মধ্যযুগৰ অসমীয়া সমাজ
১। চমুকৈ উত্তৰ লিখাঃ
(ক) অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ কি কি কি আছিল?
উত্তৰঃ অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ আছিল- কামৰূপ-কমতা, চুটিয়া, বাৰভূঞা, কছাৰী আৰু আহোম।
খ) দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে?
উত্তৰঃ বড়ো জাতিৰ মহিলাসকলে দখনা পৰিধান কৰে।
গ) আহোমসকলৰ ৰাজত্বকালত ভূ-সম্পত্তিৰ গৰাকী কোন আছিল ?
উত্তৰঃ আহোমসকলৰ ৰাজত্বকালত ভূ-সম্পত্তিৰ গৰাকী ৰজা আছিল।
ঘ) মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত কি প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল?
উত্তৰঃ মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত বিনিময় প্ৰথাৰ দ্বাৰা ব্যৱসায়-বাণিজ্য চলিছিল।
ঙ) কপিলীৰ পাৰত আলীপুখুৰীৰ বৰদোৱাত কোনে টোল পাতি জ্ঞান চৰ্চা কৰিছিল ?
উত্তৰঃ কপিলীৰ পাৰত আলীপুখুৰীৰ বৰদোৱাত মহেন্দ্ৰ কন্দলিয়ে টোল পাতি জ্ঞান চৰ্চা কৰিছিল।
২)’ক’ অংশৰ কথাখিনিৰ লগত ‘খ’ অংশৰ কথাখিনি মিলোৱা-
‘ক’ অংশ | ‘খ’ অংশ |
মাধৱ কন্দলি সুকুমাৰ বৰকাইথ পুৰুষোত্তম বিদ্যাবাগীশ ভট্টদেৱ বলদেৱ সূৰ্যখৰি দৈৱজ্ঞ | ৰত্নমালা দৰং ৰাজবংশাৱলী ৰামায়ণ হস্তীবিদ্যাৰ্ণৱ কথাগীতা |
উত্তৰঃ
‘ক’ অংশ | ‘খ’ অংশ |
মাধৱ কন্দলি সুকুমাৰ বৰকাইথ পুৰুষোত্তম বিদ্যাবাগীশ ভট্টদেৱ বলদেৱ সূৰ্যখৰি দৈৱ্জ্ঞ | ৰামায়ণ হস্তীবিদ্যাৰ্ণৱ ৰত্নমালা কথাগীতা দৰং ৰাজবংশাৱলী |
৩) খালী ঠাই পূৰ কৰা-
ক) হয়গ্ৰীৱ মাধৱ মন্দিৰ নৰনাৰায়ণে নিৰ্মাণ কৰিছিল।
খ) মধ্যযুগত মহিলাৰ স্থান আছিল উচ্চ।
গ) জনজাতীয় লোকসকলৰ মাজত জুম খেতিৰ প্ৰচলন আছিল |
ঘ) অনন্ত কন্দলীয়ে ভাগৱত অসমীয়ালৈ অনুবাদ কৰিছিল।
ঙ) আত্মনিৰ্ভৰশীলতা মধ্যযুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল ।
৪) শুদ্ধ উত্তৰটোত / চিন দিয়া-
ক) মধ্য যুগৰ শাসন আছিল গণতান্ত্ৰিক/ৰাজতান্ত্ৰিক।
উত্তৰঃ ৰাজতান্ত্ৰিক।
খ) পাইক প্ৰথাৰ প্ৰচলন কৰিছিল আহোমসকলে/কোচসকলে।
উত্তৰঃ আহোমসকলে।
গ) টঙালি,হাঁচতি বড়োসকলৰ /বাৰভূঞাসকলৰ অৱদান আছিল।
উত্তৰঃ বাৰভূঞাসকলৰ।
ঘ) কছাৰীসকল/কোচসকল নলা-নর্দমা নিৰ্মাণ ব্যৱস্থাত আগৰণুৱা আছিল |
উত্তৰঃ কছাৰীসকল।
ঙ) স্বৰ্গদেউ ৰুদ্ৰসিংহ/ স্বৰ্গদেউ শিৱসিংহৰ দিনৰ পৰা আহোমৰ স্থাপত্যত মোগল, পাচী নিদৰ্শনৰ ছাঁ পৰে।
উত্তৰঃ ৰুদ্ৰসিংহ।
৫) উত্তৰ লিখা (৫০ টামান শব্দৰ ভিতৰত)
ক) আহোমসকলৰ পাইক প্ৰথা।
উত্তৰঃ আহোমসকলৰ ৰাজত্বকালত ১৫ বছৰৰ পৰা ৫০ বছলৈ সকলো সক্ষম পুৰুষক একো একোজন পাইক বুলি কোৱা হৈছিল। ৩ বা ৪ জন পাইক মিলি একোটা গোট হৈছিল। প্ৰতি গোটৰ একোজন পাইকে ৰজা ঘৰত শ্ৰম দান কৰিব লাগিছিল। ৰজা ঘৰলৈ যোৱা পাইকজনৰ কামসমূহ গোটৰ অন্যান্য পাইকসকলে ভগাই লৈছিল। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আগলৈ আহোম ৰাজ্যত যিহেতু কোনো স্থায়ী সৈন্য বাহিনী নাছিল সেয়ে পাইকসকলে যুদ্ধৰ সময়ত সৈনিকৰ কামো কৰিব লাগিছিল।
খ) কি কাৰণে আহোমসকলে পচা প্ৰথা প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ পাহাৰৰ দাঁতিত থকা আহোম প্রজাবোৰক পৰ্বতীয়া জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্য পচা প্ৰথা প্ৰৱৰ্তন কৰিছিল ।
গ) মধ্যযুগত অসমীয়া সমাজত নাৰীৰ ভূমিকা কেনে আছিল?
উত্তৰঃ মধ্যযুগত অসমৰ মহিলাক সম্মানব চকুৰে চোৱা হৈছিল। কেবল ঘৰুৱা কাম-কাজতে আৱদ্ধ নাথাকি মহিলাসকলে সময় সাপেক্ষে যুদ্ধত অংশগ্ৰহণ কৰাৰ উপৰি বাজকাৰ্যতো ভাগ লৈছিল। বোৱা-কটাৰপৰা চোৰাংচোৱাৰ কামলৈ মধ্যযুগৰ অসমৰ মহিলাসকলে সকলোতে আগভাগ লোৱা তথ্য পোৱা যায়।
ঘ) মধ্যযুগৰ কৃষি ব্যৱস্থা।
উত্তৰঃ মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি। জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি। ঋতুভেদে পৃথক পৃথক শস্যৰ খেতি কৰা হৈছিল। ধান, মাহজাতীয় শস্য, তেলজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাহ, বিভিন্ন ধৰণৰ ফল-মূল, শাক-পাচলি আদি আৱশ্যকীয় সামগ্ৰী অসমীয়া মানুহে উৎপাদন কৰিছিল। পাহাৰ অঞ্চলত প্রধানত খলপীয়া কৃষি পদ্ধতিৰ সহায়ত ফল-মূলৰ খেতি কৰিছিল। জনজাতীয় লোকসকলৰ মাজত জুম খেতিৰ প্ৰচলন আছিল। ডোং বান্ধি বৰষুণৰ পানী জমা কৰি ৰাখি খেতি পথাৰত পানী দিয়াৰ ব্যৱস্থা আছিল।
ঙ) কছাৰীসকলৰ স্থাপত্য বিদ্যাৰ উল্লেখযোগ্য দিশবোৰ কি কি আছিল ?
উত্তৰঃ কছাৰীসকলৰ স্থাপত্য-ভাস্কর্য শিল্প উচ্চ খাপৰ আছিল। যি সময়ত আহোমসকলে ইটাৰ ব্যৱহাৰ জনা নাছিল সেই সময়তে কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ তিনিওফালে ইটাৰ বেৰেৰে ঘেৰা আছিল। কছাৰীসকলৰ স্থাপত্য বিদ্যাত বংগদেশৰ মুছলমানসকলৰ গৃহ নিৰ্মাণ প্ৰণালীৰ প্ৰভাৱ দেখা যায়। তেওঁলোকে নানা ৰকমৰ চিত্ৰখোদিত স্তম্ভ গৃহ নিৰ্মাণত ব্যৱহাৰ কৰিছিল। কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ নগৰৰ ভিতৰত বহুতো ধুনীয়া ধুনীয়া পুখুৰী আছিল। কছাৰীসকল নলা-নর্দমা নির্মাণ ব্যৱস্থাতো আগৰণুৱা আছিল।
৬। মধ্যযুগত অসমৰ অৰ্থনৈতিক কাম-কাজৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা।
উত্তৰঃ মধ্যযুগত অসমৰ অর্থনীতিৰ মূল ভেটি আছিল কৃষি। জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি।কৃষকে খেতিৰ মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিল।প্রতিজন পাইকে ৰাজ্যৰ হকে কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাহীন মাটি ভোগ কৰিছিল।অসম মধ্যযুগৰ পৰাই কুটিৰ আৰু ক্ষুদ্র শিল্পত চহকী। সেই যুগৰ শিল্পসমূহৰ ভিতৰত বস্ত্ৰ-শিল্প, বয়ন শিল্প, ৰঞ্জন (ৰং কৰা) শিল্প, হাতীদাঁতৰ শিল্প, মৃৎ শিল্প, ধাতু শিল্প আদিয়েই প্রধান।মধ্যযুগত বাণিজ্যিক আদান-প্রদান আছিল যথেষ্ট সীমিত। আত্মনির্ভৰশীলতা সেই যুগৰ এটি প্রধান বৈশিষ্ট। আছিল। আনৰপৰা বস্তু অনা বা আনক বস্তু দিয়াতো বিশেষভাবে পৰিলক্ষিত নহৈছিল।কোচ ৰজাসকলৰ দিনত ব্যৱসায়-বাণিজ্যিই যথেষ্ট প্রসাৰতা লাভ কৰিছিল।
৭) আহোমসকলৰ ভূমি নীতিৰ ওপৰত মতামত আগবঢ়োৱা।
উত্তৰঃ আহোমৰ আমোলত ৰজা আছিল ভূসম্পত্তিৰ গৰাকী। কৃষকে খেতিৰ মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিল। অৱশ্যে প্ৰতিজন পাইকে ৰাজ্যৰ হকে কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাহীন মাটি ভোগ কৰিছিল। আহোম ৰজাসকলে ব্ৰাহ্মণ, দেৱ-দেৱালয়, সত্ৰ-মন্দিৰ আদিক কৰ মুক্ত মাটি দান কৰিছিল। পৰবৰ্তী সময়ত মছজিদ, কবৰ আদিৰ মেৰামতি আৰু সংৰক্ষণৰ বাবেও মাটি দান কৰিছিল বুলি উল্লেখ আছে। মধ্যযুগৰ এই ব্যৱস্থা বৰ্তমানেও কম-বেছি পৰিমাণে প্ৰচলন হৈ থকা দেখা যায়।
১০) ‘সাম্প্ৰতিক অসমৰ ভাষা, সাহিত্য-সংস্কৃতি প্ৰতিটো জাতি জনগোষ্ঠীৰে উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি’ – বাক্যশাৰীৰ তাৎপৰ্য বাখ্যা কৰা।
উত্তৰঃ সাম্প্ৰতিক অসমৰ ভাষা, সাহিত্য-সংস্কৃতি প্রতিটো জাতি-জনগোষ্ঠীৰেই উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি। কামৰূপ -কমতাৰ ৰজাসকলৰ পৃষ্ঠপোষকতাত হেম সৰস্বতী, কবিৰত্ব সৰস্বতী আৰু হৰিহৰ বিপ্রই অসমীয়া ভাষাত কাব্য ৰচনা কৰিছিল। সেইদৰে কছাৰী ৰজা মহামানিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলিয়ে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল। এইজনা ৰজাৰ দিনতে কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত মহেন্দ্ৰ কন্দলিয়ে টোল পাতি জ্ঞান মাৰ্গৰ সাধনা কৰি আনকো জ্ঞান চৰ্চাৰ প্ৰতি উৎসাহিত কৰিছিল।