প্ৰাচীন কামৰূপ ৰাজ্য়
১। চমু উত্তৰ দিয়া –
(ক) ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল?
উত্তৰঃ ভগদত্তৰ জীয়ৰীৰ নাম হ’ল ভানুমতী আছিল।
(খ) কোন ৰজাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল?
উত্তৰঃ ভাস্কৰ বৰ্মনৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল।
(গ) কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কোনজন ৰজাই বিবাহ কৰাইছিল?
উত্তৰঃ কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কাশ্মীৰৰ ৰজা মেঘবহনে বিবাহ কৰাইছিল।
(ঘ) শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?
উত্তৰঃ শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন শ্রীহর্ষ আছিল।
(ঙ) কোনজন ৰজাই কামৰূপত হোৱা বখতিয়াৰ খিলজিৰ আক্ৰমণ প্ৰতিহত কৰিছিল?
উত্তৰঃ পৃথু ৰজাই কামৰূপত হোৱা বখতিয়াৰ খিলজিৰ আক্ৰমণ প্রতিহত কৰিছিল।
২। শুদ্ধ উত্তৰ বাছি উলিওৱা-
(ক) বর্মন বংশ পুষ্য বৰ্মনে/ভাস্কৰ বৰ্মনে স্থাপন কৰিছিল।
উত্তৰঃ বর্মন বংশ পুষ্য বৰ্মনে স্থাপন কৰিছিল।
(খ) ‘চি-ইউ-কি’ কৌটিল্য/হিউৱেন চাঙৰ গ্ৰন্থ আছিল|
উত্তৰঃ ‘চি-ইউ-কি’ হিউৱেন চাঙৰ গ্ৰন্থ আছিল।
(গ) কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰপৰাই সূচনা হোৱা যুগটো হোৱা যুগটো হ’ল শকাব্দ/ভাস্কৰাব্দ।
উত্তৰঃ কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰপৰাই সূচনা হোৱা যুগটো হোৱা যুগটো হ’ল ভাস্কৰাব্দ।
(ঘ) প্ৰাচীন কামৰূপত ৰাজতান্ত্রিক/গণতান্ত্রিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল।
উত্তৰঃ প্ৰাচীন কামৰূপত ৰাজতান্ত্রিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল।
৩। খালী ঠাই পূৰ কৰা—
(ক) প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা আছিল কৃষি।
(খ) বৰ্মন বংশ ভাস্কৰ বৰ্মনে প্ৰতিষ্ঠা কৰিছিল।
(গ) পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল ৰত্নপাল।
(ঘ) কামৰূপ ৰাজ্যৰ ৰজাই পৰমভট্টাৰক, মহাৰজাধিৰাজ,পৰমপৰমেশ্বৰ ৰত্নপাল উপাধি গ্ৰহণ কৰিছিল।
(ঙ) শক্তি পূজা কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল।
৪। চমুটোকা লিখা-
(ক) ভাস্কৰ বৰ্মন
উত্তৰঃ বৰ্মন বংশৰ শেষ ৰজা আছিল ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনে বিবাহ কৰোৱা নাছিল। ভাস্কৰ বৰ্মনে এক দীঘলীয়া সময় কামৰূপত শাসন কৰিছিল। ৫৯৪ খ্ৰী:ত ভাস্কৰ বৰ্মনৰ সিংহাসনত আৰোহণৰপৰা এক নতুন যুগৰ সূচনা হৈছিল এই যুগটোক ভাস্কৰাব্দ বা কামৰূপী চন বুলি কোৱা হৈছিল।
(খ) প্ৰাচীন কামৰূপ শিক্ষা ব্যৱস্থাঃ
উত্তৰঃ প্ৰাচীন কামৰূপত প্ৰধানকৈ গুৰুগৃহ, সংস্কৃত টোলসমূহ আৰু গ্ৰাম্য পাঠশালাসমূহত শিক্ষা দিয়া হৈছিল। কামৰূপৰ শাসকসকলে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়াইছিল। ৰজা স্থিতা বৰ্মন, ভাস্কৰ বৰ্মন আদি একো একোজন বিদ্বান ব্যক্তি আছিল। শিক্ষা কেন্দ্রসমূহত চাৰিবেদৰ লগতে আয়ুর্বেদ, ধনুর্বেদ, তন্ত্র বেদাংগ, ইতিহাস, পূৰাণ আদি বিষয়ৰ জ্ঞান দিয়া হৈছিল।
(গ) ভগদত্ত
উত্তৰঃ সমলসমূহৰ পৰা জনা যায় যে নৰকৰ মৃত্যুৰ পাছৰ পৰা তেওঁৰ পুত্ৰ ভগদত্ত কামৰূপৰ সিংহাসনত বহিছিল। হৈ যোৱা মহাভাৰতৰ কেইবাটাও অধ্যায়ত ভগদত্তৰ বীৰত্তৰ কাহীনীৰ বৰ্ণনা পোৱা যায়। প্ৰবাদমতে দুৰ্যোধনৰ লগত ভগদত্তৰ জীয়ৰী ভানুমতীৰ বিবাহ হৈছিল। ভগদত্তই গুৱীহাটীৰ দীঘলী পুখুৰী তেওঁৰ জীয়ৰী ভানুমতীৰ সম্বন্ধয়ৰ সময়ত খন্দাইছিল ।
(ঘ) প্ৰাচীন কামৰূপৰ ধৰ্ম
উত্তৰঃ প্ৰাচীন কালৰেপৰা কামৰূপত শৈৱ ধৰ্মৰ প্ৰচলন আছিল। শৈৱ ধৰ্মৰ প্ৰচলনৰ বাহিৰে কামৰূপ শক্তি পূজাৰ মুখ্য কেন্দ্ৰ আছিল আৰু কামাখ্যা মন্দিৰ ইয়াৰ অন্যতম গৌৰৱৰ স্থান। কালিকা পূৰাণত শৈৱ উপাসনাৰ পোন্ধৰটা কেন্দ্ৰৰ উল্লেখ পোৱা যায়। বিষ্ণু উপাসনা আৰু বৌদ্ধ ধৰ্ময়ো কামৰূপত প্ৰসাৰতা লাভ কৰিছিল.