ভাৰতীয় সংবিধান

১। চমু উত্তৰ লিখা-

(ক)ভাৰতীয় সংবিধানখন ৰচনা কৰোতে কিমান সময় লাগিছিল?

উত্তৰঃ ভাৰতীয় সংবিধানখন ৰচনা কৰোতে ২ বছৰ, ১১মাহ, ১৮ দিন সময় লাগিছিল।

(খ) কোন চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকাৰী কৰা হয়?

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয় ।

(গ) কেতিয়াৰপৰা ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়?

উত্তৰঃ ১৮৯২ চনৰ পৰা ভাৰতত সদস্য নির্বাচন প্রক্রিয়া আৰম্ভহয়।

(ঘ) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনত কি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰঃ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনত স্বায়ত্ব আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল।

(ঙ)সংবিধান সভাৰ খচৰা কমিটি খন কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ সংবিধান সভাৰ খচৰা কমিটিখন ১৯৪৭ চনৰ ২৯ আগষ্ট তাৰিখে গঠন কৰা হৈছিল ।

২। খালী ঠাই পূৰ কৰা-

(ক) ভাৰতীয় সংবিধানত ___________ অনুচ্ছেদ, ___________ অধ্যয়, __________ অনুসূচী আছে।

উত্তৰঃ ভাৰতীয় সংবিধানত ৩৯৫ টা অনুচ্ছেদ, ২২ টা অধ্যয়, ১২ টা অনুসূচী আছে।

(খ) সংবিধানে ক্ষমতাসমূহ _____________, _____________, _____________ তালিকাত ভাগ কৰিছে।

উত্তৰঃ সংবিধানে ক্ষমতাসমূহ কেন্দ্ৰীয়, ৰাজ্যিক, উমৈহতীয়া তালিকাত ভাগ কৰিছে।

(গ) সংবিধানৰ ৪২ তম সংশোধনৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনাত _______________ শব্দটো সংযোগ কৰা হৈছে।

উত্তৰঃ সংবিধানৰ ৪২ তম সংশোধনৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী শব্দটো সংযোগ কৰা হৈছে।

(ঘ) সংবিধানৰ খচৰা কমিটিত অসমৰ সদস্যজন হ’ল _______________।

উত্তৰঃ সংবিধানৰ খচৰা কমিটিত অসমৰ সদস্যজন হ’ল ছৈয়দ মহম্মদ চাদুল্লা

৩। উত্তৰ লিখা-

(ক) ভাৰতৰ সংবিধানক কিয় দীর্ঘতম সংবিধান বুলি কোৱা হয়?

উত্তৰঃ ভাৰতৰ সংবিধানত ৩৯৫ টা অনুচ্ছেদ, ২২ টা অধ্যায়, ১২ টা অনুসূচী আছে। পৃথিৱীৰ কেইবাখনো সংবিধানৰ পৰা বছা বছা আদৰ্শসমূহ সংগ্ৰহ কৰি ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰাৰ বাবে সংবিধানখন দীঘলীয়া হৈছে।

(খ) সংমিশ্রিত সংবিধান মানে কি বুজা?

উত্তৰঃ যিবোৰ সংবিধান নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ তেনে সংবিধানক সংমিশ্রিত সংবিধান বুলি কোৱা হয়।

(গ) ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ কি কি?

উত্তৰঃ দেশৰ সকলো লোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা, অর্থনৈতিক সমতা স্থাপন কৰা, গাঁও অঞ্চলসমূহৰ উন্নয়ন সাধন কৰা, পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তন কৰা, শান্তিপূর্ণভাবে বিবাদ নিষ্পত্তি আৰু বন্ধুত্ব স্থাপন কৰা, নিৰক্ষৰতা দূৰীকৰণৰ বাবে সকলো শিশুক (৬-১৪ বছৰ) বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যবস্থা প্রদান কৰা, সমাজৰ পিছ পৰা সম্প্ৰদায়ৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰা, ৰাষ্ট্ৰৰ ঐতিহ্যপূর্ণ স্থান আৰু কীর্তিস্তম্ভসমূহ সংৰক্ষণ কৰা, প্রাকৃতিক পৰিৱেশ সংৰক্ষণ আৰু উন্নয়ন কৰাই নীতিসমূহৰ মূল উদ্দেশ্য।

(ঘ) কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নির্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে ?

উত্তৰঃ আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নির্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে ।

৪) এটা শব্দত প্রকাশ কৰা-

(ক) যি ৰাষ্ট্ৰৰ মুৰব্বী বংশানুক্রমিক ভাৱে নহয় –

উত্তৰঃ  গণৰাজ্য

(খ) যি ৰাষ্ট্ৰ বিদেশী শাসনৰপৰা মুক্ত –

উত্তৰঃ সাৰ্বভৌম ৰাষ্ট্ৰ।

গ) যি ৰাষ্ট্ৰত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই—

উত্তৰঃ ধৰ্মনিৰপেক্ষ।

ঘ) যি ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণ কামনা কৰে—

উত্তৰঃ কল্যাণকামী ৰাষ্ট্ৰ।

৫) সোঁ অংশৰ লগত বাওঁ অংশ মিলোৱা-

উত্তৰঃ

 সোঁ অংশ

বাওঁ অংশ

(ক) বৃটিছ সংবিধানৰপৰা

(ঙ) সংসদীয় গণতন্ত্ৰ

(খ) কানাডা, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকাৰপৰা

(গ) যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা

(গ) মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰপৰা

(ঘ) মৌলিক অধিকাৰ

(ঘ) ফৰাছী সংবিধানৰ পৰা

(ক) স্বতন্ত্ৰতা, সমতা, ভাতৃত্ববোধ

(ঙ) আয়াৰলেণ্ড সংবিধানৰপৰা

(খ) ৰাষ্ট্ৰৰ নিৰ্দেশনাত্মক নীতি

৬। ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ১৮৫৭ চনত বৃটিছ ইষ্ট ইন্ডিয়া কোম্পানীয়ে প্ৰৱৰ্তন কৰা কিছুমান নীতিৰ বিৰুদ্ধে একাংশ ভাৰতীয় জনগণই বিদ্রোহ কৰে। ফলস্বৰূপে তাৰ পিছৰ বছৰটোত অর্থাৎ ১৮৫৮ চনত বৃটিছ চৰকাৰে এক আইন প্রণয়ন কৰি ভাৰতৰ শাসন ভাৰ ইষ্ট ইন্ডিয়া কোম্পানীৰ পৰা ইংলণ্ডৰ বাণীৰ প্রত্যক্ষ শাসনলৈ নিয়ে। ইয়াৰ পিছৰে পৰা ভাৰতত আধুনিক শাসন ব্যৱস্থা গঢ়ি তুলিবলৈ বৃটিছ চৰকাৰে বিভিন্ন সময়ত কিছুমান আইন প্রণয়ন কৰিছিল। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পূৰ্বে ইংৰাজ চৰকাৰে সময়ে সময়ে প্রণয়ন কৰা এই আইনবোৰৰ যোগেদিয়ে ভাৰতবৰ্ষখন শাসন কৰিছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য কেইখনমান আইন তলত উল্লেখ কৰা হ’ল-

১৮৬১ চনত বৃটিছ চৰকাৰে ‘ভাৰত পৰিষদ আইন’ গ্রহণ কৰে। এই আইনখনেই ভাৰতীয় প্রশাসনক বিকেন্দ্ৰীকৰণ কৰি ভাৰতত প্রতিনিধিত্বমূলক শাসন ব্যৱস্থাৰ সূচনা কৰিছিল।

১৮৯২ চনৰ সংশোধিত ‘ভাৰত পৰিষদ আইন’ গৃহীত হোৱাৰ পৰাই ভাৰতত সদস্য নির্বাচন প্রক্রিয়া প্রৱর্তন হয়। এই আইনখনে ভাৰতীয় লোকসকলক সন্তুষ্ট কৰিব পৰা নাছিল।

১৯০৯ চনত ভাৰত চৰকাৰ আইন  গৃহীত কৰা হৈছিল যদিও ভাৰতীয়সকল তাতো সন্তুষ্ট হোৱা নাছিল। এই আইনখনক ‘মর্লে মিন্টো সংস্কাৰ আইন’ বুলিও জনা যায়।

১৯১৯ চনত ‘ভাৰত চৰকাৰ আইনে’ ভাৰতবৰ্ষত এক প্ৰকাৰৰ স্বায়ত্ব শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল যদিও ই অতি সীমিত পৰিসৰৰ আছিল।

১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন মতে পোন প্ৰথমবাৰৰ বাবে স্বায়ত্ব শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়।

১৯৪৭ চনৰ জুলাই মাহত বৃটিছ সংসদত গৃহীত হোৱা আইন অনুসৰি ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে।

৭। সংবিধান প্রণয়ণত অসমৰ ভূমিকা কি আছিল লিখা।

উত্তৰঃ ভাৰতৰ সংবিধান প্রণয়নত অসমৰ বৰেণ্য ব্যক্তিসকল হৈছে  – চৈয়দ মহম্মদ চাদুল্লল্লা, গোপীনাথ বৰদলৈ, ধৰণীধৰ বসুমতাৰী, ৰেভাবেন্ট জে জে এম নিকলছ-ৰয়, নিবাৰণ চন্দ্র লস্কৰ, কুলধৰ চলিহা, ৰোহিনী কুমাৰ চৌধুৰী আৰু আব্দুৰ ৰৌফ। তেওঁলোকৰ মাজৰ চৈয়দ মহম্মদ চাদুল্লা আছিল সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য। গোপীনাথ বৰদলৈয়ে অসমৰ অনুসুচীত জাতি-জনজাতি আৰু পার্বত্য জনজাতিৰ স্বার্থ ৰক্ষার্থে গঠিত সংখ্যালঘু উপদেষ্টা সমিতিৰ সভাপতি পদত কার্যভাৰ গ্রহণ কৰিছিল। এই সমিতিৰ পৰামৰ্শ মতেই সংবিধানত ষষ্ঠ অনুসূচী অন্তর্ভুক্ত কৰা হয়। এই অনুসূচীয়ে উত্তৰ-পূব ভাৰতৰ পৰ্বতীয়া আৰু জনজাতীয় অঞ্চলসমূহৰ বাবে স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰে। এনেদৰে ভাৰতীয় সংবিধান ৰচনাত এইসকল বৰেণ্য ব্যক্তিয়ে যথেষ্ট সবল আৰু গঠনমূলক ভূমিকা গ্রহণ কৰিছিল। সমগ্র দেশৰ লগতে নিজ ৰাজ্যৰ স্বাৰ্থত তেওঁলোকে সহমত পোষণ কৰিছিল যাতে ৰাজ্যৰ সকলো শ্রেণীৰ লোকে সংবিধান প্রদত্ত সুবিধাসমূহ লাভ কৰিব পাৰে।

৮। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা মূল আদর্শসমূহ বর্ণনা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা মহান আদর্শ সমূহ হৈছে- ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ।

ন্যায়ঃ ন্যায় বোলোতে নাগৰিকসকলক সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ন্যায়ৰ আশ্বাস দিয়া হৈছে।

স্বাধীনতাঃ স্বাধীনতাই ভাৰতীয় নাগৰিকসকলৰ চিন্তা, মত প্রকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ ক্ষেত্ৰত আশ্বাস প্রদান কৰিছে।

সমতাঃ সমতা হৈছে ভাৰতীয় সংবিধানৰ প্রস্তাৱনাত উল্লেখ থকা আন এটা গুরুত্বপূর্ণ আদর্শ। জনসাধাৰণে যাতে সকলো ধৰণৰ সুযোগ-সুবিধা জাতি, বর্ণ, ধর্ম নির্বিশেষে ভোগ কৰিব পাৰে তাৰ ব্যৱস্থা প্রস্তাৱনাত গ্ৰহণ কৰা হৈছে।

ভ্রাতৃত্ববোধঃ ভ্রাতৃত্ববোধঃ যোগাবলৈ ভ্রাতৃত্ববোধক এক উল্লেখযোগ্য আদর্শ হিচাপে গ্রহণ কৰা হৈছে। তাৰ বাবে প্রত্যেক ব্যক্তিক সমান সুযোগ আৰু সম মর্যাদা প্রদান কৰাটো ৰাষ্ট্ৰই নিশ্চিত কৰিব লাগিব।

৯) চমু টোকা লিখা- 

ক) ড° ভীমৰাও আম্বেদকাৰ

উত্তৰঃ ড° ভীমৰাও আম্বেদকাৰৰ সম্পূৰ্ণ নাম বাবাচাহেব ভীমৰাও আম্বেদকাৰ। তেওঁক সম্মান সূচকভাবে বাবা চাহেব বুলিও জনা যায়। আম্বেদকাৰে ভাৰতীয় সমাজত থকা অস্পৃশ্যতা দূৰীকৰণৰ বাবে সংবিধানত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰি সামাজিক সমতা প্রতিষ্ঠা কৰিছিল। মহিলাসকলৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা আৰু সম্পত্তিৰ অধিকাৰৰ ওপৰত অধিক গুৰুত্ব দিছিল। ভাৰতীয় সংবিধানখন কার্যক্ষম কৰিবৰ বাবে দৃঢ় পদক্ষেপ গ্রহণ কৰিছিল।

খ) ড° ৰাজেন্দ্ৰ প্রসাদ

উত্তৰঃ ড° ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান ৰচনাৰ বাবে গঠন কৰা সংবিধান সভাৰ সভাপতি আছিল। তেখেত ভাৰতীয় সংবিধান নিৰ্মাণৰ কামত আৰম্ভণিৰে পৰা জড়িত আছিল। সংবিধান সভাত তেখেতৰ সভাপতিত্বতেই ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন কার্যকাৰী হয়। তেখেত হৈছে স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্রপতি ।

গ) সংসদীয় চৰকাৰ

উত্তৰঃ সংসদীয় চৰকাৰ ভাৰতীয় সংবিধানৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। এনে ব্যৱস্থাত ৰাষ্ট্ৰৰ প্ৰধান হৈছে বাষ্ট্রপতি যি নাম মাত্ৰ মুৰব্বী হিচাপে ৰাষ্ট্ৰৰ কাৰ্য পৰিচালনা কৰে। ভাৰতীয় সংবিধানেও কার্যপালিকাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত অর্পণ কৰিছে। কিন্তু ৰাষ্ট্ৰৰ সকলো ক্ষমতা প্রধানমন্ত্রীসহ মন্ত্রীপৰিষদে প্রয়োগ কৰে। মন্ত্রীপৰিষদ লোকসভাৰ ওচৰত দায়বদ্ধ হৈ থাকে। ৰাষ্ট্ৰপতিৰ নামত মন্ত্রীপৰিষদে দেশৰ সকলো কার্য পৰিচালনা কৰে।

Scroll to Top