ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ

১। উত্তৰ দিয়া- 

ক) লর্ড কর্ণাৱালিছৰ কার্যবিধিখনক কি বুলি জনা যায়?

উত্তৰঃ লৰ্ড কৰ্ণৱালিছৰ কাৰ্যবিধিখনক কর্ণাৱালিছ সংহিতা বুলি জনা যায়।

খ) ভাৰতত চিৰস্থায়ী বন্দবস্তু কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ ভাৰতত চিৰস্থায়ী বন্দবস্ত লর্ড কর্ণাৱালিছে প্ৰৱৰ্তন কৰিছিল।

গ) কোনজন গৱৰ্ণৰ জেনেৰেলে ভাৰতত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ লর্ড হেষ্টিংছে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল।

ঘ) শিক্ষা সম্পৰ্কত চাৰ্লছ উডৰ প্রেৰণ পত্র কোনজন ইংৰাজ গৱৰ্ণৰ জেনেৰেলে প্ৰস্তুত কৰিছিল ?

উত্তৰঃ শিক্ষা সম্পৰ্কত চাৰ্লছ উত্তৰ প্ৰেৰণ পত্ৰ লর্ড ডেলহাউচিয়ে প্ৰস্তুত কৰিছিল।

ঙ) ভাৰতত প্রথম মহিলাৰ আত্মজীৱনীখন কোনে লিখিছিল ?

উত্তৰঃ ভাৰতত প্ৰথম মহিলাৰ আত্মজীৱনীখন ৰাজসুন্দৰী দেৱীয়ে লিখিছিল।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা- 

উত্তৰঃ

‘ক’ অংশ

‘খ’ অংশ

ৰাজা ৰামমোহন ৰায়

ৰামকৃষ্ণ পৰমহংসদেৱ

ছাৰ ছৈয়দ আহমদ খান

গোবিন্দ ৰাণাডে

দয়ানন্দ সৰস্বতী

ব্ৰাহ্ম সমাজ

 ৰামকৃষ্ণ মিছন

আলিগড় আন্দোলন

প্ৰাৰ্থনা সমাজ

আৰ্য সমাজ

৩। শুদ্ধ/অশুদ্ধ বিচাৰ কৰা-

ক) ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ৰাজশক্তি ৰূপে প্রতিষ্ঠা লাভ কৰাৰ সময়ত দিল্লীৰ সম্ৰাট গৰাকী আছিল ফাৰুখছিয়াৰ / বাহাদুৰ ছাহ দ্বিতীয়।

উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ৰাজশক্তি ৰূপে প্রতিষ্ঠা লাভ কৰাৰ সময়ত দিল্লীৰ সম্ৰাট গৰাকী আছিল ফাৰুখছিয়াৰ।

খ) ১৭৮১ খ্ৰীষ্টাব্দত ৱাৰেণ হেষ্টিংছে / লর্ড হেষ্টিংছে কলিকতাত মাদ্ৰাছা এখন খুলিছিল।

উত্তৰঃ ১৭৮১ খ্ৰীষ্টাব্দত ৱাৰেন হেষ্টিংছে কলিকতাত মাদ্রাছা এখন খুলিছিল।

গ) কোম্পানীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে / নতুন ৰাজ্য অধিগ্ৰহণৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সামৰিক বাহিনী গঠন কৰিছিল।

উত্তৰঃ কোম্পানীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সামৰিক বাহিনী গঠন কৰিছিল ।

(ঘ) ছাৰ ছৈয়দ আহমেদ খান / নৱাব আব্দুল লতিফে এংলো অৰিয়েন্টেল কলেজ স্থাপন কৰিছিল।

উত্তৰঃ ছাৰ চৈয়দ আহমেদ খানে এংলো অৰিয়েন্টেল কলেজ স্থাপন কৰিছিল।

ঙ) সত্যৰ্থ প্ৰকাশ গ্ৰন্থখনৰ ৰচক আছিল দয়ানন্দ সৰস্বতী / ৰাজা ৰামমোহন ৰায়।

উত্তৰঃ সত্যৰ্থ প্ৰকাশ গ্ৰন্থখনৰ ৰচক আছিল দয়ানন্দ সৰস্বতী।

৪। চমু টোকা লিখা –

(ক) ৰাজা ৰামমোহন ৰায়।

উত্তৰঃ ৰাজা ৰামমোহন ৰায় এজন সমাজ-সংস্কাৰক আছিল। তেওঁ মূর্তি পূজা বিৰোধী আৰু জাতিভেদ শূন্য ভাৰতীয় সমাজ এখন গঢ়িবলৈ চেষ্টা কৰিছিল। ৰাজা ৰামমোহন ৰায়ে ১৮২৮ খ্রীষ্টাব্দত ব্রাহ্মসভা পাতে আৰু পিছলৈ ১৮৩০ খ্রীষ্টাব্দত ই ব্রাহ্ম সমাজ নামে এখন সমাজ সংস্কাৰৰ অনুষ্ঠান হিচাপে গঢ় লয়। পৰৱৰ্তী সময়ত কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ পিতৃ দেৱেন্দ্ৰ নাথ ঠাকুৰ তেওঁৰ সহযোগী হৈছিল। সতী দাহ প্রথা, কন্যা শিশু হত্যা আদি সমাজৰ কু-নিয়মবোৰ আঁতৰোৱাত ৰামমোহন ৰায়ে লর্ড উইলিয়াম বেন্টিংকক যথেষ্ট সহায় কৰিছিল। স্ত্রী শিক্ষাৰ ওপৰতো তেওঁ গুৰুত্ব প্রদান কৰিছিল। অপ্রাপ্তবয়স্ক বিধৱাক পুনৰ বিয়া দিয়াটো ব্রাহ্ম সমাজে এটা প্রধান দায়িত্ব বুলি ধৰিছিল। এনে সংস্কাৰমূলক কামবোৰ কৰি যাওঁতে ৰাজা ৰামমোহন ৰায়ে ভাৰতীয় হিন্দু সমাজত আন এটা ডাঙৰ দোষ দেখিছিল। সেই সময়ত যিসকল ভাৰতীয়ই খ্ৰীষ্টানসকলৰ সৈতে খোৱা-বোৱা কৰিছিল বা উচ্চ শিক্ষাৰ বাবে বিদেশলৈ গৈছিল তেনে লোকসকলক হিন্দু সমাজে পতিত বুলি ঘোষণা কৰি সমাজৰপৰা বহিষ্কাৰ কৰিছিল। এই সকল লোকে উচ্চ শিক্ষাৰে শিক্ষিত হৈও সমাজত এনে ধৰণৰ কলঙ্কৰ ভয়ত খৃষ্টান ধর্মত দীক্ষিত হ’ব লগা হৈছিল। ৰাজা ৰামমোহন ৰায়ে এনে অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এইসকল শিক্ষিত লোকক তেওঁ প্রতিষ্ঠা কৰা ব্রাহ্ম ধৰ্মত দীক্ষা দি হিন্দু ধৰ্মৰে ভিতৰুৱা কৰি ৰাখিছিল। সেয়ে ভাৰতবাসী ৰাজা ৰামমোহন ৰায়ৰ ওচৰত চিৰ কৃতজ্ঞ। 

(খ) ছাৰ ছৈয়দ আহমেদ খান

উত্তৰঃ  ছাৰ ছৈয়দ আহমদ খানে প্রাশ্চাত্য শিক্ষাৰ পোহৰে ইছলামধর্মী লোকসকলকো অনুপ্রাণিত কৰিছিল। ১৮৭৭ চনত ছাৰ ছৈয়দ আহমদ খানৰ প্ৰচেষ্টাত আলিগড়ৰ মুছলমান ছাত্র-ছাত্ৰীসকলৰ বাবে ‘এংলো অৰিয়েন্টেল কলেজ’ নামে এখন কলেজ স্থাপন কৰিছিল। ইয়াত বিজ্ঞান শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। এইখনেই পিছলৈ আলিগড় বিশ্ববিদ্যালয় হয়গৈ। লাহে লাহে মুছলমানসকলৰ মাজতো সমাজ আৰু ধৰ্ম সংস্কাৰৰ মনোভাব গা কৰি উঠে। ছাৰ ছৈয়দ আহমদ খানে তেওঁলোকৰ সমাজত প্রচলিত পর্দা প্রথা, বহু বিবাহ, বাল্য বিবাহ আদি প্রথাসমূহত বাধা আৰোপ কৰি জাগৰণৰ সৃষ্টি কৰিছিল।

(গ) স্বামী বিবেকানন্দ

উত্তৰঃ স্বামী বিবেকানন্দ ৰামকৃষ্ণ পৰমহংসৰ শিষ্য আছিল। তেওঁৰ প্ৰকৃত নাম আছিল নৰেন্দ্ৰনাথ দত্ত। সকলো ধৰ্মৰ প্ৰতি সহনশীল হোৱাটো তেওঁৰ মতাদৰ্শ আছিল। ১৮৯৭ খ্রীষ্টাব্দত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন নামৰ এক সংগঠনৰ প্ৰতিষ্ঠা কৰিছিল। এই সংগঠনৰ দ্বাৰা তেওঁ গুৰু পৰমহংসৰ বাণীসমূহ সমাজত বিলোৱাৰ ব্যৱহা কৰিছিল।

(ঘ) দয়ানন্দ সৰস্বতী

উত্তৰঃ ব্ৰহ্ম সমাজৰ লগত বহুলাংশে মিল থকা আন এটা সংগঠন হ’ল ১৮৭৫ খ্রীষ্টাব্দত পঞ্জাৱত স্থাপিত হোৱা আর্য সমাজ। ইয়াৰ প্ৰতিষ্ঠাপক আছিল স্বামী দয়ানন্দ সৰস্বতী। দয়ানন্দ এক ঈশ্বৰত বিশ্বাসী আছিল আৰু মূৰ্তি পূজাৰ বিৰোধিতা কৰিছিল। এই সংগঠনটোৱে জাতিভেদ প্রথা নামানিছিল, বাল্য বিবাহৰ বিৰোধিতা কৰিছিল, বিধবা বিবাহত জোৰ দিছিল আৰু সাগৰ যাত্ৰা হিন্দু ধৰ্মৰ পৰিপন্থী নহয় বুলি দাবী কৰিছিল। স্বামী দয়ানন্দ সৰস্বতীয়ে ইছলাম ধৰ্মৰ অনুকৰণত হিন্দু ধৰ্মলৈও ধৰ্মান্তকৰণৰ ব্যৱস্থা কৰিছিল আৰু ইয়াক ‘শুদ্ধি’ বুলি কোৱা হৈছিল।

(ঙ) দেবেন্দ্র নাথ ঠাকুৰ

উত্তৰঃ দেবেন্দ্ৰনাথ ঠাকুৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিতৃ আছিল। ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰা ব্ৰাহ্ম সমাজৰ এওঁ এগৰাকী সহযোগী আছিল। এওঁ সতীদাহ প্রথা, কন্যা শিশু হত্যা আদি সমাজৰ কুসংস্কাৰবোৰৰ বিৰোধিতা কৰিছিল।

৫। ৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখা-

(ক) চিৰস্থায়ী বন্দবস্ত কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ চৰ্তবোৰ কি?

উত্তৰঃ চিৰস্থায়ী বন্দবস্ত লর্ড কৰ্ণৱালিছে প্ৰৱৰ্তন কৰিছিল। এওঁ পূৰ্বৰ কোম্পানীৰ শাসনৰ সময়ত থকা পাঁচ বছৰীয়া নাইবা এবছৰীয়া ৰাজহ বন্দবস্তীৰ ঠাইত চিৰস্থায়ী ৰাজহ ব্যৱস্থাৰ প্ৰচলন কৰিছিল। চিৰস্থায়ী বন্দবস্ত অনুসৰি জমিদাৰসকলে মাটি ভোগ কৰাৰ অধিকাৰ পাইছিল যদিও চৰকাৰে বিচৰা নিৰ্দিষ্ট ধন বা ৰাজহ দিব নোৱাৰিলে সেই জমিদাৰৰ মাটি চৰকাৰৰ অধীনলৈ গৈছিল।

(খ) ইংৰাজ শাসনত হোৱা বিচাৰ বিভাগীয় সংস্কাৰসমূহ কি কি?

উত্তৰঃ ব্রটিছসকলৰ শাসনৰ সময়ত বিচাৰ ব্যৱস্থাটো কিছু সালসলনি কৰা হৈছিল। পূর্বৱর্তী ভাৰতীয় সাম্রাজ্যবোৰৰ বিভিন্ন ঠাইত ভিন ভিন আইন-কানুন চলিছিল। তাৰ পৰিৱৰ্তে ইষ্ট ইন্ডিয়া কোম্পানীয়ে সমগ্র ভাৰততে এক ধৰণৰ আইন-আদালত স্থাপন কৰি দিছিল। লর্ড কর্ণৱালিছে বিচাৰৰ সুবিধাৰ বাবে দেৱানী আৰু সদৰ নিজামত আদালতৰ কিছু সালসলনি কৰিছিল। লর্ড উইলিয়াম বেন্টিংকৰ দিনত কলিকতা, মাদ্রাজ আৰু বোম্বাইত উচ্চ ন্যায়ালয় প্রতিষ্ঠা কৰা হৈছিল আৰু আদালতত পাচী ভাষাৰ পৰিৱর্তে মাতৃভাষাৰ প্রয়োগ কৰা হৈছিল। গৱর্ণৰ জেনেৰেল লর্ড ময়ৰা বা হেস্টিংছে ভাৰতীয় লোকক আদালতত নিয়োগ কৰিছিল আৰু ভাৰতীয় মুন্সিফসকলৰ ক্ষমতা বৃদ্ধি কৰি এই দেশৰ লোকসকলৰ প্রিয়পাত্র হৈছিল।

(গ) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ সংস্কাৰমূলক কামবোৰ কি আছিল?

উত্তৰঃ বংগদেশৰ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ বাবে সমাজখনক জগাই তুলিবলৈ যথেষ্ট চেষ্টা কৰিছিল। ইয়াৰ ফলত ১৯ শতিকাৰ মাজভাগত বহুতো মহিলাই ঘৰতেই শিক্ষা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰি লৈছিল। ইয়াৰ ভিতৰত কলিকতাৰ ৰাজসুন্দৰী দেৱীয়ে শিক্ষা গ্রহণত বিশেষ আগ্রহ দেখুৱাইছিল। তেওঁ ‘আমাৰ জীৱন’ নামে বঙলা ভাষাত এখন আত্মজীৱনীমূলক পুথি লিখি উলিয়াইছিল। এইখনেই আছিল প্ৰথম ভাৰতীয় মহিলাৰ আত্মজীৱনীমূলক গ্রন্থ। ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে বিধবাসকলৰ পুনৰ বিবাহৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল আৰু নিজেও তেওঁৰ পুত্ৰৰ লগত এগৰাকী বিধৱা মহিলাক বিবাহ কৰাই সমাজত দৃষ্টান্ত দাঙি ধৰিছিল।

Scroll to Top