জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ

১। শুদ্ধ উত্তৰটো লিখা–

(ক) কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি–

(১) নিৰক্ষীয় অঞ্চল

(২) উত্তৰ মেৰু 

(৩) পূব এছিয়া 

(৪) আফ্ৰিকাৰ চাহাৰা মৰুভূমি 

উত্তৰঃ (৩) পূব এছিয়া

(খ) কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক–

(১) ইউৰোপ 

(২) আফ্ৰিকা

(৩) এছিয়া

(৪) অষ্ট্ৰেলিয়া

উত্তৰঃ এছিয়া

(গ) ২০১১ চনত অসমৰ জনসংখ্যা আছিল—

(১) ২.২৪ কোটি

(২) ৩.১২ কোটি 

(৩) ২.৩৫ কোটি 

(৪) ২.৪৬ কোটি

উত্তৰঃ (২) ৩.১২ কোটি

(ঘ) তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই—

(১) এছিয়া

(২) দক্ষিণ আমেৰিকা 

(৩) কুমেৰু বা এণ্টাৰ্কটিকা 

(৪) ইউৰোপ

উত্তৰঃ (৩) কুমেৰু বা এণ্টাৰ্কটিকা

(ঙ) পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ’ল—

(১) ভাৰত

(২) পাকিস্তান

(৩) ৰাছিয়া

(৪) চীন

উত্তৰঃ (৪) চীন

২। খালী ঠাই পূৰ কৰা—

(ক) জনসংখ্যাৰ বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ সংখ্যাগত বৃদ্ধিক বুজায়।

(খ) পৃথিৱীৰ বেছিভাগ মানুহে উত্তৰ গোলাৰ্ধত বসতি কৰে।

(গ) প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সিয়েই সেই ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব

(ঘ) এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ল’লে নতুন ঠাইখনক প্ৰব্ৰজনৰ লক্ষ্যস্থান বোলে।

৩। চমু টোকা লিখা—

(ক) মানৱ সম্পদৰ উন্নয়ন।

উত্তৰঃ মানৱ সম্পদৰ উন্নয়ন অৰ্থাৎ মানুহৰ জ্ঞান, দক্ষতা, আৰু স্বাস্থ্যৰ উন্নতি সাধন কৰা। শিক্ষা, প্ৰশিক্ষণ, আৰু স্বাস্থ্যসেৱাৰ জৰিয়তে মানৱ সম্পদৰ বিকাশ ঘটে, যাৰ ফলত লোকসকল অধিক উৎপাদনশীল আৰু যোগ্য হয়। উন্নত মানৱ সম্পদ যিকোনো সমাজ আৰু ৰাষ্ট্ৰৰ অৰ্থনৈতিক তথা সামগ্ৰিক উন্নয়নৰ মূল আধাৰ।

(খ) জনসংখ্যাৰ থূপীকৰণ।

উত্তৰঃ কিছুমান ঠাইত অধিক জনসংখ্যা একেটা অঞ্চলত গোট খাই থকাৰ ফলত জনসংখ্যাৰ ঘনত্ব বেছি হয়, যাক জনসংখ্যাৰ থূপীকৰণ বোলে। সাধাৰণতে, নদীৰ পাৰ, শিল্পাঞ্চল, চহৰ, আৰু উৰ্বৰ ভূমিত জনসংখ্যাৰ থূপীকৰণ দেখা যায়, যিহেতু এই অঞ্চলসমূহত জীৱন-যাত্ৰাৰ সুবিধা বেছি থাকে। 

(গ) জনসংখ্যাৰ বিস্ফোৰণ

উত্তৰঃ পৃথিৱীত মানুহৰ সৃষ্টিৰ সময়ৰে পৰা জনসংখ্যা ক্ৰমশঃ বাঢ়ি আহি বৰ্তমানৰ অৱস্থা পাইছে। বিভিন্ন সময়ত সংঘটিত প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আদিৰ ফলত ব্যাপকসংখ্যক মানুহৰ জীৱনৰ হানি ঘটিলেও মানুহৰ বৃদ্ধিৰ গতি স্তব্ধ হোৱা নাই। এসময়ৰ মুকলি ঠাইবোৰ এতিয়া মানুহেৰে ভৰি পৰিছে। সোতৰশ শতিকাৰ মাজভাগলৈ পৃথিৱীত মানুহৰ সংখ্যা প্ৰায় ৫০ কোটিৰ ওচৰ চাপিছিল। কিন্তু পৰৱৰ্তী সময়ত চিকিৎসা ব্যৱস্থাৰ উন্নতি ঘটাত মহামাৰীসমূহ নিয়ন্ত্ৰণলৈ  অহাৰ লগতে বেমাৰ-আজাৰবোৰত উন্নত চিকিৎসাৰে নিৰাময় কৰিব পৰা হোৱাত মানুহৰ মৃত্যুৰ হাৰ কমি আহে। ইয়াৰ ফলত ঊনবিংশ শতিকাৰ আৰম্ভণিৰ পৰা জনসংখ্যা ক্ষিপ্ৰ গতিত বৃদ্ধি হ’বলৈ ধৰে। জনসংখ্যাৰ এনে অভাৱনীয় পৰিৱৰ্তনক জনসংখ্যাৰ বিস্ফোৰণ বোলা হৈছে।

৪। বহলাই লিখা (৮০ টা মান শব্দৰ ভিতৰত)

জন প্ৰব্ৰজন কাক বোলে? ইয়াৰ কাৰণবোৰ কি কি? জন প্ৰব্ৰজনৰ ফলাফলবোৰ কেনেধৰণৰ?

উত্তৰঃ মানুহে কৰ্মসূত্ৰে বা আন কোনো কাৰণত নিজৰ স্থান ত্যাগ কৰি অন্য এখন নতুন স্থানত গৈ স্থায়ী বা সময়িকভাৱে বসতি কৰা কাৰ্যকে জনপ্ৰব্ৰজন বুলি কোৱা হয়। 

জনপ্ৰব্ৰজনৰ কাৰণসমূহ হ’ল- যুদ্ধ-বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী, গৰাখহনীয়া, খাদ্য সংকট, ৰাজনৈতিক সংকট আদি কাৰণত মানুহে কোনো ঠাই ত্যাগ কৰি অন্য স্থানলৈ প্ৰব্ৰজন কৰে। প্ৰব্ৰজনৰ উৎস স্থানৰ তুলনাত লক্ষ্যস্থানত জীৱন-নিৰ্বাহ অধিক সুবিধাজনক হ’লে মানুহৰ প্ৰব্ৰজন বাঢ়ে। বৰ্তমান সময়ত উন্নত শিক্ষা গ্ৰহণ, কর্মসংস্থাপন, নিৰাপদ জীৱন-যাপন আদিৰ বাবেও প্ৰব্ৰজন ঘটে। উদ্যোগ, কাৰখানা, নিৰ্মাণ কাৰ্য আদিত সংস্থাপন বিচাৰি সাধাৰণতে গাঁও অঞ্চলৰপৰা নগৰলৈ মানুহৰ প্ৰব্ৰজন ঘটা দেখা যায়।

জনপ্ৰব্ৰজনৰ ফলাফল সমূহ তলত উল্লেখ কৰা হ’ল– জনপ্ৰব্ৰজনৰ মাত্ৰা অধিক হ’লে‌ লক্ষ্যস্থানত হঠাতে জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পায়। ইয়ে ঠাইখনত ভূমি আৰু অন্যান্য সম্পদৰ জনমূৰি পৰিমাণ হ্ৰাস কৰে। ইয়াৰ উপৰিও কেতিয়াবা কোনো কোনো প্ৰব্ৰজন লক্ষ্যস্থানত ৰাজনৈতিক, ভাষা–সংস্কৃতিৰ সংকটে দেখা দিব পাৰে।

Scroll to Top