পদাৰ্থ : ধাতু আৰু অধাতু

পাঠভিত্তিক অনুশীলনীৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ 

প্ৰশ্ন ১) তলৰ কোনবোৰক পিটি পিটি পাতৰ পাতল আকাৰলৈ নিব পাৰি?

(ক) জিংক
(খ) ফছফৰাছ 
(গ) গন্ধক
(ঘ) অক্সিজেন

উত্তৰ: (ক) জিংক
(কাৰণ: জিংক এবিধ ধাতু আৰু ধাতুৰ ঘাতসহনীয়তা গুণ আছে। ফছফৰাছ, গন্ধক আৰু অক্সিজেন অধাতু হোৱাৰ বাবে এইবোৰ ঘাতসহনশীল নহয়।)

প্ৰশ্ন ২) তলত দিয়া কোনটো উক্তি শুদ্ধ?

(ক) সকলো ধাতু নমনীয়
(খ) সকলো অধাতু নমনীয়
(গ) সাধাৰণতে ধাতুসমূহ নমনীয়
(ঘ) কিছুমান অধাতু নমনীয়

উত্তৰ: (গ) সাধাৰণতে ধাতুসমূহ নমনীয়
(কাৰণ: পাৰা বা ছ’ডিয়ামৰ দৰে কিছু ব্যতিক্ৰমৰ বাদে প্ৰায় সকলো ধাতু টানি তাঁৰ বনাব পৰা নমনীয় হয়।)

প্ৰশ্ন ৩) খালী ঠাই পূৰ কৰা—

(ক) ফছফৰাছ এবিধ অতি সক্ৰিয় অধাতু।
(খ) ধাতুসমূহ তাপ আৰু বিদ্যুৎৰ সু- পৰিবাহী।
(গ) তামতকৈ লো অধিক / বেছি সক্ৰিয়।
(ঘ) ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।

প্ৰশ্ন ৪) উক্তিবোৰ শুদ্ধ হ’লে ‘শু’ আৰু অশুদ্ধ হ’লে ‘অ’ ৰে চিহ্নিত কৰা—

(ক) সাধাৰণতে, অধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰে। ➔ ‘অ’ (অশুদ্ধ)
(খ) ছ’ডিয়াম এবিধ বৰ সক্ৰিয় ধাতু। ➔ ‘শু’ (শুদ্ধ)
(গ) জিংক ছালফেটৰ দ্ৰৱৰ পৰা তামে জিংক অপসাৰিত কৰে। ➔ ‘অ’ (অশুদ্ধ)
(ঘ) কয়লা টানি তাঁৰৰ ৰূপ দিব পাৰি। ➔ ‘অ’ (অশুদ্ধ)

প্ৰশ্ন ৫) তলৰ তালিকাখনত কিছুমান ধৰ্ম উল্লেখ কৰা হৈছে। এই ধৰ্মসমূহৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা—

ক্ৰমিক

ধৰ্ম

ধাতু (Metals)

অধাতু (Non-metals)

বাহ্যিক ৰূপ

সাধাৰণতে চিকমিকিয়া বা উজ্জ্বল।

সাধাৰণতে অনুজ্জ্বল বা ম্লান।

কঠিনতা

সাধাৰণতে অতি কঠিন (ব্যতিক্ৰম: ছ’ডিয়াম, পটেছিয়াম)।

সাধাৰণতে কোমল আৰু ভঙ্গুৰ (ব্যতিক্ৰম: হীৰা)।

ঘাতসহনীয়তা

ঘাতসহনশীল (হাতুৰীৰে পিটি পাতল পাত বনাব পাৰি)।

ঘাতসহনশীল নহয় (পিটিলে ভাঙি গুড়ি হৈ যায়)।

নমনীয়তা

নমনীয় (টানি দীঘল তাঁৰলৈ পৰিণত কৰিব পাৰি)।

নমনীয় নহয় (তাঁৰ বনাব নোৱাৰি)।

তাপ পৰিবাহিতা

তাপৰ সু-পৰিবাহী।

তাপৰ কু-পৰিবাহী।

বিদ্যুৎ পৰিবাহিতা

বিদ্যুতৰ সু-পৰিবাহী।

বিদ্যুতৰ কু-পৰিবাহী (ব্যতিক্ৰম: গ্ৰেফাইট)।

প্ৰশ্ন ৬) কাৰণ দৰ্শোৱা—

(ক) খাদ্য-সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়।
উত্তৰ: এলুমিনিয়াম এবিধ ঘাতসহনশীল ধাতু হোৱাৰ বাবে ইয়াক পিটি অতি পাতল পাতলৈ ৰূপান্তৰ কৰিব পাৰি। ই পানী আৰু বায়ুৰ দ্বাৰা সহজে ক্ষয় নহয় আৰু খাদ্যৰ লগত কোনো ক্ষতিকাৰক বিক্ৰিয়া নকৰে। তদুপৰি ই খাদ্যবস্তু দীৰ্ঘসময়লৈ গৰম আৰু সতেজ কৰি ৰাখে। সেয়েহে খাদ্য মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়।

(খ) জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত।
উত্তৰ: ধাতুসমূহ তাপ আৰু বিদ্যুতৰ সু-পৰিবাহী। সেয়েহে ধাতৱীয় পদাৰ্থৰে তৈয়াৰী নিমজ্জন দণ্ডৰ (Immersion Rod) মাজেৰে বিদ্যুৎ প্ৰৱাহ চালিত কৰিলে ই অতি সহজে উত্তপ্ত হৈ পৰে আৰু তাপ জুলীয়া পদাৰ্থটোলৈ দ্ৰুতভাৱে সঞ্চালিত কৰি তাক গৰম কৰি তোলে।

(গ) তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে।
উত্তৰ: ধাতুৰ সক্ৰিয়তা ক্ৰম অনুসৰি তাম জিংকতকৈ কম সক্ৰিয়। অপসাৰণ বিক্ৰিয়াৰ নিয়ম অনুসৰি কেৱল এটা অধিক সক্ৰিয় ধাতুৱেহে কম সক্ৰিয় ধাতুক তাৰ যৌগৰ দ্ৰৱৰ পৰা অপসাৰিত কৰিব পাৰে। কম সক্ৰিয় তামে অধিক সক্ৰিয় জিংকক অপসাৰিত কৰিব নোৱাৰে।

(ঘ) ছ’ডিয়াম আৰু পটেছিয়ামক কেৰাচিনত ডুবাই ৰখা হয়।
উত্তৰ: ছ’ডিয়াম আৰু পটেছিয়াম অতিশয় সক্ৰিয় ধাতু। মুক্ত অৱস্থাত থাকিলে ইহঁতে বায়ুৰ অক্সিজেন আৰু জলীয় বাষ্পৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি জ্বলি উঠে আৰু প্ৰচুৰ তাপ উৎপন্ন কৰে। কিন্তু কেৰাচিন তেলৰ সৈতে ইহঁতে কোনো বিক্ৰিয়া নকৰে। সেয়েহে সুৰক্ষাৰ স্বাৰ্থত আৰু বিক্ৰিয়া ৰোধ কৰিবলৈ এই দুয়োটা ধাতুক কেৰাচিনত ডুবাই ৰখা হয়।

প্ৰশ্ন ७) তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব পাৰিবানে? ব্যাখ্যা কৰা।

উত্তৰ: নোৱাৰোঁ, নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰত সংৰক্ষণ কৰি ৰাখিব নোৱাৰি।
কাৰণ: নেমুৰ আচাৰত চাইট্ৰিক এচিড (অম্ল) থাকে। এলুমিনিয়াম এবিধ ধাতু হোৱাৰ বাবে ই আচাৰত থকা এচিডৰ সৈতে ৰাসায়নিক বিক্ৰিয়া কৰি বিষাক্ত ধাতৱীয় যৌগ আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে। ইয়াৰ ফলত আচাৰখিনি বিষাক্ত হৈ খোৱাৰ অনুপযোগী হৈ পৰে আৰু পাত্ৰটোও ক্ষয়প্ৰাপ্ত হয়।

প্ৰশ্ন ৮) স্তম্ভ A ত থকা পদাৰ্থসমূহক স্তম্ভ B ত থকা সিহঁতৰ ব্যৱহাৰৰ লগত মিলোৱা:

স্তম্ভ A

স্তম্ভ B

(i) সোণ

(ঘ) আ-অলংকাৰ

(ii) লো

(ঙ) যন্ত্ৰ-পাতি

(iii) এলুমিনিয়াম

(গ) খাদ্য মেৰোৱা

(iv) কাৰ্বন

(চ) ইন্ধন

(v) তাম

(খ) বৈদ্যুতিক তাঁৰ

(vi) পাৰা

(ক) থাৰ্ম’মিটাৰ

প্ৰশ্ন ৯) কি ঘটিব যেতিয়া—

(ক) তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এছিড ঢলা হয়?
উত্তৰ: তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এছিড ঢালি তপতালে ৰাসায়নিক বিক্ৰিয়া ঘটি কপাৰ ছালফেট, পানী আৰু ছালফাৰ-ডাই-অক্সাইড গেছ উৎপন্ন হয়।
শব্দ-সমীকৰণ:
তাম + ছালফিউৰিক এছিড (গাঢ়/উত্তপ্ত) ➔ কপাৰ ছালফেট + ছালফাৰ ডাই-অক্সাইড + পানী

(খ) কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ৰখা হয়?
উত্তৰ: লো তামতকৈ অধিক সক্ৰিয় ধাতু। সেয়েহে কপাৰ ছালফেটৰ নীলা দ্ৰৱত লোৰ গজাল ৰাখিলে লোৱে তামক অপসাৰিত কৰি পাতল সেউজীয়া বৰণৰ আয়ৰণ ছালফেট উৎপন্ন কৰে আৰু লোৰ গজালটোৰ ওপৰত তামৰ ৰঙচুৱা-মুগা তৰপ পৰে।
শব্দ-সমীকৰণ:
কপাৰ ছালফেট (নীলা) + লো ➔ আয়ৰণ ছালফেট (সেউজীয়া) + তাম (ৰঙচুৱা-মুগা)

প্ৰশ্ন ১০) শালনীয়ে এটুকুৰা জ্বলন্ত এঙাৰ লৈ তাৰপৰা ওলোৱা গেছখিনি পৰীক্ষা নলী এটাত সংগ্ৰহ কৰিলে।

(ক) তেওঁ কেনেদৰে গেছটোৰ প্ৰকৃতি জানিব পাৰিব?
উত্তৰ: পৰীক্ষা নলীত সংগ্ৰহ কৰা গেছখিনিত সামান্য পৰিমাণৰ পানী যোগ কৰি ভালদৰে জোকাৰি এটা দ্ৰৱ প্ৰস্তুত কৰিব লাগিব। তাৰ পিছত সেই দ্ৰৱটোত সেমেকা নীলা আৰু ৰঙা লিটমাছ কাগজ ডুবাই পৰীক্ষা কৰিব লাগিব। দেখা যাব যে নীলা লিটমাছ কাগজখন ৰঙালৈ ৰূপান্তৰিত হৈছে। ইয়াৰ পৰা প্ৰমাণিত হ’ব যে গেছটো আম্লিক প্ৰকৃতিৰ (কাৰণ কাৰ্বন অধাতু আৰু অধাতৱীয় অক্সাইড আম্লিক)।

(খ) এই প্ৰক্ৰিয়াত সংঘটিত হোৱা সকলোবোৰ বিক্ৰিয়াৰ শব্দ-সমীকৰণ লিখা।
উত্তৰ:
১) এঙাৰৰ দহন বিক্ৰিয়া:
কাৰ্বন (এঙাৰ) + অক্সিজেন ➔ কাৰ্বন ডাই-অক্সাইড
২) পানীত গেছ দ্ৰৱীভূত হোৱা বিক্ৰিয়া:
কাৰ্বন ডাই-অক্সাইড + পানী ➔ কাৰ্বনিক এছিড

প্ৰশ্ন ১১) ওজন হ্ৰাসৰ বাবে তোমালোকে যুক্তি সহকাৰে এটা কাৰণ দেখুৱাব পাৰিবানে?

উত্তৰ: পুৰণি সোণৰ গহনা পৰিষ্কাৰ আৰু পালিচ কৰিবলৈ সোণাৰীয়ে ‘একুৱা ৰিজিয়া’ (Aqua Regia — গাঢ় হাইড্ৰ’ক্ল’ৰিক এচিড আৰু গাঢ় নাইট্ৰিক এচিডৰ ৩:১ অনুপাতৰ মিশ্ৰণ) নামৰ এক শক্তিশালী অম্ল মিশ্ৰণ ব্যৱহাৰ কৰে।
সোণৰ গহনাডাল এই দ্ৰৱত ডুবাই দিলে সোণৰ বাহ্যিক অপৰিষ্কাৰ স্তৰৰ লগতে কিছু পৰিমাণৰ সোণ দ্ৰৱীভূত হৈ যায়। ইয়াৰ ফলত ভিতৰৰ চিকমিকিয়া নতুন সোণৰ তৰপ ওলাই পৰে যদিও ওপৰৰ স্তৰটো ক্ষয় হৈ যোৱাৰ বাবে গহনাডালৰ ওজন সামান্য পৰিমাণে হ্ৰাস পায়।

Scroll to Top