মধ্য যুগৰ অসম
১। উত্তৰ লিখা-
(ক) কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল?
উত্তৰঃ ত্রয়োদশ শতিকাত আহোমসকল অসমলৈ আহিছিল।
(খ) চুকাফা অসমলৈ আহোতে লগত অনা মন্ত্রী দুজন কোন কোন আছিল?
উত্তৰঃ চুকাফা অসমলৈ আহোতে লগত অনা মন্ত্রী দুজন আছিল বুঢ়াগোঁহাই আৰু বৰগোঁহাই।
(গ) মূলাগাভৰু কোন আছিল?
উত্তৰঃ মুলাগাভৰু ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী আছিল।
(ঘ) কিমান খ্রীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে?
উত্তৰঃ ১৮৬১ খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে।
(ঙ) কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল?
উত্তৰঃ কোচ ৰজা নৰনাৰায়ণে ১৫৬২ খ্রীষ্টাব্দত আহোম আক্রমণ কৰিছিল।
(চ) চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন?
উত্তৰঃ চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা হৈছে ৰত্নধ্বজ পাল বা গৌৰীনাৰায়ণ।
২। ক্ৰমানুসাৰে সজোৱা-
(ক) ইয়াণ্ডাবু সন্ধি ।
(খ) হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ।
(গ) শৰাইঘাটৰ যুদ্ধ ।
(ঘ) মিৰজুমলাৰ অসম আক্রমণ।
(ঙ) স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন।
চ) ইত্তিয়াৰ উদ্দিন মালিক উজবেগ, তুলি খাঁৰ কামৰূপ আক্রমণ ।
উত্তৰঃ (ঙ) স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন ।
(চ) ইপ্তিয়াৰ উদ্দিন মালিক উজবেগ, তুলি খাঁৰ কামৰূপ আক্রমণ।
(খ) হুছেইন শ্বাহৰ কামৰূপ কমতা আক্রমণ।
(ঘ) মিৰজুমলাৰ অসম আক্রমণ।
(গ) শৰাইঘাটৰ যুদ্ধ।
(ক) ইয়াণ্ডাবু সন্ধি ।
৩) শুদ্ধ / অশুদ্ধ বিচাৰ কৰা—
ক) আহোমসকল অসমলৈ অহাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱা অসম বুৰঞ্জীৰ মধ্যযুগ ।
উত্তৰঃ শুদ্ধ।
খ) চুডাংফা বা বামুণী কোঁৱৰৰ দিনৰপৰা আহোম স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণ কৰে।
উত্তৰঃ অশুদ্ধ ।
গ) মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত লেখক চিহাবুদ্দিন তালি অসমলৈ আহিছিল ।
উত্তৰঃ শুদ্ধ ।
ঘ) কছাৰী ৰজা গোবিন্দচন্দ্ৰৰ দিনত কছাৰী ৰাজ্য ব্ৰিটিছৰ অধীনস্থ হয়।
উত্তৰঃ শুদ্ধ ।
ঙ) চুতীয়াসকল বৈষ্ণৱ ধৰ্মী আছিল ।
উত্তৰঃ অশুদ্ধ ।
চ) কামৰূপ আক্ৰমণৰ সময়ত তুর্কী আফগানসকলক ভূঞাসকলে সহায় কৰিছিল
উত্তৰঃ অশুদ্ধ ।
৪) খালী ঠাই পূৰোৱা-
ক) আহোমসকল অসমলৈ অহাৰ পাছৰে পৰা কামৰূপ ৰাজ্যখন _____________ নামেৰে পৰিচিত হয় ।
উত্তৰঃ আহোমসকল অসমলৈ অহাৰ পাছৰে পৰা কামৰূপ ৰাজ্যখন অসম নামেৰে পৰিচিত হয়।
খ) আহোমসকলে ____________নামৰ দেৱতাক পূজা সেৱা কৰিছিল।
উত্তৰঃ আহোমসকলে চোমদেউ নামৰ দেৱতাক পূজা সেৱা কৰিছিল।
গ) ______________স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গিয়া ৰজাৰ হিন্দু নাম ।
উত্তৰঃ স্বৰ্গ নাৰায়ণ স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গিয়া ৰজাৰ হিন্দু নাম।
ঘ) সন্ধ্যাই কামৰূপ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা ____________ স্নানান্তৰিত কৰে।
উত্তৰঃ সন্ধ্যাই কামৰূপ ৰাজধানী উত্তৰ গুৱাহাটীৰপৰা কমতাপুৰলৈ স্নানান্তৰিত কৰে।
ঙ) _____________ চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল ।
উত্তৰঃ ৰত্নধ্বজপাল বা গৌৰীনাৰায়ণ চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল।
চ) ________________ শব্দৰ অৰ্থ হ’ল মাটিৰ মালিক ।
উত্তৰঃ ভূঞা শব্দৰ অৰ্থ হ’ল মাটিৰ মালিক ।
৫) ৫০টা মান শব্দৰ ভিতৰত উত্তৰ লিখাঃ
(ক) কেতিয়া, কোনে আৰু কেনেকৈ অসমত আহোম ৰাজ্য স্থাপন কৰিছিল?
উত্তৰঃ ত্রয়োদশ শতিকাত আহোমসকল অসমলৈ আহে। অসমত তেওঁলোকে উনৈশ শতিকাৰ আগভাগলৈ প্রায় ৬০০ বছৰ কাল বাজত্ব কৰিছিল। চুকাফা আহোম ৰাজ্যৰ প্রতিষ্ঠাতা। আজিৰ পৰা প্রায় ৭৯০ বছৰ আগেয়ে মাওলুং ৰাজ্যৰ পৰা মুংকং হৈ পাটকাই পর্বত অতিক্রম কৰি চুকাফাই অসমত প্রবেশ কৰে। ১২২৮ খ্রীষ্টাব্দত চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰে। এই সময়চোৱাত চুকাফাই খিলঞ্জীয়া লোকসকলৰ বহু প্রত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছিল। চুকাফাই এই লোকসকলক কৌশলেৰে বশ কৰি নিজৰ অধীনস্থ কৰিছিল। সেই সময়ত দিখৌ আৰু দিচাং নৈৰ মাজৰ ঠাইখিনি মৰাণ আৰু বৰাহী নামৰ দুটা জনজাতিৰ অধীনত আছিল। মৰাণ আৰু বৰাহীসকলক চুকাফাই নিজৰ অধীনস্থ কৰি তেওঁলোকৰ তিৰোতাৰ পাণি গ্রহণ কৰিছিল।
চুকাফা চতুৰ, সাহসী আৰু সুদক্ষ যোদ্ধা আছিল। অসমলৈ আহোতে লগত অনা বুঢ়াগোঁহাই আৰু বৰগোঁহাই নামৰ মন্ত্রী দুজনাৰ পৰামৰ্শ লৈ তেওঁ ৰাজ্য শাসন কৰিছিল। সুদীর্ঘ ৩৬ বছৰ ৰাজত্ব কৰি ১২৬৮ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুকাফা স্বর্গী হয়।
(খ) শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল ? ইয়াৰ ফলাফল কি হ’ল?
উত্তৰঃ উত্তৰঃ স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোগলক কৰ দিবলৈ অমান্তি হোৱাক লৈ আকৌ আহোম – মোগলৰ মাজত সংঘর্ষ হয় । মোগল সম্রাট ঔৰংজেবে ৰামসিংহক অসম আক্রমণ কৰিবলৈ পঠিয়ায় । বীৰ লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই ১৬৭১ খ্ৰীষ্টাব্দৰ শৰাইঘাটৰ যুদ্ধত অসীম পৰাক্ৰমেৰে যুঁজি ৰামসিংহক পৰাস্ত কৰি অসমৰ যশ, মান, গৌৰৱ উদ্ধাৰ কৰিছিল ।
(গ) চিলাৰায় কোন আছিল? তেওঁ কি কি ৰাজ্য জয় কৰিছিল?
উত্তৰঃ চিলাৰায় আছিল নৰনাৰায়ণৰ সুদক্ষ সেনাপতি । তেওঁ মণিপুৰ, জয়ন্তীয়া, ত্ৰিপুৰা, থৈৰাম, ডিমৰুৱা, শ্রীহট্ট আদি ৰাজ্যবোৰজয় কৰিছিল ।
(ঘ) বাৰভূঞা সকল কোন?
উত্তৰঃ অসমৰ বাৰভূঞাসকলৰ উত্থান সম্পর্কে আৰু বহুতো কাহিনী আছে। কিছুমানে ক’ব খোজে যে কামৰূপ ৰাজ্যৰ পূৰ্বৰ শাসন ব্যৱস্থাত ৰজাৰ পৰা ৰাজহ মুক্ত হোৱা শক্তিশালী সামন্তসকলেই পৰৱৰ্তী সময়ত ভূঞা হিচাপে প্রতিষ্ঠিত হয়। পর্যাপ্ত পৰিমাণৰ ধন আৰু সৈন্যবল থকাৰ বাবে ভূঞাসকলে কামৰূপৰ দুৰ্বল ৰজাসকলৰ শাসন কালত স্বাধীন ৰজা হিচাপে মূৰ দাঙি উঠিছিল। ‘ভূঞা’ শব্দৰ অৰ্থ হ’ল মাটিব মালিক। অসমৰ ভূঞাসকল মূলত কায়স্থ, দৈবজ্ঞ আৰু ব্রাহ্মণ ভূঞা। অসমৰ ভূঞাসকলক বাৰভূঞা নামে জনা যায়।
(ঙ) কছাৰীসকল কোন ?
উত্তৰঃ কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী। ইতিহাসবিদসকলে বিশ্বাস কৰে যে অতি প্রাচীন কালত কছাৰীসকলে কামৰূপ ৰাজ্যত শাসন কৰিছিল। তেওঁলোকৰ এই শাসন বর্তমান বাংলাদেশৰ চিলেট, মৈমনসিং আদিকে ধৰি সাগৰৰ পাৰলৈকে বিস্তৃত আছিল। চুটিয়া, কোচ, ত্রিপুৰী, শৰণীয়া, গাৰো, ৰাভা, লালুং, ডিমাচা জনগোষ্ঠীসকল আদিতে এই কছাৰী জাতিৰ অন্তর্ভুক্ত আছিল। কিন্তু এই জনগোষ্ঠীৰ লোকসকল সময়ত বিভিন্ন স্থানত নিগাজিকৈ থাকিবলৈ লোৱাত চৌপাশৰ পাৰিপাৰ্শ্বিক পৰিৱেশৰ প্রভাৱত নিজস্ব কৃষ্টি-সংস্কৃতিব জন্ম দিয়ে। এই সংস্কৃতি পূৰ্বৰ কছাৰী সংস্কৃতিৰ পৰা কিছু হ’লেও পৃথক। সেয়েহে এই লোকসকল বিভিন্ন স্থানত বিভিন্ন নামেৰে জনাজাত হয় যেনে- বড়ো, কছাৰী, মেচ, ডিমাচা, গাৰো, হাজং, শৰণীয়া, সোণোৱাল ইত্যাদি।