ভাৰতত বৃটিছ শাসনৰ প্রতিষ্ঠা , সম্প্রসাৰণ আৰু দৃঢ়ীকৰণ
১। উত্তৰ দিয়া-
(ক) বৃটিছ আৰু ফৰাচীৰ মাজত কিহৰ বাবে প্রতিদ্বন্দিতা হৈছিল?
উত্তৰঃ বৃটিছ আৰু ফৰাচীৰ মাজত সাম্ৰাজ্য স্থাপনৰ বাবে প্রতিদ্বন্দিতা হৈছিল।
(খ) প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচীসকলৰ গৱৰ্ণৰ কোন আছিল?
উত্তৰঃ প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচীসকলৰ গৱৰ্ণৰ ফ্ৰান্সিছ ডুপ্লে আছিল।
(গ) চিৰাজউদ্দৌল্লাৰ প্ৰধান সেনাপতি কোন আছিল?
উত্তৰঃ চিৰাজউদ্দৌল্লাৰ প্ৰধান সেনাপতি মীৰজাফৰ আছিল।
(ঘ) বংগৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰঃ বংগৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল ৱাৰেণ হেষ্টিং আছিল।
(ঙ) কোনে স্বত্ত্ববিলোপ নীতি উদ্ভাৱন কৰিছিল?
উত্তৰঃ লৰ্ড ডেলহাউচিয়ে স্বত্তবিলোপ নীতি উদ্ভাৱন কৰিছিল।
২। শুদ্ধ উত্তৰ বাচি উলিওৱা-
(ক) পণ্ডিচেৰী বৃটিছসকলৰ বাণিজ্য কুঠি আছিল।
উত্তৰঃ অশুদ্ধ ।
(খ) ফৰাচীসকলে চালাবৎ জঙক হায়দৰাবাদৰ নিজাম পাতিছিল।
উত্তৰঃ শুদ্ধ ।
(গ) চিৰাজউদ্দৌল্লা আলিবর্দি খাৰ ডাঙৰ জীয়েকৰ পুত্ৰ আছিল।
উত্তৰঃ অশুদ্ধ।
(ঘ) পলাশী নামৰ ঠাইখন ভাগিৰৰ্থী নদীৰ পাৰত অৱস্থিত আছিল।
উত্তৰঃ শুদ্ধ ।
(ঙ) ৰেগুলেটিং এক্টে বংগৰ গৱৰ্ণৰ গৰাকীক গৱৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰে।
উত্তৰঃ শুদ্ধ।
(চ) লর্ড বেলেচলিয়ে স্বত্ব বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল।
উত্তৰঃ অশুদ্ধ ।
৩) ক্রমানুসাৰে সজোৱা—
চিৰাজউদ্দৌল্লা, মিজাফৰ, আলিবর্দি খাঁ, মীৰকাছিম।
উত্তৰঃ আলিবর্দি খাঁ, চিৰাজউদ্দৌল্লা, মিজাফৰ, মীৰকাছিম।
৪। চমু উত্তৰ লিখা—
(ক) প্ৰথম কৰ্ণাটক যুদ্ধ
উত্তৰঃ ১৭৪০ খ্রীষ্টাব্দত অষ্ট্ৰিয়াত উত্তৰাধিকাৰী যুদ্ধ আৰম্ভ হৈছিল, তাত দুই ইউৰোপীয় শক্তি ক্ৰমে বৃটিছ আৰু ফৰাচীসকলে পৰস্পৰে পৰস্পৰৰ বিৰোধী পক্ষত যোগ দিছিল। ফলত এই ঘটনাই ভাৰতবৰ্ষত থকা বৃটিছ আৰু ফৰাচীৰ সম্পৰ্কতো প্ৰভাৱ পেলাইছিল। সুযোগ সন্ধানী বৃটিছ নৌবাহিনীয়ে ১৭৪৫ খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ দক্ষিণ-পূব উপকূলত ফৰাচী জাহাজ অৱৰুদ্ধ কৰি পণ্ডিচেৰীলৈ ভাবুকিৰ সৃষ্টি কৰিলে। সেই সময়ত যোচেফ ফ্রান্সিচ ডুপ্লে পণ্ডিচেৰীৰ গৱৰ্ণৰ আছিল। চতুৰ, দূৰদৰ্শী আৰু তীক্ষ্ণ বুদ্ধি সম্পন্ন গৱৰ্ণৰ ডুপ্লেই প্ৰত্যুত্তৰত বৃটিছৰ অধীনত থকা মাদ্রাজ দখল কৰিছিল। বৃটিছসকলে নিৰুপায় হৈ কৰ্ণাটকৰ নৱাবৰ সহায় বিচাৰিলে। কৰ্ণাটকৰ নৱাবে বৃটিছৰ সহায়ৰ বাবে পঠোৱা প্ৰকাণ্ড সৈন্যবাহিনীও ফৰাচীৰ হাতত পৰাজয় বৰণ কৰিছিল। কিন্তু হঠাতে ইউৰোপত দুই জাতিৰ মাজত হোৱা সন্ধিৰ লগে লগে ভাৰততো বৃটিছ আৰু ফৰাচীৰ মাজত সন্ধি হয়। সেই সন্ধি মর্মে ফৰাচীসকলে বৃটিছৰপৰা দখল কৰা ঠাইবোৰ পুনৰ ঘূৰাই দিয়ে। এই ঘটনাকে ইতিহাসত কৰ্ণাটকৰ প্ৰথম যুদ্ধ বুলি জনা যায়।
(খ) ডুপ্লে
উত্তৰঃ যোচেফ ফ্রান্সিচ ডুপ্লে পণ্ডিচেৰীৰ গৱৰ্ণৰ আছিল। চতুৰ, দূৰদৰ্শী আৰু তীক্ষ্ণ বুদ্ধি সম্পন্ন গৱৰ্ণৰ ডুপ্লেই ইংৰাজৰ অধীনত থকা মাদ্রাজ দখল কৰিছিল। ডুপ্লেৰ নেতৃত্বত ফৰাচী সৈন্যই কৰ্ণাটকৰ নাৱাবৰ লগ হৈ ইংৰাজে কৰা আক্ৰমণকো প্ৰতিহিত কৰিছিল।
(গ) পলাশী যুদ্ধ
উত্তৰঃ ১৭৫৭ খ্রীষ্টাব্দত মুৰ্ছিদাবাদৰপৰা ২৩ মাইল দক্ষিণে ভাগিৰথী নদীৰ পাৰৰ পলাশী নামৰ ঠাইত নৱাবৰ সৈন্যৰ লগত বৃটিছৰ যুদ্ধ হয়। নৱাবৰ দুই সেনাপতি মীৰমদন আৰু মোহনলালে তাকৰীয়া সৈন্যেৰেই অসীম পৰাক্ৰমেৰে যুঁজি অৱশেষত প্রধান সেনাপতি মিৰ্জাফৰৰ বিশ্বাসঘাটকতাৰ বাবে পৰাজয় বৰণ কৰিব লগা হয়। যুদ্ধত পৰাজিত চিৰাজউদ্দৌলাক মিৰ্জাফৰৰ পুতেক মিৰাণে হত্যা কৰে। পলাশী যুদ্ধৰ পিছত বৃটিছে পূৰ্বৰ প্রতিশ্রুতি মতে মিৰ্জাফৰক বংগৰ নৱাব পাতে। যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মিৰ্জাফৰে ক্লাইৱ আৰু বৃটিছ কৰ্মচাৰীসকলক অজস্র ধন-সম্পত্তি দি পুৰস্কৃত কৰিছিল আৰু চৌবিছ পৰগণাৰ জমিদাৰী বৃটিছ কোম্পানীক দান দিছিল। সামৰিক দৃষ্টিকোণৰপৰা পলাশী যুদ্ধক যুদ্ধ বুলি ক’ব নোৱাৰি যদিও এই যুদ্ধই ভাৰতীয় ইতিহাসত এক গুৰুত্বপূর্ণ স্থান দখল কৰিছে। এই যুদ্ধত জয়ী হৈয়েই ব্ৰিটিছসকলে বংগৰ লগতে ভাৰতবৰ্ষৰ আভ্যন্তৰীণ ৰাজনীতিত প্রভূত্ব বিস্তাৰ কৰিবলৈ সুবিধা পায়। আনহাতে ফৰাচী শক্তি ক্রমান্বয়ে লোপ পাই আহে। পলাশী যুদ্ধৰপৰাই মধ্যযুগীয় ভাৰতৰ প্ৰায় সমাপ্তি ঘটিছিল আৰু ভাৰতত আধুনিক যুগৰ সূচনা হৈছিল বুলি গণ্য কৰা হয়।
(ঘ) ৰেগুলেটিং এক্ট
উত্তৰঃ ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন নিয়ন্ত্ৰণ তথা সুদৃঢ় কৰাৰ বাবে বৃটিছ সংসদে ৰেগুলেটিং এক্ট নামে এখন আইন প্রণয়ন কৰি বলবৎ কৰিছিল। এই আইনৰ দ্বাৰা বংগদেশৰ গৱৰ্ণৰৰ পদটো গৱৰ্ণৰ জেনেৰেললৈ উন্নীত কৰা হৈছিল। তেওঁৰ কাম-কাজত সহায় কৰিবৰ বাবে এখন চাৰিজনীয়া কমিটি গঠন কৰা হয়। বোম্বাই আৰু মাদ্ৰাজৰ গৱৰ্ণৰ দুজনক বংগৰ গৱৰ্ণৰ জেনেৰেলৰ অধীনস্থ কৰা হয়। ৰেগুলেটিং এক্টৰ সাংবিধানিক গুৰুত্ব যথেষ্ট আছে। এই আইন মতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজনৈতিক কাৰ্যক ভাৰতত স্বীকৃতি দিয়া হৈছিল। ইয়াৰ দ্বাৰা ভাৰতত বৃটিছ চৰকাৰৰ স্থায়ী শাসনৰ পাতনি মেলা হৈছিল।
(ঙ) পিটৰ ভাৰত শাসন আইন
উত্তৰঃ ৰেগুলেটিং এক্টে বংগৰ গৱৰ্ণৰ জেনেৰেল গৰাকীৰ ক্ষমতা নিৰ্দিষ্ট কৰি নিদিয়াৰ বাবে পৰৱৰ্তী সময়ত এই আইন বিফলতাৰ সন্মুখীন হৈছিল। সেই আসোঁৱাহ আঁতৰোৱাৰ বাবে ইংলণ্ডৰ সংসদে পুনৰ এখন আইন জাৰি কৰি বৃটিছৰ শাসন ভাৰতত অধিক সুদৃঢ় কৰি তুলিছিল। এনে আসোঁৱাহ আঁতৰোৱাৰ বাবে ইংলণ্ডৰ সংসদে পুনৰ এখন আইন জাৰি কৰি বৃটিছৰ শাসন ভাৰতবৰ্ষত সুদৃঢ় কৰি তুলিছিল। এইখনেই আছিল ১৭৮৪ খ্ৰীষ্টাব্দৰ আগষ্ট মাহত বলবৎ কৰা পিটৰ ভাৰত শাসন আইন (Pitt’s India Act)। এই আইন ইংলণ্ডৰ প্ৰধান মন্ত্রী উইলিয়াম পিট (কনিষ্ঠ)ৰ নামেৰে নামকৰণ কৰা হৈছিল।
(চ) চিৰস্থায়ী বন্দবস্ত
উত্তৰঃ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ দিনত ‘চিৰস্থায়ী বন্দবস্ত’ৰ ব্যৱস্থাটো প্ৰচলন কৰা হৈছিল । তেওঁ কোম্পানীৰ ৰাজহ বিভাগটো টনকিয়াল কৰিবলৈ চেষ্টা কৰিছিল। কৃষি ভূমিৰ ক্ষেত্ৰত চিৰস্থায়ী বন্দবস্ত লগোৱা হৈছিল আৰু এই ভূমিসমূহ ভাগ ভাগ কৰি একোজন জমিদাৰৰ তত্বাৱধানত দিয়া হৈছিল। জমিদাৰসকলে এটা নিৰ্ধাৰিত ৰাজহ ইষ্ট ইণ্ডিয়া কোম্পানীক বার্ষিক খাজনা হিচাপে দিব লাগিছিল। এই খাজনা দিব নোৱাৰিলে জমিদাৰী চৰকাৰৰ হাতলৈ গৈছিল। এই ব্যৱস্থাৰ জৰিয়তে লর্ড কৰ্ণৱালিছে তেওঁৰ সাত বছৰীয়া কাৰ্যকালত যথেষ্ট পৰিমাণে অৰ্থ সংগ্ৰহ কৰি কোম্পানীৰ ৰাজভঁৰাল চহকী কৰিছিল।
৫। ‘বংগৰ ঘৰুৱা বিবাদেই বৃটিছৰ বংগ দখলৰ প্ৰধান কাৰণ’-কথাষাৰৰ যথাৰ্থতা নিৰ্ণয় কৰা।
উত্তৰঃ ১৭৫৬ খ্রীষ্টাব্দত বংগৰ নৱাব আলিবর্দি খাঁৰ মৃত্যু হয়। ইয়াৰ পিছৰে পৰা বংগৰ সিংহাসনক লৈ অৰিয়াঅৰি আৰম্ভ হৈছিল ǀ নৱাবৰ মৃত্যুৰ পাছত তেওঁৰ কোনো পুত্র সন্তান নথকাত নৱাবী পদক লৈ বিবাদৰ সূত্রপাত হয় । নৱাব আলিবর্দি খাঁৰ মৃত্যুৰ আগতে তেওঁৰ তিনিগৰাকী জীয়েকৰ ভিতৰত সৰু জীয়েকৰ পুত্র চিৰাজউদৌল্লাক বংগৰ নৱাব হিচাপে উত্তৰাধিকাৰী পাতি থৈ গৈছিল। সেই মতে আলিবর্দি খাঁৰ মৃত্যুৰ পিছত ছিৰাজউদ্দৌলা বংগৰ নৱাব হয়। কিন্তু ডাঙৰ জীয়েক ঘাচিতি বেগম আৰু মাজু জীয়েকৰ পুত্র ছৌকৎজঙো বংগৰ সিংহাসনৰ দাবীদাৰ আছিল। সেই সময়ত ঘাচিতি বেগম ঢাকাৰ শাসনকর্তা আছিল। বংগৰ দেৱান ৰাজবল্লভ ঘাচিতি বেগমৰ সমর্থক আছিল। সিংহাসনৰ পৰা বঞ্চিত হৈ এওঁলোকে চিৰাজউদ্দৌল্লাৰ বিৰুদ্ধে ষড়যন্ত্র লিপ্ত হয়। এই গৃহকন্দলৰ সুযোগ লৈ ইংৰাজ সকলে বংগত খোপনি পুতিবলৈ লৈছিল।
৬। ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোনবোৰ কাৰ্যকলাপে ছিৰাজউদ্দৌল্লাক অসন্তুষ্ট কৰিছিল?
উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিম্নোক্ত কার্যকলাপে ছিৰাজউদ্দৌল্লাক অসন্তুষ্ট কৰিছিল-
(i) বংগৰ সিংহাসনক লৈ চলা গৃহকলৰ সুযোগ লৈ ইংৰাজ আৰু ফৰাচীসকলে নিজকে শক্তিশালী আৰু সুৰক্ষিত কৰিবলৈ বংগদেশত সামৰিক দুর্গ নির্মাণ কৰিবলৈ অগ্ৰসৰ হয়। চিৰাজউদ্দৌল্লাই দুয়োপক্ষকে দুর্গ নির্মাণ কার্য বন্ধ কৰিবলৈ আদেশ দিলে। ফৰাচীসকলে নৱাবৰ আদেশ পালন কৰিলে কিন্তু ইংৰাজে চিৰাজউদ্দৌলাৰ আদেশত কানসাৰ নিদিলে।
(ii) ইংৰাজসকলক বংগদেশত বেহা-বেপাৰৰ যি সুবিধা দিয়া হৈছিল তাৰো তেওঁলোকে অপব্যৱহাৰ কৰিছিল ।
(iii) ইংৰাজ বণিকে কোম্পানীৰ নামত গাইগুটীয়াকৈ ব্যৱসায় আৰম্ভ কৰাৰ ফলত নৱাব প্রাপ্য ৰাজহৰ পৰা বঞ্চিত হয় ।
(iv) নবাৱৰ বিষয়া দেৱান ৰাজবল্লভৰ পুত্র কৃষ্ণদাসক নৱাবৰ ইচ্ছাৰ বিৰুদ্ধে ইংৰাজসকলে কলিকতাত আশ্রয় দিছিল।
৭। ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্যবাদী নীতি কি কি কাৰ্যাৱলীৰ দ্বাৰা প্ৰকাশ পাইছিল আলোচনা কৰা ।
উত্তৰঃ (ক) চিৰস্থায়ী বন্দবস্ত
ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰে ভাৰতীয় অর্থনীতি সংশোধন কৰাৰ নামত ৰাজহ ব্যৱস্থা কোম্পানীৰ দখললৈ নিছিল। এই ক্ষেত্ৰত গৱৰ্ণৰ জেনেৰেল লর্ড কর্ণৱালিছৰ চিৰস্থায়ী বন্দবস্ত’ৰ কথাটো উল্লেখ কৰিব পাৰি। তেওঁ কোম্পানীৰ ৰাজ বিভাগটো টনকিয়াল কৰিবলৈ চেষ্টা কৰিছিল। কৃষি ভূমিৰ ক্ষেত্ৰত চিৰস্থায়ী বন্দবস্ত লগোৱা হৈছিল আৰু এই ভূমিসমূহ ভাগ ভাগ কৰি একোজন জমিদাৰৰ তত্বাৱধানত দিয়া হৈছিল। জমিদাৰসকলে এটা নির্ধাৰিত ৰাজহ ইষ্ট ইণ্ডিয়া কোম্পানীক বার্ষিক খাজনা হিচাপে দিব লাগিছিল। এই খাজনা দিব নোৱাৰিলে জমিদাৰী চৰকাৰৰ হাতলৈ গৈছিল। এই ব্যৱস্থাৰ জৰিয়তে লর্ড কর্ণৱালিছে তেওঁৰ সাত বছৰীয়া কার্যকালত যথেষ্ট পৰিমাণে অর্থ সংগ্রহ কৰি কোম্পানীৰ ৰাজভঁৰাল চহকী কৰিছিল। চিৰস্থায়ী বন্দবস্তৰ আন এটি উল্লেখযোগ্য দিশ হ’ল এক শ্ৰেণীৰ নতুন জমিদাৰৰ উত্থান। চিৰস্থায়ী বন্দবস্তৰ ফলত পূৰণি জমিদাৰবিলাকে কোম্পানীক ৰাজহ দিব নোৱাৰিলে তেওঁলোকৰ মাটি নিলামত বিক্ৰী হৈছিল। এই নিলামৰ মাটি সেই সময়ৰ ধনীক শ্রেণীয়ে ক্ৰয় কৰিছিল। এই ধনীক শ্ৰেণীৰ অধিকাংশৰে পিচে কৃষি কর্মৰ লগত কোনো প্রত্যক্ষ সম্পর্ক নাছিল। সেয়েহে এই ধনীক শ্ৰেণীয়ে কৃষকসকলৰ ওপৰত খাজনাৰ বোজা বৃদ্ধি কৰিছিল। ফলস্বৰূপে কৃষকসকল সততে ধাৰণ বোজা সহ্য কৰিব লগা হৈছিল। এই নতুন ধনীক শ্ৰেণীটো ইংৰাজৰ আইন মতে মাটিৰ মালিক আছিল ৷ সেয়েহে এই শ্রেণীৰ লোকসকল সদায় ইংৰাজৰ অনুগত আছিল।
(খ) কৰদ মৈত্রী নীতি-
গৱৰ্ণৰ জেনেৰেল ৱেলেচলিয়ে এই সাম্রাজ্যবাদী নীতি ভাৰতত প্রয়োগ কৰিছিল। এই নীতিৰ চৰ্তসমূহ আছিল যে, যি দেশীয় ৰজাই কৰদ মৈত্রী নীতি মানি ল’ব তেওঁলোকক ইংৰাজ সৈন্যবাহিনীয়ে সুৰক্ষা দিব। কিন্তু তাৰ বাবদ দেশীয় ৰজাই সৈন্যবাহিনীৰ খৰচ বহন কৰিব লাগিব। আকৌ কৰদ মৈত্রী নীতিৰ অন্তর্ভুক্ত ৰাজ্যৰ ৰজা অকর্মণ্য বুলি পৰিগণিত হ’লে, তেনে দেশীয় ৰজাক কোম্পানী চৰকাৰে ক্ষমতাচ্যুত কৰিব পাৰিব আৰু ৰাজ্যখন বৃটিছ চৰকাৰৰ পোনপটীয়া শাসনৰ তললৈ যাব। বহুতো দেশীয় ৰজাই কৰদ মৈত্রীনীতিৰ বান্ধোনত সোমাই ৰাজ্য হেৰুৱাব লগা হৈছিল ফলত ইংৰাজৰ সাম্রাজ্য বিস্তাৰৰ বাট মুকলি হৈছিল। এই কৰদ মৈত্রী নীতিৰ জৰিয়তে কেইবাখনো ৰাজ্য বৃটিছৰ অধীনলৈ গৈছিল।
(গ) স্বত্ব বিলোপ নীতি-
কোম্পানীৰ কাৰ্যকালৰ আন এটা সাম্রাজ্যবাদী নীতি হ’ল স্বত্ব বিলোপ নীতি। ১৮৩৪ খ্রীষ্টাব্দত কোম্পানীৰ বোর্ড অৱ ডাইৰেক্টৰসকলে এই নীতি উদ্ভাৱন কৰি ভাৰতত বৃটিছ ৰাজ্যৰ বিস্তাৰৰ প্ৰয়াস কৰিছিল। এই নীতিৰ জৰিয়তে। বৃটিছে কিছুমান দেশীয় ৰাজ্যৰ ৰজাৰ স্বত্ব বিলোপ কৰিছিল। স্বত্ব বিলোপ নীতিয়ে ভাৰতৰ বৃটিছ চৰকাৰক অতিশয় শক্তিশালী কৰি তুলিছিল। স্বত্ব বিলোপ নীতিৰ মূল কথা হ’ল বৃটিছৰ আশ্ৰয়ত থকা ৰাজ্যবোৰৰ উত্তৰাধিকাৰী নাথাকিলে বৃটিছ চৰকাৰৰ অনুমতি নোলোৱাকৈ তেওঁলোকে তোলনীয়া উত্তৰাধিকাৰী ল’ব নোৱাৰিব আৰু অনুমতি বিহীন উত্তৰাধিকাৰী থাকিলেও সেই ৰাজ্য কোম্পানীৰ হস্তগত হ’ব। বৃটিছ চৰকাৰে স্বত্ব বিলোপ নীতি ৰজাৰ উপাধি, খিতাপ, পেন্সন আদিৰ ক্ষেত্ৰতো প্রযোজ্য বুলি ঘোষণা কৰিছিল। উত্তৰাধিকাৰী বিহীন ৰাজ্যই এই সকলোবোৰ সুবিধা হেৰুৱাব লগা হৈছিল।
৮। লর্ড ডেলহাউচিয়ে স্বত্ববিলোপ নীতি প্রয়োগ কৰি কোন কেইখন ৰাজ্য কোম্পানীৰ শাসনাধীন কৰিছিল ? তাৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ লৰ্ড ডেলহাউচিয়ে স্বত্ববিলোপ নীতি প্ৰয়োগ কৰি তলত দিয়া ৰাজ্যবোৰৰ অধীনলৈ আনে –
মন্দতী (১৮৩৯)
ক’লাবা (১৮৪০)
চাতাৰা, জৈতপুৰ, সম্বলপুৰ (১৮৪৪)
ভাগলপুৰ, উদয়পুৰ, নাগপুৰ আৰু ঝান্সী (১৮৫০ ব্ৰীষ্টাব্দৰ পৰা ১৮৫৪ খ্ৰীষ্টাব্দলৈ)
৯। ভাৰতবৰ্ষৰ এখন মানচিত্র আঁকি তলত উল্লেখ কৰা স্থানসমূহ বহুওৱা-
পণ্ডিচেৰী, মাদ্রাজ, মুম্বাই, এলাহাবাদ, অযোধ্যা, পলাশী, কর্ণাটক
উত্তৰঃ