বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
১। উত্তৰ লিখা—
(ক) বসতিক কেই ভাগত ভাগ কৰা হয়?
উত্তৰঃ বসতিক ঘাইকৈ দুই ভাগত ভাগ কৰা হয়- গ্ৰাম্য বসতি আৰু নগৰীয়া বসতি।
(খ) গ্ৰামাঞ্চলৰ কিমান শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত?
উত্তৰঃ গ্ৰামাঞ্চলৰ ৭০ শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত।
(গ) নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ কি কাৰ্যৰ লগত জড়িত?
উত্তৰঃ নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ ব্যৱসায়-বাণিজ্যিৰ লগত জড়িত।
(ঘ) উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে?
উত্তৰঃ উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে- প্ৰাচীন নগৰ, মধ্য় যুগৰ নগৰ আৰু আধুনিক নগৰ।
(ঙ) লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ’ব লাগে?
উত্তৰঃ লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা ৫৫০০ হ’ব লাগে।
(চ) অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰখনৰ নাম কি?
উত্তৰঃ অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰখনৰ নাম হ’ল গুৱাহাটী।
২। শুদ্ধ/অশুদ্ধ লিখা—
(ক) নগৰীয়া বসতিতকৈ গ্ৰাম্য বসতিত জনসংখ্যাৰ ঘনত্ব অধিক।
উত্তৰঃ অশুদ্ধ।
(খ) গ্ৰাম্য বসতিৰ অধিক সংখ্যক লোক চাকৰিৰ লগত জড়িত।
উত্তৰঃ শুদ্ধ।
(গ) নতুন দিল্লী এখন প্ৰশাসনিক নগৰ।
উত্তৰঃ শুদ্ধ।
(ঘ) আগ্ৰা এখন নদীৰ পাৰত অৱস্থিত নগৰ।
উত্তৰঃ শুদ্ধ।
(ঙ) শিলচৰ বৰাক নদীৰ পাৰত অৱস্থিত।
উত্তৰঃ শুদ্ধ।
৩। চমুকৈ উত্তৰ লিখা—
(ক) গ্ৰাম্য অঞ্চলৰ বৃত্তি।
উত্তৰঃ গ্ৰাম্য অঞ্চলৰ প্ৰধান বৃত্তি হ’ল কৃষি। গ্ৰাম্য় অঞ্চলত কৃষিৰ উপৰিও মানুহে মাছ মৰা, মাটিৰ বাচন তৈয়াৰ কৰে, জীৱ-জন্তু পোহা, সৰু-সুৰা ব্যৱসায় কৰা আৰু চাকৰি আদিৰ বৃত্তিৰ সহায়ত জীৱন নিৰ্বাহ কৰে।
(খ) নগৰত বসতিৰ সা-সুবিধা।
উত্তৰঃ নগৰীয়া বসতিৰ সা-সুবিধাসমূহ হৈছে- নগৰত শিক্ষা, চিকিৎসা ইত্য়াদিৰ সুবিধা বেছি। যাতায়তৰ ব্যৱস্থাও সুচল। নগৰত শিক্ষানুষ্ঠান, উদ্য়োগ, কল-কাৰখানা, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আদি থকাৰ বাবে নিয়োগৰ সুবিধা বেছি।
(গ) নগৰত বসতি ঘন হোৱাৰ কাৰণ কি?
উত্তৰঃ যাতায়তৰ ব্যৱস্থা সুচল, ব্যৱসায়–বাণিজ্যৰ সুবিধা, কৰ্মসংস্থানৰ সুবিধা, উন্নত চিকিৎসা ব্যৱস্থা, কল–কাৰখানা, শিক্ষানুষ্ঠান সুবিধা হোৱাৰ কাৰণে নগৰত ঘন বসতিপূৰ্ণ।
(ঘ) মেগাল’পলিছ কাক বোলে?
উত্তৰঃ একোখন মহানগৰক কেন্দ্ৰ কৰি তাৰ উপকন্ঠ অঞ্চলৰ ভালেমান সৰু-বৰ নগৰ লগ হৈ যি একোটা নগৰপুঞ্জৰ সৃষ্টি কৰে তাকে মেগাল’পলিছ বুলি কোৱা হয়।
৪। নগৰৰ সা-সুবিধা আৰু সমস্যা সম্পৰ্কত দুখন সুকীয়া তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ
নগৰৰ সা-সুবিধা | নগৰৰ সমস্যা |
যাতায়তৰ সুবিধা । | প্ৰদূষণৰ সমস্যা । |
ব্যৱসায়–বাণিজ্যৰ সুবিধা। | পৰিৱেশ অস্বাস্থ্যকৰ । |
উন্নত চিকিৎসা ব্য়ৱস্থাৰ সুবিধা। | কৃত্ৰিম বানপানীৰ সমস্যা । |
কৰ্মসংস্থানৰ সুবিধা। | বিশুদ্ধ খোৱাপানীৰ সমস্যা। |