প্ৰাণীৰ প্ৰজনন
১) জীৱৰ প্ৰজননৰ গুৰুত্ব ব্যাখ্যা কৰা।
উত্তৰঃ জীৱই নিজৰ প্ৰজাতি জীয়াই ৰাখিবলৈ বংশবৃদ্ধি কৰে। যদি জীৱবোৰে বংশবৃদ্ধি নকৰে তেন্তে প্ৰজাতিবোৰ বিলুপ্ত হৈ যাব। গতিকে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰজাতি (জীৱ) ধাৰাবাহিকতাৰ বাবে প্ৰজনন অতি প্ৰয়োজনীয়।
২) মানুহৰ নিষেচন প্রক্রিয়া বর্ণনা কৰা।
উত্তৰঃ প্ৰজনন প্ৰক্ৰিয়াৰ প্ৰথম স্তৰ হৈছে নিষেচন। নিষেচন প্ৰক্ৰিয়াত মাতৃৰ পৰা অহা এটা ডিম্বাণু আৰু পিতৃৰ পৰা অহা এটা শুক্রাণুৰ মিলন হয়। নিষেচনৰ সময়ত শুক্রাণুৰ কোষকেন্দ্ৰ আৰু ডিম্বাণুৰ কোষকেন্দ্ৰ মিলিত হৈ এটা নতুন কোষকেন্দ্র গঠন হয় আৰু ফলত এটা যোজন কোষৰ সৃষ্টি হয়। এই যোজন কোষৰ বিকাশ ঘটি পূৰ্ণাংগ মানৱ শিশুৰ জন্ম হয়। মানুহৰ ক্ষেত্ৰত মাতৃ দেহত অন্তঃনিষেচন হয়।
৩) উপযুক্ত উত্তৰতো বাছি উলিওৱা।
ক) অন্তঃনিষেচন ঘটে-
১) স্ত্ৰীৰ দেহত
২)স্ত্ৰীৰ দেহৰ বাহিৰত
৩)পুৰুষৰ দেহত
৪)পুৰুষৰ দেহৰ বাহিৰত
উত্তৰঃ ১) স্ত্ৰীৰ দেহত
খ) লালুকী এটা পূৰ্ণাংগ ভেকুলীলৈ বিকশিত হোৱা প্ৰক্ৰিয়াটো হ’ল-
১) নিষেচন
২) ৰূপান্তৰ
৩) টানকৈ লাগি ধৰা
৪)মুকুলন
উত্তৰঃ ২) ৰূপান্তৰ
গ) এটা যোজন কোষত কোষকেন্দ্ৰ সংখ্যা-
১) নাথাকে
২) এটা
৩) দুটা
৪) চাৰিটা
উত্তৰঃ ২) এটা
৪) নিম্নলিখিত উত্তৰবোৰত শুদ্ধ হ’লে (শু) আৰু অশুদ্ধ হ’লে (অ) লিখিবা।
ক) ডিম্বজ প্ৰাণীয়ে পোৱালী জগায়।
উত্তৰঃ অ
খ) প্ৰতিটো শুক্ৰাণু এক কোষীয়।
উত্তৰঃ শু
গ) ভেকুলীৰ বহিঃনিষেচন হয়।
উত্তৰঃ শু
ঘ) এটা জননকোষৰ পৰা এজন নতুন মানুহৰ সৃষ্টি হয়।
উত্তৰঃ অ
ঙ) নিষেচনৰ পিছত পৰা এটা কণী এক কোষ যুক্ত হয়।
উত্তৰঃ শু
চ) এমিবাই মুকুলনৰ দ্বাৰা বংশ বৃদ্ধি কৰে।
উত্তৰঃ অ
ছ) অযৌন প্ৰজননতো নিষেচন আৱশ্যক।
উত্তৰঃ অ
জ) দ্বৈত বিভাজন এটি অযৌন প্ৰজনন পদ্ধতি।
উত্তৰঃ শু
ঝ) নিষেচনৰ ফলত এটি যোজন কোষৰ গঠন হয়।
উত্তৰঃ শু
ঞ) এটা ভ্ৰূণ এটা একক কোষৰে গঠিত।
উত্তৰঃ অ
৫) এটা যোজন কোষ আৰু এটা গৰ্ভভ্রূণৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা।
উত্তৰঃ এটা যোজন কোষ আৰু এটা গৰ্ভ ভ্ৰণৰ মাজৰ পাৰ্থক্য হল –
ক) এটা যোজন কোষ এক কোষীয় আনহাতে এটা গর্ভ ভ্রণ বহু কোষীয়।
খ) পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনত এটা যোজন কোষ সৃষ্টি হয় আনহাতে যোজন কোষ বিকাশ হৈ এটা গৰ্ভ ভ্ৰণৰ সৃষ্টি হয়।
৬) অযৌন প্রজননৰ সংজ্ঞা দিয়া। প্ৰাণীৰ অযৌন প্ৰজননৰ দুটা পদ্ধতি বৰ্ণনা কৰা।
উত্তৰঃ যি প্ৰজনন প্রক্রিয়া যৌনাংগৰ মিলন নোহোৱাকৈ সংঘটিত হয়, তাক অযৌন প্রজনন বোলে।
প্ৰাণীৰ অযৌন প্ৰজননৰ দুটা পদ্ধতি হল –
মুকুলন- হাইড্রাৰ মুকুলৰ পৰা নতুন জীৱৰ বিকাশ হয়। এনে অযৌন প্রজননক মুকুলন বোলে।
দ্বৈত বিভাজন – এটা প্রাণী ভাগ হৈ দুটা জীৱৰ পুনৰ সৃষ্টি হোৱাকে দ্বৈত বিভাজন বোলে।
৭) স্ত্রীপ্রজনন অংগৰ কোনটো অংশত ভ্রণটো লাগি ধৰে?
উত্তৰঃ স্ত্ৰীপ্ৰজনন অংগৰ জৰায়ুত ভ্ৰণটো লাগি ধৰে।
৮) ৰূপান্তৰ কি? উদাহৰণ দিয়া।
উত্তৰঃ সম্পূৰ্ণ পৰিৱৰ্তনৰ মাজেৰে পলুৰ পৰা প্ৰাপ্তবয়স্কলৈ সলনি হোৱাকে ৰূপান্তৰ বুলি কোৱা হয়।
উদাহৰণ: পখিলা, ভেকুলী।
৯) অন্তঃ নিষেচন আৰু বহিঃ নিষেচনৰ মাজত পাৰ্থক্য উলিওৱা।
উত্তৰঃ ক) অন্তঃনিষেচন স্ত্ৰীদেহৰ ভিতৰত হয়। আনহাতে বহিঃনিষেচন স্ত্ৰীদেহৰ বাহিৰত হয়।
খ) অন্তঃনিষেচন মানুহ , গৰু আদি উচ্চখাপৰ প্ৰাণীৰ ক্ষেত্ৰত হয়। আনহাতে বহিঃনিষেচন মাছ, ভেকুলী আদি প্ৰাণীৰ ক্ষেত্ৰত হয়।