মানৱ সম্পদ উন্নয়নৰ প্রতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা
১। চমু উত্তৰ লিখা-
(ক) মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ কি কি?
উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ হৈছে-
(১) অধিক জনসংখ্যা ।
(২) মূলধন বা পুঁজিৰ অভাৱ ।
(৩) দৰিদ্ৰতা।
(৪) নিৰক্ষৰতা।
(৫) অন্ধবিশ্বাস।
(৬) বিষমতা।
(খ) যিকোনো তিনিপ্ৰকাৰৰ বিষমতাৰ নাম উল্লেখ কৰা।
উত্তৰঃ যিকোনো তিনিপ্ৰকাৰৰ বিষমতাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-
(১) ভাষা ভিত্তিক বিষমতা
(২) লিংগ বিষমতা
(৩) ধৰ্মীয় বিষমতা
(গ) বর্তমান অসমত কেইখন চিকিৎসা মহাবিদ্যালয় আছে?
উত্তৰঃ বৰ্তমান অসমত ৬ খন চিকিৎসা মহাবিদ্যালয় আছে।
(ঘ) অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষা প্রতিষ্ঠানখন ক’ত অৱস্থিত?
উত্তৰঃ অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষা প্রতিষ্ঠানখন শিলচৰত অৱস্থিত।
(ঙ) সুস্থ শৰীৰৰ বাবে মানুহক কিহৰ প্ৰয়োজন?
উত্তৰঃ সুস্থ শৰীৰৰ বাবে মানুহক পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন।
২। আলোচনা কৰা-
(ক) মানৱ সম্পদ উন্নয়নৰ অসুবিধাসমূহ দূৰ কৰাৰ বাবে কেইটামান উল্লেখযোগ্য পৰামৰ্শ।
উত্তৰঃ আজিৰ দিনত চৰকাৰে প্ৰদান কৰা বিভিন্ন সা সুবিধা স্বত্বেও বহু শিশুৱে আধাতে বিদ্যালয় ত্যাগ কৰে বা উচ্চ শিক্ষা ল’বলৈ আগবাঢ়ি নাযায়। এই ক্ষেত্ৰত অভিভাৱক সকল সজাগ সচেতন নোহোৱাৰ বাবে শিশুবোৰ সহজে বিপথে পৰিচালিত হয়। গতিকে অভিভাৱকসকলৰ মাজত সচেতনতা অনাটো নিতান্তই দৰকাৰী। তাৰ কাৰণে প্রয়োজনীয় উপায় বা ব্যৱস্থা গ্ৰহণ কৰাৰ স্থল আছে। দৰিদ্ৰতা নিৰাময়ৰ বাবে চৰকাৰে লোৱা বিভিন্ন আঁচনিবোৰ যাতে প্ৰকৃত হিতাধিকাৰীয়েহে পায় তাৰ ক্ষেত্ৰত সঠিক ব্যৱস্থা গ্ৰহণ কৰা উচিত। বহু সময়ত সমাজৰ আৰ্থিকভাৱে সবল লোকেই দুখীয়া নিচলা লোকৰ বাবে অহা সাহাৰ্য আত্মসাৎ কৰাৰ অভিযোগ উঠে। এই ক্ষেত্ৰত প্ৰসাসনৰ তৎপৰতাৰ লগতে সামাজিক জাগৰণৰো প্ৰয়োজন আছে। ঠিক তেনেদৰে, আধুনিক বিজ্ঞানসন্মত চিকিৎসা পদ্ধতি আৰু ঔষধ আৱিষ্কাৰ হোৱাৰ লগে লগে মানুহৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত থকা জটিলতাবোৰ কিছু কমিছে। তথাপি আজিৰ দিনতো বহু ৰোগৰ বাবে মানুহে পৰম্পৰাগত চিকিৎসাকে অগ্ৰাধিকাৰ দিয়া হয়। যেনে- জণ্ডিছ, যক্ষ্মাৰ দৰে ৰোগৰ চিকিৎসা। সাপে খুটা ঘটনাৰ ফলত উদ্ধৱ হব পৰা পৰিস্থিতিত বহু লোক চিকিৎসাৰ বাবে চিকিৎসালয় লৈ নগৈ বেজৰ ওচৰলৈ যায়। উক্ত সমস্যাবোৰৰ বাবে আমি নিজে দায়ী। জনসচেতনৰ বাবে ৰেডিঅ, টি ভি বা বাতৰি কাকতত প্ৰকাশিত বিজ্ঞাপন বোৰক আমি গুৰুত্ব নিদিও। যাৰ ফলত আমি শিক্ষিত হৈও অশিক্ষিত হৈ আছো। আমি, আমাৰ এনে মনোবৃত্তিবোৰ পৰিত্যাগ কৰা উচিত। তেতিয়াহে আমাৰ চৰকাৰ প্ৰদত্ত সা সুবিধাবোৰৰ দ্বাৰা আমি প্রকৃতাৰ্থত লাভাম্বিত হম।
(খ) মানৱ সম্পদ উন্নয়ত চৰকাৰৰ ভূমিকা।
উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ উন্নত শিক্ষা, স্বাস্থ্য আৰু পৌৰ সুবিধাসমূহৰ প্ৰয়োজন হয়। চৰকাৰৰ পৃষ্ঠপোষকতাত এই সা-সুবিধাসমূহ দূৰ-দূৰণিৰ তথা দুৰ্গম অঞ্চলতো উপলব্ধ হৈছে।
বিভিন্ন চৰকাৰী আঁচনি (সৰ্ব শিক্ষা অভিযান, ৰাষ্ট্ৰীয় শিক্ষা অভিযান মিছন আদিৰ) জৰিয়তে শিক্ষাক সাৰ্বজনীন কৰাৰ লগতে নিৰক্ষৰতা দূৰীকৰণৰ বাবে চেষ্টা চলোৱা হৈছে। ৬ ৰ পৰা ১৪ বছৰ বয়সৰ সকলো শিশুৱে যাতে বিনামূলীয়া বাধ্যতামূলক শিক্ষা লাভ কৰে তাৰ ব্যৱস্থা কৰা হৈছে। শিক্ষাৰ ক্ষেত্ৰত আজিৰ দিনত লিংগ বৈষ্যমও মনা নহয়। বৃত্তিমুখীক শিক্ষাক আগতকৈ প্ৰধান্য দিয়া দেখা গৈছে।
স্বাস্থ্যৰ খণ্ডটো আজিকালি মানুহৰ এটা মৌলিক চাহিদাৰ অন্তৰ্গত হৈ পৰিছে। চৰকাৰৰ তৎপৰতাত স্থানীয়, ৰাজ্যিক বা কেন্দ্ৰীয় পৰ্যায়ত স্বাস্থ্য সেৱাৰ উন্নতিৰ বাবে বিভিন্ন চিকিৎসালয়, চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে। ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছন অধীনত নানান কাৰ্যসূচী গ্ৰহণ কৰি দেশৰ মানুহক উন্নত স্বাস্থ্যৰ অধিকাৰী কৰি তুলিবলৈ প্ৰয়াস হাতত লৈছে। আধুনিক ভ্ৰাম্যমান চিকিৎসালয়ৰ দ্বাৰা যিকোনো মূহূৰ্ততে মানুহক চিকিৎসা সেৱা আগবঢ়াবলৈ যত্ন কৰা হৈছে।
পৌৰ সুবিধাসমূহৰ ভিতৰত- চৰকাৰৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা বিভিন্ন কৰ্মসংস্থাপন আঁচনি, স্বাৱলম্বনৰ বাবে লোণ প্ৰদানৰ ব্যৱস্থা, বৃত্তিমুখী প্ৰশিক্ষণৰ ব্যৱস্থা কৰা আদিবোৰেই প্ৰধান। এই সা- সুবিধাৰ জৰিয়তে ব্যক্তিয়ে স্বাৱলম্বী হোৱাৰ লগতে কৰ্মসংস্থাপনৰ দিশতো সুযোগ পায়।
(গ) দৰিদ্ৰতা আৰু মানৱ সম্পদ উন্নয়নৰ মাজত থকা সম্পর্ক।
উত্তৰঃ দৰিদ্ৰতা মানৱ সম্পদ উন্নয়নৰ অন্যতম বাধা। দৰিদ্ৰতাৰ বাবে আমাৰ দেশৰ এক বুজনসংখ্যক লোক শাৰীৰিক আৰু মানসিকভাবে সবল হ’ব পৰা নাই। শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে পুষ্টিকৰ খাদ্য আৰু উপযুক্ত শিক্ষাৰ প্ৰয়োজন, যাৰ অভাৱে আমাৰ দেশৰ দৰিদ্ৰ লোকসকলক জুৰুলা কৰি আহিছে। ফলস্বৰূপে তেওঁলোকে আত্মমর্যাদা হেৰুৱাই ভাগ্যৰ ওপৰত বিশ্বাসী হয় আৰু নিজকে সেই অৱস্থাৰ পৰা উন্নীত কৰাৰ মানসিকতা হেৰুৱাই পেলাই।
(ঘ) নিৰক্ষৰতাই কিদৰে মানৱ সম্পদৰ বিকাশত বাধাৰ সৃষ্টি কৰে?
উত্তৰঃ নিৰক্ষৰতা মানৱ সমাজৰ বাবে এটা ডাঙৰ অভিশাপ। আমাৰ দেশত প্ৰায় ২৬ শতাংশ লোকেই নিৰক্ষৰ। নিৰক্ষৰতাই জ্ঞান, উপযুক্ততা, দক্ষতা, কাৰিকৰী কুশলতা আধিৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে আৰু ই মানৱ সম্পদ গঢ় দিয়াত অন্তৰায় স্বৰূপ। নিৰক্ষৰ লোকসকল অতি সহজেই বিভিন্ন ধৰণৰ শোষণৰ বলি হয় যাৰ ফলত সমাজত আৰ্থ-সামাজিক বৈষম্যতা অতি প্ৰকট হৈ উঠে।
ঙ) অন্ধবিশ্বাস তথা কু-সংস্কাৰে মানৱ সম্পদৰ বিকাশত কেনেদৰে প্ৰভাৱ পেলায়?
উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ পথত আৰু এটা উল্লেখযোগ্য অন্তৰায় হৈছে অন্ধবিশ্বাস। বিজ্ঞান আৰু প্রযুক্তিয়ে আজি সমগ্র বিশ্বৰ সামগ্রিক ছবি সলনি কৰি দিছে যদিও শিক্ষিত, অশিক্ষিত নির্বিশেষে আমাৰ দেশৰ এক বুজনসংখ্যক লোক অন্ধবিশ্বাস আৰু কু-সংস্তাৰ বলি। এই লোকসকল বৈজ্ঞানিক আৰু পৰিৱর্তনশীল চিন্তাধাৰাৰ পৰিপন্থী যাৰ ফলত তেওঁলোক উন্নত মানব সম্পদ হিচাপে গঢ়ি উঠিব পৰা নাই।
৩। খালী ঠাই পূৰ কৰা-
ক) মানৱ সম্পদ উন্নয়নৰ অন্যতম প্ৰয়োজন হৈছে ____________ , স্বাস্থ্য আৰু পৌৰ সুবিধা।
উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ অন্যতম প্ৰয়োজন হৈছে শিক্ষা , স্বাস্থ্য আৰু পৌৰ সুবিধা।
খ) ____________ লোকসকল অতি সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয়।
উত্তৰঃ নিৰক্ষৰ লোকসকল অতি সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয়।
গ) শিক্ষাৰ অধিকাৰ আমাৰ অন্যতম ___________ অধিকাৰ।
উত্তৰঃ শিক্ষাৰ অধিকাৰ আমাৰ অন্যতম মৌলিক অধিকাৰ।
ঘ) ____________ চনৰ পৰাই আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰা হৈছে।
উত্তৰঃ ২০০৯ চনৰ পৰাই আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰা হৈছে।
ঙ) চৰকাৰে গ্ৰহণ আৰু কাৰ্যকাৰী কৰা সঠিক পৰিকল্পনাই মানৱ সম্পদ উন্নয়নৰ গতি _____________ কৰে।
উত্তৰঃ চৰকাৰে গ্ৰহণ আৰু কাৰ্যকাৰী কৰা সঠিক পৰিকল্পনাই মানৱ সম্পদ উন্নয়নৰ গতি খৰকতীয়া কৰে।
চ) উপযুক্ত শৈক্ষিক _____________ গঢ়ি তোলাটো এখন দেশৰ চৰকাৰৰ অন্যতম দায়িত্ব।
উত্তৰঃ উপযুক্ত শৈক্ষিক বাতাবৰণ গঢ়ি তোলাটো এখন দেশৰ চৰকাৰৰ অন্যতম দায়িত্ব।