১৮৫৭ চনৰ বিদ্ৰোহ
১। উত্তৰ লিখা –
(ক) কেতিয়াৰ পৰা ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে বৃটিছ উপনিৱেশত পৰিণত হ’ল?
উত্তৰঃ অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধত ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে বৃটিছ উপনিৱেশত পৰিণত হ’ল।
(খ) কোন গৱৰ্ণৰ জেনেৰেলৰ শাসন কালত এচাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি, পেন্সন আদি কাঢ়ি লোৱা হৈছিল?
উত্তৰঃ লৰ্ড ডেলহাউচিৰ শাসন কালত এচাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি, পেন্সন আদি কাঢ়ি লোৱা হৈছিল।
(গ) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম ছহিদ কোন আছিল?
উত্তৰঃ মংগল পাণ্ডে আছিল।
(ঘ) মণিৰাম দেৱানৰ সৈতে কোনজন নেতাক ফাঁচি দিয়া হৈছিল?
উত্তৰঃ পিয়লি বৰুৱা।
(ঙ) অসমৰ কৃষক বিদ্ৰোহসমূহ কোনে পৰিচালনা কৰিছিল?
উত্তৰঃ ৰাইজ মেলসমূহে।
২। ‘ক’ অংশৰ লগত ‘খ’অংশ মিলোৱা —
উত্তৰঃ
‘ক’ অংশ | ‘খ’অংশ |
(ক) ১৮৫৬ চনৰ আইন | সাগৰ যাত্ৰা বাধ্যতামূলক কৰা। |
(খ) ১৮৫৭ চনৰ ২৯ মাৰ্চ | মংগল পাণ্ডেৰ সামৰিক বিষয়াক আক্ৰমণ। |
(গ) ১৮৫৮ চন | ভাৰতৰ শাসনভাৰ ৰাণী ভিক্টোৰিয়াৰ অধীন। |
(ঘ) ১৮২৮ চন | গোমধৰ কোঁৱৰৰ বিদ্ৰোহ। |
(ঙ) ১৮৬১ চন | ফুলগুৰি ধেৱা। |
৩। শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰা —
(ক) অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক, ধৰ্মীয় আদি নানা কাৰণত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল।
উত্তৰঃ শুদ্ধ।
(খ) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল মংগল পাণ্ডেৰ ফাঁচী।
উত্তৰঃ অশুদ্ধ।
(গ) ১৮৫৭ চনৰ বিদ্ৰোহত বাহাদুৰ ছাহ দ্বিতীয়ক ভাৰতবৰ্ষৰ সম্ৰাট বুলি ঘোষণা কৰিছিল।
উত্তৰঃ শুদ্ধ।
(ঘ) মণিৰাম দেৱানে পুৰন্দৰ সিংহক আহোমৰ শাসনভাৰ দিবলৈ বৃটিছক আবেদন জনাইছিল।
উত্তৰঃ অশুদ্ধ।
(ঙ) ১৮৬১ চনৰ জানুৱাৰীত ৰঙিয়া, নলবাৰী আৰু বৰমাতো খাজনা বৃদ্ধিৰ প্ৰতিবাদত কৃষকে বিদ্ৰোহ কৰিছিল।
উত্তৰঃ অশুদ্ধ।
৪। চমু টোকা লিখা —
(ক) মণিৰাম দেৱান।
উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ যি ভূমিকা তাৰ নায়ক আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা দেৱান, চমুকৈ মণিৰাম দেৱান। মণিৰাম দেৱান চতুৰ আৰু ৰাজনৈতিক তথা প্রশাসনিক দক্ষতা সম্পন্ন ব্যক্তি আছিল। আৰম্ভণিতে তেওঁ এজন ইংৰাজ অনুৰাগী আছিল যদিও ইংৰাজৰ বৈষম্যমূলক নীতিৰ নিজেই এজন ভুক্তভোগী হোৱা হেতুকে শেষলৈ ইংৰাজ বিদ্বেষী হৈ পৰে। মণিৰাম দেৱানে ইংৰাজৰ অধীনৰ দেৱানৰ চাকৰি ইস্তফা দি যোৰহাটৰ ওচৰৰ চিনামবা আৰু চেলেঙত নিজাকৈ দুখন চাহ বাগিচা খুলি প্রথম অসমীয়া তথা ভাৰতীয় চাহ খেতিয়ক হিচাপে প্রতিষ্ঠা লাভ কৰে।
খ) ফুলগুৰি ধেৱা।
উত্তৰঃ অসমত কৃষক বিদ্রোহ সমুহ পৰিচালনা কৰিছিল’ ৰাইজ মেল’ সমুহে। সমাজৰ মুখীয়াল লোকসকলৰ তত্বাৱধানত জাতি, ধর্ম নির্বিশেষে সকলোৱে ইয়াত অংশগ্রহণ কৰিছিল। ৰাইজ মেল ৰ ক্ষমতা ইমানেই বেছি আছিল যে কোনো কোনো ঠাইত ই চৰকাৰক অচল কৰি দিবলৈও সমর্থ হৈছিল। অসমৰ প্ৰথমটো কৃষক বিদ্রোহ ১৮৬১ চনত ফুলগুৰি নামৰ ঠাইত সংঘটিত হৈছিল। ইয়াকে ফুলগুৰিৰ ধেৱা বুলি কোৱা।
(গ) চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ।
উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ। এইবিধ গুলি বন্দুকত ভৰোৱাৰ আগতে দাঁতেৰে কামুৰি পেকেটটো এৰুৱাব লাগিছিল। গুলিসমূহত চর্বি জাত্রীয় পদার্থ মিহলাই দিয়া হৈছিল। হঠাতে গুজৱ ওলাল যে এই সংমিশ্ৰণ গাহৰি আৰু গৰুৰ চৰ্বিৰে তৈয়াৰী। গাহৰি মুছলমানসকলৰ আৰু গৰু হিন্দুৰ অভক্ষ্য বাবে ভাৰতীয় সৈন্যই ইয়াক ব্যৱহাৰ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিলে। তেওঁলোকৰ বিশ্বাস দৃঢ় হৈছিল যে এই কাৰ্যৰ দ্বাৰা বৃটিছ দেশীয় চিপাহীসকলৰ ধৰ্ম নষ্ট কৰিবলৈ বিচাৰিছে।
৫। চিপাহী বিদ্ৰোহৰ কাৰণবোৰক কেইভাগে বিভক্ত কৰিব পাৰি? যি কোনো এটা কাৰণৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ চিপাহী বিদ্রোহৰ কাৰণবোৰক পাঁচভাগত বিভক্ত কৰিব পাৰি।
(ক) ৰাজনৈতিক
(খ) অৰ্থনৈতিক
(গ) সামাজিক
(ঘ) সামৰিক
(ঙ) ধর্মীয় কাৰণ।
ধৰ্মীয় দৃষ্টিকোণৰপৰা চাবলৈ গ’লেও দেখিবলৈ পোৱা যায় যে কিছুমান স্পৰ্শকাতৰ বিষয়ে ভাৰতীয় মানুহৰ মনত বৃটিছৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। কোম্পানী চৰকাৰৰ শাসনকালত খ্রীষ্টিয়ান মিচনেৰীসকলৰ দ্রুত ধৰ্ম প্ৰচাৰ, ধৰ্মৰ লগত জড়িত ভাৰতৰ পৰম্পৰাগত কিছুমান প্ৰথাৰ বিলোপ সাধন আৰু ধৰ্মান্তৰিত লোকক ধন-সম্পত্তিৰ অধিকাৰৰপৰা বঞ্চিত নকৰা আদি কাৰ্যই ভাৰতবাসীক নিজৰ ধৰ্মৰ ভৱিষ্যত সম্পৰ্কে সন্দিহান কৰি তুলিছিল। আনহাতে দেশীয় শিক্ষা ব্যৱস্থাৰ মাধ্যম ইংৰাজী কৰাত আৰু জনকল্যাণৰ নামত বিভিন্ন ঠাইত স্থাপন কৰা শিক্ষানুষ্ঠান, হস্পিতাল,· গীর্জা আদিয়েও সৰ্বসাধাৰণ লোকৰ মনত সন্দেহৰ ভাব সুমুৱাই দিছিল যে এই সকলো বিলাকৰ অন্তৰালত আছে ভাৰতবৰ্ষক এখন খৃষ্টান ধৰ্মী দেশলৈ পৰিণত কৰা।
৬। লৰ্ড ডেলহাউচিৰ নীতি সমূহ চিপাহী বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া বুলি ভাবা? লিখা।
উত্তৰঃ লৰ্ড ডেলহাউচিৰ স্বত্ববিলোপ নীতি কঠোৰভাৱে প্ৰয়োগ কৰি ভালেমান দেশীয় ৰাজ্য অধিগ্ৰহণ কৰাত ভাৰতীয়ৰ মনত ভয়, শংকা, সন্দেহ আৰু অবিশ্বাসৰ সৃষ্টি হৈছিল। এওঁৰ শাসনকালত এচাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি, পেন্সন আদিও কাঢ়ি লোৱা হৈছিল। অৰাজকতাৰ দোহাই দি অন্যায়ভাৱে অযোধ্যা ৰাজ্য দখল কৰি বৃটিছে চৰম অদূৰদৰ্শিতাৰ পৰিচয় দিছিল। তাৰোপৰি মোগল সম্ৰাটৰ অস্তিত্ব নাশ কৰাৰ ষড়যন্ত্ৰতো ডেলহাউচি লিপ্ত হৈছিল। পিচে কোম্পানীৰঊর্ধ্বতম মহলৰ হস্তক্ষেপত সি কাৰ্যকৰী নহ’ল। তথাপিও সম্ৰাটৰ মৃত্যুৰ পাছত তেওঁৰ পৰিয়ালক লালকিল্লাৰপৰা উৎখাত কৰা হ’ব বুলি ডেলহাউচিয়ে এক তাৎপৰ্যপূৰ্ণ ঘোষণা কৰিছিল। এই সমস্ত ঘটনা-পৰিঘটনাসমূহে ভাৰতীয়ৰ মনত বৃটিছৰ বিৰুদ্ধে বিদ্বেষ ভাবৰ সূচনা কৰিছিল।
৭। এচাম ইতিহাসবিদৰ মতে চিপাহী বিদ্রোহক কিয় ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি ক’ব পৰা নাযায়? যুক্তি দর্শোৱা।
উত্তৰঃ এচাম ইতিহাসৰ মতে ১৮৫৭ চনৰ বিদ্ৰোহক ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি কোনো মতেই গ্রাহ্য কৰিব নোৱাৰি। কিয়নো, স্বাধীনতা যুদ্ধৰ আগৰ জাতীয়তাবাদৰ ধাৰণা সেই সময়ত জনসাধাৰণৰ মাজত উদ্ভৱ হোৱাই নাছিল। সেই বাবেই দক্ষিণ ভাৰতৰ লোকসকলে এই বিদ্ৰোহত অংশ গ্ৰহণ কৰা নাছিল। তাৰোপৰি গোৰ্খা, শিখ, জমিদাৰ শ্ৰেণী আৰু বুদ্ধিজীৱিসকলো এই বিদ্ৰোহৰপৰা আঁতৰত আছিল।