নব্য ধৰ্মীয় ভাবধাৰাৰ উত্থান
১। উত্তৰ লিখা-
(ক) ভক্তিবাদ বুলিলে কি বুজায়?
উত্তৰঃ ভগৱানৰ লগত মানৱ আত্মাৰ মিলন, ঈশ্বৰৰ প্ৰতি অগাধ প্রেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল সেয়াই ভক্তিবাদ।
(খ) ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ কি কি?
উত্তৰঃ (i) হিন্দু ধৰ্মৰ কঠোৰ নীতি-নিয়ম, জাতি-ভেদ প্রথা, উচ্চ-নীচ, ধনী-দুখীয়া আদি পার্থক্যই সমাজৰ নিম্ন শ্ৰেণীৰ জনসাধাৰণক বাৰুকৈয়ে অতিষ্ঠ কৰি তুলিছিল।
(ii) ইছলাম ধৰ্মত আড়ম্বৰপূৰ্ণ যাগ-যজ্ঞ আৰু মূর্তি পূজা নাই। এই ধৰ্মত এজন ঈশ্বৰ (আল্লা) ক উপাসনা কৰা হয় আৰু ঈশ্বৰৰ চকুত সকলো সমান। ফলত হিন্দু সমাজৰ একাংশ অৱহেলিত লোকো এই ধৰ্মৰ প্ৰতি আকৰ্ষিত হ’বলৈ ধৰে।
গ) ‘দিব্য প্ৰবন্ধম’ কি?
উত্তৰঃ আলভাৰসকলৰ গীত, মাত, মৌখিক সাহিত্যৰ কীৰ্তিৰাজী পৰৱৰ্তী কালত সংকলিত ৰূপত প্ৰকাশ পায়। আলভাৰসকলৰ এই সংকলিত সাহিত্য সম্ভাৰকে ‘দিব্য প্রবন্ধম’ বোলা হয়।
(ঘ) উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোতা চাৰিগৰাকী ব্যক্তিৰ নাম লিখা ।
উত্তৰঃ উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোতা চাৰিগৰাকী ব্যক্তিৰ নাম হল-
(i) ৰামানন্দ
(ii) কবীৰ
(iii) তুলসীদাস আৰু
(iv) গুৰুনানক ।
ঙ) শংকৰদেৱৰ মতে মানুহে কেনেকৈ মুক্তি লাভ কৰিব পাৰে ?
উত্তৰঃ শংকৰদেৱৰ মতে মানুহে ঈশ্বৰৰ ওচৰত একান্ত বিশ্বাস তথা নাম ভক্তিৰ দ্বাৰাই মুক্তি লাভ কৰিব পাৰে।
২। পাঠৰ আলমত উপযুক্ত শব্দেৰে তলৰ খালী ঠাইবোৰ পূৰ কৰা-
(ক) শঙ্কৰাচাৰ্য আছিল _________বিশ্বাসী।
উত্তৰঃ শঙ্কৰাচাৰ্য আছিল অদ্বৈতবাদত বিশ্বাসী।
(খ) খ্রীষ্টীয়__________পৰা ভাৰতত ইছলাম ধৰ্মাৱলম্বী তুর্কী-আফগানসকলৰ অৱিৰ্ভাৱ ঘটিছিল।
উত্তৰঃ খ্ৰীষ্টীয় নৱম শতিকাৰ পৰা ভাৰতত ইছলাম ধৰ্মাৱলম্বী তুর্কী-আফগানসকলৰ অৱিৰ্ভাৱ ঘটিছিল।
(গ) ৰামানন্দৰ মূল উপাস্য দেৱতা আছিল ________
উত্তৰঃ ৰামানন্দৰ মূল উপাস্য দেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম।
(ঘ) তুলসীদাসক __________ বুলি গণ্য কৰিছিল ।
উত্তৰঃ তুলসীদাসক বাল্মিকীৰ অৱতাৰ বুলি গণ্য কৰিছিল ।
(ঙ) কবীৰে ৰচনা কৰা ভক্তিমাৰ্গৰ কবিতাসমূহক __________বুলি কোৱা হয়।
উত্তৰঃ কবীৰে ৰচনা কৰা ভক্তিমাৰ্গৰ কবিতাসমূহক “দোহা” বুলি কোৱা হয়।
৩। চমু টোকা লিখা-
(ক) শংকৰাচাৰ্য – আলভাৰ আৰু নায়নাৰসকলৰ সমসাময়িকভাৱে দক্ষিণৰ কেৰালা ৰাজ্যতো শঙ্কৰাচাৰ্যৰ নেতৃত্বত এক দার্শনিক ধৰ্মীয় মতবাদৰ উত্থান হৈছিল। শঙ্কৰাচাৰ্য আছিল অদ্বৈতবাদত বিশ্বাসী। তেওঁৰ মতে আত্মা আৰু পৰমাত্মাৰ মাজত কোনো পাৰ্থক্য নাই। মানুহৰ মাজতে ভগৱান বিদ্যামান। সৎজ্ঞান আৰু সৎকৰ্মৰ যোগেদি মানুহে মুক্তি লাভ কৰিব পাৰে। এইটোৱেই অদ্বৈতবাদৰ মূল কথা।
(খ) জ্ঞানদেৱ- উত্তৰ-পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰত জ্ঞানেশ্বৰ বা জ্ঞানদেৱৰ নেতৃত্বত খ্রীষ্টীয় ১৩ শতিকাত ভক্তি আন্দোলনৰ এক ধাৰা গঢ় লৈ উঠিছিল। জ্ঞানদেৱে গীত-মাতৰ দ্বাৰাই ভগৱানৰ ভক্তিৰ বাণী জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল। প্ৰচলিত সমাজ ব্যৱস্থাৰ জাতিভেদ প্রথা, ধনী-দুখীয়া আদি বৈষম্যবোৰ আঁতৰ কৰি সহজ-সৰল আৰু বন্ধুত্বপূর্ণভাৱে জীৱন-যাপনত গুৰুত্ব দিছিল। সকলো মানুহৰ গাতে যে ভগৱান বিদ্যমান সেই কথা জনসাধাৰণৰ মাজত উপস্থাপন কৰিছিল।
(গ) ৰামানন্দ – উত্তৰ ভাৰতত নব্য-ভক্তিবাদৰ গুৰিয়াল আছিল ৰামানন্দ নামৰ এগৰাকী দার্শনিক আৰু সমাজ-সংস্কাৰক। তেখেতে বিষ্ণুৰ অৱতাৰ ‘ৰাম’ৰ গুণানুকীৰ্ত্তন কৰি হিন্দী ভাষাত কবিতা ৰচনা কৰিছিল। জাতি-ধর্ম নির্বিশেষে শিষ্য হ’ব খোজা সকলোকে তেওঁ আদৰি লৈছিল।
(ঘ) নানক- পোন্ধৰৰপৰা ষোল্ল শতিকাত পঞ্জাৱত গুৰু নানকৰ নেতৃত্বত উত্থান হোৱা শিখ ধর্ম ভক্তি আন্দোলনৰ আন এক উল্লেখযোগ্য অধ্যায়। কবীৰৰ ভক্তিমাৰ্গেৰে প্ৰভাৱিত হৈ গুৰু নানকে হিন্দু ধৰ্মৰ মূৰ্ত্তি পূজা আৰু জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰিছিল। তেখেতে এজন ঈশ্বৰৰ নিৰাকাৰ ৰূপক ‘ৰৱ’ নামেৰে চিহ্নিত কৰি উপাসনা কৰিছিল। মানৱপ্ৰেম আৰু সেৱা ভাৱনাক আধাৰ হিচাপে লোৱা শিখ ধর্ম পিছলৈ অন্যান্য গুৰুসকলৰ নেতৃত্বত এক যুঁজাৰু জাতি হিচাপে গঢ় লৈ উঠে।
(ঙ) মীৰাবাঈ- গুজৰাট আৰু ৰাজস্থানতো ৰবিদাস, দাদু দয়াল আৰু মীৰাবাঈৰ নেতৃত্বত নব্য ভক্তিবাদে প্ৰসাৰতা লাভ কৰিছিল। বিশেষকৈ মীৰাবাঈৰ একনিষ্ঠ কৃষ্ণপ্রেমমূলক ভজনসমূহ নব্য-ভক্তিবাদৰ উল্লেখযোগ্য সমল। মেৱাৰৰ ৰাণাৰ পত্নী হৈও তেওঁ কৃষ্ণ প্রেমত নিমজ্জিত হৈ বৈষয়িক সুখ-আনন্দক ত্যাগ কৰিছিল।
৪। আলভাৰসকল কোন? তেওঁলোকৰ মূল ধৰ্মমত কি আছিল?
উত্তৰঃ খ্ৰীষ্টীয় সপ্তম শতিকাৰপৰা দাক্ষিণাত্যৰ তামিল ৰাজ্যত আলভাৰ আৰু নায়নাৰ নামৰ সম্প্রদায় দুটাই ভক্তিবাদৰ শৰণাৰে সামাজিক জাগৰণ আনিবলৈ প্ৰয়াস কৰিছিল। আলভাৰসকল আছিল বিষ্ণুপন্থী আৰু ইয়াৰ নায়নাৰসকল শৱপন্থী। এওঁলোকে গীত-মাতৰ জৰিয়তে নিজৰ নিজৰ উপাস্য দেৱতাৰ প্ৰতি শ্ৰদ্ধা প্রকাশ কৰিছিল আৰু মানুহৰ মনত ভক্তিৰ মাধ্যমেৰে ভগৱানক উপলদ্ধি কৰাৰ মনোভাৱ জাগ্ৰত কৰাৰ চেষ্টা কৰিছিল। এওঁলোকৰ ভক্তি আন্দোলনে সমাজৰ কলো শ্ৰেণীৰ লোকক জাতি-বৰ্ণৰ ঊর্ধ্বত গৈ সামৰি লৈছিল।
৫) চুফীবাদৰ মূলমন্ত্ৰ কি আছিল? ভাৰতত চুফীবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তিৰ নাম উল্লেখ কৰা ।
উত্তৰঃ চুফীবাদৰ মূলমন্ত্ৰ হৈছে- এক ভগৱানকে উপাসনা কৰা। চুফীসকলৰ মতে প্ৰেম আৰু একান্ত ভক্তিৰ জৰিয়তে ভগৱানক লাভ কৰিব পাৰি। চুফীবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তি হৈছে-নিজামুদ্দিন আউলিয়া আৰু মইনুদ্দিন চিস্তি ।
৬) কবীৰ কিয় হিন্দু আৰু ইছলাম ধৰ্মী সকলো লোকৰ মাজত জনপ্রিয় আছিল?
উত্তৰঃ কবীৰ আছিল পোন্ধৰ শতিকাৰ নব্য-ভক্তি আন্দোলনৰ অন্যতম গুৰি ধৰোতা। তেখেতে ইছলাম ধৰ্মাৱলম্বী তাঁতী পৰিয়াল এটাত ডাঙৰ দীঘল হৈছিল যদিও গুৰু ৰামানন্দৰ প্ৰভাৱত হিন্দু আৰু ইছলাম দুয়োটা ধৰ্মৰ প্ৰভাৱৰপৰা মুক্ত হৈ নিৰপেক্ষভাৱে ভক্তিবাদৰ প্ৰচাৰ কৰিছিল। তেওঁ ৰচনা কৰা ভক্তিমাৰ্গৰ কবিতাসমূহক “দোহা” বুলি কোৱা হয়। দোহাবোৰত কবীৰে হিন্দু আৰু ইছলাম দুয়োটা ধৰ্মৰে কঠোৰ নীতিসমূহৰ ওপৰত প্ৰশ্ন কৰিছিল।
৭) ভক্তি আন্দোলনৰ নেতাসকলে ধৰ্মৰ উপৰি সমাজ সংস্কাৰৰ কাম হাতত লোৱাৰ উদ্দেশ্য কি আছিল ?
উত্তৰঃ মধ্যযুগত ভাৰতৰ সমাজ ব্যৱস্থাত ধৰ্মৰ দিশৰপৰা বহুতো প্রত্যাহবানে গা কৰি উঠিছিল। বিশেষকৈ হিন্দু ধৰ্মৰ কঠোৰ নীতি নিয়ম, জাতি ভেদ প্রথা, উচ্চ-নীচ, ধনী-দুখীয়াৰ পাৰ্থক্যই সমাজৰ নিম্নশ্ৰেণীৰ লোকক বাৰুকৈয়ে অতিষ্ঠ কৰি তুলিছিল। তেওঁলোকে ইয়াৰপৰা মুক্তি বিচাৰিছিল। জনসাধাৰণক এই ধৰ্মীয় ব্যভিচাৰ আৰু কুসংস্কাৰবোৰৰ পৰা মুক্তি দিয়াৰ বাবে ভক্তি আন্দোলনৰ নেতাসকলে ধৰ্মৰ উপৰি সমাজ সংস্কাৰৰ কাম হাতত লৈছিল।
৮। ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হোৱাৰ কাৰণ কি ?
উত্তৰঃ ভক্তি আন্দোলনে সামাজিক দিশতো ব্যাপক প্ৰভাৱ পেলাইছিল। এই আন্দোলনৰ ফলস্বৰূপে জাতিভেদ, উচ্চ-নীচ, সৰু-বৰ ভাব আৰু আচাৰ-অনুষ্ঠানৰ বাহুল্যতা বহুখিনি হ্রাস পাইছিল। উদাৰ মানৱীয় দৃষ্টিভংগী ভক্তিবাদৰ ভেটি হোৱাৰ বাবে নাৰীয়েও পুৰুষৰ লগত একে লগে ধৰ্ম চৰ্চা আৰু প্ৰচাৰৰ সুবিধা লাভ কৰে। হিন্দু-মুছলমানৰ মাজত ঐক্য-সংহতি বৃদ্ধি কৰাত ভক্তি আন্দোলনে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।
আঞ্চলিক ভাষাৰ উত্থান এই আন্দোলনৰ অন্য এক যোগাত্মক দিশ আছিল। সংস্কাৰকসকলে তেওঁলোকৰ মতবাদসমূহ সকলোৱে বুজিব পৰাকৈ আঞ্চলিক ভাষাৰ যোগেদি প্ৰচাৰ কৰিছিল।
৯) শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজলৈ আগবঢ়োৱা অৰিহণাৰ বিষয়ে ৫০ টা মান শব্দৰ ভিতৰত একোটি টোকা লিখা।
উত্তৰঃ খ্ৰীষ্টীয় পঞ্চদশ শতিকাত অসমত হিন্দু ধৰ্মৰ কঠোৰ নীতি-নিয়ম,ধৰ্মীয় ৰক্ষণশীলতা, উচ্চ-নীচৰ ভেদাভেদ আদিয়ে যথেষ্ট কুসংস্কাৰৰ সৃষ্টি কৰিছিল। সেই – সময়ছোৱাতে শংকৰদেৱে ভাৰতৰ বিভিন্ন তীৰ্থস্থান ভ্ৰমণ কৰাৰ লগতে ধর্মীয় গ্রন্থসমূহো অধ্যয়ন কৰিছিল। নিজৰ ভ্ৰমণ কালছোৱাত তেওঁ ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰসাৰতা লাভ কৰা ভক্তি আন্দোলনৰ সংস্পৰ্শলৈ আহিছিল। ভাগৱতক মূল আধাৰ হিচাপে লৈ তেওঁ পিছৰ সময়ছোৱাত নিৰাকাৰ ভক্তি মাৰ্গত অসমত একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। হিন্দু ধৰ্মত পূৰ্বৰেপৰা প্ৰচলিত যাগ-যজ্ঞ, বলি-বিধানৰ বিপৰীতে নাম-কীৰ্ত্তনৰ জৰিয়তে তেওঁ মোক্ষ লাভৰ পথ প্রদশন কৰিছিল।