শস্য উৎপাদন আৰু ব্যৱস্থাপনা
১) তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ্ণ কৰা ।
ওপঙি, পানী, শস্য, পোষক দ্ৰব্য, চোহোৱা
(ক) একে বিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক __________বুলি কোৱা হয় ।
উত্তৰ: শস্য ।
(ক) একে বিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক __________ বুলি কোৱা হয় ।
উত্তৰ: শস্য ।
(খ) শস্য সিঁচাৰ আগতে মাটি ডৰা __________ হয় ।
উত্তৰ: চহোৱা ।
(গ) নষ্ট হোৱা বীজবোৰ পানীত __________থাকে ।
উত্তৰ: ওপঙি ।
(ঘ) শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা __________ আৰু __________ প্ৰয়োজন হয় ।
উত্তৰ: পোষক দ্ৰব্য আৰু পানী ।
২) ‘ ক ‘ স্তম্ভৰ লগত ‘ খ ‘ স্তম্ভ মিলোৱা ।
ক ‘ স্তম্ভ | খ ‘ স্তম্ভ |
(i) খাৰিফ শস্য | (ক) ঘেঁহু, বুট, মটৰ মাহ । |
(ii) ৰবি শস্য | (খ) ইউৰিয়া আৰু ছুপাৰ ফছফেট । |
(iii) ৰাসায়নিক সাৰ | (গ) প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ গো – মূত্ৰ আৰু উদ্ভিদৰ অবশিষ্ট দ্ৰব্য । |
(iv) জৈৱিক সাৰ | (ঘ) ধান আৰু যৱ । |
উত্তৰ:
ক ‘ স্তম্ভ | খ ‘ স্তম্ভ |
(i) খাৰিফ শস্য | ধান আৰু যৱ । |
(ii) ৰবি শস্য | ঘেঁহু, বুট, মটৰ মাহ । |
(iii) ৰাসায়নিক সাৰ | ইউৰিয়া আৰু ছুপাৰ ফছফেট । |
(iv) জৈৱিক সাৰ | প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ গো – মূত্ৰ আৰু উদ্ভিদৰ অবশিষ্ট দ্ৰব্য । |
৩) প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া ।
ক) খাৰিফ শস্য ।
উত্তৰ: ধান আৰু মাকৈ ।
খ) ৰবি শস্য ।
উত্তৰ: সৰিয়হ আৰু ঘেঁহু ।
৪) তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা ।
ক) মাটি চহোৱা ।
খ) বীজ সিঁচা ।
উত্তৰ: বীজ সিঁচাটো হ’ল শস্য উৎপাদনৰ আটাইতকৈ প্ৰয়োজনীয় কাম । বীজ সিঁচাৰ আগতে , অধিক উৎপাদন পাবলৈ উন্নত জাতৰ বীজ বাচি ল’ব লাগে । উন্নত জাতৰ বীজ সাধাৰণতে চাফাকৈ ৰখা তথা নিৰোগী ভাল সঁচৰ পৰা গোটোৱা হয় । সাধাৰণতে অধিক উৎপাদনকক্ষম বীজহে নিৰ্বাচন কৰিব লাগে । পৰম্পৰাগতভাৱে চুপি আকৃতিৰ সঁজুলিৰে বীজ সিঁচা হয় । আজিকালি ট্ৰেক্টৰৰ সহায়ত বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিঁচা হয় ।
গ) বনবাত নিৰোৱা ।
ঘ) মৰণা মৰা ।
৫) জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি ? বৰ্ণনা কৰা ।
৬) জলসিঞ্চন কি ? পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা ।
৭) বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয়, তেতিয়া কি হব ? আলোচনা কৰা ।
৮) একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটি ডৰাত কেনে প্ৰভাৱ পৰে, বৰ্ণনা কৰা ।
৯) অপতৃন কি ? সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি?
১০) তলত দিয়া বাকচ সমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায় ।
১১) তলত দিয়া সংকেতৰ সহায়ত শব্দ শৃংখল সমূহ সম্পূৰ্ণ কৰা ।
ক) গুটি ।
খ) মাহ জাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা বেক্টেৰিয়া ।
গ) পথাৰত পানী যোগান ধৰা ব্যৱস্থা ।
ঘ) শীত কালত খেতি কৰা শস্য ।
ঙ) এবিধ ৰাসায়নিক সাৰ ।
চ) চপোৱা শস্যৰ পৰা বীজ পৃথক কৰা কাম ।