মানৱ সম্পদ উন্নয়ন,মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা

 ১। চমু উত্তৰ লিখা—

(ক) মানৱ সম্পদ কাক বোলে?

উত্তৰঃ সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতা সম্পন্ন হৈ উৎপাদন মূলক কামত নিজকে জঢ়িত কৰে তেওঁকেই মানৱ সম্পদ বুলি কোৱা হয়।

(খ) দেশৰ উৎপাদন কার্যত কোনে অংশগ্রহণ কৰিব পাৰে?

উত্তৰঃ  দেশৰ উৎপাদন কার্যত সকলো সুস্থ আৰু শিক্ষিত মানুহে অংশগ্ৰহণ কৰিব পাৰে, বিশেষকৈ যিসকলে শিক্ষা, প্ৰশিক্ষণ আৰু দক্ষতা অৰ্জন কৰি উৎপাদনশীল কামত নিজকে জড়িত কৰে।

(গ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক মানে কি?

উত্তৰঃ যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয়।

(ঘ) বৃত্তিমূলক শিক্ষা কাক বোলে?

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে।

(ঙ) মানৱ সম্পদৰ মূল চালিকা শক্তি কি?

উত্তৰঃ মানৱ সম্পদৰ মূল চালিকা শক্তি সমূহ হৈছে- স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ।

২। বহলাই আলোচনা কৰা —

(ক) মানৱ সম্পদ উন্নয়নৰ বাবে ল’বলগীয়া ব্যৱস্থাৱলী।

উত্তৰঃ আমাৰ দেশৰ চৰকাৰে প্ৰবৰ্তন কৰা আধুনিক আৰু বিজ্ঞানসম্মত শিক্ষা ব্যৱস্থা, স্বাস্থ্য নীতি, বিভিন্ন আঁচনি, জলপানীৰ ব্যৱস্থা, উন্নত মানৰ প্ৰশিক্ষণ তথা বিভিন্ন সা-সুবিধাৰ ফলত বৰ্তমান দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো যথেষ্ট সবল হৈছে। অৱশ্যে এই দিশত ক্ষিপ্ৰতা লাভ কৰিবলৈ আমাৰ দেশক এতিয়াও কিছু সময় লাগিব। কাৰণ ভূআয়তনৰ তুলনাত দেশৰ জনসংখ্যাৰ ঘনত্ব বহু বেছি। ইমান সংখ্যক মানুহক একেলগে উপযুক্ত শিক্ষা, খাদ্য, বাসস্থান, কর্মসংস্থান আৰু স্বাস্থ্যৰ সুবিধা প্ৰদান কৰাটো বৰ সহজ কাম নহয়। কিন্তু পৰিৱৰ্তিত সময়ৰ লগত খাপ খুৱাবলৈ আমাৰ দেশৰ চৰকাৰেও উল্লিখিত দিশসমূহত যথেষ্ট মনোনিবেশ কৰিছে। সেয়েহে আগৰ তুলনাত দেশত শিক্ষিত মানুহৰ হাৰ বৃদ্ধি পাইছে আৰু তাৰ লগে লগে মানুহ সম্পদলৈ উন্নীত হৈছে।

(খ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ।

উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ হৈছে-

১) শিক্ষাৰ হাৰ– গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক কাৰক। শিক্ষা ব্যৱস্থা সঠিক হলেহে উন্নত মানৱ সম্পদ তৈয়াৰ হোৱাটো সম্ভৱ হৈ উঠে। প্ৰকৃত শিক্ষাই জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰে। জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰিব পৰা শিক্ষাৰ যোগেদি শিক্ষিতৰ হাৰ বঢ়াব পৰাটোৱে মানৱ সম্পদৰ উন্নয়নৰ কথা সূচায়। যি দেশত শিক্ষিত হাৰ উচ্চ সেই দেশৰ মানৱ সম্পদৰ মানো উন্নত।

২) জীৱনৰ প্ৰত্যাশা– এটা শিশুৰ জন্মৰ পৰা কিমান বয়সলৈকে সুস্থ সবল ভাৱে জীয়াই থাকে তাক জীৱন প্ৰত্যাশাই নিৰ্ণয় কৰে। এই প্ৰত্যাশা যিমানেই বেছি হ’ব মানুহক সম্পদৰ হাৰলৈ ৰূপান্তৰ হাৰো সিমান বেছি হ’ব। সেয়েহে উচ্চ জীৱনৰ প্ৰত্যাশা উন্নত মানৱ সম্পদৰ নিৰ্ণায়ক।

৩) জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ:- এখন দেশত জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ হ্রাস হোৱাটো সেই দেশ খনৰ মানৱ সম্পদ উন্নয়নৰ আন এটি প্রধান নির্দেশক হিচাপে বিবেচিত হয়। জন্মকালীন অৱস্থাত শিশুৰ মৃত্যুৰ সংখ্যা আমাৰ দেশত এতিয়াও যথেষ্ট সংখ্যক। অসমত তাতোকৈও বেছি। মানৱ সম্পদৰ উন্নয়ন হব লাগিলে এনে মৃত্যুৰ হ্রাস পাব লাগিব

৪।জনমূৰি আয়ঃ দেশ এখনৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে যি আয় উপলব্ধ হয় তাক জনমূৰি আয় বোলা হয়। জনমূৰি আয় বৃদ্ধি পোৱাটোৱে মানৱ সম্পদ উন্নয়নৰ কথাকে সূচায়। উন্নত জনমূৰি আয় উন্নত মানৱ সম্পদৰ পৰিচায়ক।

৫। বিদ্যালয় ভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰঃ প্ৰাথমিক স্তৰৰপৰা উচ্চ শিক্ষাৰ স্তৰ পযর্ন্ত বিদ্যালয়, মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ ভৰ্তিকৰণৰ হাৰ উচ্চ আৰু বিদ্যালয় বা মহাবিদ্যালয় এৰাৰ হাৰ নিম্ন হোৱাটো মানৱ সম্পদ উন্নয়নৰ আন এটি উল্লেখযোগ্য নিৰ্দেশক।

৬) প্ৰতিষেধক টিকাকৰণৰ হাৰঃ এখন দেশৰ প্ৰতিষেধক টিকাকৰণৰ হাৰেও দেশখনৰ মানৱ সম্পদ উন্নয়নৰ সাক্ষ্য বহন কৰে। কিয়নো ই শিগুৰ স্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ সুৰক্ষা প্ৰদান কৰে। সেয়েহে প্ৰতিষেধক টিকাকৰণৰ হাৰকো মানৱ সম্পদৰ নিৰ্দেশক হিচাপে বিবেচনা কৰা হয়।

(গ) মানৱ সম্পদ উন্নয়ন আৰু বৃত্তিমূলক শিক্ষাৰ মাজত থকা সম্পৰ্ক।

উত্তৰঃ দৰিদ্ৰতাই মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কৰে । উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত চৰকাৰে সকলো শিক্ষিত ব্যক্তিকে চাকৰি যোগান ধৰাটো সম্ভৱ নহয় । প্ৰচলিত শিক্ষা ব্যৱস্থাই আমাক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পৰা নাই । গতিকে এতিয়া আমাৰ এনে শিক্ষাৰ প্ৰয়োজন হৈ পৰিছে যি শিক্ষাই প্ৰতিজন ব্যক্তিক উৎপাদনৰ ক্ষেত্ৰত স্ব-নিৰ্ভৰশীল কৰি গঢ়ি তুলিব পাৰে।এই কাৰণেই বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজন আহি পৰিছে। জীৱন ধাৰণৰ বাবে ব্যক্তি এজনে কি কাম কৰে তাক সেই মানুহজনৰ বৃত্তি বুলি কোৱা হয় । কোনো ব্যক্তিয়ে কাপোৰ চিলাই কৰাৰ প্রশিক্ষণ লৈ দর্জী হিচাপে জীৱিকা অৰ্জন কৰিলে সেইটোৱেই হব তেওঁৰ বৃত্তি। ঠিক তেনেদৰে কাঠ মিস্ত্ৰী, ৰাজমিস্ত্ৰী, ম’বাইল, কম্পিউটাৰ ভাল কৰা মানুহ আধুনিক জীৱনৰ অপৰিহাৰ্য অংগ ।এই বিষয়বোৰত প্ৰশিক্ষণ লৈ মানুহে অতি সহজে উপাৰ্জনৰ পথ মোকলাব পাৰে।

(ঘ) বৃত্তিমূলক শিক্ষাই কিদৰে নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে?

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে। বৃত্তিমূলক শিক্ষাই মানুহক অকল উপাৰ্জনক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্ব-নিয়োজন পথ মুকলি হোৱাত সহায় কৰে। মানুহক আর্থিকভাবে আত্মনিৰ্ভৰশীল কৰাত বৃত্তিমূলক শিক্ষাই সবল ভূমিকা লয়। 

৩। শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰা—

(ক) প্ৰাকৃতিক সম্পদৰ বৃদ্ধি হ’লেহে দেশৰ উৎপাদন বৃদ্ধি হয়।

উত্তৰঃ অশুদ্ধ।

(খ) মানুহ মাত্ৰেই মানৱ সম্পদ নহয়।

উত্তৰঃ শুদ্ধ।

(গ) জনসংখ্যা বৃদ্ধিয়েই মানৱ সম্পদৰ বৃদ্ধি হোৱা নুবুজায়।

উত্তৰঃ শুদ্ধ।

(ঘ) উচ্চ জীৱন প্ৰত্যাশাই অনুন্নত মানৱ সম্পদক সূচায়।

উত্তৰঃ অশুদ্ধ।

(ঙ) ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে।

উত্তৰঃ শুদ্ধ।

(চ) জন্মকালীন শিশুৰ মৃত্যুৰ হাৰে মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কৰে।

উত্তৰঃ শুদ্ধ।

৪। খালী ঠাই পূৰ কৰা—

(ক) এখন দেশৰ উৎপাদন প্ৰক্রিয়াৰ এক অন্যতম কাৰক হ’ল __________ য’ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ _________।

উত্তৰঃ এখন দেশৰ উৎপাদন প্ৰক্রিয়াৰ এক অন্যতম কাৰক হ’ল শ্ৰম য’ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ মানুহে

(খ) ___________আয়ৰ বৃদ্ধিয়ে দেশ এখন __________ হোৱাত সহায় কৰে।

উত্তৰঃ ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে।

(গ) উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত ____________ সকলো শিক্ষিত ব্যক্তিকে __________যোগান ধৰাতো সম্ভৱ নহয়।

উত্তৰঃ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত চৰকাৰে সকলো শিক্ষিত ব্যক্তিকে চাকৰি যোগান ধৰাতো সম্ভৱ নহয়।

(ঘ) ____________ শিক্ষা মানৱ সম্পদ উন্নয়নৰ ___________ সোপান।

উত্তৰঃ গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক সোপান।

(ঙ) বৃত্তিমূলক শিক্ষাই মানুহক অকল _____________ নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি ______________ৰ পথ মুকলি হোৱাত সহায় কৰে।

উত্তৰঃ বৃত্তিমূলক শিক্ষাই মানুহক অকল উপাৰ্জনক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি হোৱাত সহায় কৰে।

৫) চমু টোকা লিখা –

ক) মানৱ সম্পদ

উত্তৰঃ মানৱ সম্পদ হ’ল এনে মানুহ যিসকলে উন্নত মানদণ্ডৰ জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় শিক্ষা, প্ৰশিক্ষণ আৰু সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ লগতে কাৰিকৰী দক্ষতা, কুশলতা আৰু ব্যৱস্থাপনা আদিৰ দৰে গুণবোৰৰ বিকাশৰ জৰিয়তে উৎপাদন কার্যত জড়িত হ’ব পাৰে।

খ) মানৱ সম্পদ উন্নয়ন

উত্তৰঃ দেশৰ উৎপাদন বৃদ্ধি কৰিবলৈ হ’লে মানৱ সম্পদৰ বিকাশ হ’ব লাগিব। যিমানেই মানৱ সম্পদৰ উন্নয়ন হ’ব সিমানেই দেশে উৎপাদন কার্যত সফলতা লাভ কৰিব আৰু ৰাষ্ট্ৰীয় আয় বৃদ্ধি হ’ব। ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে। বৰ্তমানৰ বিকশিত অর্থনীতিৰ প্ৰেক্ষাপটত মানৱ সম্পদ উন্নয়নৰ বিষয়টোৰে যথেষ্ট তাৎপর্য বহণ কৰিছে। মানৱ সম্পদ উন্নয়নৰ মূল চালিকা শক্তি হৈছে স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ কাৰণ শিক্ষা আৰু প্ৰশিক্ষণে মানুহৰ চিন্তাশক্তি জাগ্ৰত কৰে আৰু দক্ষতা বৃদ্ধি কৰে। আকৌ সুস্বাস্থ্যই মানুহৰ কৰ্মশক্তি বঢ়ায়। আমাৰ দেশৰ চৰকাৰে প্ৰবৰ্তন কৰা আধুনিক আৰু বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা, স্বাস্থ্য নীতি, বিভিন্ন আঁচনি, জলপানীৰ ব্যৱস্থা, উন্নত মানৰ প্ৰশিক্ষণ তথা বিভিন্ন সা-সুবিধাৰ ফলত বৰ্তমান দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো যথেষ্ট সবল হৈছে।

গ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক

উত্তৰঃ যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নির্দেশক বুলি কোৱা হয়। মানৱ সম্পদ উন্নয়নৰ কিছুমান উল্লেখযোগ্য নির্দেশক হ’ল- শিক্ষাৰ হাৰ, জীৱনৰ প্রত্যাশা, জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ, জনমুৰি আয়, বিদ্যালয়ত নামভর্তি আৰু বিদ্যালয় এৰাৰ হাৰ, প্ৰতিষেধক টিকাকৰণৰ হাৰ আদি।

ঘ) বৃত্তিমূলক শিক্ষা

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে।বৃত্তিমূলক শিক্ষাই মানুহক আর্থিকভাবে আত্মনির্ভৰশীল কৰি স্ব-নিয়োজনত অৰিহণা যোগায় আৰু নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে। মানুহক আর্থিকভাবে আত্মনিৰ্ভৰশীল কৰাত বৃত্তিমূলক শিক্ষাই সবল ভূমিকা লয়।

Scroll to Top