শস্য উৎপাদন আৰু ব্যৱস্থাপনা

১) তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ্ণ কৰা:

ওপঙি, পানী, শস্য, পোষক দ্ৰব্য, চোহোৱা

(ক) একে বিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক  __________বুলি কোৱা হয় ।

উত্তৰঃ শস্য ।

(ক) একে বিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক __________ বুলি কোৱা হয় ।

উত্তৰঃ শস্য ।

(খ) শস্য সিঁচাৰ আগতে মাটি ডৰা __________  হয় ।

উত্তৰঃ চহোৱা ।

(গ) নষ্ট হোৱা বীজবোৰ পানীত __________থাকে ।

উত্তৰঃ ওপঙি ।

(ঘ) শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা __________ আৰু __________ প্ৰয়োজন হয় ।

উত্তৰঃ পোষক দ্ৰব্য আৰু পানী ।

২) ‘ ক ‘ স্তম্ভৰ লগত ‘ খ ‘ স্তম্ভ মিলোৱা:

ক ‘ স্তম্ভ

খ ‘ স্তম্ভ

(i) খাৰিফ শস্য

(ক) ঘেঁহু, বুট, মটৰ মাহ ।

(ii) ৰবি শস্য

(খ) ইউৰিয়া আৰু ছুপাৰ ফছফেট ।

(iii) ৰাসায়নিক সাৰ

(গ) প্ৰাণীৰ বৰ্জিত দ্ৰব্য,

গৰুৰ গোবৰ গো – মূত্ৰ আৰু উদ্ভিদৰ অবশিষ্ট দ্ৰব্য ।

(iv) জৈৱিক সাৰ

(ঘ) ধান আৰু যৱ ।

উত্তৰঃ

ক ‘ স্তম্ভ

খ ‘ স্তম্ভ

(i) খাৰিফ শস্য

ধান আৰু যৱ ।

(ii) ৰবি শস্য

ঘেঁহু, বুট, মটৰ মাহ ।

(iii) ৰাসায়নিক সাৰ

ইউৰিয়া আৰু ছুপাৰ ফছফেট ।

(iv) জৈৱিক সাৰ

প্ৰাণীৰ বৰ্জিত দ্ৰব্য,

গৰুৰ গোবৰ গো – মূত্ৰ আৰু উদ্ভিদৰ অবশিষ্ট দ্ৰব্য ।

প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া-

খাৰিফ শস্য 

উত্তৰঃ ধান আৰু মাকৈ ।

ৰবি শস্য 

উত্তৰঃ সৰিয়হ আৰু ঘেঁহু ।

৪) তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা:

ক) মাটি চহোৱা ।

উত্তৰঃ মাটি চহোৱা শস্য উৎপাদনৰ প্ৰথম কাম। কৃষি কাৰ্যৰ প্ৰথম আৰু অতি প্রয়োজনীয় কাম হ’ল মাটিডৰা ঢিলা কৰা। ঢিলা মাটিত উদ্ভিদৰ শিপা সহজে তললৈ যাব পাৰে। গছৰ শিপাই ঢিলা মাটিত তললৈ গ’লেও অতি সহজে উশাহ ল’ব পাৰে। চহোৱা মাটিয়ে কেঁচু আৰু মাটিত থকা অণুজীৱৰ সংখ্যা বৃদ্ধিত সহায় কৰে ।

খ) বীজ সিঁচা ।

উত্তৰঃ বীজ সিঁচাটো হ’ল শস্য উৎপাদনৰ আটাইতকৈ প্ৰয়োজনীয় কাম । বীজ সিঁচাৰ আগতে , অধিক উৎপাদন পাবলৈ উন্নত জাতৰ বীজ বাচি ল’ব লাগে । উন্নত জাতৰ বীজ সাধাৰণতে চাফাকৈ ৰখা তথা নিৰোগী ভাল সঁচৰ পৰা গোটোৱা হয় । সাধাৰণতে অধিক উৎপাদনকক্ষম বীজহে নিৰ্বাচন কৰিব লাগে । পৰম্পৰাগতভাৱে চুপি আকৃতিৰ সঁজুলিৰে বীজ সিঁচা হয় । আজিকালি ট্ৰেক্টৰৰ সহায়ত বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিঁচা হয় । 

গ) বনবাত নিৰোৱা ।

উত্তৰঃ খেতি পথাৰত সাধাৰণতে শস্যৰ বাহিৰেও স্বাভাৱিকভাৱেই কিছুমান অপ্ৰয়োজনীয় উদ্ভিদ গজে। এই অনাৱশ্যকীয় উদ্ভিদসমূহকে অপতৃণ বোলে। অপতৃণ আঁতৰোৱাকে বনবাত নিৰোৱা বোলে।

ঘ) মৰণা মৰা ।

উত্তৰঃ শস্য চপোৱা এটি অতি দৰকাৰী কাম। পৈণত শস্য কাটি, উঘালি অনাকে শস্য চপোৱা বোলে। ধানজাতীয় শস্য পকিবলৈ 1 পৰা 4 মাহ সময় লাগে।
আমাৰ দেশত মানুহে কাচিৰ দ্বাৰা বা শস্য চপোৱা যন্ত্ৰৰ সহায়ত শস্য চপায়। চপোৱা শস্যৰ বীজবোৰ শীহ্ আৰু গা-গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াক মৰণা মৰা বোলে।

৫) জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি ? বৰ্ণনা কৰা ।

উত্তৰঃ জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদবোৰ হল–

ক) ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ আনহাতে জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য ।

খ) ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয় আনহাতে জৈৱিক সাৰ পথাৰত প্ৰস্তুত কৰিব পাৰি ।

গ) ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে আনহাতে জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছ যোগান ধৰিব পাৰে ।

ঘ) ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে আনহাতে জৈৱিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব নোৱাৰে ।

৬) জলসিঞ্চন কি ? পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা ।

উত্তৰঃ সময়ত বিভিন্ন ব্যৱধানত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে।

পানী সংৰক্ষন কৰা জলসিঞ্চনৰ দুটা পদ্ধতি হ’ল-

ক) পানী ছটিওৱা ব্যৱস্থা: পানীৰ পৰিমাণ কম থকা অসমান ভূমিত এই ব্যৱস্থা উপযোগী। পানী অহা মূল নলীডালত এটা নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত আগমূৰত ঘূর্ণনশীল বিন্ধা থকা নলী লম্বভাৱে লগোৱা হয়। পাম্পৰ চাপযুক্ত পানী যেতিয়া মূল নলীডালেদি প্ৰবাহিত হয় তেতিয়া ঘূর্ণনশীল বিন্ধাৰে পানী জোৰেৰে ওলাই যায়। বৰষুণৰ পানীৰ দৰেই শস্যৰ ওপৰত পানীৰ ছিটিকনি পৰে।

খ) পানী নিগৰোৱা ব্যৱস্থা : এই ব্যৱস্থাত পানী নিগৰাই টোপ টোপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয়। সেয়ে এই ব্যৱস্থাক পানী নিগৰোৱা ব্যৱস্থা বোলে।

৭) বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয়, তেতিয়া কি হব ? আলোচনা কৰা ।

উত্তৰঃ বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয়, তেন্তে ইয়াৰ বীজবোৰ ধ্বংস হ’ব । ঘেঁহুৰ বাবে প্ৰয়োজনীয় সময় হৈছে শীতকাল ।শীতকালৰ তুলনাত বৰ্ষা তথা গ্ৰীষ্ম কালৰ উষ্ণতা , আদ্ৰতা , বৰষুণ আৰু মাটিৰ পোষক দ্ৰব্যৰ তাৰতম্য অধিক । সেয়েহে , বৰ্ষা ঋতুত ঘেঁহু সিঁচাটো উচিত নহয় ।

৮) একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটি ডৰাত কেনে প্ৰভাৱ পৰে, বৰ্ণনা কৰা ।

উত্তৰঃ একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত পোষক দ্ৰব্য যেনে পটেছিয়াম, ফছফছৰাছ , নাইট্ৰ’জেন আদিৰ পৰিমাণ কমি যায় । এইবোৰ পদাৰ্থ উদ্ভিদ তথা শস্যৰ বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয় । একে লেথাৰিয়ে খেতি কৰি থকাৰ ফলত হোৱা পোষক দ্ৰব্যৰ নাটনিৰ বাবে শস্যৰ বৃদ্ধি বাধাপ্ৰাপ্ত হ’ব আৰু উৎপাদন হ্ৰাস পাব ।

৯) অপতৃন কি ? সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি?

উত্তৰঃ খেতি পথাৰত সাধাৰণতে শস্যৰ বাহিৰেও স্বাভাৱিকভাৱেই কিছুমান অপ্ৰয়োজনীয় উদ্ভিদ গজে। এই অনাৱশ্যকীয় উদ্ভিদসমূহকে অপতৃণ বোলে।

অপতৃণ নিয়ন্ত্রণ কৰিবলৈ অপতৃণনাশক বা বননাশক ৰাসায়নিক দ্রব্য যেনে 2, 4-D ব্যৱহাৰ কৰা হয়। অপতৃণ ধ্বংস কৰিবলৈ এইবোৰ পথাৰত ছটিওৱা হয়।

১০তলত দিয়া বাকচ সমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায়:

ক) চেনিৰ কাৰখানালৈ শস্য পঠোৱা ।

খ) জলসিঞ্চন ।

গ) খেতি চপোৱা ।

ঘ) বীজ সিঁচা/ ৰোৱা ।

ঙ) মাটি চহোৱা ।

চ) পথাৰত হাল বোৱা ।

ছ) সাৰ প্ৰয়োগ ।

উত্তৰঃ ক) পথাৰত হাল বোৱা ।

খ) মাটি চহোৱা ।

গ) বীজ সিঁচা/ ৰোৱা ।

ঘ) সাৰ প্ৰয়োগ ।

ঙ) জলসিঞ্চন ।

চ) খেতি চপোৱা ।

ছ) চেনিৰ কাৰখানালৈ শস্য পঠোৱা ।

১১তলত দিয়া সংকেতৰ সহায়ত শব্দ শৃংখল সমূহ সম্পূৰ্ণ কৰা:

গুটি 

উত্তৰঃ বীজ ।

মাহ জাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা বেক্টেৰিয়া 

উত্তৰঃ ৰাইজোবিয়াম ।

পথাৰত পানী যোগান ধৰা ব্যৱস্থা 

উত্তৰঃ জলসিঞ্চন ।

শীত কালত খেতি কৰা শস্য 

উত্তৰঃ ৰবি শস্য ।

এবিধ ৰাসায়নিক সাৰ 

উত্তৰঃ ইউৰিয়া ।

চপোৱা শস্যৰ পৰা বীজ পৃথক কৰা কাম 

উত্তৰঃ মৰণা ।

Scroll to Top