প্রাকৃতিক সম্পদ

১। চমু উত্তৰ লিখা-

(ক) মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ হ’ল-

(i) জনসংখ্যা বৃদ্ধি

(ii) অৰ্থনৈতিক প্ৰতিযোগিতা

(খ) কোনো এঠাইত জন বসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা? (দুটা কাৰণ লিখা)।

উত্তৰঃ কোনো এঠাইত জন বসতি ঘন হোৱাৰ দুটা কাৰণ হ’ল–

(i) উপযুক্ত ভৌগোলিক অৱস্থা

(ii) উন্নত আৰ্থ-সামাজিক সুযোগ-সুবিধা

(গ) ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ দৰ্শোৱা।

উত্তৰঃভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ হ’ল-

(i) অপৰিকল্পিত কাৰ্য, ঔদ্যোগীকৰণ, অৰণ্য আৰু ঘাঁহনিৰ অত্যধিক ব্যৱহাৰ আদিৰ ফলত মাটিৰ গুণাগুণৰ পৰিৱৰ্তন ঘটে।

(ii) খেতিপথাৰত গঢ়ি উঠা ইটা-ভাটাৰ দৰে উদ্যোগবোৰেও ভূমিৰ ক্ষতিসাধন কৰে।

(ঘ) বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ লিখা।

উত্তৰঃ বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ হ’ল–

(i) জনসংখ্যা বৃদ্ধিৰ বাবে পানীৰ অতিমাত্ৰা ব্যৱহাৰ

(ii) বৰষুণৰ অভাৱ আৰু জলবায়ু পৰিৱৰ্তন

২। শুদ্ধ উত্তৰত (√) চিন দিয়া—

(ক) তলৰ কোনটোৱে পানীৰ সংক্ষণত সহায় কৰে?

(১) অবাবতে পানীৰ টেপ খুলি থলে।

(২) ভূগৰ্ভৰ পানীৰ অত্যধিক ব্যৱহাৰ কৰিলে।

(৩) বৰষুণৰ পানী জমা কৰি থলে।

উত্তৰঃ  (৩) বৰষুণৰ পানী জমা কৰি থলে।

(খ) নিৰ্মল পানী পাবলৈ হ’লে—

(১) আবর্জনাবোৰ নৈত পেলাব লাগে।

(২) পানীত ৰাসায়নিক সাৰ মিহলাব লাগে।

(৩) পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে।

উত্তৰঃ (৩) পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে।

(গ) তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে–

(১) জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ’লে।

(২) অপৰম্পৰাগত শক্তিৰ সুব্যৱহাৰ কৰিলে।

(৩) শক্তি সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ’লে।

উত্তৰঃ (১) জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ’লে।

৩। ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা। (৮০ টা মান শব্দৰ ভিতৰত)।

৪। তুমি থকা ঠাইখনৰ ভূমি সম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে? পৰিয়ালৰ জ্যেষ্ঠ লোক বা ওচৰৰ বিজ্ঞলোকৰ পৰা সেই সম্পৰ্কে জানি লৈ এটি টোকা যুশুত কৰা।

৫। বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত?

৬। শক্তি সম্পদৰ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগে?

৭। চমু টোকা লিখা–

(ক) বন্যপ্ৰাণী

(খ) জীৱাশ্ম ইন্ধন

(গ) মৰুকৰণ

(ঘ) সৌৰশক্তি

(ঙ) ভূমিস্খলন

৮। পাৰ্থক্য দেখুওৱা —

(ক) গ্ৰামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ

(খ) পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি

৯। তোমালোকৰ ওচৰে-পাজৰে থকা বনজ সম্পদসমূহৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰিবপৰা উপায়সমূহ উল্লেখ কৰা ।

১০। অপৰম্পৰাগত শক্তিসম্পদ কি কি? এইবোৰ কেনেকৈ পোৱা যায় বা সংগ্ৰহ কৰা হয় তাৰ এখন তালিকা প্ৰস্তুত কৰা।

Scroll to Top