ আৰু বিমান নিৰ্মাণ কৰিছিল । ইন্দ্ৰৰ ৰাজধানী অম্ৰাৱতী নিৰ্মাণ কাৰ্য বিশ্বকৰ্মাৰ গৈ সাধিত হৈছিল । এওঁক দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ দেৱতা বুলি জনা যায় ।
৫। লংকা নগৰীৰ কাষৰ বন-বননিত হনুমন্তই কি কি ফল-ফুলৰ গছ দেখিবলৈ পাইছিল?
উত্তৰঃ লংকা নগৰীৰ কাষৰ বন-বননিত হনুমন্তই দেখা পোৱা ফলৰ গছ সমূহ আছিল- ঔ টেঙা, কমলা টেঙা আঙুৰ, বগৰী, নেমু, সোলেং, খেজুৰ, তেঁতেলি, আম, জাম, শিলিখা, আমলখি, নাৰিকল, শ্রীফল, কৰ্দৈ, অমৰা আদি।
হনুমন্তই দেখা পোৱা ফুল গছ সমূহ আছিল- কদম, গোলাপ, পাৰিজাত, সেৱতী, মালতী, আদি।
৬। হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰবেশ কৰিছিল? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল?
৭। হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা দিয়া।
৮। সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনে ধৰণৰ চিন্তা আহিছিল?
৯। সুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল?
১০। ‘হনুমন্তৰ লঙ্কাদৰ্শন’ কাব্যাংশৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা।
ভাষা-বিষয়ক :
১১। তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা : কণ্টকি; ছাতিয়াল; তহিতে; দেখিলন্ত।
১২) সমার্থক শব্দ :
গগন; বিৰাল; গড়; সমুদ্র; পৱন।
Updated on: 28/10/2025