সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক
১) কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় কিয় ? ব্যাখ্যা কৰা ।
উত্তৰ: মানুহে ৰাসায়নিক প্ৰক্ৰিয়াৰে কিছুমান আঁহ প্ৰস্তুত কৰে বাবে কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় ।এই আঁহবোৰ প্ৰাকৃতিক আঁহৰ বিপৰীত কৃত্ৰিমভাৱে প্রস্তুত কৰা হয়। যেনে- নাইলন ।
২) শুদ্ধ উত্তৰত ✓ চিন দিয়া ।
সাংশ্লেষিক আঁহ সমূহৰ পৰা ৰেয়ন বেলেগ, কিয়নো –
ক) ইয়াৰ এটা ৰেচম – সদৃশ ৰূপ আছে ।
খ) ইয়াক কাঠৰ – মণ্ডৰ পৰা পোৱা যায় ।
গ) প্ৰাকৃতিক আঁহবোৰৰ দৰে ইয়াৰ আহবোৰ বব পাৰি ।
উত্তৰ: খ) ইয়াক কাঠৰ – মণ্ডৰ পৰা পোৱা যায় ।
৩) উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা ।
ক) সাংশ্লেষিক আঁহবোৰক __________ বা __________ বুলিও কোৱা হয় ।
উত্তৰ: কৃত্ৰিম, মানৱ সৃষ্ট ।
খ) সাংশ্লেষিক আঁহবোৰক __________ নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয় ।
উত্তৰ: পেট্ৰকেমিকেল।
গ) সাংশ্লেষিক আঁহবোৰৰ দৰে প্লাষ্টিকো এবিধ __________ ।
উত্তৰ: কৃত্ৰিম উৎস ।
৪) নাইলনৰ আঁহবোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া ।
উত্তৰ: শিলাৰোহণৰ বাবে ব্যৱহাৰ কৰা পেৰাচুট আৰু ৰছী বনাবলৈ নাইলন ব্যৱহাৰ কৰা হ’য় । ইয়াৰ পৰা বুজা যায় যে নাইলনৰ আঁহবোৰ বৰ শক্তিশালী ।
৫) খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰ বোৰক পছন্দ কৰা হয় কিয়?
উত্তৰ: খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পছন্দ কৰা হয় কাৰণ – এই পাত্রবোব কম ওজনৰ, কম দামৰ, মজবুত আৰু এইবোৰক ব্যৱহাৰ কৰাটোও সহজ।
৬) তাপ নমনীয় আৰু তাপ দৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য বাখ্য়া কৰা।
উত্তৰ: তাপ নমনীয় প্লাষ্টিকবোৰ তপতালে সহজে বিকৃত হয় আৰু সহজে ভাঁজ কবিব পাৰি আনহাতে তাপ দৃঢ় প্লাষ্টিকবোৰ তপতালেও কোমলাব নোৱাৰি আৰু ভাঁজ কৰিব নোৱাৰি।
৭) তলত দিয়াবোৰ কিয় তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয়। বাখ্যা কৰা।
ক) ছছপেনৰ নাল
খ) বিদ্যুতৰ প্লাগ/ চুইচ/ প্লাগবৰ্ড
৮) তলত দিয়া সামগ্ৰী সমূহৰ পদাৰ্থ বোৰক “পুনৰাবৰ্তন কৰিব পৰা ” আৰু ” পুনৰাবৰ্তন কৰিব নোৱাৰা ” হিচাপে শ্ৰেণীভূক্ত কৰা –
টেলিফোনৰ সা – সৰঞ্জাম, প্লাষ্টিকৰ খেলনা, কুকাৰৰ নাল, কেৰি – বেগ, বল – পইন্ট পেন, প্লাষ্টিকৰ বাটি, বৈদ্যুতিক তাঁৰৰ প্লাষ্টিক আৱৰণ, প্লাষ্টিক চকী, বৈদ্যুতিক ছুইচ ।
৯) ৰাণাই গ্ৰীষ্ম কালৰ বাবে ছাৰ্ট কিনিব খুজিছে । তেওঁ কপাহী ছাৰ্ট নে সাংশ্লেষিক আঁহেৰে তৈয়াৰী ছাৰ্ট কিনাটো উচিত হব ? কাৰণ দৰ্শাই ৰানাক উপদেশ দিয়া।
১০) প্ৰকৃতিগত ভাৱে প্লাষ্টিক সমূহ যে অ – ক্ষয়কাৰী তাক দেখুৱাবলৈ উদাহৰণ দিয়া ।
১১) টুথ ব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নে ? ব্যাখ্যা কৰা ।
১২) ” পৰাপক্ষত প্লাষ্টিক এৰাই চলিবা ” – এই পৰামৰ্শৰ ওপৰত মতামত দিয়া ।