বসতি
১। খালী ঠাই পূৰ কৰা—
(ক) কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে।
(খ) পানীৰ উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা-সুবিধা ভোগ কৰে।
(গ) আলিবাট, ৰে’লপথ, নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক ৰৈখিক বসতি বোলে।
(ঘ) বৰ্তমান অসমত গাঁৱৰ সংখ্যা হ’ল ২৫,৫৯০ খন।
২। শুদ্ধ উত্তৰটো বাছি উলিওৱা —
(ক) গ্ৰাম্য বসতিৰ মূল বৃত্তি হ’ল বেপাৰ-বাণিজ্য/ উদ্যোগ/কৃষি।
উত্তৰঃ কৃষি
(খ) গ্ৰাম্য অঞ্চলতকৈ নগৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব কম/ অধিক /সমান।
উত্তৰঃ অধিক
(গ) ভাৰতৰ প্ৰায় ৭০/৮০/৬০ শতাংশ লোকে গাঁৱত বাস কৰে।
উত্তৰঃ ৭০ শতাংশ
(ঘ) কোনো ঠাইত থূপ খাই থকা বসতিয়েই হ’ল ৰৈখিক/ কেন্দ্ৰীভূত / পাতল বসতি।
উত্তৰঃ কেন্দ্ৰীভূত
৩। উত্তৰ লিখাঃ (৪ টা বা ৫ টা বাক্যৰ ভিতৰত)
(ক) মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি বুলি ভাবা?
উত্তৰঃ মানুহে কৃষিকাৰ্য কৰিবলৈ লোৱাৰ পাছতহে স্থায়ী বসতিৰ সূচনা হয়। অৰ্থাৎ কৃষিকাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে। বিশেষকৈ মাটি চহোৱা, শস্য চোৱা-চিতা কৰাৰ স্বাৰ্থত মানুহে স্থায়ীভাৱে বসতি কৰিবলগীয়া হয়। আনহাতে খেতি চপাই পোৱা শস্যবোৰৰ ভৱিষ্যতৰ বাবে মজুত কৰি ৰাখিবলৈও মানুহে স্থায়ীভাৱে বসবাসৰ পোষকতা কৰে।
(খ) গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা।
উত্তৰঃ গাঁৱলীয়া বাসিন্দাসকলৰ মূল বৃত্তি হল- কৃষি। বসতি পাতল আৰু বিস্তৃত। ঘৰ বাৰীৰ আৰ্হি থলুৱা আৰু পৰম্পৰাগত হয়। এলেকাটোত যাতায়তৰ ব্যৱস্থা সুচল নহয়। অঞ্চলটোত যান বাহনৰ সংখ্যা কম। গাঁৱলীয়া বসতিৰ এলেকাত অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা কম।ব্যৱসায় বাণিজ্যৰ সুবিধা কম।
(গ) কেন্দ্ৰীভূত বসতি কেনেধৰণে সৃষ্টি হয় লিখা।
উত্তৰঃ কোনো কোনো অঞ্চলত বিভিন্ন সা- সুবিধা থকাৰ কাৰণে মানুহৰ বসতি একে ঠাইতে থূপ খাই থাকে । এনে ধৰণে থূপ খাই থাকা বসতিক কেন্দ্রীভূত বসতি বোলে ।
(ঘ) পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনেকুৱা চমুকৈ লিখা।
উত্তৰঃ পৌৰ বসতিক নগৰ বসতি বুলিও কোৱা হয়। পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায়বোৰ হ’ল- ব্যৱসায়-বাণিজ্য, শিল্প-উদ্যোগ, শিক্ষানুষ্ঠান, কাৰ্য্যালয়ৰ চাকৰি আদি। ইয়াৰ মূল কাৰণ হৈছে ইয়াত যাতায়তৰ ব্যৱস্থা সুচল, যান-বাহনৰ সংখ্যা অধিক আৰু বাহিৰৰ লগত সংযোগৰ সুবিধা যথেষ্ট।
(ঙ) গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক আলোচনা কৰা।
উত্তৰঃ গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক হ’ল- গ্ৰাম্য আৰু নগৰৰ মাজত বহুতো পাৰ্থক্য আছে যদিও গাঁও আৰু নগৰৰ মানুহৰ এৰাব নোৱাৰা সম্পৰ্ক আছে। পাঠত ইতিমধ্যে উল্লেখ কৰা হৈছে যে গাঁৱৰপৰাই কালক্ৰমত নগৰৰ উৎপত্তি হয়। কিন্তু এই কথাটো সকলো ক্ষেত্ৰত প্ৰয়োজ্যে নহ’বও পাৰে। এনে কিছুমান নগৰ আছে যিবোৰক পৰিকল্পিতভাৱে পোনপটীয়াকৈ নগৰ হিচাপে গঢ়ি তোলা হৈছে।
সাধাৰণতে বেপাৰ-বাণিজ্যই গাঁও আৰু নগৰৰ মাজত সম্পৰ্ক বৰ্তাই ৰাখে। তাৰোপৰি সেৱামূলক কাৰ্যয়ো এই সম্পৰ্ক গঢ় কৰি তোলে। গাঁওবাসীয়ে তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰী নগৰক যোগান ধৰে আৰু নগৰেও ঔদ্যোগিক দ্ৰব্য আৰু অন্যান্য সেৱা গাঁৱলৈ আঘবঢ়ায়। বেংক, ডাক, বীমা, শিক্ষা-দীক্ষা আদি সেৱাৰ যোগেদি গাঁও আৰু নগৰত মাজত এক নিবিড় সম্পৰ্ক স্থাপন হয়। গাঁৱৰ কিছুমান মানুহে বিভিন্ন কামৰ তাগিদাত দৈনিক নগৰলৈ আহে আৰু নগৰত পোৱা বিভিন্ন প্ৰয়োজনীয় বস্তু ক্ৰয় কৰি উভতি যায়। আজি-কালি অৱঅশ্যে ম’বাইল ফোন, ইন্টাৰনেট আৰু অন্যান্য প্ৰচাৰ মাধ্যমৰ যোগেদি গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত এক নতুন ধাৰা গঢ়ি উঠিছে।
৪। চমুটোকা লিখা—
(ক) ৰৈখিক বসতি।
উত্তৰঃ বাট পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা বসতিক ৰৈখিক বসতি বোলে। এইধৰণৰ বসতি সাধাৰণতে যোগাযোগ ব্যৱস্থা উন্নত থকা ঠাইত দেখা যায়।
(খ) বৰ্গক্ষেত্রাকাৰ বসতি।
উত্তৰঃ গ্ৰাম্যাঞ্চলত কৃষিক্ষেত্ৰক কেন্দ্ৰ কৰিও এক ধৰণৰ বসতিৰ সৃষ্টি হয় । এনে ধৰণৰ বসতিক বৰ্গক্ষেত্রাকাৰ বসতি বোলে । এই ধৰণৰ বসতি সাধাৰণতে বজাৰ মন্দিৰ, স্কুল বা চৰকাৰী কাৰ্যালয় কেন্দ্ৰ কৰি বিকশিত হয়।
(গ) উচ্চভূমি বসতি।
উত্তৰঃ উচ্চভূমিত সাধাৰণতে পাতল বসতি দেখা যায়। এনে অঞ্চল পাহাৰে আৱৰা আৰু শিলাময় হোৱাৰ বাবে বসতি পাতল হয়। তাৰোপৰি অসাৰুৱা মাটি, যাতায়তৰ অসুবিধা আৰু প্ৰতিকূল জলবায়ুৰ বাবেও উচ্চভূমিৰ পাতল বসতি দেখিবলৈ পোৱা যায়। অসমৰ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলা তিনিখন উচ্চভূমি গঠিত হোৱাৰ বাবে সেইবোৰত বসতি পাতল। আহাতে নিম্নভূমি বা সমতল অঞ্চলত যাতায়ত-পৰিবহণ, খেতি-বাতি, বাণিজ্য় আদিকে ধৰি নানা ধৰণৰ সুবিধা থকাৰ বাবে বসতি ঘন।
৫। পাৰ্থক্য লিখা—
(ক) গ্ৰাম্য বসতি আৰু পৌৰ বসতি।
উত্তৰঃ ১) গ্রাম্য বসতিত মানুহৰ জীৱিকাৰ প্ৰধান উপায় হ’ল কৃষি, আনহাতে পৌৰ বসতিত মানুহৰ জীৱিকাৰ প্ৰধান উপায় হ’ল বাণিজ্য, উদ্যোগ, চাকৰি আদি।
২) গ্ৰাম্য অঞ্চলৰ বসতি পাতল, আনহাতে পৌৰ অঞ্চলৰ বসতি ঘন।
৩) গ্ৰাম্য় বসতিত যাতায়তৰ ব্যৱস্থা সুচল নহয় আনহাতে পৌৰ বসতিত যাতায়তৰ ব্যৱস্থা সুচল।
৪) গ্ৰাম্য় বসতিত অঞ্চলত যান-বাহনৰ সংখ্যা কম আনহাতে পৌৰ বসতিত অঞ্চলত যান-বাহনৰ সংখ্যা অধিক আৰু বাহিৰৰ লগত সংযোগৰ সুবিধা যথেষ্ট।
(খ) ৰৈখিক বসতি আৰু কেন্দ্রীভূত বসতি।
উত্তৰঃ কোনো কোনো অঞ্চলত বিভিন্ন সা-সুবিধা থকাৰ কাৰণে মানুহৰ বসতি একে ঠাইতে থুপ খাই থাকে। এনে ধৰণে থূপ খাই থকা বসতিক কেন্দ্রীভূত বসতি বোলে, আনহাতে কিছুমান বসতি বাট-পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থাকে। এনে বসতিক ৰৈখিক বসতি বোলে।
(গ) উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতি।
উত্তৰঃ ১) উচ্চভূমি অঞ্চলত জনবসতি পাতল আনহাতে নিন্মভূমি অঞ্চলত জনবসতি ঘন ।
২) উচ্চভূমি অঞ্চলত যাতায়াত-পৰিবহণ, খেতি-বাতি, ব্যৱসায়- বাণিজ্য আদিৰ সুবিধা নাই আনহাতে নিন্মভূমি অঞ্চলত যাতায়াত-পৰিবহণ, খেতি-বাতি, ব্যৱসায়- বাণিজ্য আদিৰ সুবিধা আছে।