কোষ- গঠন আৰু কাৰ্য

১) তলৰ উক্তিবোৰ সত্য নে অসত্য চিনাক্ত কৰা-

(ক) এককোষী জীৱৰ দেহত এটা কোষ থাকে।

উত্তৰঃ সত্য।

(খ) পেশী কোষবোৰ শাখাযুক্ত।

উত্তৰঃ অসত্য।

(গ) এটা জীৱব মৌলিক জীৱিত একক হ’ল অংগ।

উত্তৰঃ অসত্য।

(ঘ) এমিবাৰ আকৃতি অনিয়মীয়া।

উত্তৰঃ সত্য।

২) মানুহৰ স্নায়ুকোষব চিত্র আঁকা। স্নায়ুকোষে কি কাম কৰে?

৩) তলত দিয়া বিষয়ৰ ওপৰত চমু টোকা লিখা।

(ক) কোষৰ প্ৰৰস

উত্তৰঃ কোষৰ প্ৰৰস হৈছে কোষৰ ভিতৰত থকা এক জেলী সদৃশ পদাৰ্থ, য’ত কোষৰ বিভিন্ন অংগাণু যেনে – মাইট’কনড্ৰিয়া, গলগী বডি, এণ্ডোপ্লাজমিক ৰেটিকুলাম আদি থাকে। ই কোষৰ ভিতৰত পদাৰ্থৰ পৰিবহন আৰু বিভিন্ন ৰাসায়নিক বিক্ৰিয়াত সহায় কৰে। কোষৰ প্ৰৰসৰ মুখ্য উপাদানবোৰ হৈছে পানী, প্ৰটিন, লিপিড, কাৰ্বহাইড্ৰেট আৰু বিভিন্ন আয়ন।

(খ) কোষকেন্দ্ৰ

উত্তৰঃ কোষকেন্দ্ৰ হৈছে কোষৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। ই কোষৰ সকলো ক্ৰিয়া-কলাপ নিয়ন্ত্ৰণ কৰে। কোষকেন্দ্ৰত জিনীয় পদাৰ্থ (DNA) থাকে, যিটো ক্ৰম’জ’মৰ ৰূপত থাকে। কোষকেন্দ্ৰই কোষ বিভাজন, বংশগতি আৰু প্ৰটিন সংশ্লেষণৰ দৰে বিভিন্ন ক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কোষকেন্দ্ৰটো এটা আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে যাক কোষকেন্দ্ৰীয় আৱৰণ বোলা হয়। 

৪) কোষৰ কোনটো অংশত কোষাংগবোৰ থাকে?

উত্তৰঃ কোষৰ চাইটোপ্লাজম বা কোষপ্ৰৰসত কোষাংগবোৰ থাকে।

৫) প্রাণী আৰু উদ্ভিদৰ কোষৰ ছবি আঁকা। সিহঁতৰ মাজত থকা তিনিটা পার্থক্য উল্লেখ কৰা।

উত্তৰঃ

পার্থক্য:

 প্রাণী কোষ

উদ্ভিদ কোষ

(ক)কোষবেৰ নাথাকে ।

কোষবেৰ  থাকে।

(খ) প্লাষ্টিড  নাথাকে। 

প্লাষ্টিড থাকে।

(গ) ৰসধানী সৰু বা নাই।

ৰসধানীবোৰ ডাঙৰ।

৬) ইউকেৰিঅ’টছ আৰু প্ৰ’কেৰিঅ’টছৰ মাজৰ পার্থক্য উল্লেখ কৰা।

৭) কোষৰ কোনটো অংশত ক্রম’জ’ম পোৱা যায়? সিহঁতৰ কামবোৰ উল্লেখ কৰা।

উত্তৰঃ কোষৰ কোষকেন্দ্ৰত ক্ৰম’জ’ম পোৱা যায়।

ক্ৰম’জমে বংশানুক্ৰমৰ আধাৰ জিন কঢ়িয়ায় আৰু বংশানুক্ৰমে পোৱা গুণবোৰ পিতৃ মাতৃৰ পৰা সন্তানলৈ স্থানান্তৰিত কৰাত সহায় কৰে।

৮) ‘কোষ জীৱৰ মৌলিক গঠনগত একক’। ব্যাখ্যা কৰা।

৯) কিয় হৰিৎকণা মাথো উদ্ভিদৰ কোষতহে পোৱা যায়? ব্যাখ্যা কৰা।

উত্তৰঃ  হৰিৎকণা কেৱল উদ্ভিদ কোষত পোৱা যায়, কাৰণ ইয়াৰ প্ৰধান কাম হৈছে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰা। উদ্ভিদে সূৰ্যৰ পোহৰৰ সহায়ত পানী আৰু বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি খাদ্য তৈয়াৰ কৰে। এই কামটো হৰিৎকণাত থকা ক্লৰ’ফিল নামৰ ৰঞ্জক পদাৰ্থই সম্ভৱ কৰি তোলে। 

১০) তলৰ শব্দ সাঁথৰ সম্পূৰ্ণ কৰা।

Scroll to Top