সাগৰ মহাসাগৰ

১। তলৰ প্রশ্নবোৰৰ উত্তৰ লিখা-

(ক) মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণবোৰ কি কি?

উত্তৰঃ পৃথিৱীৰ আৱৰ্তন গতি, নিয়ত বতাহ, পানীৰ উষ্ণতা, লৱণতা আৰু চাপৰ তাৰতম্য, উপকীল ৰেখাৰ আকাৰ আদিয়ে মহাসাগৰীয় সোঁতৰ সৃষ্টি কৰে।

(খ) গৰম পানীৰ সোঁত বুলিলে কি বুজা?

উত্তৰঃ শীতপ্ৰধান অঞ্চলৰ পানী চেঁচা হৈ সংকুচিত আৰু গধুৰ হয়। সেইবাবে উষ্মমণ্ডলৰপৰা গৰম আৰু পাতল সমুদ্ৰজল ওপৰে ওপৰে পৃষ্ঠপ্ৰবাহ ৰূপে শীতমণ্ডললৈ প্ৰৱাহিত হয়। ইয়েই হ’ল গৰম পানীৰ সোঁত।

(গ) সাগৰীয় জীৱবোৰ কেইপ্ৰকাৰৰ? কিহৰ ভিত্তিত এইবোৰক শ্ৰেণী বিভক্ত কৰা হৈছে?

উত্তৰঃ সাগৰীয় জীৱবোৰ তিনিপ্ৰকাৰৰ আৰু সেইবোৰ হৈছে- প্লেংকটন বা প্লৱক, বেনথ’জ আৰু নেকটন । লৰচৰ কৰাৰ ধৰণ আৰু বসতিস্থলৰ ওপৰত ভিত্তি কৰি সাগৰীয় জীৱকবোৰক শ্ৰেণী বিভক্ত কৰা হৈছে ।

(ঘ) সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্যক্ষেত্ৰ গঢ়ি উঠে?

উত্তৰঃ সাগৰৰ যি অঞ্চলত প্লৱক বা প্লেংকটন উদ্ভিদ যথেষ্ট পৰিমাণে পোৱা যায় তাতেই মৎসক্ষেত্ৰ গঢ়ি উঠে।

২। কাৰণ দৰ্শোৱা—

(ক) নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয়।

উত্তৰঃ পূৰ্ণিমা আৰু অমাবস্যাৰ দিনা চন্দ্ৰ, পৃথিৱী আৰু সূৰ্য প্ৰায় একেডাল ৰেখাত পৰে। এই দুদিনত চন্দ্ৰ আৰু সূৰ্য উভয়ৰে আকৰ্ষণৰ ফলত বাসন্তী জোৱাৰৰ ঢৌ বেছি ওপৰলৈ উঠে । ফলত ই শক্তিশালী হৈ পৰে।

(খ) আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়।

উত্তৰঃ সাগৰীয় মাছৰ চাহিদা পৃথিৱীৰ সকলো স্থানতে আছে। সাগৰীয় মাছবোৰ ধৰি উপকূল অঞ্চলত লগে লগে শীতলীকৰণ ব্যৱস্থাৰে সংৰক্ষণ কৰি টিনত ভৰাই বিশ্বৰ বিভিন্ন প্ৰান্তলৈ পঠিওৱা হয়। সেয়েহে আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়।

(গ) জাপানত সঘনাই চুনামী হয়।

উত্তৰঃ জাপান দেশখন প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত। এই বলয়টো পৃথিৱীৰ ভিতৰতে প্ৰধান ভূমিকম্প প্ৰৱণ অঞ্চল। গতিকে জাপানত সঘনাই ভূমিকম্প হয় আৰু তাৰ ফলত ছুনামিৰ সৃষ্টি হয়।

(ঘ) বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট।

উত্তৰঃ বৈদেশিক বাণিজ্য়ৰ ক্ষেত্ৰত জাহাজ পৰিবহণেই নিৰ্ভৰযোগ্য় ব্যৱস্থা। চাৰিওপিনে মুক্ত আৰু সমান বাবে স্থলপথৰ ক্ষেত্ৰত থকা কিছুমান বাধা জলপথত নাথাকে। 

৩। শুদ্ধ উত্তৰটোত  (√) চিন দিয়া—

(১) সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয়–

(ক) মেৰু অঞ্চলত

(খ) নিৰক্ষীয় অঞ্চলত

(গ) এটাও নহয়

উত্তৰঃ (ক) মেৰু অঞ্চলত ।

(২) দিনটোত দুবাৰ সাগৰৰ পানীৰ উঠা-নমা কৰাকে–

(ক) সাগৰীয় সোঁত

(খ) জোৱাৰ-ভাটা

(গ) ঢৌ বোলে

উত্তৰঃ (খ) জোৱাৰ-ভাটা ।

(৩) চুনামী শব্দৰ অৰ্থ হ’ল —

(ক) ভূমিকম্প

(খ) সাগৰৰ ঢৌ

(গ) পোতাশ্ৰয় ঢৌ

উত্তৰঃ (গ) পোতাশ্ৰয় ঢৌ।

(৪) সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰ —

(ক) নেক্টন

(খ) বেনথ’জ

(গ) প্লেংকটন শ্ৰেণীৰ

উত্তৰঃ (খ) বেনথ’জ ।

৪। সোঁফালৰ লগত বাওঁফাল মিলোৱা —

ক) ডায়েটম

ক) উদ্ভিদ প্লেংকটন থকা ঠাইত গঢ়ি উঠে।

খ) নিৰক্ষীয় অঞ্চলত

খ) নানটি জোৱাৰ হয়।

গ) সাধাৰণ নিমখ

গ) এবিধ উদ্ভিদ প্লেংকটন।

ঘ) সপ্তমী আৰু অষ্টমী তিথিত

ঘ) মহাসাগৰৰ পানীত দ্রবীভূত হৈ থাকে।

ঙ) মৎস্য় ক্ষেত্ৰবোৰ

ঙ) পানীৰ ঘনত্ব কম হয়।

উত্তৰঃ

 ক) ডায়েটম

গ) এবিধ উদ্ভিদ প্লেংকটন।

 খ) নিৰক্ষীয় অঞ্চলত

ঙ) পানীৰ ঘনত্ব কম হয়।

গ) সাধাৰণ নিমখ

ঘ) মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে।

 ঘ) সপ্তমী আৰু অষ্টমী তিথিত

খ) নাটনি জোৱাৰ হয়।

ঙ) মৎস্য় ক্ষেত্ৰবোৰ

ক) উদ্ভিদ প্লেংটন থকা ঠাইত গঢ়ি উঠে ।

Scroll to Top